GU BA 6th Sem History Chapter 1 Solution 2026 | Paper Code: -HIS – 0600104 | GU BA 6th Sem History Chapter 1 Answer

 Chapter 1ব্ৰিটিছ শাসনৰ আগমুহূৰ্ত্তত অসমৰ ৰাজনৈতিক পৰিস্থিতি…..ৰ পৰা ৰবাৰ্টছন – প্ৰশাসনিক আৰু ৰাজহ ব্য়ৱস্থা; জেনকিন্সৰ প্ৰশাসনিক ব্যৱস্থা 

১। উজনি অসমৰ প্ৰথমজন ব্রিটিছ ৰাজ-প্রতিনিধি তথা গবৰ্ণৰ জেনেৰেলৰ এজেন্ট কোন আছিল?

উত্তৰ: ডেভিড স্কট।

২। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ব্ৰিটিছ আৰু মানসকলৰ মাজত।

৩। ব্রিটিছে নামনি অসমখন কিমান চনত অধিগ্রহণ কৰিছিল?

উত্তৰঃ ১৮২৮ চনৰ মাৰ্চ মাহত।

৪। ডেভিদ স্কটৰ সময়ত নামনি অসমৰ ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা অসমীয়া বিষয়াজনৰ নাম কি আছিল?

উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকন।

৫। ডেভিদ স্কটৰ সময়ত নগাঁৱৰ ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা বিষয়া দুজনৰ নাম কি আছিল?

উত্তৰঃ লতা পানীফুকন আৰু আৰাধান ৰায়।

৬। ‘খৰিকাটনা’ কি আছিল?

উত্তৰ: আহোম ৰাজত্বৰ শেষৰ ফালে পৰিস্থিতিৰ তাগিদাত পৰি ৰজাঘৰৰপৰা সংগ্ৰহ কৰা এবিধ কৰ।

৭। উত্তৰ-পূব ভাৰতৰ প্ৰথম কমিছনাৰ কোন আছিল?

উত্তৰঃ কেপ্তেইন জেনকিন্‌চ।

৮। বৃটিছ কমিছনাৰ জেনকিনচে কেতিয়া আহোম ৰাজ্য ভ্ৰমণ কৰিছিল?

উত্তৰঃ ১৮৩৮ চনৰ জানুৱাৰীৰ ১০ তৰিখে।

৯। জেনকিন্সে কেতিয়া অসমৰ কমিছনাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল?

উত্তৰ : ৰবাৰ্টছনৰ পৰৱৰ্তী কমিচনাৰ হিচাপে জেনকিন্সে ১৮৩৪ খ্ৰীঃত অসমৰ কমিচনাৰ’ৰ দায়িত্বভাৰ লৈছিল।

১0। ডেভিড স্কট কোন?

উত্তৰঃ উত্তৰ পূব ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি আছিল ডেভিড স্কট।

১১। ডেভিড স্কটৰ লগত অসমলৈ অহা দুজন ইংৰাজ বিষয়াৰ নাম লিখা।

উত্তৰঃ (ক) কেপ্টেইন নিউভিল আৰু (খ) কেপ্টেইন আজম।

১২। ৰবাৰ্টচন কোন দেশৰ মানুহ আছিল?

উত্তৰঃ ইংলেণ্ডৰ লোক আছিল।

১৩। জেনকিন্সে নামনি অসমক কি কি জিলাত বিভক্ত কৰিছিল?

উত্তৰ: গোৱালপাৰা, দৰং, কামৰূপ আৰু নগাওঁ জিলাত।

১৪। কেপ্টেইন জেনকিন্সে প্ৰতিষ্ঠা কৰা হাইস্কুলখনৰ নাম কি আছিল?

উত্তৰ: গুৱাহাটী ছেমিনাৰী।

১৫। ডেভিদস্কটক পূব-সীমন্ত অঞ্চলৰ এজেন্ট হিচাপে গৱৰ্ণৰ জেনেৰেলৰ দায়িত্ব কেতিয়া অপৰ্ণ কৰা হৈছিল?

উত্তৰঃ ১৮২৩ চনত।

চমু প্রশ্নোত্তৰ

১। অসমত বৃটিছ শাসন কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্রোহে বিধ্বস্ত কৰা আহোম ৰাজবংশকইয়াৰ পৰৱৰ্তী পৰ্যায়ত হোৱা মানৰ আক্রমণে আহোম শাসনতন্ত্রক ধ্বংসৰ গৰাহলৈ ঠেলি দি অসমত ইংৰাজৰ শাসনৰ পথ প্রশস্ত কৰে। অসমত বৃটিছ শাসনৰ ভেটি প্রতিষ্ঠা কৰাত গৰ্ভৰ্ণৰ জেনেৰেলৰ এজেন্ট তথা অসমৰ আয়ুক্ত ডেভিদ স্কটে মুখ্য ভূমিকা গ্রহণ কৰিছিল।

২। ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰ: ঊনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰে কৰ-কাটল সংগ্ৰহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখোৰ মহাজন শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। পূৰ্বৰ আহোম ৰাজ্যক কেন্দ্ৰ কৰি ইংৰাজে গঢ়ি তোলা অসম সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ ইংৰাজৰ অধীন হয়। ফলত অসমৰ ছশবছৰীয়া আহোম শাসনৰ অন্ত পৰে। অসমত ইংৰাজ শাসন আৰম্ভ হয়।

ডেভিদ স্কটক অসমৰ প্ৰথম প্ৰশাসনীয় বিষয়া হিচাপে নিযুক্ত কৰা হয়। তেওঁ ১৮২৮ চনৰ মাৰ্চ মাহত নামনি অসমখন ইংৰাজৰ অধীন কৰে। অৱশ্যে উজনি অসম তেতিয়াই ইংৰাজৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচৰা নাছিল। কাৰণ ৰাজবংশৰ লোকসকল তেতিয়াও ইংৰাজৰ ওপৰত গভীৰভাৱে অসন্তুষ্ট হৈ আছিল।

