GU BA 6th Sem Eucation Chapter 4 Solution 2026| Paper Code: EDU – 0600304 | GU BA 6th Sem Education Chapter 4 মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণ ইতিবাচক মনোবিজ্ঞানৰ ভূমিকা Answer

 অধ্যায়- ৪

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণ– 

ইতিবাচক মনোবিজ্ঞানৰ ভূমিকা

অতি চমু প্রশ্নোত্তৰ

১। ইতিবাচক মনোবিজ্ঞানৰ পিতৃ কোন?

উত্তৰঃ শিক্ষাবিদ মার্টিন ইলিয়াচ পেষ্ট চেলিগমান (Martin Elias Pets Seligman) ক ইতিবাচক মনোবিজ্ঞানৰ পিতৃৰূপে আখ্যা দিব পাৰি।

২। ইতিবাচক মনোবিজ্ঞানে কি কি তিনিটা মুখ্য কাৰ্যত গুৰুত্ব আৰোপ কৰে?

উত্তৰঃ ইতিবাচক মনোবিজ্ঞানে গুৰুত্ব আৰোপ কৰা ৩টা মুখ্য কাৰ্য হ’ল– 

(ক) মানসিক অসুস্থতা দূৰীকৰণ

(খ) স্বাভাৱিক জীৱন-যাপনৰ মন উন্নত কৰা আৰু

(গ) উন্নত প্রতিভাৰ চিনাক্তকৰণ আৰু প্ৰশিক্ষণ।

৩। শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন?

উত্তৰঃ পেষ্টালজি

৪। ইতিবাচক মনোবিজ্ঞানৰ দিশবোৰ কি কি?

উত্তৰঃ মার্টিন চেলিগমান আৰু পিটাৰচন ৰ মতে ইতিবাচক মনোবিজ্ঞান তিনিটা দিশৰ লগত সম্বন্ধযুক্ত। এই দিশকেইটা হ’ল— 

(১) ইতিবাচক অভিজ্ঞতা (যেনে-আনন্দ, অনুপ্ৰেৰণা আৰু ভালপোৱা)

(২) ইতিবাচক স্থিতি আৰু সংলক্ষণ (যেনে-স্থিতিস্থাপকতা, কৃতজ্ঞতা আৰু দয়া)

(৩) ইতিবাচক সংস্থাসমূহত (সমগ্র সংগঠন আৰু সংস্থাসমূহত ইতিবাচক তত্ত্বসমূহৰ প্রয়োগ)

প্রথম পর্যায়ত ইতিবাচক অভিজ্ঞতাসমূহ অধ্যয়ন কৰা হয়। যেনেঃ আনন্দ, কল্যাণ সাধন, সন্তুষ্টি, সুখ, আশাবাদ, পৰিতৃপ্তি, ভালপোৱা, অনুপ্ৰেৰণা ইত্যাদি।

দ্বিতীয় পর্যায়ত এটা ভাল জীৱন (Good life) প্রাপ্তিৰ উপাদানসমূহ আৰু ভাল ব্যক্তি (Good person) হোৱাৰ বাবে আৱশ্যকীয় গুণাবলীখিনি অধ্যয়ন কৰা হয়। এই গুণাবলীসমূহ হ’ল- সাহস, দয়া, ক্ষমা, সহমর্মিতা, সজগুণ, প্রতিভাসম্পন্নতা ইত্যাদি।

তৃতীয় পর্যায়টো হৈছে দল বা সম্প্রদায় পর্যায়। এই পৰ্যায়ত সামাজিক সম্বন্ধ, পৰিচৰ্যা, ধৈর্য, ইতিবাচক সংস্থাসমূহ, সৌজন্যতা আদিৰ ওপৰত গুৰুত্ব দিয়া হয়। এই উপাদানসমূহে নাগৰিকত্বৰ বিকাশ সাধন আৰু সাম্প্রদায়িক বিকাশত অৰিহণা যোগায়।

৫) চমু টোকা লিখাঃ

(ক) বিশ্ব স্বাস্থ্য সংস্থাৰ মানসিক স্বাস্থ্য ব্যৱধান কাৰ্যসূচী

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে মানসিক, স্নায়বিক আৰু পদাৰ্থ ব্যৱহাৰৰ বিকাৰ সচৰাচৰ পৰিলক্ষিত হয় যিয়ে সকলো উপার্জনক্ষম দেশৰ প্ৰতিটো সম্প্ৰদায়ৰ আৰু বয়সৰ গোটক প্রভাবিত কৰে। বৰ্তমান সময়ত হতাশাই প্রায় ১৫০ নিযুত লোকক আঘাত কৰা দেখা গৈছে। মধ্য আৰু নিম্ন উপাৰ্জনৰ দেশবোৰত প্রায় ৭৫ শতাংশ লোকে তেওঁলোকৰ প্রয়োজনীয় মানসিক স্বাস্থ্য সেৱা লাভ নকৰে। এনে ধৰণৰ ব্যৱধানবোৰ নোহোৱা কৰিবৰ কাৰণে বিশ্ব স্বাস্থ্যই ২০০৮ চনত মানসিক স্বাস্থ্যৰ ব্যৱধান কাৰ্যসূচীৰ বিকাশ সাধন কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মানসিক স্বাস্থ্য ব্যৱধান কাৰ্যসূচীৰ প্রধান লক্ষ্য হৈছে মানসিক, স্নায়বিক আৰু পদার্থ ব্যৱহাৰৰ বিকাৰৰ বাবে সেবা বৃদ্ধি কৰি তোলা। এই সেৱা বিশেষকৈ নিম্ন আৰু মধ্য উপার্জন থকা দেশবোৰৰ বাবে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়। এই কার্যসূচীখনে দাবী কৰে যে সঠিক যত্ন, মনোসামাজিক সহায় আৰু ঔষধৰ জৰিয়তে প্রায় দহ লাখ লোকক হতাশা, স্কিজোফ্রেনিয়া আৰু বিকাৰৰ চিকিৎসা কৰিব পৰা যায়, আত্মহত্যা প্ৰতিৰোধ কৰিব পাৰি আৰু স্বাভাবিক জীবন-যাপন কৰিবলৈ আৰম্ভকৰিব পাৰি।

(খ) ইতিবাচক মনোবিজ্ঞানৰ অৰ্থ

উত্তৰঃ ইতিবাচক মনোবিজ্ঞান হৈছে এটা সুন্দৰ জীৱনৰ বিষয়ে অধ্যয়ন। জীৱনটো সমৃদ্ধিশালী কবি তোলা মানৱ জীৱনৰ ইতিবাচক দিশসমূহৰ অধ্যয়নেই হ’ল ইতিবাচক মনোবিজ্ঞান। ইতিবাচক মনোবিজ্ঞানৰ ক্ষেত্ৰখন হ’ল ইতিবাচক ব্যক্তিগত অভিজ্ঞতা, সন্তুষ্টি, আনন্দ, সুখ, আশা, বিশ্বাস, আশাবাদ, ইতিবাচক ব্যক্তিগত সংলক্ষণ, বৃত্তি, সাহস, দয়া, ক্ষমা, অধ্যবসায়, মৌলিকতা, কল্যাণ সাধন, সহমর্মিতা, সুখপ্রাপ্তি, কল্যাণ সাধন ইত্যাদি। ইতিবাচক মনোবিজ্ঞানে ব্যক্তিগত আৰু সামাজিক দুয়োটা দিশেৰে সমৃদ্ধিৰ বিষয়ে অধ্যয়ন কৰে। ইতিবাচক মনোবিজ্ঞানে অপসমাজিত আচৰণ আৰু নঞর্থক (Negative) চিন্তাৰ বিপৰীতে এক ব্যৱহাৰিক আৰু দৃঢ় চিন্তনত অৰিহণা যোগায়। এই মনোবিজ্ঞানে মানবীয় বিষয়সমূহতকৈ সুখ, সমৃদ্ধি আৰু মানসিক স্থিতিৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। শিক্ষামনোবিজ্ঞান বুলিলে কি বুজাসাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদ বিচাৰ কৰা

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হ’ল প্রয়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূর্ণ বিভাগ। শিক্ষামনোবিজ্ঞানক শিক্ষনৰ মনোবিজ্ঞান বুলিও কোৱা হয়। শিক্ষামনোবিজ্ঞানে শিক্ষণ আৰু শিক্ষাদান প্রক্রিয়াত প্রভাৱ পেলাব পৰা সকলো কথায়ে অধ্যয়ন কৰে। এই বিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলোধৰণৰ আচৰণ আৰু ব্যক্তিত্ব সম্পর্কে অধ্যয়ন কৰে। শিক্ষামনোবিজ্ঞানৰ লক্ষ্য হ’ল সাধাৰণ মনোবিজ্ঞানৰ জ্ঞান প্রয়োগ কৰি শিক্ষাদান কার্য্যত শিক্ষকক কৃতকাৰ্য্য কৰি তোলা। শিক্ষা মনোবিজ্ঞানে শিক্ষা ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিবোৰৰ কাৰ্য্যকৰিতা চোৱাৰ, সেইবোৰলৈ পৰীক্ষা কৰাৰ একচেতীয়া অধিকাৰ লাভ কৰিলে।

সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ পাৰ্থক্যঃ মনোবিজ্ঞানত ব্যৱহাৰিক, বাস্তৱ আৰু কাৰ্য্যকৰী দৃষ্টিভঙ্গীয়েহে প্রাধান্য লাভ কৰে। এই ক্ষেত্ৰত ইয়াৰ ক্ৰিয়া-আঁচনিও বিজ্ঞানসন্মত, তথ্যভিত্তিক আৰু প্ৰত্যক্ষাত্মক হোৱাটো স্বাভাৱিক। ইয়াত অবাস্তৱ আৰু অবৈজ্ঞানিক পদ্ধতিসমূহ অৱলম্বন কৰা নহয়। সেই হেতুকে মনোবিজ্ঞানক বস্তুনিষ্ঠ মনোবিজ্ঞান বুলি কোৱা হয়। মানুহ আৰু আৱশ্যক অনুযায়ী জন্তুৰ আচৰণৰো পুঙ্খনাপুঙ্খভাবে বিশ্লেষণ আৰু অধ্যয়ন কৰি ইয়াত বাস্তৱ অভিজ্ঞতা লাভ কৰিবলৈ চেষ্টা কৰা হয়। মানুহৰ বিভিন্ন দৈহিক আৰু মানসিক অৱস্থা যেনে ক্ষমতা, স্মৃতি শক্তি, যুক্তি, ক্ষমতা, বুদ্ধি-বৃত্তি, মনোযোগ, চিন্তা, কল্পনা, ব্যক্তিগত পার্থক্য, ব্যক্তিৰ গঠন, বিকাশৰ স্তব, পৰিৱেশৰ প্ৰভাৱ, সমষ্টিৰ প্ৰভাৱ আদি নানা বিষয়ৰ বাস্তৱ আৰু প্রত্যক্ষ অধ্যয়ন মনোবিজ্ঞানৰ জৰিয়তে কৰা হয়।

শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ’ল শিক্ষা পদ্ধতিত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ ব্যৱহাৰিক সমাধান সূত্র বাহিৰ কৰি উপযুক্তভাবে প্রয়োগ কৰা। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষা ক্ষেত্রত ইয়াৰ কাৰ্য্যকৰী উন্নতি সাধন কৰাত ব্যৱহাৰিক দিশত সহায় কৰে। সেয়েহে ইয়াক ব্যৱহাৰিক বিজ্ঞান বুলিও কোৱা হয়। শিক্ষা মনোবিজ্ঞানে শিক্ষকক শিক্ষার্থীৰ আচৰণসমূহ বুজি পাঠদান কাৰ্য্যৰ সংশোধন কৰাত সহায় কৰে। ইয়াৰ পৰিধি হ’ল শিক্ষার্থী, শিক্ষা পদ্ধতি আৰু শিক্ষা-পৰিৱেশ।

২। ইতিবাচক মনোবিজ্ঞান কিইতিবাচক মনোবিজ্ঞানৰ প্ৰকৃতি বৰ্ণনা কৰা

উত্তৰঃ ইতিবাচক মনোবিজ্ঞানৰ প্রকৃতিগত বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল-

(১) ইতিবাচক মনোবিজ্ঞান হৈছে এক প্রক্রিয়া। ই এক অবিৰত প্ৰক্ৰিয়া আৰু গতিশীলো। এই প্রক্রিয়াত এজন ব্যক্তিয়ে নিজকে বুজিব পাৰে, নিয়ন্ত্ৰণ কৰিব পাৰে আৰু আনৰ লগত সহযোগিতা স্থাপন কৰিব পাৰে।

(২) ইতিবাচক মনোবিজ্ঞানে ৩টা মুখ্য কাৰ্যত গুৰুত্ব আৰোপ কৰে

(ক) মানসিক অসুস্থতা দূৰীকৰণ

(খ) স্বাভাবিক জীবন-যাপনৰ মন উন্নত কৰা

(গ) উন্নত প্রতিভাৰ চিনাক্তকৰণ আৰু প্ৰশিক্ষণ

(৩) ইতিবাচক মনোবিজ্ঞান মনোবিজ্ঞানৰ এক শাখা। এই মনোবিজ্ঞানে মানৱ জীৱন সমৃদ্ধিশালী কৰি তোলা ইতিবাচক দিশবিলাক অধ্যয়ন কৰে।

(৪) দৃঢ় সামাজিক বান্ধোন আৰু চাৰিত্ৰিক সবলতা হৈছে প্রত্যক্ষ মনোবিজ্ঞানৰ গুৰুত্বপূর্ণ আলোচ্য বিষয়।

(৫) ইতিবাচক মনোবিজ্ঞান ইতিবাচক অভিজ্ঞতা ইতিবাচক ব্যক্তিগত সংলক্ষণ (Positive individual traits) আৰু ইতিবাচক সংস্থাসমূহ (Positive Institution) ৰ লগত সম্বন্ধযুক্ত)

(৬) ইতিবাচক মনোবিজ্ঞান হৈছে পৰম্পৰাগত Psychotherapyৰ এক পৰিপূৰক ব্যবস্থা।

(৭) ব্যক্তিৰ মানসিক স্বাস্থ্যৰক্ষাৰ বাবে কেনে ব্যৱস্থা লোৱা উচিত আৰু এটা সুন্দৰ মানসিক স্বাস্থ্য কেনেদৰে গঢ়ি তুলিব পাৰি সেই বিষয়ে অধ্যয়ন কৰে।

(৮) ইতিবাচক মনোবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক।

(৯) ইতিবাচক মনোবিজ্ঞানে নঞর্থক (Negative) দিশতকৈ ইতিবাচক দিশক অধিক গুরুত্ব দিয়ে। অশুদ্ধ বা ভুল কি বিচাৰ কৰাতকৈ ব্যক্তিৰ ক্ষেত্ৰত কোনটো শুদ্ধ তাক বিচাৰ কৰে।

(১০) মনোবিজ্ঞান প্ৰক্ৰিয়াৰ জৰিয়তে এজন ব্যক্তিৰ আত্মমনোবিজ্ঞান বিকশাই তোলাৰ বৈশিষ্ট্যবোৰকো ইতিবাচক মনোবিজ্ঞানৰ প্ৰকৃতিয়ে অন্তর্ভুক্ত কৰে। ইয়াৰ যোগেদি জীৱনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যক্তিয়ে আত্মনিৰ্ভৰশীলতা লাভ কৰে।

মানৱ জীৱনত অত্যধিক গুৰুত্ব লাভ কৰা ইতিবাচক মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত বিভিন্ন দিশসমূহ তলত আলোচনা কৰা হল— 

(১) সজগুণ বা সাধুতাঃ সজগুণে মানুহৰ চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰে, বিচাৰ-বুদ্ধিৰে আত্মনিয়ন্ত্রণ কৰি কৰ্তব্যসমূহ সম্পাদন কৰা সুঅভ্যাসৰ মানসিক প্রবৃত্তিসমূহৰ প্ৰৱণতাকে সজগুণ বা সাধুতা বোলা হয়। সাধুতা হৈছে মানুহৰ চাৰিত্ৰিক গুণ। সজগুণে সাহস আৰু ইচ্ছাশক্তিক প্রবল কৰে। এই গুণসমূহৰ আয়ত্তককৰণে ব্যক্তিক ইতিবাচক মনোভাব গঠনত সহায় কৰে। সেয়ে সজগুণ বা সাধুতাৰ দৰে চাৰিত্ৰিক গুণসমূহৰ বিষয়ে আলোচনা ইতিবাচক মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।

(২) সুখঃ ইতিবাচক মনোবিজ্ঞানে সুখ প্রাপ্তিৰ দৰে ব্যক্তিগত অভিজ্ঞতাবোৰক গুৰুত্ব দিয়ে। সুখ আৰু জীৱনৰ সন্তুষ্টিয়ে জীৱনৰ গভীৰ অৰ্থ আৰু উদ্দেশ্য বোধগম্য হোৱাত সহায় কৰে। সুখ আৰু সুখ প্রাপ্তি ইতিবাচক মনোবিজ্ঞানৰ এক অবিচ্ছেদ্য অধ্যয়নৰ বিষয়। সাধাৰণতে সুখ বুলিলে ইতিবাচক আবেগকে বুজা যায় যিবিলাক আমি দৈনন্দিন জীৱনৰ সন্তোষজনক কাৰ্যাৱলীৰ দ্বাৰা লাভ কৰোঁ। আনন্দ, প্রফুল্লতা, কৃতজ্ঞতা, আশা, অনুপ্ৰেৰণা ইত্যাদি ইতিবাচক আবেগসমূহে সুখ প্রাপ্তিত সহায় কৰে।

(৩) দয়াঃ দয়া ইতিবাচক মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু। আনৰ দুখ কষ্ট দূৰ কৰাৰ স্বাৰ্থবিহীন সহানুভূতিৰ আন এক নাম হ’ল দয়া। অন্য মানুহক দুখ-যন্ত্ৰণাৰ পৰা মুক্তি দিয়া বা অন্যৰ সুখৰ কাৰণে নিজৰ দুখ কষ্টক বৰণ কৰাকে দয়া বোলে। দয়া বুলিলে অন্তৰৰ সেই আৱেগকে বুজায় যি অন্যৰ দুখ-কষ্ট আৰু বেদনা দূৰ কৰাৰ কাৰণে অনুকূল। অন্যক আঘাত কৰাৰ পৰা বিৰত হোৱাৰ পৰাও দয়াৰ প্ৰকাশ ঘটিব পাৰে। অসহায়, পীড়িতসকলৰ প্রতি সহানুভূতি আৰু মমতা দয়াৰে এটা পৰিচায়ক। জীৱনত সুখ প্ৰাপ্তিৰ বাবে ব্যক্তি দয়াশীল হোৱা প্রয়োজন।

(৪) ক্ষমাঃ ক্ষমা আৰু ক্ষমাদান কার্যই ইতিবাচক মনোবিজ্ঞানৰ বিষয়ৰূপে বর্তমান ভঅধিক তাৎপর্য বহন কৰিছে। ক্ষমা এক মহৎ গুণ। ক্ষমা হৈছে আক্রোশ বা খণ্ডৰ পৰা মুক্ত হোৱা এক অবস্থা। ক্ষতিগ্রস্ত হোৱা লোকসকলক মানসিক স্বাস্থ্যৰ উন্নতিৰ প্ৰয়োজনীয়। জীৱনত লাভ কৰা আঘাতৰ পৰা মুক্তিলাভৰ বাবে ক্ষমাদান হ’ল এক ফলপ্রসূ উপায়। ক্ষমাদান কার্যই উদ্বিগ্নতা, বিষণ্ণতা, হতাশা আৰু খণ্ডৰ মাত্রা হ্রাস কৰে। এনে কাৰ্যই ব্যক্তিৰ অৱসাদ (fatigue) দূৰ কৰে।

(৫) মূল্যবোধঃ মূল্যবোধৰ বিকাশ সাধন কৰি মানসিকভাৱে সবল ব্যক্তি হিচাপে গঢ়ি তোলা আদি বিষয় ইতিবাচক মনোবিজ্ঞান অধ্যয়নৰ বিষয়বস্তু। মানৱ জীৱনৰ লগত মূল্যবোধৰ নিবিড়ভাবে জড়িত, সত্য, নিষ্ঠা, অহিংসা, প্রেম, মৈত্রী, কৰণা, ত্যাগ, সাধুতা, নম্রতা, দয়া, সংযম, সহিষ্ণুতা ইত্যাদি সার্বজনীন মূল্যবোধসমূহৰ বিকাশ সাধনৰ জৰিয়তে মানবীয় বান্ধোন সুদৃঢ় কৰি ৰাখিব পাৰি। মূল্যবোধৰ বিকাশৰ অবিহনে মানৱীয় বান্ধোন দুৰ্বল হৈ পৰে।

৩। শিক্ষা-মনোবিজ্ঞান কিআলোচনা কৰা

উত্তৰঃ শিক্ষা-মনোবিজ্ঞান হ’ল মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা (Branch)।আধুনিক সমাজ জীৱনত ৰূপান্তৰৰ বাটকটীয়া শিক্ষাৰ ক্ষেত্ৰখনত শিক্ষা-মনোবিজ্ঞান অতি গুৰুত্বপূর্ণ বিষয় হিচাপে সম্প্রতি বিবেচিত হৈছে। মনোবিদসকলে শিশুৰ সৰ্বাধিক বিকাশৰ ক্ষেত্রত শিক্ষা মনোবিজ্ঞানৰ যে শক্তিশালী ভূমিকা আছে সেই কথা স্পষ্টভাৱে দাঙি ধৰিছে। শিক্ষণ-শিকন প্রক্রিয়াক অধিক অর্থবহ কৰি তুলি শিশুৰ বুদ্ধি, ব্যক্তিত্ব, মনোযোগ আদি প্রতিটো দিশতে সফলতাৰ মুখ দেখিবলৈ শিক্ষা মনোবিজ্ঞানেই হ’ল একমাত্র উপায়। এই ক্ষেত্রত শিক্ষা-মনোবিজ্ঞানৰ জনক পেষ্টাল’জীৰ দৰে ৰুছো, জন আডামছ আদি মনোবিদসকলেও শিশু শিক্ষাৰ বাবে শিক্ষা-মনোবিজ্ঞানক এটি প্রয়োজনীয় বিষয় হিচাপে বিবেচিত কৰিছে।

শিক্ষা-মনোবিজ্ঞানক প্রায়োগিক বা ব্যৱহাৰিক মনোবিজ্ঞান বুলিও কোৱা হয়। কিয়নো শিক্ষা-মনোবিজ্ঞানে মনোবিজ্ঞানৰ তত্ত্ব আৰু নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি শিক্ষাৰ উন্নতিকৰণত অৰিহণা যোগায়। পিটাৰ চেণ্ডিফোর্ডৰ মতে, মনোবিজ্ঞানৰ নীতিসমূহ বিদ্যালয়ৰ শ্রেণী কোঠাত উদ্ভৱ হোৱা বিভিন্ন ধৰণৰ সমস্যা সমাধানত প্রয়োগ কৰাটোৱেই হ’ল শিক্ষা-মনোবিজ্ঞান। এই দৃষ্টিকোণেৰে ক’ব পাৰি সাধাৰণ মনোবিজ্ঞানৰ নীতিসমূহক শ্রেণী কোঠাৰ সমস্যা সমাধানত প্রয়োগ কৰাটোৱেই হ’ল শিক্ষা-মনোবিজ্ঞানৰ প্রধান কাম। নিত্য-নতুন সমস্যাই সমাজ জীৱনত ক্রিয়া কৰি যোৱাৰ সময়ত বিদ্যালয় হৈ পৰে আশু সমাধানৰ পৰীক্ষাগাৰ। এই ক্ষেত্রত জীবনব নতুন নতুন ক্ষেত্রভিত্তিক আলোচনা আৰু ইয়াৰ প্ৰয়োগৰ পথ সুগম কৰাৰ হকে শিক্ষা মনোবিজ্ঞানে মুখ্য ভূমিকা পালন কৰিব পাবে। সম্পাতি শিক্ষকৰ কৌশলপূর্ণ শিক্ষাদান আৰু শিশুর জ্ঞানলাভ-এই দুয়োটা প্রক্রিয়াতে শিক্ষা মনোবিজ্ঞান গুরুত্বপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে। এক বস্তুনিষ্ঠ আৰু প্ৰণালীবদ্ধ প্ৰক্ৰিয়াৰে শিক্ষা প্রক্রিয়াক আগবঢ়াই নিয়াত শিক্ষা-মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক সহায় কৰিব পাৰে। এনেবোৰ উৎসৰ আধাৰতে আধুনিক শিক্ষাৰ প্ৰতিটো ক্ষেত্রতে শিক্ষা মনোবিজ্ঞান এটা স্বয়ংপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে। শিক্ষার্থীক যথোপযোগী নির্দেশনা দান, পাঠ্যক্রম প্রস্তুতকৰণ, শিক্ষা পৰিকল্পনা প্ৰস্তুতকৰণ, পৰীক্ষা প্ৰক্ৰিয়াৰ উন্নতিসাধন, শিক্ষণ পদ্ধতি, শিক্ষাৰ লক্ষ্য, শিক্ষার্থীৰ ব্যক্তিগত প্রতিভা, ক্ষমতা আদিৰ ক্ষেত্রত থকা সমস্যা আৰু কার্যপ্রণালীক শিক্ষা-মনোবিজ্ঞানে অধ্যয়নৰ ক্ষেত্ৰ হিচাপে সামৰি লয়। তদুপৰি যুক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ আচৰণৰ বিশ্লেষণেৰে উপস্থাপিত মনোবিজ্ঞানৰ নীতিক শিক্ষা মনোবিজ্ঞানে শিক্ষার্থীৰ বংশগতি আৰু পৰিৱেশ অধ্যয়ন কৰাৰ ক্ষেত্ৰত প্রয়োগ কৰে। বংশগতি আৰু পৰিৱেশ অধ্যয়নৰ উপৰি শিক্ষাৰ্থীৰ আগ্রহ, ৰুচিবোধ, শিক্ষণ ক্ষমতা, বৌদ্ধিক ক্ষমতা, চিন্তন ক্ষমতা, স্মৃতি, মনোযোগ আদিৰ দৰে দিশসমূহো শিক্ষা-মনোবিজ্ঞানৰ ভিতৰুৱা। এনে সামগ্রিক দৃষ্টিভঙ্গীৰে লক্ষ্য কৰিলে দেখা যায় যে, শিক্ষাদান আৰু শিক্ষা গ্রহণ-দুয়োটা ক্ষেত্রতে শিক্ষক-শিক্ষার্থীৰ মাজত সুমধুৰ সম্পৰ্ক গঢ়ি তুলি তেনে সম্পর্কক প্রণালীবদ্ধভাৱে আগবঢ়াই নিবলৈ শিক্ষা-মনোবিজ্ঞানে বলিষ্ঠ নির্দেশনা দান কৰে।

৪। মানসিক স্বাস্থ্য সেৱা আইন২০১৭ৰ ব্যৱস্থাবোৰ আলোচনা কৰা

উত্তৰঃ ভাৰতবৰ্ষত ২০১৭ চনৰ ২৭ মার্চ তাৰিখে লোকসভাই মানসিক স্বাস্থ্যসেৱা বিধেয়কখন গৃহীত কৰে। এই বিধেয়কখন ২০১৬ চনৰ আগষ্ট মাহত ৰাজ্যসভাত গৃহীত হৈছিল আৰু ২০১৭ চনৰ এপ্রিল মাহত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ পৰা অনুমোদনক্রমে এই বিধেয়কখনে আইনৰ মৰ্যাদাপ্রাপ্ত হয়। এনেদৰে সম্পূৰ্ণ এক বিধায়িনী প্রক্ৰিয়াৰ মাজেৰে জনস্বাস্থ্য ৰক্ষাৰ অভিপ্ৰায়েৰে এই আইনখন কাৰ্যকৰী কৰা হৈছিল।

মানসিক স্বাস্থ্যসেবা আইন ২০১৭ৰ অধীনস্থ বিভিন্ন ব্যৱস্থাবোৰ নিম্নলিখিত ধৰণৰ— 

(ক) মানসিক ৰোগ থকা ব্যক্তিৰ অধিকাৰঃ মানৱ অধিকাৰৰ প্ৰকৃত অৰ্থক ব্যৱহাৰিক ৰূপত প্রতিফলিত কৰি এক নায্যতাৰ বাতাবৰণ তৈয়াৰ কৰিবলৈ হ’লে সকলো লোকৰ বাবে এই অধিকাৰসমূহ সুনিশ্চিত হ’ব লাগিব। এই ক্ষেত্ৰত মানসিক ৰোগ থকা ব্যক্তিসকলৰ অধিকাৰক লৈ সৰব ভূমিকা গ্রহণ কৰাটো হ’ল এই আইনখনৰ এক গণসমাদৃত দিশ।

মানৱ অধিকাৰৰ স্বৰূপক জনহিতার্থে সাকাৰ ৰূপ দিয়াৰ হকে প্রতিজন ব্যক্তিৰ মানসিক স্বাস্থ্যসেবা প্রাপ্ত কৰাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ হৈছে অত্যন্ত জৰুৰী। এনে সেৱাবোৰ উন্নত মানদণ্ডৰ, সুবিধাজনক আৰু সুলভ হ’ব লাগে। এই আইনে এনে ব্যক্তিসকলক অমানৱীয় চিকিৎসাৰ পৰা সুৰক্ষিত কৰিব বিচাৰে, বিনামূলীয়া আইনী সেৱা আৰু তেওঁলোকৰ চিকিৎসা ৰেকৰ্ডপ্রাপ্ত কৰিব বিচাৰে, আৰু ব্যৱস্থাবোৰৰ অভাৱৰ ক্ষেত্ৰত অভিযোগ কৰাৰ অধিকাৰ প্ৰদানত বিশেষ গুৰুত্ব আৰোপ কৰে।আগতীয় নির্দেশনাই মানসিকভাবে অসুস্থ ব্যক্তি এজনক প্রয়োজনীয় ৰোগৰ বাবে তেওঁক কেনেদৰে চিকিৎসা কৰিব বিচাৰে আৰু তেওঁৰ মনোনীত প্রতিনিধি কোন হ’ব তাৰ প্ৰতি আগতীয়া নির্দেশনা দিয়াৰ অধিকাৰ প্ৰদান কৰে। এই নির্দেশনাটো এজন চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰিব লাগিব।

(খ) মানসিক স্বাস্থ্য প্রতিষ্ঠানঃ চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্রীয় মানসিক স্বাস্থ্য কর্তৃপক্ষ আৰু প্ৰতিখন ৰাজ্যত ৰাজ্যিক মানসিক স্বাস্থ্য কর্তৃপক্ষ স্থাপন কৰিব লাগিব। সকলো মানসিক স্বাস্থ্য চিকিৎসক (নিদানিক মনোবিজ্ঞানী, মানসিক স্বাস্থ্যৰ নাৰ্চ আৰু মানসিক সমাজ কর্মী) আৰু প্ৰতিটো মানসিক স্বাস্থ্য প্রতিষ্ঠান এই কৰ্তৃপক্ষৰ সৈতে পঞ্জীয়ন কৰিব লাগিব।

এই সংস্থাবোৰে— 

(১) সকলো মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ পঞ্জীয়ন আৰু তত্বাৱধান কৰিব।

(২) এনে প্রতিষ্ঠানসমূহৰ বাবে উন্নত মানদণ্ডৰ আৰু সেৱাৰ ব্যৱস্থা বিকশিত কৰা।

(৩) মানসিক স্বাস্থ্য পেছাদাৰীসকলৰ পঞ্জীকৰণ বজাই ৰখা।

(৪) আইন প্ৰৱৰ্তনকাৰী বিষয়া আৰু মানসিক স্বাস্থ্য পেছাদাৰীসকলক আইনখনৰ ব্যৱস্থাসমূহৰ ওপৰত প্ৰশিক্ষণ দিয়া।

(৫) সেৱাপ্ৰদানৰ ক্ষেত্ৰত অভাৱৰ বিষয়ে অভিযোগ প্রাপ্ত কৰা।

(গ) মানসিক ৰোগ থকা ব্যক্তিৰ নামভর্তিঃ আইনখনে মানসিক ভাবে অসুস্থ ব্যক্তিসকলৰ নামভর্তি, চিকিৎসা আৰু পৰৱৰ্তী সময়ত অব্যাহতি ৰখাৰ বিশেষ প্ৰক্ৰিয়াৰ কথাও উল্লেখ কৰে।

(ঘ) আত্মহত্যাক অপৰাধীকৰণ কৰা আৰু ইলেক্ট্রকনভালচিভ থেৰাপী নিষিদ্ধ কৰাঃ ই এজন মানসিক ৰোগীৰ দ্বাৰা আত্মহত্যাৰ প্ৰচেষ্টাক অপৰাধীকৰণ কৰে। আত্মহত্যাৰ চেষ্টাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে এনে ব্যক্তিক পুনৰসংস্থাপন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ওপৰত কৰ্তব্য আৰোপ কৰে। মানসিক ৰোগ থকা ব্যক্তি এজনক পেশী শিথিলক আৰু এনাস্থেচিয়া ব্যৱহাৰ নকৰাকৈ ইলেক্ট্রকনভালচিভ থেৰাপী (ECT) চিকিৎসা কৰা নহ’ব। তদুপৰি, নাবালকসকলৰ বাবে ইচিটি চিকিৎসা কৰা নহ’ব।

(ঙ) আন কিছুমান সংস্থাৰ দায়িত্বঃ আৰক্ষী থানাৰ দায়িত্বত থকা এজন আৰক্ষী বিষয়াই মেজিস্ট্রেটক জনাব যদি তেওঁৰ বিশ্বাস কৰাৰ কাৰণ থাকে যে মানসিকভাৱে অসুস্থ ব্যক্তি এজনৰ সৈতে দুৰ্য্যৱহাৰ বা অৱহেলা কৰা হৈছে। এই আইনখনে আৰক্ষী থানাৰ দায়িত্বত থকা আৰক্ষী বিষয়াৰ ওপৰত যিকোনো ভ্রমণকাৰী ব্যক্তিক সুৰক্ষা ৰখাৰ দায়িত্বও আৰোপ কৰে এনে ব্যক্তি এজন চিকিৎসা বিষয়াৰ দ্বাৰা পৰীক্ষা কৰা হ’ব আৰু এনে পৰীক্ষাৰ ওপৰত আধাৰিত কৰি হয় মানসিক স্বাস্থ্য প্রতিষ্ঠানত ভৰ্ত্তি কৰা হ’ব বা তেওঁৰ বাসগৃহলৈ বা গৃহহীন লোকৰ বাবে প্রতিষ্ঠানলৈ লৈ যোৱা হ’ব।

(চ) বিত্তীয় শাস্তিঃ এই আইনৰ অধীনত ব্যৱস্থা উলংঘা কৰাৰ বাবে শাস্তি হ’ব ৬ মাহলৈকে কাৰাবাস বা ১০,০০০ টকা লৈকে জৰিমনা বা দুয়োটা। পুনৰাবৃত্তি কৰা অপৰাধীসকলে ২ বছৰলৈকে কাৰাবাস বা ৫০,০০০-৫ লাখ টকা বা দুয়োটা জৰিমনা ভৰিব পাৰে।

৫। ইতিবাচক মনোবিজ্ঞান কিইতিবাচক মনোবিজ্ঞানৰ সংজ্ঞা দিয়া

উত্তৰঃ সম্পূর্ণ এটা নতুন বিষয হিচাপে বর্তমান প্রচলিত ইতিবাচক মনোবিজ্ঞান হৈছে এটা সুন্দৰ জীৱনৰ বিষয়ে অধ্যয়ন। জীৱনটো সমৃদ্ধিশালী কৰি তোলা মানৱ জীৱনৰ ইতিবাচক দিশসমূহৰ অধ্যয়নেই হ’ল ইতিবাচক মনোবিজ্ঞান। ইতিবাচক মনোবিজ্ঞানে ব্যক্তিগত আৰু সামাজিক দুয়োটা দিশেৰে সমৃদ্ধিৰ বিষয়ে অধ্যয়ন কৰে। মনোবিজ্ঞানৰ এই ধাৰণাটো মানসিক ৰোগৰ লগত জড়িত। ইতিবাচক মনোবিজ্ঞানে অপসমাজিত আচৰণ আৰু নঞর্থক (Negative) চিন্তনৰ বিপৰীতে এক ব্যৱহাৰিক আৰু দৃঢ় চিন্তনত অৰিহণা যোগায়। এই মনোবিজ্ঞানে মানৱীয় বিষয়সমূহতকৈ সুখ, সমৃদ্ধি আৰু মানসিক স্থিতিৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

বিভিন্ন মনোবিজ্ঞানীয়ে ইতিবাচক মনোবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছে। তলত কিছুমান সংজ্ঞা উল্লেখ কৰা হ’ল— 

হুগো এলবাৰ্টৰ মতে, “ইতিবাচক মনোবিজ্ঞান হ’ল মানুহৰ উন্মুক্ত শক্তিসমূহ আৰু ইতিবাচক কৰ্মৰাজিৰসমূহক উৎসাহিত কৰা বিজ্ঞানসন্মত আৰু প্রায়োগিক অভিগমন বা প্রৱেশ পথ।”

গেবল আৰু হাইডৰ মতে, “ইতিবাচক মনোবিজ্ঞান হৈছে ব্যক্তি, গোট বা দল আৰু প্রতিষ্ঠানৰ বিকাশ বা অনুকুল কার্যকলাপত অৰিহণা যোগোৱা পৰিস্থিতি আৰু প্ৰক্ৰিয়াবোৰৰ অধ্যয়ন।”

মার্টিন চেলিগমানৰ মতে, “ইতিবাচক মনোবিজ্ঞান হৈছে ইতিবাচক মানবীয় কৰ্মৰাজি আৰু জীৱনক সমৃদ্ধিশালী কৰা বিভিন্ন পর্যায়সমূহত অন্তর্ভুক্ত জৈৱিক, ব্যক্তিগত, সম্বন্ধজনিত, আনুষ্ঠানিক, সাংস্কৃতিক আৰু জীৱনৰ গোলকীয় পৰিমাণ সম্বন্ধীয় দিশসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন।”

শ্বেলডন আৰু কিঙৰ মতে, “ইতিবাচক মনোবিজ্ঞান সাধাৰণ মানৱ শক্তি গুণৰ বৈজ্ঞাৱিক অধ্যয়নৰ বাহিৰে আন একো নহয়।”

ক্রিষ্টেফাৰ পিটাৰচনৰ মতে, “ইতিবাচক মনোবিজ্ঞানে যদি আমাক কিবা এটা শিকাইছে সেয়া হ’ল আমি সকলো সবলতা আৰু দুর্বলতাবোৰৰ সংমিশ্রণ। প্রত্যেকৰে ওচৰতে এই সকলোবোৰ নাই আৰু কাৰোবে ইয়াৰ অভাবো নাই।”

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top