Chapter 4
অসমত অসহযোগ আন্দোলন আৰু স্বৰাজ্য ৰাজনীতি……ৰ পৰা ট্ৰাইবেল লীগ আৰু অসমৰ ৰাজনীতি
অতি চমু প্রশ্নোত্তৰ
১। অসমত স্বৰাজ দল কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰ: তৰুণৰাম ফুকনে অসমত স্বৰাজ দল প্রতিষ্ঠা কৰিছিল।
২। অসহযোগ আন্দোলনৰ লক্ষ্য কি আছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ এটা উদ্দেশ্য আছিল শান্তিৰ পন্থা আৰু আইনী প্রক্রিয়া অনুসৰণ কৰি ‘স্বৰাজ’ বা স্ব-শাসন লাভ কৰা।
৩। মহাত্মা গান্ধী কেতিয়া অসমলৈ আহে?
উত্তৰ: অসম প্রদেশ কংগ্ৰেছ সমিতিৰ সদস্যসকলৰ আমন্ত্রণক্রমে মহাত্মা গান্ধী ১৯২১ চনৰ আগষ্ট মাহত অসমলৈ আহে আৰু অসমত ১২ দিন কটায়।
৪। অসম প্রদেশ কংগ্রেছ সমিতি কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯২১ চনৰ ৫ জুন তাৰিখে।
৫। অসম প্রাদেশিক কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ: কুলধৰ চলিহা।
৬। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কাৰাবৰণ খটা ৰাজ্যৰ প্ৰথম মহিলা দুগৰাকী কোন কোন আছিল?
উত্তৰ: নগাঁৱৰ গুণেশ্বৰী দেৱী আৰু মুক্তেশ্বৰী দেৱী।
৭। ভাৰত ত্যাগ আন্দোলনত অংশগ্রহণ আৰু সহায় আগবঢ়োৱাৰ কাৰণে গ্ৰেপ্তাৰ কৰা মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰজনৰ নাম কি?
উত্তৰঃ পীতাম্বৰ দেৱ গোস্বামী।
৮। তলত উল্লিখিত বাক্যবোৰৰ ভুল শুদ্ধ বিচাৰ কৰাঃ
(ক) ১৯২৭ চনত ভাৰতৰ সংবিধানৰ গৃহীত ৰূপ দিবলৈ চাইমন আয়োগ গঠন কৰিছিল।
উত্তৰঃ সত্য।
(খ) আইন অমান্য আন্দোলনৰ সময়ত জে.এ. কানিংহাম অসমৰ শিক্ষাধিকর্তা আছিল।
উত্তৰঃ সত্য।
(গ) জৱাহৰলাল নেহেৰুৰ নেতৃত্বত গঠিত এখন সমিতিয়ে নেহেৰু ৰিপ’ৰ্ট প্রস্তুত কৰিছিল।
উত্তৰঃ অসত্য।
(ঘ) চৌৰিচৌৰাৰ ঘটনাৰ কাৰণে গান্ধীজীয়ে আইন অমান্য আন্দোলন প্রত্যাহাৰ কৰিছিল।
উত্তৰঃ সত্য।
৯। খালী ঠাই পূৰণ কৰাঃ
(ক) – চনত ভাৰতীয় জাতীয় কংগ্রেছ গঠন হৈছিল।
উত্তৰঃ ১৮৮৫ চন।
(খ) পঞ্চম সুৰমা ভেলী প্রাদেশিক সম্মিলন। – চনত অনুষ্ঠিত হৈছিল।
উত্তৰঃ ১৯২০ চন।
(গ) গান্ধীজীয়ে – চনত প্রথম অসম ভ্ৰমণ কৰিছিল।
উত্তৰঃ ১৯২১ চন।
(ঘ) অধিবেশনে ১৯৪২ চনত ভাৰত ত্যাগ (ঘ) ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্রস্তাব গ্রহণ কৰিছিল।
উত্তৰঃ বোম্বে।
(ঙ) গহপুৰত কনকলতা বৰুৱাৰ লগত -ক গুলিয়াই হত্যা কৰা হৈছিল।
উত্তৰঃ মুকুন্দ কাকতি।
(চ) -ক সৰুপথাৰৰ ৰেল লাইনচ্যুত কৰাৰ লগত জড়িত থকাৰ অপৰাধত ফাঁচি দিয়া হৈছিল।
উত্তৰঃ কুশল কোঁৱৰ।
চমু প্রশ্নোত্তৰ
১। চাহ-শ্রমিকসকলে অসহযোগ আন্দোলনত গ্রহণ কৰা ভূমিকা সম্বন্ধে লিখা।
উত্তৰ: অসমৰ চাহ শ্ৰমিকসকলৰ ওপৰত মহাত্মা গান্ধীৰ স্বৰাজৰ বাণীয়ে ব্যাপক প্রভাৱ পেলাইছিল। দৰং আৰু বৰাক উপত্যকাৰ প্ৰায় ১৪ খন বাগানৰ চাহ শ্রমিকসকলে ভাট্টা বৃদ্ধিৰ দাবীত ১৯২১ চনৰ প্ৰথমার্ধত ব্যাপক আন্দোলন চলাইছিল। চৰকাৰৰ ব্যাপক দমন আৰু নিৰ্যাতনৰ ফলত শতাধিক শ্রমিকে মৃত্যুকো সাবতিব লগাও হৈছিল। এই আন্দোলনতে লালমাটি চাহবাগানৰ মুংৰী ওৰফে মালতী মেম নামৰ এগৰাকী মহিলাই পুলিচৰ হাতত প্রাণ আহুতি দিছিল। অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত সম্ভবতঃ এবেই প্রথম মহিলা শ্বহীদ। ইয়াৰ উপৰিও হেলেম, সোণাজুলি আৰু ধেন্দাই চাহ বাগিচাৰ বনুৱাসকলেও কম হাৰৰ মজুৰি, কঠোৰ অনুশাসন আৰু যথেষ্ট কম ছুটীৰ বিৰুদ্ধে ধর্মঘটকৰিছিল। কছাৰীগাঁও, বেলশিৰি, পানচৈ আদি বাগিচাৰ কৃষকসকলৰ ধৰ্মঘটত প্রসাসন যথেষ্ট শংকিতহৈ পৰিছিল আৰু কঠোৰ দমন নীতি আৰম্ভ কৰি দিছিল। ১৯২১ চনৰ মে’-জুন মাহত সংঘটিত শিৱসাগৰ জিলাৰ ছন্তুক চাহবাগিচাৰ আন্দোলনৰ ফলত ইউৰোপীয় পৰিচালকসকল পলাবলৈ বাধ্য হৈছিল। ইয়াৰ পৰৱৰ্তী বছৰটোতে এই জিলাৰ ১৪ খন বাগিচাৰ শ্রমিকে ঐক্যবদ্ধভাৱে ধৰ্মঘট কৰিছিল। ব্ৰিটিছ চৰকাৰে এই ঘটনাত জড়িত শতাধিক শ্রমিকক গ্ৰেপ্তাৰ কৰি অকথ্য নির্যাতন চলাইছিল। এই অত্যাচাৰৰ প্ৰতিবাদত ‘আছাম-বেংগল ৰে’লৱে’ আৰু ‘ষ্টীমাৰ নেভিগেশ্বন চাৰ্ভিচ’ৰ কৰ্মীসকলেও তিনিমাহজোৰা আন্দোলন বন্ধ কৰি ৰাখিছিল। লামডিং অঞ্চলৰ প্ৰায় ১১০০ ৰে’ল কর্মীয়েও ইয়াত যোগগান কৰিছিল।
২। অসহযোগ আন্দোলনত অসম এচ চিয়েচনৰ ভূমিকা সম্পর্কে লিখা।