ইতিমধ্যে ১৮৩১ চনৰ ২০ আগষ্টত ডেভিদ স্কটৰ চেৰাপুঞ্জীত মৃত্যু হয়। তেওঁৰ পিছত থমাচ কেম্পবেল ৰবাৰ্টচন অসমৰ প্ৰশাসনীয় পদত অধিষ্ঠিত হয়।

আহোম কোঁৱৰসকলক সন্তুষ্ট কৰাৰ কাৰণে চৰ্তৰ ভেটিত ১৮৩৩ চনত পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পাতে। কিন্তু পুৰন্দৰ সিংহই ভূমিৰ চৰ্ত অনুসৰি বছৰি ৫০,০০০ টকাৰ বার্ষিক কৰ ইংৰাজক পৰিশোধ কৰাত ব্যর্থ হয়। এনে অৱস্থাৰ সুযোগ গ্রহণ কৰি ১৮৩৮ চনত পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি উজনি অসমখণ্ড ব্ৰিটিছ ৰাজ্যত অন্তর্ভুক্ত কৰে।

শদিয়া ৰাজ্য: আগৰ শদিয়াখোৱা গোহাঁইৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ১৮৮৫ খ্রীঃত শদিয়াখোৱা গোহাঁই পদত অধিষ্ঠিত হয়। কিন্তু খাম্টিসকলে তেওঁক ভাল পোৱা নাছিল। ফলত খামটিসকলে ১৮৯৩ খ্রীঃত বিদ্রোহ কৰে আৰু প্ৰায় ৮০ জন ইংৰাজ চিপাহী বধ কৰে। এই কাৰ্যত ইংৰাজসকল অসন্তুষ্ট হয় আৰু শদিয়া ৰাজ্যখন ব্ৰিটিছৰ লগত চামিল কৰে।

দক্ষিণ কাছাৰ ৰাজ্যঃ ১৮৩০ খ্ৰীঃত কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰ কোনো আততায়ীৰ হাতত নিহত হয়। আনহাতে, তেওঁ অপুত্রক আছিল। ইংৰাজসকলে কোনো উত্তৰাধিকাৰী নোহোৱাৰ চেলু লৈ কাছাৰ ৰাজ্যখনো ব্ৰিটিছৰ অধিকাৰভুক্ত কৰে।

মটক ৰাজ্য: ১৮৩৯ খ্রীঃত মটক ৰাজ্যৰ শাসক মতিবৰ বৰসেনাপতিৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ মাজু গোহাঁই মটকৰ বৰসেনাপতি পদত অধিষ্ঠিত হয়। ইতিমধ্যে

সেই সময়ত মৰাণ আৰু মটক দুয়ো গোষ্ঠীৰ মাজত সংঘাত চলি আহিছিল। শেষত এই সংঘাতৰ অজুহাত দেখুৱাই ১৮৪২ খ্ৰীঃত ইংৰাজসকলে মটক ৰাজ্যখন তেওঁলোকৰ অধিকাৰভুক্ত কৰে।

জয়ন্তীয়া ৰাজ্য: মানৰ আক্ৰমণৰ সময়ত জয়ন্তীয়া ৰজা ৰামসিংহ ইংৰাজৰ আশ্রিত ৰজা হিচাপে ৰাজ্য শাসন কৰিছিল। দিন যোৱাৰ লগে লগে ৰামসিংহই ইংৰাজসকলৰ অনাহক হস্তক্ষেপৰ কাৰণে অসন্তুষ্ট হৈ পৰে। ৰামসিংহ গোভা ৰাজ্যৰ বজাৰ লগ লাগি ইংৰাজৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হয়। কিন্তু অতি সোনকালে ইংৰাজসকলে ৰামসিংহৰ ষড়যন্ত্ৰৰ সম্ভেদ পায়। ইয়াৰ পিছত ইংৰাজে জয়ন্তীয়া ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিলকৰণ কৰে।

চিংফৌ: চিংফৌ গামৰ সকলো নেতাই ইয়াণ্ডাবু সন্ধিৰ চৰ্তবোৰ মানি লোৱা নাছিল। ১৮৪৩ খ্রীঃত সকলোবোৰ চিংফৌনেতা লগ হৈ ইংৰাজসকলৰ বিৰুদ্ধে বিদ্রোহত নামে। কিন্তু ইংৰাজে সহজে এই বিদ্রোহ দমন কৰি সেই চনতে ব্রিটিছসকলে চিংফৌ ৰাজ্য দখল আৰু সাম্রাজ্যভুক্ত কৰে।

উত্তৰ কাছাৰ: কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ জীৱিত কালতে ইংৰাজৰ অনুৰোধ মৰ্মে কাছাৰ অঞ্চল বিদ্রোহী নেতা তুলাৰাম সেনাপতিক শাসন কৰিবলৈ দিয়া হৈছিল। ইতিমধ্যে ১৮৪৪ খ্রীঃত তুলাৰাম সেনাপতিৰ মৃত্যু হোৱাত দুই পুত্ৰ নকুল বৰ্মন আৰু ব্রজনাথ বৰ্মনে পিতৃৰাজ্য শাসন কৰে। এই দুজন দুৰ্বল শাসকৰ দিনত আগামী নগাসকলে উত্তৰ কাছাৰৰ ওপৰত বাৰে বৰে আক্ৰমণ চলোৱাৰ উপৰি চুবুৰীয়া ব্রিটিছ শাসিত অঞ্চলবোৰতো নিৰাপত্তাৰ ভাবুকিৰ সৃষ্টি হয়। সেয়ে ১৮৫৪ খ্রীঃত ডেলহাউচিয়ে উত্তৰ কাছাৰ ব্ৰিটিছ সাম্রাজ্যভুক্ত কৰে।

ঠিক সেইদৰে ১৮৪৩ খ্ৰীঃতভুটীয়া দুৱাৰ অঞ্চল, ১৮৬৬ খ্রীঃত আগামী নগা অঞ্চল, ১৮৭৫ খ্রীঃতলঠা নগা অঞ্চল, ১৮৬৯ খ্রীঃত গাৰো পাহাৰ আৰু ১৮৯৫ খ্রীঃত সমগ্র লুচাই পাহাৰ অঞ্চল ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। শাসনৰ সুবিধার্থে ইংৰাজে ১৮৪৬ খ্ৰীঃতছিলঙত অসমৰ ৰাজধানী স্থাপন কৰে।

