Might Learn Logo Might Learn

Assam Board SEBA Class 6 kola aaru Byaayam (কলা আৰু ব্যায়াম) Chapter 3 Solution 2026 (SCERT Assam Board)

 Chapter 3

কাৰু কলা আৰু সৃজনশীলতা

প্রশ্ন ১: পাঠ ৩ ৰ মূল উদ্দেশ্য কি?

উত্তৰ: পাঠ ৩ ৰ মূল উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কাৰু কলাৰ প্ৰক্ৰিয়া অন্বেষণ কৰিবলৈ উৎসাহিত কৰা আৰু সৃষ্টিশীল দৃষ্টিভংগী অৰ্জন কৰি দৈনন্দিন জীৱনত ব্যৱহাৰযোগ্য সামগ্ৰী সৃষ্টিৰ কৌশল শিকোৱা।

প্রশ্ন ২: শুভেচ্ছা পত্র (Greeting Card) বনাবলৈ কি কি সামগ্ৰী লাগে?

উত্তৰ: শুভেচ্ছা পত্র বনাবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে —

    ● এখন ডাঠ কাগজ

    ● আঁঠা

    ● সূতা

    ● ৰং (যিকোনো ধৰণৰ)

    ● স্কেচ পেন বা ৰঙীন পেঞ্চিল

    ● সৰু শিলগুটি, শুকান পাত

    ● নিজৰ সুবিধা অনুসৰি অন্য সামগ্ৰী

প্রশ্ন ৩: কাগজৰ মণ্ডলে তৈয়াৰী শিল্পত কিহৰ ব্যৱহাৰ কৰা হয়?

উত্তৰ: এই শিল্পত পুৰণি বাতৰি কাগজ আৰু পেলনীয়া কাগজ পানীত তিয়াই এক বিশেষ প্ৰক্ৰিয়াৰ মাধ্যমেৰে লেপনত পৰিণত কৰি, সেই লেপন ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ শিল্প-কর্ম প্রস্তুত কৰা হয়।

প্রশ্ন ৪: বাঁহ-শিল্প কিহৰ পৰা বিকাশ পাইছে?

উত্তৰ: বাঁহ-শিল্প অসমৰ এক থলুৱা শিল্প। এই শিল্প অতীজাৰৰ পৰা অসমীয়া সমাজত প্রচলিত আৰু বাঁহেৰে বিভিন্ন উপযোগী সামগ্ৰী তৈয়াৰ কৰা হয়।

প্রশ্ন ৫: ক’লাজ কি?

উত্তৰ: ক’লাজ হৈছে চিত্রকলাৰ এক প্ৰকাৰে য’ত পুৰণি আলোচনী, বাতৰি কাগজ, ৰঙীন কাপোৰ, সূতা আদি সামগ্ৰী কাটি, এখন ডাঠ কাগজত আঁঠা লগাই বিভিন্ন ৰূপ সৃষ্টি কৰা হয়।

প্রশ্ন ৬: ক’লাজ প্ৰস্তুত কৰিবলৈ কি কি সামগ্ৰী লাগে?

উত্তৰ: ক’লাজ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে —

    ● পুৰণি আলোচনীৰ ৰঙীন পৃষ্ঠা

    ● আঁঠা

    ● সূতা

    ● শুকান পাত

    ● কেঁচি

    ● আন সুবিধা অনুসৰি সংগৃহীত সামগ্ৰী

প্রশ্ন ৭: অবিগামি কি?

উত্তৰ: অবিগামি হৈছে কাগজ ভাঁজ কৰি বিভিন্ন ধৰণৰ আকাৰ যেনে — জীৱ-জন্তু, গছ, ফুল আদি সৃষ্টিৰ এক কলা। এই প্ৰক্ৰিয়াত কেঁচি বা আঁঠা ব্যৱহাৰ কৰা নহয়।

প্রশ্ন ৮: অবিগামি চর্চাৰ কি উপকাৰিতা আছে?

উত্তৰ: অবিগামি চর্চাই হাতৰ দক্ষতা, ধৈৰ্য্যশক্তি বৃদ্ধি কৰে আৰু ছাত্ৰ-ছাত্ৰীক বিভিন্ন আকাৰ আৰু নক্সা বিষয়ে জানিবলৈ সহায় কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects