Chapter 9 –
মোক ব্যবহাৰ কৰা
প্ৰশ্ন আৰু উত্তৰ (Question-Answer)
প্ৰশ্ন ১: ‘মোক ব্যৱহাৰ কৰা’ পাঠটোত কাক ‘মই’ বুলি কোৱা হৈছে?
উত্তৰ: এই পাঠটোত ‘মই’ বুলি আবর্জনা-পাত্র বা ডাষ্টবিনক কোৱা হৈছে।
প্ৰশ্ন ২: ডাষ্টবিনৰ গাত কি লিখা থাকে?
উত্তৰ: ডাষ্টবিনৰ গাত “USE ME” বা “মোক ব্যৱহাৰ কৰক” বুলি লিখা থাকে।
প্ৰশ্ন ৩: ডাষ্টবিনে মানুহৰ কোনটো অভ্যাস দেখি দুখিত হয়?
উত্তৰ: ডাষ্টবিনে এই কথা দেখি দুখিত হয় যে মানুহে আবর্জনা ডাষ্টবিনৰ ভিতৰত পেলোৱাৰ সলনি চাৰিওফালে পেলাই দিয়ে।
প্ৰশ্ন ৪: ডাষ্টবিনৰ সঠিক ব্যৱহাৰ নকৰাৰ ফলত কি সমস্যা হয়?
উত্তৰ: ডাষ্টবিনৰ সঠিক ব্যৱহাৰ নকৰাৰ ফলত সেই ঠাইখিনি দুৰ্গন্ধময় আৰু অস্বাস্থ্যকৰ হৈ পৰে।
প্ৰশ্ন ৫: ডাষ্টবিনৰ মতে শিক্ষিত মানুহ কাক কোৱা নাযায়?
উত্তৰ: যিসকলে আবর্জনা ডাষ্টবিনৰ ভিতৰত নোপেলাই চাৰিওফালে পেলাই দিয়ে, তেওঁলোকক ডাষ্টবিনে শিক্ষিত মানুহ বুলি ক’ব নোৱাৰি বুলি কয়।
প্ৰশ্ন ৬: চৌপাশ পৰিস্কাৰ আৰু স্বাস্থ্যকৰ ৰাখিবলৈ কি কৰিব লাগে?
উত্তৰ: চৌপাশ পৰিস্কাৰ আৰু স্বাস্থ্যকৰ ৰাখিবলৈ ডাষ্টবিনক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে।
প্ৰশ্ন ৭: ডাষ্টবিনে পাঠৰ শেষত কি কামনা কৰে?
উত্তৰ:ডাষ্টবিনে পাঠৰ শেষত সকলোৰ সুস্বাস্থ্য কামনা কৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post