২। কেপ্তেইন থমাছ ওৱেলছৰ সামৰিক অভিযানৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ কেপ্তেইন বেলছৰ অসম অভিযান মধ্যযুগৰ অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়। কিছুমান বিশেষ কাৰণৰ পৰিপ্ৰেক্ষিতত ৱেলছৰ অসম অভিযান সংঘটিত হৈছিল।

এই কাৰণসমূহ তলত উল্লেখ কৰা ধৰণে আলোচনা কৰিব পাৰি-

(ক) ৰজা গৌৰীনাথ সিংহ এজন নিষ্ঠুৰ প্ৰকৃতিৰ শাসক আছিল। তেওঁ মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ কাৰণসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ পৰিবৰ্তে তাক অতি কঠোৰভাৱেহে দমন কৰিবলৈ চেষ্টা কৰিছিল। ফলত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰভাৱ অতি তীব্ৰ হৈ পৰিছিল। এনে অৱস্থাত গৌৰীনাথ সিংহই বিদ্রোহ দমন কৰিব নোৱাৰি মোৱামৰীয়া বিদ্ৰোহৰ পৰা ৰক্ষা পোৱাৰ কাৰণে ইংৰাজৰ ওচৰত শৰণাপন্ন হ’বলৈ বাধ্য হৈছিল।

(খ) কামৰূপ আৰু দৰঙৰ জনসাধাৰণ ৰংপুৰৰপৰা (বর্তমান বাংলাদেশৰ এখন জিলা) ভালেমান বাৰকান্দাজ বা ভেৰোণীয়া সৈনিক গোটাই গৌৰীনাথৰ বিৰুদ্ধে পোণপটীয়া বিদ্রোহত লিপ্ত হৈছিল। গতিকে এই ভেৰোণীয়া সৈনিকসকলৰ বিৰুদ্ধেও ইংৰাজৰ সহায় বিচাৰিবলৈ বাধ্য হৈছিল।

(গ) মোৱামৰীয়াসকলৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কাৰণে পিছলৈ গৌৰীনাথ সিংহইও গোৱাল পাৰাৰ ইংৰাজ ব্যৱসায়ী ডানিয়েলৰয়সৰ পৰা প্রায় সাতশ বাৰকান্দাজ সৈনিক গোটাই মোৱামৰীয়াসকলক দমন কৰাৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু বিদ্রোহীসকলে সকলোবোৰ বাৰকান্দাজ সৈনিককে কাটি-মাৰি খাস্তাং কৰে। এনে অৱস্থাত উপায়বিহীন হৈ গৌৰীনাথ সিংহই ইংৰাজৰ সহায় ভিক্ষা মাগে।

(ঘ) নানা কাৰণৰ পৰিপ্ৰেক্ষিতত কামৰূপ আৰু দৰঙৰ জনসাধাৰণে আহোমসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। হৰদত্ত-বীৰদত্ত নামৰ দুই ভ্রাতৃয়ে কামৰূপত আৰু হংসনাৰায়ণে দৰঙৰ বিদ্ৰোহৰ নেতৃত্ব লৈছিল। কিন্তু গৌৰীনাথ সিংহই অদূৰদৰ্শী নীতি গ্রহণ কৰি হংসনাৰায়ণক ষড়যন্ত্ৰৰ আশ্ৰয় লৈ গুৱাহাটীলৈ মাতি আনি হত্যা কৰে। গৌৰীনাথৰ এনে কাৰ্যত দুই ঠাইৰ জনসাধাৰণ অতি বিক্ষুব্ধ হৈ পৰে আৰু বিদ্রোহ দুগুণে বঢ়াই তোলে। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত গৌৰীনাথ সিংহই বিদ্রোহীসকলৰ বিৰুদ্ধে ইংৰাজৰ ওচৰত সহায় ভিক্ষা মগাৰ বাহিৰে বিকল্প পথ বিচাৰি পোৱা নাছিল।

এই কাৰণসমূহৰ পৰিপ্ৰেক্ষিতত বংগদেশত থকা ইংলিচ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ সামৰিক সহায় ভিক্ষা কৰাৰ আহোম ৰজা গৌৰীনাথ সিংহৰ কোনো বিকল্প নাছিল। কোম্পানীৰ চৰকাৰৰ ওচৰত গৌৰীনাথে কৰা লিখিত আবেদনৰ ভিত্তিত তেওঁলোকে ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত অসমলৈ ৰজাৰ সাহাৰ্যার্থে এটি সামৰিক অভিযান পঠিওৱাৰ সিদ্ধান্ত কৰে। সেই মর্মে বংগদেশত থকা কোম্পানীৰ চৰকাৰে কেপ্তেইন থমাছ ওৱেলছৰ নেতৃত্বত এই সামৰিক অভিযান পঠিয়ায়। এই সামৰিক অভিযানত ওৱেলছৰ নেতৃত্বত প্রায় ৫৫০ জন সৈনিক আছিল। তদুপৰি ওৱেলছৰ সহায়ক সামৰিক বিষয়াৰূপে আহিছিল লেফটানেন্ট আৰ. মেগ্ৰেগৰ, জৰীপ বিষয়া এনছাইন টি. উড, আৰু চিকিৎসক ডাঃ জন পিটাৰ ওৱেড। কেপ্তেইন থমাছ ওৱেলছৰ নেতৃত্বত এই সামৰিক বাহিনীটোৱে ১৭৯২ চনৰ ৮ নৱেম্বৰ তাৰিখে গোৱালপাৰাত উপস্থিত হয়। তাৰপৰা তেওঁ ১৬ নবেম্বৰ তাৰিখে ব্ৰহ্মপুত্ৰৰে গুৱাহাটী অভিমুখে উজনিমুৱা যাত্ৰা আৰম্ভ কৰে।

