Might Learn Logo Might Learn

Assam Board SEBA Class 6 Choritra – Path (চৰিত্ৰ – পাঠ) Chapter 6 Solution 2026 (SCERT Assam Board)

 Chapter 6  – 

ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তিৰ সংৰক্ষণ 

১. ব্যক্তিগত সম্পত্তি কাক বোলা হয়?

উত্তৰ: যি সম্পত্তি কোনো ব্যক্তিৰ নিজস্ব হয়, তাক ব্যক্তিগত সম্পত্তি বোলা হয়।

২. ব্যক্তিগত সম্পত্তি ক্ষতি হ’লে দেশৰ কেনেধৰণৰ ক্ষতি হয়?

উত্তৰ: ব্যক্তিগত সম্পত্তি ক্ষতি হ’লে সেই ব্যক্তিৰ অনিষ্ট হয় আৰু ফলস্বৰূপে সমাজ আৰু দেশৰো অনিষ্ট হয়। কিয়নো ব্যক্তিৰ বিকাশৰ লগত সমাজ আৰু দেশৰো বিকাশ জড়িত থাকে।

৩. ৰাজহুৱা বা চৰকাৰী সম্পত্তি কেনে ধৰণৰ সম্পত্তি?

উত্তৰ: ৰাজহুৱা বা চৰকাৰী সম্পত্তি হৈছে সকলো নাগৰিকৰ উমৈহতীয়া সম্পত্তি, যাৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ দায়িত্ব সকলোৰে।

৪. চৰকাৰী সম্পত্তি ধ্বংস হ’লে তাৰ কিমান ক্ষতি হয়?

উত্তৰ: চৰকাৰী সম্পত্তি ধ্বংস হ’লে স্কুল, কলেজ, চিকিৎসালয়, পানী যোগান, আৰু আলি-বন্ধাৰ কামবোৰ ব্যাহত হয়। দেশৰ উন্নয়নত বাধা আহে আৰু আমিয়েই তাৰ ক্ষতি ভুগিবলগীয়া হ’ম।

৫. গছ-পুলি আৰু ৰে’লৰ ডবা সংৰক্ষণ কৰা কিয় প্ৰয়োজনীয়?

উত্তৰ: এইবোৰ চৰকাৰে ধন খৰচ কৰি নিৰ্মাণ কৰে। যদি এইবোৰ সংৰক্ষণ নকৰি ক্ষতি কৰা হয়, তেন্তে চৰকাৰে আকৌ ধন ভাঙিব লগা হয়, যাৰ ফলত অন্য গঠনমূলক কামত টকা নাপাব।

৬. যি মানুহে অন্যায় উপায়ে ধন উপাৰ্জন কৰে, তেওঁলোকৰ সমাজত ভূমিকা কেনে?

উত্তৰ: এইসকল মানুহে সমাজৰ আৰু দেশৰ ধন অপহৰণ কৰে। তেনেহলে দুখীয়া মানুহ আৰু বেছি দুখীয়া হৈ পৰে, যাৰ ফলত দেশৰ উন্নতি ব্যাহত হয়।

৭. ব্যক্তিগত আৰু চৰকাৰী সম্পত্তিৰ সংৰক্ষণ কিয় কৰাটো আমাৰ কৰ্তব্য?

উত্তৰ: এইবোৰ সংৰক্ষণ কৰাৰ জৰিয়তে সমাজ আৰু দেশৰ উন্নতি সম্ভৱ। সম্পত্তিৰ ক্ষতি হ’লে আমিয়েই ভুগিব লাগিব, সেই বাবে সংৰক্ষণ কৰাটো আমাৰ নাগৰিক হিচাপে কৰ্তব্য।

৮. ব্যক্তিগত দান আৰু বৰঙণি কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ: সমাজ আৰু দেশৰ জনসেৱামূলক অনুষ্ঠানসমূহ ব্যক্তিগত দান আৰু বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects