Chapter 4
যোগ-সূৰ্য নমস্কাৰ
প্রশ্ন ১: “যোগ” শব্দটো কৰ পৰা আহিছে?
উত্তৰ: “যোগ” শব্দটো সংস্কৃতৰ “যুজ্” শব্দৰ পৰা আহিছে।
প্রশ্ন ২: “যুজ্” শব্দৰ অৰ্থ কি?
উত্তৰ: “যুজ্” শব্দৰ অৰ্থ হ’ল সংযোগ কৰা।
প্রশ্ন ৩: যোগে কি সংযোগ কৰে?
উত্তৰ: যোগে মন, শৰীৰ আৰু আত্মাক সংযোগ কৰে।
প্রশ্ন ৪: আধুনিক যোগৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়?
উত্তৰ: মহর্ষি পতঞ্জলিক আধুনিক যোগৰ পিতৃ হিচাপে গণ্য কৰা হয়।
প্রশ্ন ৫: সূৰ্য নমস্কাৰত কিমান আসনৰ সংমিশ্ৰণ থাকে?
উত্তৰ: সূৰ্য নমস্কাৰত ১২টা আসনৰ সংমিশ্ৰণ থাকে।
প্রশ্ন ৬: সূৰ্য নমস্কাৰ কোন ধৰণৰ অনুশীলন?
উত্তৰ: সূৰ্য নমস্কাৰ এটা শাৰীৰিক অনুশীলন।
প্রশ্ন ৭: সূৰ্য নমস্কাৰ কোন ক্ৰমত কৰা হয়?
উত্তৰ: সূৰ্য নমস্কাৰ এটা নির্দিষ্ট ক্ৰমত ১২টা পদক্ষেপত কৰা হয়।
প্রশ্ন ৮: সূৰ্য নমস্কাৰ প্ৰাচীন কালত কোনে কৰিছিল?
উত্তৰ: প্ৰাচীন কালত সাধু-সন্তসকলে সূৰ্য নমস্কাৰ কৰিছিল।
প্রশ্ন ৯: সূৰ্য নমস্কাৰত প্ৰথম পদক্ষেপটো কি?
উত্তৰ: যোগাসনৰ কর্তৃৰ প্রান্তত থিয় হৈ হাত প্রার্থনাৰ অৱস্থালৈ আনিব লাগে।
প্রশ্ন ১০: সূৰ্য নমস্কাৰ শাৰীৰিক উপকাৰিতা কিবা এটা উল্লেখ কৰা।
উত্তৰ: সূৰ্য নমস্কাৰে শৰীৰ শক্তিশালী কৰে।
প্রশ্ন ১১: সূৰ্য নমস্কাৰ মনৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায়?
উত্তৰ: ই মানসিক কাৰ্যৰ উন্নতি সাধন কৰে।
প্রশ্ন ১২: সূৰ্য নমস্কাৰে শৰীৰৰ কোন অংগবোৰত কাম কৰে?
উত্তৰ: ই গাঁঠি, পেশী আৰু হাড়ত কাম কৰে।
প্রশ্ন ১৩: সূৰ্য নমস্কাৰ নিয়মিত কৰিলে ওজনৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰে?
উত্তৰ: ই শৰীৰৰ ওজন কমাবলৈ সহায় কৰে।
প্রশ্ন ১৪: সূৰ্য নমস্কাৰে কোন ক্ষমতা বৃদ্ধি কৰে?
উত্তৰ: ই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
প্রশ্ন ১৫: গণনা ৪ত কি কৰিব লাগে?
উত্তৰ: উশাহ লৈ সোঁ ভৰি পিছলৈ ঠেলি, সোঁ আঠু আগলৈ আনি ওপৰলৈ চাব লাগে।
প্রশ্ন ১৬: গণনা ৬ত শৰীৰৰ কিমান অংশ মাটিত স্পৰ্শ কৰে?
উত্তৰ: ৮টা অংশ: হাত, ভৰি, আঁঠু, বুকু আৰু থুতনি।
প্রশ্ন ১৭: গণনা ৭ত কিহৰ নাম দিয়া হৈছে?
উত্তৰ: ভুজংগাসন।
প্রশ্ন ১৮: গণনা ৩ত কেনেকৈ অংগ সজাব লাগে?
উত্তৰ: উশাহ এৰি আগলৈ হাউলি হৈ ভৰিৰ আঙুলি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব লাগে।
প্রশ্ন ১৯: গণনা ২ত কি কৰা হয়?
উত্তৰ: দীঘলীয়া উশাহ লৈ হাত ওপৰলৈ তুলি পিছুৱাই যোৱা হয়।
প্রশ্ন ২০: সূৰ্য নমস্কাৰৰ বাবে কিমান উশাহ লোৱা আৰু এৰিব লাগে?
উত্তৰ: প্রতিটো পদক্ষেপত উশাহ লোৱা বা এৰা হয়।
প্রশ্ন ২১: সূৰ্য নমস্কাৰৰ শেষ পদক্ষেপটো কি?
উত্তৰ: হাত দুখন বুকুৰ আগত প্রার্থনাৰ অৱস্থালৈ আনি একেলগে ৰাখা।
প্রশ্ন ২২: সূৰ্য নমস্কাৰৰ সময়ত কিহত লক্ষ্য দিয়া উচিত?
উত্তৰ: উশাহ আৰু গতিবিধিত লক্ষ্য দিয়া উচিত।
প্রশ্ন ২৩: সূৰ্য নমস্কাৰ কেতিয়া কৰাৰ বাবে উপযুক্ত?
উত্তৰ: পুৱতিৰ সময়ত খালী পেটত কৰা উপযুক্ত।
প্রশ্ন ২৪: সূৰ্য নমস্কাৰত মানসিক উপকাৰিতা কিবা এটা?
উত্তৰ: ই মন একাগ্ৰ কৰে আৰু মানসিক চাপ কমায়।
প্রশ্ন ২৫: যোগাসন মানে কি?
উত্তৰ: যোগাসন মানে হৈছে শাৰীৰিক আসন বা ভঙ্গি।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post