৩। ডেভিদ স্কটৰ প্ৰশাসনীয় সংস্কাৰসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: মান আৰু ইংৰাজসকলৰ মাজত সংঘটিত হোৱা যুদ্ধৰ অন্তত মানসকল হাৰে। শেষত দুয়োপক্ষৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। এই সন্ধি অনুসৰি অসমত আহোমৰ শাসনৰ অন্ত পৰে আৰু অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ গুচি যায়। অসমৰ শাসনভাৰ গ্ৰহণ কৰি ইংৰাজ চৰকাৰে অসমৰ প্ৰশাসনীয় বিভিন্ন দিশৰ কাৰণে কিছুমান ব্যৱস্থা গ্রহণ কৰে। প্ৰশাসনীয় দিশসমূহ পৰিচালনা কৰাৰ কাৰণে অতি দক্ষ প্রশাসক ডেভিদ স্কটক অসমলৈ প্ৰেৰণ কৰে। স্কটে অসমৰ প্ৰশাসনীয় দায়িত্ব গ্রহণ কৰাৰ উপৰিও গোৱালপাৰা আৰু গাৰোপাহাৰ অৰ্থাৎ উত্তৰ-পূব ৰংপুৰ জিলাৰ অসামৰিক কমিচনাৰ আৰু চিলেট জিলাৰ আপীল আৰু চাৰ্কিট ক’ৰ্টৰ বিচাৰক হিচাপেও দায়িত্ব গ্রহণ কৰে।

শাসনভাৰ গ্ৰহণ কৰি স্কটে সমগ্র অসমতে একে শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাৰণ গোটেই অসমখনক উজনি আৰু নামনি নামে দুই ভাগত ভাগ কৰে। উজনি অসমৰ প্রশাসনীয় দায়িত্ব দিয়া হৈছিল কর্ণেল ৰিচাৰ্ডক আৰু নামনি অসমৰ দায়িত্ব স্কটে নিজে গ্রহণ কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে উজনি আৰু নামনি দুই খণ্ডৰে সুকীয়া সুকীয়া শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলেও ডেভিদ স্কটক সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দায়িত্ব অর্পণ কৰা হৈছিল। স্কটে তলত উল্লেখ কৰা ধৰণে অসমৰ প্ৰশাসনীয় বিভাগৰ বিভাজন ঘটাইছিল।

বিচাৰ ব্যৱস্থা: ডেভিদ স্কটে আহোম যুগৰ বিচাৰ ব্যৱস্থাৰ বিভিন্ন দিশৰ পৰিৱৰ্তন সাধন কৰে। নামনি অসমৰ সাধাৰণ গোচৰৰ বিচাৰসমূহ ‘খেল’ বা পঞ্চায়তৰ জৰিয়তে একোজন খেলদাৰ বা চৌধাৰীয়ে কৰিছিল। ফৌজদাৰী বা গুৰুত্বপূৰ্ণ দোষৰ বিচাৰসমূহ বৰফুকনৰ তত্বাৱধানত জুৰিয়ে কৰিব পাৰিছিল। দোষীৰ কঠোৰ শাস্তি হৈছিল যদিও মৃত্যুদণ্ড ৰোধ কৰা হৈছিল।

সামৰিক সংস্কাৰঃ মানসকলে অসম এৰি যোৱাৰ পিছত ১৮২৬ খ্রীঃত ইংৰাজ বিল সেনাবাহিনীক বংগদেশলৈ ওভোটাই লৈ যোৱা হয়। ইয়াৰ লগে লগে প্রশাসনীয় দিশত ব্যৱহাৰৰ কাৰণে এটি নতুন সামৰিক বাহিনী গঠন কৰে। এই বাহিনীটোক ‘অসম লাইট দিন ইনফেন্ট্রি (Assam Light Infantry) নামে জনা যায়। ইয়াৰ উপৰি কাছাৰ আৰু যোৰহাটত আন দুটা অর্ধসামৰিক বাহিনী ৰখাৰ ব্যৱস্থা কৰা হয়।

ৰাজহ সংস্কাৰঃ ডেভিদ স্কটে অসমৰ ৰাজহ সম্পৰ্কীয় বিষয়ৰ ওপৰতো প্রাধান্য দিছিল আৰু সেই অনুপাতে সংস্কাৰো সাধন কৰিছিল। উজনি অসমত বাহাল থকা পাইক প্রথা ৰোধ কৰি তাৰ পৰিৱৰ্তে প্ৰতিজন লোকৰ পৰা তিনি টকা হাৰে খাজনা আদায়ৰ ব্যৱস্থা গ্রহণ কৰিছিল। জিলাসমূহক কিছুমান মৌজাত ভাগ কৰি সেইবোৰৰ খাজনা আদায়ৰ কাৰণে কিছুমান কৰ্মচাৰী নিয়োগ কৰিছিল। পিছলৈ অৱশ্যে এই খাজনা আদায়ৰ পদ্ধতি সলনি কৰি মাটি জৰীপ কৰি তাৰ ওপৰত খাজনা আৰোপ কৰা হৈছিল। তাঁতী, সোণাৰী, কমাৰ, মাছমৰীয়া আদি বিভিন্ন বৃত্তিধাৰী লোকৰ ওপৰতো কৰ আৰোপ কৰা হৈছিল। আহোম যুগত খাজনাৰ পৰা ৰেহাই পোৱা দেৱোত্তৰ, ধর্মোত্তৰ আৰু ব্রহ্মোত্তৰ মাটিৰ ওপৰতো ইংৰাজ চৰকাৰে নতুন খাজনা আৰোপ কৰিছিল। এইদৰে দেখা যায় যে কোম্পানীৰ চৰকাৰে অসমৰ শাসনভাৰ গ্ৰহণ কৰি প্ৰশাসনীয় দিশত বহুতো সংস্কাৰ সাধন কৰিছিল। অৱশ্যে ইয়াৰ প্ৰভাৱ অসমীয়া জনসাধাৰণৰ ওপৰত বাৰুকৈয়ে পৰিছিল। অসমৰ পৰা অৰ্থসমূহ লুণ্ঠন কৰাই আছিল ইংৰাজ চৰকাৰৰ মূল লক্ষ্য। নতুন নতুন কৰ বহুৱাত অসমীয়া জনসাধাৰণ অর্থনৈতিক দিশত ডাঙৰ আঘাত পৰিছিল। কৰ পৰিশোধ কৰিব নোৱাৰি আনকি বহুতো প্ৰজাই ঘৰ-বাৰী ত্যাগ কৰি পলাই যাবলৈ বাধ্য হৈছিল। সেয়ে দেখা যায় যে আহোমৰ শাসনৰ পিছৰ ইংৰাজ শাসন ব্যৱস্থাই সাধাৰণ অসমীয়া প্ৰজাৰ আৰ্থিক দিশ দুৰ্বল কৰি পেলাইছিল।

৪। অসমত ডেভিদ স্কটৰ ৰাজহ প্রশাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: ইংৰাজ ঔপনিৱেশিক চৰকাৰৰ প্ৰতিনিধি হিচাপে ডেভিদ স্কটৰ মূল লক্ষ্য আছিল সৰ্বাধিক পৰিমাণে ৰাৰজ সংগ্ৰহ। নামনি অসম কোম্পানীৰ ৰাজ্যৰ লগত চামিল হোৱাৰ পিছতেই স্কটে ৰাজহ সংগ্ৰহৰ সকলো দিশ তন্ন তন্নকৈ পৰ্যালোচনা কৰিছিল। প্রথম অৱস্থাত তেওঁ আহোম যুগত প্রচলিত ৰাজহ ব্যৱস্থাৰ মূল জঁকাটোত বিশেষ সালসলনি নকৰি মাত্ৰ কিছুমান ৰাজহ নিয়ম আৰু কৰ লগাই স্থানীয় লোকৰ সহযোগত ৰাজহ সংগ্ৰহৰ কাম হাতত লৈছিল। এইক্ষেত্রত তেওঁ ‘পেৰা-কাকত’ নামে পৰিচিত আহোম যুগৰ কিছুমান ৰাজহ সংক্রান্তীয় নথি-পত্ৰৰ সহায় লৈছিল।

ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ পূৰ্বে আহাম যুগৰ প্ৰচলিত ৰাজহ ব্যৱস্থা পাইক প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। দেশৰ ৰাজপৰিয়াল, ডা-ডাঙৰীয়া, ৰজাঘৰীয়া বিষয়া, সত্ৰাধিকাৰ-পুৰোহিত শ্ৰেণী আৰু তেওঁলোকৰ পুৰুষ প্ৰজাক পাইক বোলা হৈছিল। এই পাইকসকলে ৰজাক ৰাজহ দিয়াৰ সলনি ৰজা ঘৰত বাঅন্য ৰাজহুৱা কামত গা খাটি দিব লাগিছিল। এই পাইকসকলক সাধাৰণতে তিনিজনীয়া একোটা ‘গোট’ত ভগোৱা হৈছিল আৰু গোটৰ প্ৰতিজন পাইকে পাল পাতি বছৰি তিনিমাহকৈ কাম কৰিব দিব লাগিছিল। তিনিজনীয়া গোটৰ পাইকৰ প্ৰথমজনক ‘মূল’, দ্বিতীয়জনক ‘দেৱাল’ আৰু তৃতীয়জনক ‘তেবাল’ বোলা হৈছিল। গোটৰ এজন পাইকে ৰজাঘৰত গা-খাটিবলৈ যোৱাৰ সময়ত বাকী দুজনে পাল খাটিবলৈ যোৱাজনৰ ঘৰত কৃষিকৰ্ম কৰি দিয়াৰ লগতে তেওঁৰ পৰিয়ালটোক চোৱাচিতাৰো দায়িত্ব লৈছিল। ইয়াৰ উপৰিও পাইকসকলে যুদ্ধৰ সময়ত উপযুক্ত প্রশিক্ষণ লৈ ৰণলৈয়ো যাব লাগিছিল। প্রতিজন পাইকে তেওঁলোকৰ এই সেৱাৰ বাবদ ৰজাঘৰৰ পৰা দুপুৰাকৈ উৎকৃষ্ট খেতি মাটি বিনা খাজনাৰে ভোগ কৰিবলৈ পাইছিল। এনে মাটিক ‘গা-মাটি’ বুলি জনা গৈছিল। তদুপৰি পাইসকলক ঘৰ-বাৰী সাজিবৰ অৰ্থেও ‘বাৰী-মাটি’ নামৰ বিনা খাজনাৰে এটুকুৰাকৈ মাটি দিয়া হৈছিল। গোটৰ ডাঙৰ সমষ্টিবিলাকক খেল বোলা হৈছিল আৰু একো একোটা খেলত ১,০০০ ৰ পৰা ৩,০০০ বা তাতকৈয়ো বেছি পাইক আছিল। এই খেলসমূহ পৰিচালনাৰ বাবে একোজন ‘খেলদাৰ’ নামৰ বিষয়াৰ নিযুক্তি হৈছিল। ‘গা-মাটি’ৰ বাদেও কোনো পাইকে অতিৰিক্ত মাটিত খেতি কৰিলে পূৰাই প্রতি বার্ষিক এটকাকৈ খাজনা দিব লগাৰ নিয়ম আছিল।

পাইক ব্যৱস্থাটো সুশৃংখলিত কৰি ৰাখিবৰ বাবে প্ৰতি ২০ জন পাইকৰ ওপৰত একোজনকৈ ‘বৰা’, ১০০ জনৰ ওপৰত এজন ‘শইকীয়া’, ১০০০ জনৰ ওপৰত এজন ‘হাজৰিকা’, ৩০০০ ৰ ওপৰত এজন ‘ৰাজখোৱা’ আৰু ৬০০০ জনৰ ওপৰত এজন ‘ফুকন’ নিযুক্ত কৰা হৈছিল। বিশে, কাৰণত পাইকসকল অসন্তুষ্ট হ’লে তেওঁলোকে এই বিষয়াসকলক পদচ্যুত কৰিব পাৰিছিল।

সাধাৰণতে ৰজাঘৰত দৈহিক শ্রমদান কৰা পাইকসকলক ‘কাড়ী পাইক’ আৰু এটা নির্দিষ্ট মূল্যৰ বিনিময়ত বাধ্যতামূলক গা-খাটনিৰ পৰা ৰেহাই পোৱা পাইকসকলক ‘চমুৱা’ পাইক বোলা হৈছিল। এই দুটা শ্ৰেণীৰ উপৰিও ‘লিকচৌ’ নামৰ এক শ্ৰেণীৰ পাইক আছিল আৰু এইবিধ পাইক ৰাজ বিষয়াসকলক মাননিৰ পৰিৱৰ্তে প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও বিভিন্ন বৃত্তিজীৱী লোক যেনে- কমাৰ, কুমাৰ, কঁহাৰ, খাৰঘৰীয়া, তাঁতী, তেলী আদি বৃত্তিৰ লোকসকলে বাধ্যতামূলক গা-খাটনিৰ পৰা ৰেহাই পাইছিল। ৰজাঘৰৰ পৰা তেওঁলোকে ‘বাৰী মাটি’ বিনা খাজনাৰে পোৱাৰ বিনিময়ত নিজৰ উৎপন্ন সামগ্ৰীৰ এক অংশ বার্ষিক ভিত্তি যোগান ধৰিব লাগিছিল। গতিকে মুদ্রা অৰ্থনীতিৰ প্ৰচলন নথকাৰ হেতু আহোম যুগত নগদ ধনেৰে দৰমহা দি মন্ত্ৰী-বিষয়া অথবা এক নিয়মিত সৈন্যবাহিনী পোহপাল দিয়াটো সম্ভৱপৰ নাছিল। সেয়েহে এই সকলো কাম মাটিৰ আবণ্টন আৰু পাইকৰ শ্ৰমৰ জৰিয়তে সমাধা কৰিবলৈ যত্ন কৰা হৈছিল। স্বৰ্গদেউ প্রতাপ সিংহৰ ৰাজত্বকালত সুনিপুণ ৰাজ বিষয়া মোমাই তামুলী বৰবৰুৱাই ১৬০৯ খ্রীঃত প্রথম আনুষ্ঠানিক ৰূপত পাইকআৰু খেল প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল আৰু ব্ৰিটিছসকলৰ অসম আগমনৰ সময়লৈকে এই প্রথাই ৰাজহ ব্যৱস্থৰ মূল আধাৰ আছিল। অৱশ্যে, আহোম ৰাজত্বৰ শেহৰ ফালে পৰিস্থিতিৰ তাগিদাত পৰি ৰজাঘৰৰ পৰা দুটা অনিয়মিত কৰ সংগ্ৰহ কৰা হৈছিল। এই দুটা আছিল ‘খৰিকাটনা’ আৰু ‘বৰঙণি’। জৰুৰীকালীন অৱস্থানত যুদ্ধৰ খৰচ বহন কৰিবলৈ আৰোপ কৰা এই কৰ দুবিধক আহোম প্ৰশাসনৰ ৰাজহ সংগ্ৰহৰ নিয়মীয়া শিতান বুলি ক’ব নোৱাৰি।

আনহাতে কামৰূপ বা নামনি অসমৰ অধিকংশ অঞ্চল মোগল সাম্ৰাজ্যৰ তলত ভালেকেইবছৰ থকা বাবে আৰু দেৰিকৈ আহোম ৰাজ্যৰ লগত চামিল হোৱা কাৰণে প্রশাসনীয় তথা ৰাজহ ব্যৱস্থা উজনি অসমতকৈ বেলেগ আছিল। মোগল শাসনৰ সময়ত কামৰূপক ২৬টা ‘পৰগণা’ত ভাগ কৰি প্ৰতিটো পৰগণা আকৌ কিছুমান ‘তালুক’ত বিভত্ত কৰিছিল। একোটা তালুকত ৪ৰ পৰা ৫ খন গাঁও আছিল। পৰগণাসমূহ পৰিচালনাৰ

দায়িত্ব একোজন ‘চৌধুৰী’ আৰু তালুকসমূহৰ দায়িত্ব একোজন ‘তালুকদাৰ’ৰ হাতত অর্পণ কৰা হৈছিল। তেওঁলোকে ‘ঠাকুৰীয়া’ আৰু ‘পাটগিৰি’ নামৰ দুজন বিষয়াৰ সহযোগত ৰাজহ ব্যৱস্থাটো পৰিচালনা কৰিছিল। সাধাৰণতে কামৰূপৰ প্ৰজাৰ পৰা দুটকাকৈ গা-মুৰি কৰ আৰু দৰং অঞ্চলৰ প্ৰজাৰ পৰা ৰান্ধনিশালেপতি এটকাকৈ কৰ দিব লাগিছিল। এই বস্তুবিধ ‘চৰু কৰ’ বোলা হৈছিল।

কোম্পানী চৰকাৰৰ দ্বাৰা নামনি অসম অধিগ্রহণৰ পিছত ডেভিদ স্কটে কামৰূপত মোগলৰ দ্বাৰা প্ৰৱৰ্তিত পৰগণা ব্যৱস্থাকে অব্যাহত ৰাখি প্ৰতিটো পৰগণাৰ চৌধুৰীসকলৰ সৈতে খাজনা সংগ্ৰহৰ বন্দবস্তিৰ কাম হাতত ল’লে। এই চৌধুৰীসকলক ভূমিক মালিকীস্বত্ব দিয়া নহৈছিল অর্থাৎ ব্রিটিছ চৰকাৰে নিজ ইচ্ছা অনুসৰি তেওঁলোকক পদচ্যুত কৰিব পাৰিছিল। ব্ৰিটিছ চৰকাৰৰ হৈ কাম কৰাৰ বিনিময়ত চৌধুৰীসকলক খাজনামুক্ত মাটি আৰু কেইজনমান পাইক দিয়া হৈছিল। ‘পাটোৱাৰী’ আৰু ‘ঠাকুৰীয়া’ নামৰ দুজন কনিষ্ঠ ৰাজহ বিষয়াই চৌধুৰীসকলক ৰাজহ সংগ্ৰহৰ কামত সহায় কৰিছিল। এওঁলোকক মাননীও দৰমহাৰ পৰিৱৰ্তে খাজনাবিহীন মাটিৰ জৰিয়তে দিয়া হৈছিল। অৱশ্যে, কিছুদিনৰ পিছতে স্কটে মেথিউজ নামৰ এজন কোম্পানীৰ কৰ্মচাৰীৰ নেতৃত্বত স্থানীয় লোকৰ সহযোগত নামনি অসমৰ মাটি আৰু পাইকৰ নতুনতৈ জৰীপ কৰাইছিল। স্কটে নিযুক্তি দিয়া নামনি অসমৰ ৰাজহ বিভাগৰ অসমীয়া চিৰস্তাৰদাৰজনৰ নাম আছিল হলিৰাম ঢেকিয়াল ফুকন।

ডেভিদ স্কটে ৰহা আৰু নগাঁৱক লৈ এক ভিন্ন ৰাজহ গোটৰ সৃষ্টি কৰি ইয়াৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব ক্রমে লতা পানীফুকন আৰু আৰাধান ৰায়ৰ হাতত অর্পণ কৰিছিল। দৰঙৰ ৰজা বিষয় নাৰায়ণৰ সৈতেও স্কটে এটা চুক্তি কৰি তেওঁক কোম্পানী চৰকাৰক বার্ষিক ৪২,০০০ টকা আৰু ১৫০০ পাইক দিবলৈ সন্মত কৰাইছিল। কিন্তু ইয়াৰ পিছতো ব্ৰিটিছে ১৮২৬ খ্ৰীঃত ৰাজহৰ পৰিমাণ ৫৪,০০০ টকালৈ বৃদ্ধি কৰাত বিজয় নাৰায়ণে প্ৰজাৰ সৈতে লগ হৈ তীব্র প্রতিবাদ কৰাত চৰকাৰে মাত্র ৩০০০ টকাৰহে খাজনা ৰেহাই দিছিল। ১৮২৭-২৮ খ্রীঃত ভালেমান টকাৰ খাজনা অনাদায় হৈ থকাত চৰকাৰে তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰে। ইয়াৰ উপৰিও স্কটে ডিমৰুৱা, বেলতলা, ন-দুৱাৰ আৰু ৰাণীৰ ৰজাৰ সৈতে চুক্তি কৰি এই ৰাজ্যসমূহৰ পৰাও কৰ সংগ্ৰহ কৰিছিল। অৱশ্যে এই কৰৰ কোনো নির্দিষ্ট পৰিমান নাছিল আৰু ৰাজ্যকেইখনে যি দিছিল চৰকাৰ তাতে সন্তুষ্ট আছিল।

নামনি অসমৰ প্ৰতিজন পাইকে ‘গা-ধন’ নামৰ ২ টকাকৈ কৰ দিয়াৰ বিনিময়ত ৩ পূৰাকৈ খেতি-মাটি লাভ কৰিছিল। ইয়াক ‘গা-মাটি’ বুলি জনা গৈছিল আৰু এনে মাটিত বংশানাক্রমিক ভোগ-দখল অথবা বিক্রী বা দানৰ ব্যৱস্থা নাছিল। তদুপৰি স্কটে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনৰ মান আক্ৰমণৰ সময়ত আৰোপ কৰা ‘খৰিকাটনা’ নামৰ কৰবিধি কামৰূপৰ উপৰিও দৰং আৰু নগাঁৱলৈয়ো সম্প্ৰসাৰিত কৰিছিল। কামৰূপত এই কৰবিধকে ‘নাঙল কৰ’, দৰঙত ‘চৰু কৰ আৰু নগাঁৱত মানুহেপতি এটকাকৈ জনমূৰি কৰৰূপে সংগ্ৰহ

কৰা হৈছিল। স্কটে অসমৰ লেখিৰাজ ভূমিসমূহ অৰ্থাৎ দেৱোত্তৰ, ব্রহ্মোত্তৰ আৰু ধর্মোত্তৰ মাটিৰ ওপৰতো কৰ আৰোপ কৰি ইয়াক কোম্পানীৰ ৰাজহ সংগ্ৰহৰ এক অন্যতম শিতানলৈ ৰূপান্তৰিত কৰিছিল।

কোম্পানী চৰকাৰে নামনি অসমত তাঁতী, সোণাৰী, কঁহাৰ আদি বিভিন্ন বৃত্তিৰ লোকৰ ওপৰত বিত্তীয় কৰ আৰোপ কৰাৰ উপৰিও ঘাট, বিল, হাট বজাৰ আদিৰ ওপৰতো কৰ লগোৱা হৈছিল। আফিঙৰ খেতি কৰা ভূমিসমূহতো বিঘাইপ্ত ৫ টকাকৈ খাজনা সংগ্ৰহৰ ব্যৱস্থা আছিল। আইন-শৃংখলাজনিত খৰচৰ বাবদ স্কটে কামৰূপৰ ৰায়তৰ পৰা ১১.৫ ৰ পৰা ৩৭.৫ শতাংশ পর্যন্ত ‘বৰঙণি’ও আদায় লৈছিল।