উত্তৰ: অসম ভাৰতৰ ৰাজনীতিৰ মূলসূতিৰ পৰা কেতিয়াও আঁতৰত নাছিল। ভাৰতৰ জাতীয় আন্দোলনৰ ক্ষেত্ৰখনত অসমে সদায় এক সক্রিয় ভূমিকা পালন কৰিছিল। ভাৰতৰ জাতীয় কংগেছৰ কলিকতাত বহা বিশেষ অধিবেশনত অসম এচ ‘চিয়েচনৰ হৈ নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা আৰু ফইজনুৰ আলিয়ে অংশগ্রহণ কৰিছিল। কিন্তু তেওঁলোকে অসহযোগৰ প্ৰসংগটোত এচ’চিয়েচনৰ পৰা নির্দেশ নোপোৱাত সৰ্বসন্মতভাবে সন্মতি জনাব পৰা নাছিল। ১৯২০ চনৰ ১১ অক্টোবৰ তাৰিখে অসম এচ ‘চিয়েচনৰ পৰৱৰ্তী সভাত সকলো সদস্যই সর্বসম্মতভাবে বিদেশী সামগ্রী বর্জন আৰু আসন্ন প্রথম পৰিষদৰ নির্বাচন বৰ্জনৰ সহমত প্ৰকাশ কৰিছিল। এচ’চিয়েচনে লগতে স্ব দেশী কার্যসূচী কাৰ্যকৰী কৰাৰ সিদ্ধান্তও গ্রহণ কৰিছিল। আসাম এচ’চিয়েচনৰ ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুস্থিত হোৱা ১৭ সংখ্যক বার্ষিক সন্মিলনত অসহযোগৰ সন্দৰ্ভত এচ ‘চিয়েচনৰ গুৱাহাটী সভাৰ সিদ্ধান্ত মানি লৈছিল। নবীন চন্দ্ৰ বৰদলৈ অসম এচ’চিয়েচনৰ কেইজনমান প্রতিনিধিৰ সৈতে নাগপুৰত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৩৫তম অধিবেশনত অংশ লৈছিল।
দি আসাম ভেলি মুছলিম এচ’চিয়েচনে (The Assam Valley Muslim Association) এ ১৯২০ চনৰ ২৭ অক্টোবৰত যোৰহাটত অনুষ্ঠিত হোৱা সভাত এই আন্দোলনলৈ পূর্ণ সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।
সুৰমা ভেলীৰ জনসাধাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত গ্রহণ কৰা অসহযোগ আন্দোলনৰ সিদ্ধান্তৰ প্ৰতি অধীৰ আগ্রহ দেখুৱাইছিল। ১৯২০ চনৰ ১৯ আৰু ২০ ছেপ্টেম্বৰত পঞ্চম সুৰমা ভেলী প্রাদেশিক সম্মিলন অনুষ্ঠিত হৈছিল।
বিপিন চন্দ্র পাল, সুন্দৰীমোহন দাস আৰু আক্রাম খানৰ দৰে বহুতো বিখ্যাত ৰাষ্ট্ৰীয় নেতাই এই সন্মিলনত অংশ গ্রহণ কৰিছিল। বিপিন চন্দ্র পালে ছাত্রসমাজক অসহযোগ আন্দোলনৰ প্রতি সহযোগিতা আগবঢ়ালৈ স্কুল আৰু কলেজ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল। এই সন্মিলনত ইউৰোপীয় বেপাৰী আৰু চাহ খেতিয়কৰ বিৰুদ্ধে এক অহিংস অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।
নবীন চন্দ্ৰ বৰদলৈ, তৰণ ৰাম ফুকন আৰু চন্দ্ৰ নাথ শৰ্মা আদিৰ দৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহুতো বিখ্যাত নেতাই ৰাজ্যৰ চুকে-কোণে সভা আহ্বান কৰি অসহযোগৰ বাণী প্ৰচাৰ কৰিছিল। ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড ছেমচফৰ্ডৰ আসন্ন অসম ভ্রমণক বৰ্জন কৰাৰ উদ্দেশ্যেৰে ৰাজ্যৰ বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰা হৈছিল।
৪। চমুটোকা লিখা: অসমত স্বৰাজ দলৰ জন্ম।
উত্তৰ: অসহযোগ আন্দোলন প্রত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ একাংশ আগশাৰীৰ নেতা চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, হাকিম আজমল খাঁ আদি অত্যন্ত অসন্তুষ্ট হৈ পৰিছিল। আন্দোলন স্থগিত কৰা হ’লত প্রাদেশিক আইন সভা আৰু কেন্দ্রীয় আইন সভাসমূহত যোগ দিয়াৰ পৰা বিৰত থকাৰ কোনো যুক্তি নাই বুলি বিবেচনা কৰি কংগ্ৰেছৰ এই নেতাসকলে এটা সুকীয়া ৰাজনৈতিক দল গঠন কৰি ১৯১৯ চনৰ মণ্টেণ্ড-চেম্ফ’ৰ্ড সংস্কাৰ আইন অনুসৰি গঠিত আইন সভাসমূহত প্ৰৱেশ কৰি চৰকাৰৰ বিৰোধিতা কৰিবলৈ মনস্থ কৰিছিল। সেই উদ্দেশ্যে তেওঁলোকে চিত্তৰঞ্জন দাসক সভাপতি আৰু মতিলাল নেহৰুক সম্পাদক হিচাপে লৈ ১৯২৩ চনৰ ১ জানুৱাৰীত স্বৰাজ দলৰ জন্ম দিয়ে। গঠন হোৱাৰ কিছুদিন পিছতে স্বৰাজ দলে বংগ আৰু মধ্য প্রদেশৰ আইন সভাৰ নিৰ্বাচনত জয়ী হোৱাৰ উপৰিও একে বৰ্ষৰে নৱেম্বৰ মাহত অনুষ্ঠিত কেন্দ্রীয় আইন পৰিষদৰ নিৰ্বাচনত ১০১ খন নির্বাচিত আসনৰ ভিতৰত ৪২ খন আসন লাভ কৰিবলৈ, সক্ষম হৈছিল।
তদানীন্তন অসম প্রাদেশিক কংগ্ৰেছৰ সভাপতি তৰুণৰাম ফুকনেও এই স্বৰাজ দলৰ সদস্যভুক্ত হৈ বিধান পৰিষদৰ অংশগ্ৰহণ কৰাৰ পোষকতা কৰিছিল। অৱশেষত ১৯২৩
চনৰে জুলাই মাহত তৰুণৰাম ফুকনে গুৱাহাটীক মুখ্য কার্যালয় হিচাপে লৈ স্বৰাজ দলৰ অসম শাখা গঠন কৰিলে। কিছুদিনৰ পিছতে তেওঁ কংগ্ৰেছৰ প্ৰাদেশিক সভাপতিৰ পদ ইস্তফা দি নতুন দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে।
ইস্তাহাৰ অনুসৰি দলৰ মূল উদ্দেশ্য দুই ধৰণৰ-
(ক) গণবিৰোধী, দমনমূলক কাৰ্যৰ বাবে কুখ্যাতি থকা ব্যক্তিক বিধানমণ্ডলত প্ৰৱেশত
বাধা প্রদান কৰা।
(খ) ৰাইজৰ বাবে ক্ষতিকৰ সকলো আইনৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনোৱা।
স্বৰাজ দলৰ সদস্যসকলে কোনো বিষয়বাব গ্রহণ নকৰিব আৰু পৰিষদত উত্থাপিত সকলো ব্যৱস্থাৰ বিৰুদ্ধে প্রতিৰোধ আগবঢ়াব বুলিও সিদ্ধান্ত গ্রহণ কৰা হ’ল। ১৯২৩ চনৰ নিৰ্বাচনত তৰুণৰাম ফুকন ভাৰতীয় বিধানসভালৈ আৰু অন্য কেইবাজনো স্বৰাজবাদী অসম বিধান পৰিষদলৈ নিৰ্বাচিত হ’ল। এইসকলৰ ভিতৰত আছিল ৰোহিণীকান্ত হাতীবৰুৱা, কমলাকান্ত দাস, কামাখ্যাৰাম বৰুৱা, ফৈজনুৰ আলী, বসন্ত কুমাৰ দাস আদি। চহকী অসমীয়াচাহ খেতিয়ক শিৱপ্ৰসাদ বৰুৱাক পৰাজিত কৰাটো স্বৰাজবাদীসকলৰ এক অন্যতম
গুৰুত্বপূর্ণ সফলতা আছিল। সি যি কি নহওক, স্বৰাজ দলৰ সদস্যসকলে অসমত কানি বৰবিহৰ প্ৰচলন, খাজনা বৃদ্ধি ইত্যদিৰ বিৰুদ্ধে প্রতিবাদ কৰি চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল। প্রাথমিক শিক্ষা বিস্তাৰৰ বাবেও এই দলে চৰকাৰৰ ওপৰত হেঁচা দিছিল। ভবিষ্যতে অসমত দায়িত্বশীল চৰকাৰ গঠনৰ স্বাৰ্থত বিধান পৰিষদত স্বৰাজ দলে এক প্রস্তাৱ গৃহীত কৰাবলৈও সমর্থ হৈছিল। পিছলৈ মহাত্মা গান্ধীৰ লগত স্বৰাজ দলৰ নেতৃবর্গ এক বুজাপৰালৈ আহি কংগ্ৰেছৰ স্বাৰ্থৰ হকে প্রাদেশিক আইন সভা আৰু কেন্দ্ৰীয় আইন পৰিষদত কাম কৰি যাবলৈ সন্মত হয়। অৱশ্যে, ১৯২৫ চনত চিত্তৰঞ্জন দাসৰ মৃত্যুৰ পিছত স্বৰাজ দল লাহে লাহে দুৰ্বল হৈপৰে আৰু ইয়াৰ নেতাসকলে লাহে লাহে কংগ্রেছলৈ উভতি যাবলৈ আৰম্ভ কৰে।
বচনাধর্মী প্রশ্নোত্তৰ
১। অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত এটা অভূতপূর্ব আন্দোলন আৰম্ভ হৈছিল। সেইটো আছিল অসহযোগ আন্দোলন। ইয়াৰ যোগেদি ভাৰতীয় লোকে চৰকাৰৰ লগত কোনো ধৰণৰ সহযোগ কৰিব নালাগে বৰং ইয়াৰ যোগেদি চৰকাৰখনক শ’লঠেকত পেলোৱাৰ ব্যৱস্থা কৰা হৈছিল। ভাৰতীয় লোকৰ সহযোগ আৰু সমর্থনৰ ওপৰতে বৃটিছ শাসন ভাৰতত চলি আছিল- এতিয়া যদি বিনা দ্বিধাই যদি তাক মানি লোৱা নহয় অর্থাৎ চৰকাৰী কোনো কাৰ্যতে সহযোগ নকৰে চৰকাৰ বৰ আহুকলীয়া অৱস্থাৰ সন্মুখীন হ’ব। তেতিয়া বৃটিছে সহজে ভাৰতৰ দাবী মানিবলৈ বাধ্য হ’ব।
এই ক্ষেত্রত গান্ধীজীয়ে প্রথমে বাট পোনালে। তেওঁ বৃটিছপ্রদত্ত ‘কাইজাৰ ই হিন্দ’ নামৰ উপাধিটো বৃটিছ চৰকাৰলৈ ঘূৰাই পঠালে। গান্ধীজীক অনুসৰণ কৰি বহুতো জাতীয়তাবাদী নেতায়ো সেই কাম কৰিলে। বহুতো উকীলে চৰকাৰী আদালত বৰ্জন কৰিলে। বহুতে আনকি চৰকাৰী চাকৰিও এৰি দি আন্দোলনত আগভাগ ল’লে। নেতাসকলক দেখি আৰু কংগ্ৰেছী স্বেচ্ছাসেৱকসকলৰ বুজনিত হাজাৰ হাজাৰ ছাত্ৰই চৰকাৰী বা বেচৰকাৰী শিক্ষানুষ্ঠানবোৰ এৰি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰত যোগ দিলে।
এই আন্দোলনে চহৰবোৰৰ পৰা গাঁওলৈ বিয়পিলে। আবাল-বৃদ্ধ-বনিতা সকলোরে ইয়াত যোগদান কৰিলে। জাতি-বর্ণ-ধৰ্মৰ বিভিন্নতাক আওকাণ কৰি জনসাধাৰণ ৰাজপথলৈ ওলাই আহিল।
প্রথম বিশ্বযুদ্ধৰ সময়ত ইংৰাজে তুৰস্কৰ খলিফাসকলক দিয়া প্রতিশ্রুতি পালনত ব্যর্থ হয়। ফলত তুৰস্কৰ মুছলমানসকলৰ লগতে ভাৰততো মুছলমানসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি হয়। হিন্দু-মুছলমানক একত্রিত কৰাৰ এয়ে উপযুক্ত সুযোগ বুলি ভাবি গান্ধীজীয়ে ভাৰতবৰ্ষত খিলাফৎ সমিতি গঠন কৰে আৰু খিলাফৎ আন্দোলন আৰম্ভ কৰে। এনে অৱস্থাত ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডই ভাৰতীয় মানুহৰ মাজত প্রবল উত্তেজনাৰ সৃষ্টি কৰে। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডই গান্ধীজীব মনতো ইংৰাজৰ প্ৰতি বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰে।
দেশীয় আৰু বহির্দেশীয় ঘটনাসমূহৰ পৰিপ্ৰেক্ষিতত শেষত ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্রথম পর্যায় হিচাপে গান্ধীজীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলন গঢ়ি উঠে।
∎ অসহযোগ আন্দোলন আৰু অসমঃ ১৯২০ চনত ভাৰতীয় জাতীয় কংগ্রেছৰ নাগপুৰ অধিবেশনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰিছিল। অসম এছ’চিয়েচনে এই প্রস্তাৱক আদৰণি জনাইছিল। অসম ছাত্র সম্মিলনে ১৯২১ চনৰ পৰা সক্রিয়ভাৱে এই আন্দোলনত যোগদান কৰিছিল। কংগ্ৰেছৰ নেতৃত্বত চলা এই আন্দোলনলৈ সমর্থন আগবঢ়োৱাৰ লগে লগে অসম ছাত্র সম্মিলন এক সৰ্বভাৰতীয় সংগঠনলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰ পিছতেই অসমত আন্দোলনৰ অন্ত পৰিল আৰু সকলো সদস্যই কংগ্রেছত যোগদান কৰিছিল। বৰদলৈ ডাঙৰীয়া যদিও প্রথমতে অসহযোগ আন্দোলনৰ সপক্ষে নাছিল তথাপি চন্দ্রনাথ শৰ্মাৰ উদ্দ্গনিত এই আন্দোলনত যোগ দি একান্তমনে এই আন্দোলনত ব্রতী হয়। বৰদলৈদেৱৰ অংশগ্ৰহণৰ পিছত তৰুণৰাম ফুকনেও অসহযোগ আন্দোলনত যোগ দিয়ে। উল্লেখযোগ্য যে ১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা সভাই আসাম এছ’চিয়েচনৰ শেষ বৈঠক আছিল। ১৯২১ চনত অসম প্রাদেশিক কংগ্রেছ কমিটি গঠন কৰা হৈছিল। অসমত অসহযোগ আন্দোলনৰ সংগঠন আৰু অংশ গ্ৰহণকাৰীৰ অধিক সংখ্যকেই আছিল স্কুল-কলেজৰ ছাত্ৰ। সভা-সমিতি অনুষ্ঠিত কৰা, শোভাযাত্রা আদি উলিওৱা আদি সকলো কামতে ছাত্রসকলেও অগ্রণি ভূমিকা পালন কৰিছিল। ছাত্রসকলে শিক্ষানুষ্ঠান বর্জন কৰি আন্দোলনত জড়িত হৈ পৰাত অসমৰ ভালেমান ঠাইত উকিলসকলেও ওকালতি বৰ্জন কৰি আন্দোলনত জপিয়াই পৰিছিল। নবীনচন্দ্ৰ বৰদলৈ, মহম্মদ তৈয়াবুল্লাহ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, নিধিৰাম দাস, কুমুদৰাম বৰা, তপেশ্বৰ শৰ্মা, লোকনাথ গোস্বামী, কুলধৰ চলিহা, কৃষ্ণনাথ শর্মা আদিয়ে ওকালতি বৰ্জন কৰি অসহযোগ আন্দোলনত জপিয়াই পৰিছিল।
অসমৰ কোনো কোনো অঞ্চলত অসহযোগ আন্দোলনে খাজনা বন্ধ আন্দোলনলৈ ৰূপান্তৰিত হৈছিল। অসমৰ চাহ বাগিচাৰ শ্ৰমিক আৰু জনজাতিসমূহেও অসহযোগ আন্দোলনত অংশগ্রহণ কৰিছিল। উত্তৰ কামৰূপৰ বাক্সা আৰু দক্ষিণ কামৰূপৰ বকো অঞ্চলৰ বড়ো-কছাৰী জনজাতিৰ কৃষকসকলে অসহযোগৰ লগতে খাজনা বন্ধ আন্দোলনৰ সূচনা কৰিছিল।
অসমৰ অসহযোগ আন্দোলনত ছাত্ৰসকলৰ অংশগ্রহণ আছিল অতি চকুতলগা। অসম ছাত্র সম্মিলনে এই আন্দোলনত সক্রিয় অংশগ্রহণ কৰিছিল। ছাত্র-ছাত্রীসকলে ব্রিটিছ পৰিচালিত স্কুল-কলেজ বৰ্জন কৰিছিল। অসমৰ বিভিন্ন ঠাইত এনে ছাত্র-ছাত্ৰীৰ বাবে জাতীয় স্কুল প্রতিষ্ঠা কৰা হৈছিল। এই আন্দোলনৰ অংশ হিচপে ছাত্র-ছাত্রীসকলেও বিদেশী দ্রব্য বর্জন কার্যসূচীত অংশগ্রহণ কৰিছিল।
অসহযোগ আন্দোলনৰ সময়তে ১৯২১ চনৰ আগষ্ট মাহত গান্ধীজীয়ে অসম ভ্রমণ কৰে। তেওঁৰ এই ভ্রমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতি মজবুত কৰাত সহায় কৰিছিল।
অৱশ্যে অসহযোগ আন্দোলন চলি থকাৰ সময়তে উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাত সংঘটিত এক ঘটনাৰ পৰিপ্ৰেক্ষিতত গান্ধীজীয়ে ১২ ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন স্থগিত কৰে। গান্ধীজীৰ এই কাৰ্যত বহুতো লোক ক্ষুণ্ণ হৈছিল।
৩। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ ১৯২০ চনৰ ডিচেম্বৰত তেজপুৰত বহা ১৭ সংখ্যক অধিবেশনত তীব্র বাক-বিতণ্ডাৰ অন্তত অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ হৈছিল আৰু আন্দোলনৰ সমর্থনত কংগ্ৰেছৰ নীতি-নির্দেশনা মানি চলিবলৈ সিদ্ধান্ত লোৱা হৈছিল। ১৯২১ চনৰ জুন মাহত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন হোৱাত এই আন্দোলনে সোনকালেই ৰাষ্ট্ৰীয় আন্দোলনৰ সৈতে একত্ৰিত হৈ পৰিছিল। কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ, দুয়োজন যথাক্রমে প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আৰু সম্পাদক নির্বাচিত হৈছিল।
মহাত্মা গান্ধীৰ আহ্বানত সমগ্র দেশ যেতিয়া অসহযোগ আন্দোলনত নামি পৰিছিল তেতিয়া আছাম এছ’চিয়েছন এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সম্পর্কে নিশ্চিত নাছিল। গংগাগোবিন্দ বৰুৱা, তাৰাপ্রসাদ চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাৰ নেতৃত্বত একাংশই আছাম এছ’চিয়েছনে নিজৰ সুকীয়া অস্তিত্ব বৰ্তাই ৰাখি অসমৰ থলুৱা সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিছিল।
১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্ৰিয় কৰি তুলিছিল। গান্ধীয়ে ভাষণ প্রদান আৰু অংশগ্রহণ কৰা সভাসমূহত বৃহৎ সংখ্যক জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল। চন্দ্রনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্রহণ কৰিছিল। সেইসকলৰ অগ্রগণ্য কেইজনমান হ’ল- লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰবা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শর্মা আদি। ছাত্রসকলক অনুসরণ কবি নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্রহণ কৰিছিল। বহাতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল। আন্দোলনৰ বৰ্দ্ধিতি প্রভাৱৰ ফলতেই গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলবী বজাৰ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্রতিষ্ঠা কৰা হৈছিল। এই শিক্ষানুষ্ঠান প্রথমে ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদত আৰম্ভ কৰা হৈছিল। পিছত উজান বজাৰৰ অসম ক্লাবতে স্কুলখন স্থাপন কৰা হ’ল। এই এই আন্দোলনৰ নেতৃবৃন্দই গঠনমূলক কার্যপন্থাও গ্রহণ কৰিছিল।
৪। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ লোকমান্য তিলকৰ মৃত্যুৰ পাছত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব বহন কৰে আৰু তেওঁৰ নেতৃত্বতে ভাৰতৰ স্বাধীনতা আন্দোলনে পূর্ণ পর্যায় লাভকৰে। গান্ধীজীৰ নেতৃত্বত ১৯২০ চনৰ অসহযোগ আন্দোলনৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ শেষ পৰ্যায়লৈ নানা পৰ্যায়ৰ আন্দোলন গোটেই ভাৰতবৰ্ষতে আৰম্ভ হয়। সৰ্বভাৰতীয় স্তৰত কংগ্রেছ দলে যেতিয়া জালিৱানাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ব্রিটিছ-বিৰোধী ঢৌ প্ৰৱল হৈ পৰিল। প্রথম মহাসমৰৰ অন্তত ব্ৰিটিছে ভাৰতবৰ্ষত প্রয়োগ কৰা দমনমূলক আইনবোৰ উঠাই ল’বলৈ প্রতিশ্রুতি দিছিল কিন্তু কার্যতঃ তাক নকৰিল। বৰং ৰাওলাট আইনৰ লেখীয়া অধিক শক্তিশালী নির্যাতনমূলক আইনহে বলৱৎ কৰিলে। ইপিনে ভাচাই সন্ধিমতে প্রথম মহাসমৰৰ সামৰণি পৰিল যদিও তুৰস্কৰ প্ৰতি মিত্র শক্তিয়ে অন্যায় কৰাত, ভাৰতৰ মুছলমানসকলো ব্রিটিছ-বিৰোধীভাব ল’লে, কিয়নো তুৰস্কৰ শাসক খলিফাৰ প্ৰতি কৰা অন্যায়ৰ অংশীদাৰ আছিল গ্রেট বৃটেইন। ভাৰতত মুছলমানসকলৰ মাজত খিলাফট সমিতি গঠন কৰিলে আৰু তাত গান্ধীয়ো পূর্ণ সমর্থন দিলে। কংগ্রেছ আৰু খিলাফট সমিতিয়ে যুটীয়াকৈ ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰি দিলে।
১৯২০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিবেশনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰিছিল। অসম এছ’চিয়েচনে এই প্রস্তাৱক আদৰণি জনাইছিল। অসম ছাত্র সম্মিলনে ১৯২১ চনৰ পৰা সক্রিয়ভাৱে এই আন্দোলনত যোগদান কৰিছিল। কংগ্ৰেছৰ নেতৃত্বত চলা এই আন্দোলনলৈ সমর্থন আগবঢ়োৱাৰ লগে লগে অসম ছাত্র সম্মিলন এক সৰ্বভাৰতীয় সংগঠনলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰ পিছতেই অসমত আন্দোলনৰ অন্ত পৰিল আৰু সকলো সদস্যই কংগ্ৰেছত যোগদান কৰিছিল। বৰদলৈ ডাঙৰীয়া যদিও প্রথমতে অসহযোগ আন্দোলনৰ সপক্ষে নাছিল তথাপি চন্দ্ৰনাথ শৰ্মাৰ উদ্গনিত এই আন্দোলনত যোগ দি একান্তমনে এই আন্দোলনত ব্রতী হয়। বৰদলৈদেৱৰ অংশগ্ৰহণৰ পিছত তৰুণৰাম ফুকনেও অসহযোগ আন্দোলনত যোগ দিয়ে। অসমত এই আন্দোলনৰ অসমৰ ছাত্ৰ সমাজে গুৰি ব’ঠা ধৰিছিল। ইয়াৰ জৰিয়তে বিদেশী পণ্য সামগ্রী বিশেষকৈ মদ, ভাং, কানি আৰু বিদেশী বস্তুৰ দোকান-পোহাৰৰ সমুখত পিকেটিং কৰাত ছাত্ৰসকল দেহে-কেহে লাগিল। অৱশ্যে আন্দোলনত বয়সস্থ নেতা যেনে চন্দ্রনাথ শর্মা, তরুণ বাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা আদিয়ে ছাত্রসকলক নির্দেশনা দিয়াৰ উপৰি তেওঁলোকেও তাত যোগদান কৰিছিল।
ছাত্ৰসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠান এৰি আন্দোলনত যোগদান কৰিছিল, তেনেকৈ উকীল কিছুমানেও ক’ৰ্ট-কাছাৰী ত্যাগ কৰি আন্দোলনত সক্রিয় ভূমিকা লৈছিল। তেওঁলোকৰ ভিতৰত গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ, মহম্মদ তৈয়বুল্লা, তৰুণ ৰাম ফুকন, বিষুৰাম মেধি, গোপীনাথ বৰদলৈ, নিধি ৰাম দাস, যোৰহাটৰ কুলধৰ চলিহা, কৃষ্ণনাথ শর্মা আদিয়ে অসহযোগত যোগ দি আন্দোলনক জনতামুখী কৰি তুলিছিল।
এই আন্দোলনে কিছুমান ঠাইত খাজানা বন্ধ কৰিবলৈকো কৃষকক অনুপ্রাণিত কৰিছিল। উত্তৰ কামৰূপৰ বাস্কা আৰু দক্ষিণ কামৰূপৰ বকো অঞ্চলৰ বড়ো-কাছাৰী লোকে তেওঁলোকে খাজনা নিদিবলৈ স্থিৰ কৰিলে আৰু চৰকাৰী কাম-কাজ প্রায় অচল হৈ পৰিছিল।
এই আন্দোলনে অসমৰ চাহ বাগিচাসমূহতো প্রভাৱ পেলাইছিল। চাহ বাগিচাৰ শ্রমিকসকলে অসহযোগ সমর্থনত বাগিচাত শ্রমিক ধৰ্মঘট সফল কৰি তুলিছিল।
কটন কলেজৰ ছাত্ৰসকলে কলেজ বৰ্জন কৰাৰ কাৰণে ছাত্ৰসকলৰ মাজত আলোড়ন সৃষ্টি হৈছিল। ১৯ জানুৱাৰীৰ দিনা কলেজত ছাত্ৰসকলে হৰতাল পালনৰ সিদ্ধান্ত লয় যদিও তাৰ আগদিনা কলেজৰ অধ্যক্ষই এই কামৰ পৰা বিৰত থাকিবলৈ ছাত্রসকলক বুজাইছিল। তথাপি প্রায় ১৫০ জন ছাত্রই কলেজ বৰ্জন কৰে। তেওঁলোকক তৰুণৰাম ফুকনে উদগনি জগাইছিল আৰু নিজৰ মতত অটল হৈ থাকিবলৈ প্ৰেৰণা জনাইছিল। কটনৰ ছাত্ৰসকলৰ দেশপ্ৰেমৰ জোৱাৰ দেখি ভয় খাই চৰকাৰে কলেজ বন্ধ ৰাখিলে আৰু ছাত্রাবাস খালী কৰিবলৈ নির্দেশ দিলে। নেতা চন্দ্ৰনাথ শৰ্মাৰ নিৰ্দেশক্রমে কেবাজনো কলিকতীয়া প্রবাসী অসমীয়া ছাত্ৰই কলিকতা এৰি আহি অসমত বিশেষকৈ দৰং জিলাত সংগঠনৰ কামত লাগি গ’ল। সুৰমা উপত্যকাতো ছাত্ৰসকলৰ কিছুমান মুখাৰীচান্দ কলেজ আৰু চিলেট মাদ্রাছা কৰি ওলাই আহিল।