ডেভিদ স্কটে উজনি অসমৰ ক্ষেত্ৰত প্ৰয়োগ কৰা ৰাজহ ব্যৱস্থা নামনি অসমৰ তুলনাত যথেষ্ট পৃথক আৰু উদাৰ আছিল। উজনি অসমত তেওঁ দুই এটা সালসলনি কৰি আহোম যুগৰ পাইক আৰু খেল ব্যৱস্থাক অব্যাহত ৰাখিছিল। কিন্তু গা-খাটনি দিয়াৰ সলনি বাৰী বস্তি আৰু খেতিমাটিৰ বাবদ প্ৰতিজন পাইকৰ পৰা ৩ টকাকৈ খাজনা নিৰ্ধাৰণ কৰা হৈছিল। এই জনমূৰি কাৰৰ বাদে উজনি অসমত অন্য কৰ-কাটল বহুওৱা হোৱা নাছিল। ৰাজহ তথা খাজনা সম্পর্কীয় সকলো দায়িত্ব আহোম যুগৰ এজন উচ্চপদস্থ বিষয়া জনার্দন বৰবৰুৱাৰ হাতত অর্পণ কৰা হৈছিল। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত তেওঁক পূৰ্বৰ হাজৰিকা, শইকীয়া, বৰা আদি খেলদাৰসকলে ২৭ শতাংশ কমিছনৰ বিনিময়ত সহায় কৰিছিল। কিন্তু ৰায়তৰ মাজত মুদ্ৰাৰ প্ৰচলন একেবাৰে কম হোৱা আৰু খেলদাৰসকলৰ অনভিজ্ঞতাৰ বাবে সংগৃহীত খজজনাৰ পৰিমাণ কম আছিল। তদুপৰি তদানীন্তন জুনিয়ৰ কমিছনাৰ কর্নেল কুপাৰেও সম্ভ্রান্ত শ্ৰেণীটোক অসন্তুষ্ট কৰিব নুখুজি উদাৰ ভাবেৰে খাজনা ৰেহাই দিছিল। সেইবাবেই ১৮২৫-২৬ খ্রীঃত ধার্য কৰা ১,৩৯,১৬২ টকা ৰাজহৰ বিপৰীতে ৰাজকোষত জমা হৈছিল মাত্র ২৮,০৫৮ টকা। অৱশ্যে পৰৱৰ্তী কমিছনাৰ কেপ্টেইন নিউভিলে ১৮২৯-৩০ খ্রীঃতমাত্র দুই শতাংশ কমিছনৰ বিনিময়ত ৰাজহ সংগ্ৰহৰ বাবে খেলদাৰসকলৰ ঠাইত ‘তহচিলদাৰ’ নামৰ নতুন কৰ্মচাৰী নিযুক্তি দিয়াত ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছিল। প্রসংগক্রমে উল্লেখযোগ্য যে ১৮২৪-২৫ টকা ৰাজহ সংগৃহীত হৈছিল। স্কটৰ নিৰ্দেশত নিউভিলে মুদ্ৰাৰ অভাৱৰ হেতু ৰাজহ অনাদায়ৰ সমস্যাটো কম কৰিবলৈ ৰায়তক মুগা-পাট কাপোৰ, হাতী দাঁত, সোণ আদি মূল্যবান বস্তুৰে খাজনা দিয়াৰ ব্যৱস্থা কৰিছিল। যদিও স্কটৰ দিনত উজনি অসমৰ ৰাজহ সংগ্ৰহ ব্যৱস্থাই কেতিয়াও আশানুৰূপফল দেখুৱাবলৈ সক্ষম নহ’ল।

ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দেখা দিয়া বেমেজালিসমূহ দূৰ কৰিবলৈ ডেভিদ স্কটে সেই সময়ত প্রচলিত নাৰায়ণী টকা বন্ধ কৰি কোম্পানীৰ মোহৰ থকা চিক্কা বা চিকাৰূপ প্রচলন কৰিবলৈ কোম্পানী চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ যুক্তি দিছিল যে প্ৰথম অৱস্থাত ইয়াৰ পৰা কোম্পানীৰ লোকচান হ’লেও প্ৰৱৰ্তন কৰাৰ পিছৰ বছৰটোৰ পৰা ইয়াৰ দ্বাৰা কোম্পানীৰ প্ৰায় ৫০,০০০ চিকাৰূপ প্রতিবছৰে লাভ হ’ব। লগতে তেওঁ ৰাজহ সংগ্রহো চিকাৰূপৰ মাধ্যমেৰে আদায় দিয়াৰ নিয়ম কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছিল।

কোম্পানী চৰকাৰৰ ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে ডেভিদ স্কটে ১৮২৭ খ্রীঃৰ ছেপ্টেম্বৰ মাহত এটা নতুন পৰিকল্পনা সদৰী কৰিছিল। তেওঁৰ প্ৰস্তাৱ অনুসৰি ইচ্ছুক কৃষকসকলে কিছুমান নির্দিষ্ট চৰ্তৰ বিনিময়ত পতিত মাটিত কৃষি কৰ্ম কৰিব পাৰিব। অৱশ্যে, এই পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ স্কটে বেছিদিন জীয়াই নাথাকিল। ১৮৩০ খ্রীঃত মৃত্যুৰ প্রায় এবছৰ পূৰ্বে কোম্পানী চৰকাৰক তেওঁ অসমৰ সম্পদসমূহৰ উন্নতিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। তেওঁ কৈছিল যে সম্পদসমূহৰ যথাযোগ্য ব্যৱহাৰ আৰু ব্যৱসায়-বাণিজ্যত শ্রীবৃদ্ধি তেতিয়াহে সম্ভৱপৰ হ’ব যেতিয়া, “by encouraging the production of commodities fit for exportation and by substituting on the part of the government for a remittance of the surplus revenue in cash, on investment of the produce of the district”.

ঔপনিৱেশিক আমোলাৰ আদি ভাগতে অসমত ডেভিদ স্কটৰ নেতৃত্বত পৰিচালিত হোৱা ৰাজহ ব্যৱস্থাৰ পৰা জনসাধাৰণ অধিক ক্ষতিগ্রস্ত আৰু জুৰুলাহে হৈছিল। নতুন ভূমিনীতি, মুদ্রা অর্থনীতি, টকাৰ মাধ্যমত খাজনাকে ধৰি হাট-ঘাট, বিল, হাবি, নাঙল, চৰু আদিৰ ওপৰত বহুওৱা কৰ-কাটলৰ বোজাই কৃষকক সুদখোৰ মহাজন তথা ঋণদাতাৰ পৰা অধিক সুদৰ হাৰত ঋণ ল’বলৈ বাধ্য কৰাইছিল। তদুপৰি ৰাজহ বিষয়াসকলে অত্যধিক হাৰত ৰাজহ সংগ্ৰহ কৰি নিজে চহকী হোৱাৰ বিপৰীতে প্ৰজাসাধৰণক অধিক দুর্দশাগ্রস্ত কৰি তুলিছিল। এনেদৰে খাজনা, কৰ-কাটল আৰু ঋণৰ বোজা সহিব নোৱাৰি অসমৰ বহু কৃষকে বংগদেশ, ভূটান আদিলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ ফলস্বৰূপে কৃষি ক্ষেত্ৰত ব্যাপক অৱনতি আৰু অনগ্ৰসৰতাৰ সূচনা হৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top