চৰকাৰে এই আন্দোলনকাৰী নেতাসকলৰ লগতে বহুতো অংশগ্ৰহণকাৰীক জেলত ভৰাইছিল। প্রায় ৪০০০ লোকক চৰকাৰে কাৰাবন্দী কৰি থৈছিল। আন্দোলনৰ সময়ত তৰুণ ৰাম ফুকন, অমিয় কুমাৰ দাস, কুলধৰ চলিহাকে আদি কৰি বহুতো নেতাক আটক কৰিছিল।
সেই সময়তেই চৰকাৰী স্কুল ত্যাগ কৰা ল’ৰাক পঢ়াবলৈ কেবা ঠাইত জাতীয় স্কুল খোলা হৈছিল। গুৱাহাটীত যদিও সোণাৰাম হাইস্কুল বেচৰকাৰী স্কুল আছিল সেইখনক জাতীয় স্কুললৈ পৰিবৰ্তন কৰিবলৈ ছাত্র তথা স্থানীয় লোকে জোৰ দিছিল- কিন্তু কর্তৃপক্ষ তাত সন্মত নহ’ল। ইয়াৰ ফলতেই ভৰলুমুখৰ ৰোহিণী কুমাৰ চৌধুৰীৰ বাসভৱনত এখন জাতীয় স্কুল খোলা হৈছিল তাত প্রধান শিকক্ষৰ দায়িত্ব লৈছিল গোপীনাথ বৰদলৈয়ে। তেনেকৈ যোৰহাট, তেজপুৰ, নলবাৰী, নগাঁও পথৰুঘাট, বকতা, বহাত জাতীয় স্কুল খোলা হৈছিল চৰকাৰী স্কুল বৰ্জন কৰা ল’ৰাসকলক লৈ বকতাৰ স্কুলখন আছিল কাৰিকৰী বিদ্যালয়।
আন্দোলনৰ সময়তেই মহাত্মা গান্ধীয়ে অসম ভ্রমণ কৰে। গান্ধীৰ ভ্রমণে অসমত এটা নতুন জাগৰণ আনিলে। হাজাৰ হাজাৰ জনতাই গান্ধীক স্বাগতম জনাইছিল। লগতে তেওঁৰ সহযোগী আৰু সতীর্থ মহম্মদ আলী, আজাদ শোভানী, যমুনালাল বাজাজ আদি লোকেৰে গঠিত ১১ জনীয়া দল এটাই গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্রুগড়, শিলচৰ আদি ঠাই ভ্ৰমণ কৰি ৰাইজক অনুপ্ৰেৰণা জগাইছিল।
কিন্তু এই অসহযোগ পূর্ণ পর্যায়ত চলি থাকোঁতেই ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ ওচৰৰ চৌৰীচৌৰা নামৰ ঠাইত অসহযোগৰ কৰ্মীসকলে পুলিচৰ আতিশয্যত, পুলিচ থানাত অগ্নি সংযোগ কৰাত জীৱন্তে পুলিচৰ কেইজনক পুৰি মাৰে। এই ঘটনাত গান্ধীজীয়ে মর্মান্তিক আঘাত পালে আৰু লগে লগে আন্দোলন স্থগিত ৰখা বুলি ঘোষণা কৰে। অহিংসা আন্দোলন হিংসালৈ পৰিবৰ্তিত হোৱাত গান্ধীজীয়ে ব্যক্ত কৰিছিল যে ভাৰতীয় লোকসকল অহিংসা পদ্ধতিত অভ্যস্ত হৈ উঠা নাই।
৫। অসমত শ্রমিক আন্দোলনৰ ৰূপৰেখা প্ৰস্তুত কৰা।
উত্তৰ: সৰ্বভাৰতীয় ভিত্তিত আৰম্ভ হোৱা শ্রমিক জাগৰণআৰু আন্দোলনসমূহে অসমকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল। অসমৰ ঔপনিৱেশিক সময়ছোৱাৰ
সবাতোকৈ গুৰুত্বপূর্ণ উদ্যোগ আছিল চাহ উদ্যোগ। ইয়াৰ লগে লগে ৰে’লসেৱা আৰু জল পৰিবহণ আদিৰ সম্প্ৰসাৰণৰ লগে লগে শ্রমিক শ্ৰেণীৰ সংখ্যা অধিক বৃদ্ধি পাই আহিছিল। বিশেষকৈ চাহবাগানসমূহৰ সংখ্যা বৃদ্ধি পাই অহাৰ লগে লগে অসমলৈ ঝাৰখণ্ড, উৰিষ্যা, চোটনাগপুৰ প্ৰভৃতি ঠাইৰ পৰা শ্ৰমিকৰ প্ৰব্ৰজন ঘটিছিল। ইউৰোপীয় চাহ খেতিয়কসকলে অত্যন্ত অমানৱীয় পদ্ধতিৰে গৰু-ম’হ কঢ়িওৱাৰ দৰে বাহিৰৰ প্ৰদেশসমূহৰ পৰা শ্রমিক আমদানি কৰিছিল। সেইবাবে যাত্রাপথত পর্যাপ্ত খাদ্যৰ অভাৱ, ঠেলা-হেঁচা আৰু অস্বাস্থ্যকৰ পৰিৱেশতবহু শ্রমিকৰ বাটতে মৃত্যু হৈছিল। উদাহৰণ স্বৰূপে, ১৮৫৯ চনৰ ১৫ ডিচেম্বৰৰ পৰা ১৮৬১ চনৰ ২১ নৱেম্বৰৰ ভিতৰত ‘অসম চাহ কোম্পানী’য়ে অসমলৈ অনা ২,২৭২ জন শ্রমিকৰ ভিৰতৰ ২৫০ জনৰে অসমলৈ অহা যাত্রাপথত মৃত্যু হৈছিল। তদুপৰি চাহ বাগিচা কর্তৃপক্ষসমূহে শ্রমিকসকলক জীৱন-যাপনৰ বাবে দৰকাৰী ন্যূনতম সা-সুবিধাখিনিৰ পৰাও বঞ্চিত কৰি ৰাখিছিল। আনকি বাগিচা কর্তৃপক্ষৰ নিৰ্যাতনৰ প্রতিবাদ কৰিবলৈ গ’লে তেওঁলোকক বিনা বাৰেন্টে বাগিচা পৰিচালকে আটক কৰিবও পাৰিছিল। ১৯০৬ চনত গঠন কৰা অনুসন্ধান কমিটিৰ তথ্য অনুযায়ী ১৮৩৬ চনৰ ১ মে’ৰ পৰা ১৮৬৬ চনৰ ১ মে’ৰ ভিতৰত অসমলৈ অহা ৮৪,৯১৫ জন শ্রমিকৰ ভিতৰত প্রায় ৩০,০০০ জনৰ মৃত্যু ঘটিছিল। ইয়াৰ উপৰিও চৰকাৰে প্ৰতিখন চাহ বাগিচাৰ লগত একোখনকৈ মদৰ মহল পাতি দিছিল যাতে শ্রমিকসকলে সুৰাপান কৰি সকলো শোষণ-বঞ্চনা পাহৰি ফুৰ্তিত মচণ্ডল হৈ থকাৰ বাদেও আৰ্জিত ধনখিনি শেষ কৰিবলৈ বাধ্য হয়।
প্রথম বিশ্বযুদ্ধই সৃষ্টি কৰা অৰ্থনৈতিক মহামন্দাৰ ফলত নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছিল। ইয়াৰ সমান্তৰালভাৱে চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্রত কোনো পদক্ষেপ নোলোৱাত তেওঁলোকৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি হৈছিল। উদাহৰণস্বৰূপে, ডিব্ৰুগড়ত ১৯১১-১২ চনত শ্রমিকৰ মজুৰি মাহে ১০ টকা ১০ অনা ৯ পইচাৰ পৰা হ্রাস কৰি ১৯১৮-১৯ চনত ১০ টকা ৮ অনা ১ পইচা কৰা হৈছিল।
কেৱল যে বহিৰাগত শ্রমিকেই অসমৰ চাহ বাগিচাসমূহত কাম কৰিছিল এনে নহয়, নামনি অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ এক বুজনসংখ্যক বড়ো-কছাৰী জনজাতিৰ লোকেও এইসমূহত কাম কৰি দুপইচা অৰ্জন কৰিছিল। ১৮৭১ চনত নগাঁৱৰ চাহ বাগিচাত ১২০০ বহিৰাগত বনুৱাৰ উপৰিও যথেষ্ট পৰিমাণৰ থলুৱা বনুৱাই কাম কৰিছিল। ১৮৭৪ চনত লক্ষীমপুৰ জিলাৰ ১১২ খন চাহ বাগিচাত কৰ্মৰত থলুৱা বনুৱাৰ সংখ্যা আছিল ২,৭২৬ জন। গতিকে এইবিলাক তথ্যৰ পৰা দেখা যায় যে ১৮৪৩ চনৰ পিছৰ পৰা চাহ বাগিচাসমূহত কাম কৰা অসমীয়া শ্রমিকৰ সংখ্যা কম নাছিল। এই থলুৱা বনুৱাসকলৰ অৱস্থান আৰু সামাজিক স্থিতি বহিৰাগত বনুৱাসকলতকৈ যথেষ্ট উন্নত হোৱা ববে তেওলোকে উপযুক্ত মজুৰি আৰু অন্যান্য সা-সুবিধাৰ দাবী কৰি আসাম কোম্পানীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দুবাৰ আন্দোলনত লিপ্ত হৈছিল। অর্থাৎ স্থানীয় শ্রমিকসকলে দেশৰ স্বাধীনতাৰ প্ৰথম সংগ্রামতো অংশগ্রহণ কৰি বিৰল গৌৰৱৰ অধিকাৰী হৈছিল। উনবিংশ শতিকাৰ শেষ ভাগৰ পৰা ব্ৰিটিছে এনেকুৱা কিছুমান ৰাজনৈতিক কাৰণতে চাহ বাগিচাসমূহত থলুৱা শ্রমিকৰ সংখ্যা কমাই বহিৰাগত শ্ৰমিকৰ সংখ্যা বৃদ্ধি কৰি আনিছিল।
অকল চাহ শ্রমিকসকলেই নহয়, সমকালীন মুদ্রাস্ফীতিয়ে আন আন খণ্ডত কৰ্মৰৰত শ্রমিকসকলৰো জীৱন দুর্বিষহ কৰি তুলিছিল। সেয়েহে, ১৯২০ চনৰ জুলাই মাহত নির্মীয়মান ডিব্ৰু-শদিয়া ৰে’লপথৰ শ্ৰমিকসকলে কৰা সু-সংগঠিত হৰতালে প্রায় ১০ দিনৰ বাবে ৰে’লৱেৰ সকলো কাম-কাজ বন্ধ কৰি দিছিল। উপায়হীন হৈ কর্তৃপক্ষই শ্রমিকৰ মজুৰি ৩০ ৰ পৰা ৩৫ শতাংশপর্যন্ত বৃদ্ধি কৰি দিছিল। ইয়াৰ পৰা অনুপ্রাণিত হৈ দাঁতিকাষৰীয়া ডুমডুমা, মোনাবাহী, কাঠনিবাৰী আদি বাগিচাৰ শ্ৰমিকসকলেও নিজ অর্থনৈতিক দাবীত বিক্ষোভ কৰিছিল যদিও উপযুক্ত নেতৃত্বৰ অভাৱত বাগিচা কর্তৃপক্ষই সহজেই স্থানীয় প্রশাসনৰ সহায়ত এইবোৰক দমন কৰাত সক্ষম হৈছিল।
অসহযোগ আন্দোলনৰ আলম লৈ ১৯২০ চনত উজনি অসমৰ লক্ষীমপুৰকে আদি কৰি কেইবাখনো জিলাৰ চাহ বাগিচাত ব্যাপক শ্রমিক আন্দোলনে মূল দাঙি উঠিছিল। ১৯২১ চনৰ মে’ মাহতো বৰাক উপত্যকাৰ চাৰগোলা আৰুলংগাই ভেলীৰ বহুকেইখন বাগিচাৰ শ্রমিকে মজুৰি বৃদ্ধিৰ দাবী জনাই কর্মবিবতি পালন কৰাৰ উপৰি প্রায় ৭,০০০ বনুৱাই বাগিচা এৰি নিজ প্রদেশলৈ ঘুৰি গৈছিল। চাৰগোলাৰ বিক্ষোভ ভৱিষ্যতৰ সংঘবদ্ধ শ্রমিক আন্দোলনৰ ইংগিত বহন কৰিছিল। কিয়নো ইয়াৰ পিছতে ১৯২১ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম আগমনৰ সময়ত ব্ৰহ্মপুত্র উপত্যকাত শ্রমিক আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। উন্নতমানৰ ৰেচন, বস্ত্র, মজুৰি বৃদ্ধি আদিৰ দাবীত ১৯২১-২৪ চনৰ ভিতৰত শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাৰ বহুসংখ্যক শ্রমিকে নিজ নিজ বাগান ত্যাগ কৰিছিল। তদুপৰি উজনি অসমৰ বাগানবোৰত কংগ্ৰেছী স্বেচ্ছাসেৱকসকলে স্বাধীনতাৰ বাণী, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিৰ্দেশনাসমূহ ঘৰে ঘৰে বিলাই শ্রমিকসকলক উজ্জীবিত কৰিবলৈ যত্ন কৰিছিল।
প্রথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত আগ্রাসী পুঁজিবাদী ঔপনিৱেশিক শক্তিবোৰৰ পৰা ভাৰতৰ দৰে অন্যান্য দেশসমূহক সুৰক্ষা দিয়াৰ স্বাৰ্থত সাম্যবাদী আদৰ্শৰে পৰিচালিত বামপন্ধী আন্দোলনৰ উন্মেষ ঘটিছিল। তদুপৰি মার্ক্সবাদ আছিল শ্রমিকৰ আন্দোলনৰ চালিকা শক্তি। বিশেষকৈ ১৯১৭ চনৰ ৰচ মহাবিপ্লৱৰ পিছতে সমাজবাদী আৰু সাম্যবাদী ধ্যান-ধাৰণাই জৱাহৰলাল নেহৰু প্ৰমুখ্যে কংগ্ৰেছৰ যুৱনেতাসকলক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত শ্রমিকসকলৰৰ আশা-আকাংক্ষাক একাকাৰ কৰি আন্দোলনটোক অধিক শক্তিশালী কৰি তুলিবলৈ বিচাৰিছিল। ১৯২৫ চনত মানবেন্দ্ৰ নাৰায়ণ ৰয়ৰ প্ৰচেষ্টাত ‘ভাৰতীয় কমিউনিষ্ট পার্টী’ গঠন হোৱাৰ পিছত ঐক্যবদ্ধ কমিউনিষ্টসকলে ভাৰতৰ বিভিন্ন ৰাজ্যত শ্রমিক আন্দোলনক উৎসাহিত আৰু সংগঠিত কৰি বিদেশী চৰকাৰ তথা পুঁজিপতি শ্ৰেণীৰ নিদ্ৰাহৰণ কৰিছিল। ইয়াৰ ফলশ্ৰুতিত চৰকাৰে এক দমনমূলক নীতি লৈ ‘বাণিজ্য বিবাদ আইন, ১৯২৯’ প্রণয়ন কৰি শ্রমিক আন্দোলনক প্রতিহত কৰিব বিচাৰিছিল।
চাহ শ্ৰমিকসকলৰ সমান্তৰালভাৱে অসমৰ অন্যান্য খণ্ডত কৰ্মৰত শ্রমিকসকলেও সংঘবদ্ধ ৰূপত আন্দোলন চলাই আহিছিল। ১৯৩৫-৩৬ চনত ধুবুৰীৰ জুইশলা কাৰখানাৰ শ্রমিকসকলে প্রসিদ্ধ কমিউনিষ্ট নেতা বিপিন চন্দ্ৰ চক্ৰৱৰ্তীৰ নেতৃত্বত কর্তৃপক্ষৰ বিৰুদ্ধে ধৰ্মঘট কৰি কিছু দাবী মানি ল’বলৈ চৰকাৰাক বাধ্য কৰাইছিল। ১৯২৯ চনত সুভাষ চন্দ্র বসুৱে চৌকত সিং নামৰ এজন নেতাক ‘অসম অইল কোম্পানী’ৰ শ্রমিক-কর্মচাৰীসকলক সংঘবদ্ধ কৰাৰ হেতু অসমলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পৰিণতিস্বৰূপে ১৯৩৮ চনৰ ২২ ফেব্ৰুৱাৰীত তেল কোম্পানীৰ কৰ্মীসকল একত্ৰিত হৈ এক শক্তিশালী সংগঠন গঢ়ি তুলিছিল। এই সংগঠনে কর্তৃপক্ষৰ দীর্ঘদিনৰ শোষণৰ বিৰোধিতাৰে এখন ১২ দফীয়া
দাবীসম্বলিত পত্র কর্তৃপক্ষলৈ প্রেৰণ কৰি ১৪ দিনৰ এক জোৰদাৰ ধর্মঘট আৰম্ভ কৰিছিল। চৰকাৰে কঠোৰ দমননীতি আৰম্ভ কৰি কেইবাজনো শ্রমিকক গুলীয়াই হত্যা কৰি এই আন্দোলন বিফল কৰিছিল।
১৯৩৮ চনত ‘আসাম বে’লবে এণ্ড ট্রেডিং কোম্পানী’য়ে একাংশ শ্রমিকক কামৰ পৰা বৰ্খাস্ত কৰাত কর্তৃপক্ষৰ বিৰুদ্ধে বিশিষ্ট সমাজবাদী নেতা কেদারনাথ গোস্বামীৰ নেতৃত্বত আন্দোলন সংঘটিত হৈছিল। উপায়হীন হৈ ৰে’লৱে কর্তৃপক্ষই বৰ্খাস্ত কৰা কৰ্মচাৰীসকলক পুনৰ কামত মকৰল কৰিবলৈ বাধ্য হৈছিল। কিন্তু এনে সময়তে চৰকাৰে কেদাৰনাথ গোস্বামীক গ্ৰেপ্তাৰ কৰাত পৰিস্থিতি পুনৰ উত্তেজনাপূর্ণ হৈ উঠাত গোপীনাথ বৰদলৈয়ে ৰে’ল কোম্পানী আৰু শ্রমিকসকলৰ মাজত মধ্যস্থতা কৰাত বে’লৱে কর্তৃপক্ষই ১৯৩৮ চনৰ ২২ ডিচেম্বৰত সকলো শাস্তিজনিত সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য হৈছিল। ১৯৩৯ চনৰ ২৯ মাৰ্চত আসাম বে’লেবে এণ্ড ট্রেডিং কোম্পানীৰ শ্রমিক সংঘ গঠন হোৱাত তেওঁলোকৰ আন্দোলনে যথেষ্ট সংগঠিত ৰূপ গ্রহণ কৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত চি পি আইৰ ওপৰত থকা চৰকাৰী নিষেধাজ্ঞা উঠাই দিয়াত দলটোৰ সদস্যসকল অধিক সক্রিয় হৈ পৰিছিল। এইদলৰ নেতৃত্বত সুৰমা উপত্যকাত চিলেটৰ পৌৰকৰ্মী আৰু কৃষকসকলে ৰেহাই মূল্যত চাউল, দাইল, কেৰাচিন আদি নিত্য-ব্যৱহাৰ্য বস্তুৰ নিয়মিত যোগান আৰু গাঁৱে-ভূঞে সুলভ মূল্যৰ দোকান স্থাপনৰ দাবীবে আন্দোলন আৰম্ভ কৰিছিল। ইফালে গোলাঘাটৰ সমাজবাদী নেতা শংকৰ বৰুৱাই উজনি অসমত দলীয় কর্মীসকলক সংঘবদ্ধ কৰি আন্দোলনৰ গুৰি ধৰিছিল। ছাত্র সমাজৰ মাজতো বামপন্থী আন্দোলনৰ জনপ্রিয়তা বৃদ্ধি হৈ ১৯৪৫ চনত ‘Assam Student’s Union’ ৰ দৰে নতুন সংগঠনৰ জন্ম হৈছিল। তদুপৰি এই বর্ষতে চাহ শ্রমিকসকলে ভূমিৰ অধিকাৰ আৰু উপযুক্ত খাদ্য যোগানৰ দাবীৰে ‘Assam Valley Cha-Bagan Mazdur Union’ ৰ জন্ম দিছিল।
ইতিমধ্যে, চৰকাৰ আৰু ভূ-স্বামীসকলৰ বিৰুদ্ধে বামপন্থী ভাবাদর্শৰ প্রতি সহানুভূতিশীল কংগ্ৰেছীসকলৰ সহযোগিতাত অসমত কৃষক আন্দোলনে যথেষ্ট অগ্রগতি লাভ কৰিছিল। ভূমিস্বত্ব আইনৰ বিষয়টো বিধানসভাতো উত্থাপিত আৰু আলোচিত হৈছিল। জাতীয় কংগ্ৰেছৰ কৰ্মীসকলে কৃষকৰ বাবে সময় অনুপাতে শস্যৰ বীজ যোগান আৰু ঋণৰ সু-ব্যৱস্থা কৰাৰ বাবে উদ্যোগ হাতত লৈছিল। ইয়াৰ উপৰিও বিভিন্ন খণ্ডত কাম কৰা শ্রমিকসকলৰ অভাব-অভিযোগ সন্দর্ভত কংগ্রেছে চৰকাৰক আর্জি দিয়াৰ পদক্ষেপ লৈছিল। ব্রহ্মপুত্র উপত্যকাত জয়প্রকাশ নাৰায়ণ আৰু তেওঁৰ সহযোগীসকলে প্রতিষ্ঠা কৰা ‘কংগ্ৰেছ ছ’চিয়েলিষ্ট পার্টী ‘য়ে কৃষক শ্রমিকসকলৰ মাজত যথেষ্ট জনপ্রিয়তা লাভ কৰিছিল। নাৰায়ণৰ নির্দেশনাতে যদুনাথ শইকীয়াই গোলাঘাটত প্রতিষ্ঠা কৰা ‘হালোৱা সংঘ’ই কৃষিজীবী বাইজব মংগলৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল। গোৱালপাৰাৰ ‘আসাম কিচান সভা’ও উপৰিউক্ত
কৃষক সংগঠনৰ প্রতিৰূপ আছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত পূৰ্বৰ পৰাই বায়ত সভাসমূহে কৃষকৰ স্বাৰ্থৰ হকে কাম কৰি আহিছিল। বিংশ শতিকাত এই ৰায়ত সভাসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ‘সদৌ অসম বায়ত সভা’ৰ জন্ম দিয়া হৈছিল। এই কৃষক সংগঠনসমূহে লাহে লাহে নিজ স্বার্থতে কাম-কাজ সীমাবদ্ধ নাৰাখি প্রাথমিক শিক্ষা, স্বাস্থ্য, খোৱাপানী আদি ৰাজহুৱা স্বার্থজড়িত বিষয়সমূহ সম্পর্কেও সৰৱ হ’বলৈ আৰম্ভ কৰিছিল।
অৱশ্যে, পিছলৈ ‘অল ইণ্ডিয়া ট্রেড ইউনিয়ন কংগ্ৰেছ’ৰ মজিয়াৰ পৰাই আদৰ্শগত মাত-পাৰ্থক্যৰ কাৰণে কেইবাটাও উপ-শ্রমিক সন্থাৰ জন্ম হৈছিল। স্বনামধন্য নেতা এছ. চি বেনাৰ্জী, ভি. ভি. গিৰি আদিৰ নেতৃত্বত ‘ইণ্ডিয়ান নেশ্বনেল ট্রেড ইউনিয়ন কংগ্রেছ’-এ আত্মপ্রকাশ কৰিছিল। চিলেটব পূর্ণেন্দু কিশোৰ সেনগুপ্তাই অসমৰ প্ৰতিনিধি হিচাপে এই সস্থাত প্রতিনিধিত্ব কৰিছিল। গতিকে দেখা যায় ভাৰতৰ জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমান্তৰালভাবে সাম্যবাদী আন্দোলনে অসমত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post