গ্ৰাম্য সমাজ আৰু অৰ্থনীতি
পঞ্চম অধ্যায়
অতি চমু প্ৰশ্ন
১। কোনখন সমাজ বৰ্ণ প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত আছিল ।উত্তৰঃ হিন্দু আৰু মুছলমান সমাজ বৰ্ণ প্ৰথাৰ ওপৰত প্ৰতিষ্ঠিত আছিল । ।
২। মোগলসকলক কেইটা ভাগত বিভক্ত কৰা হৈছিল ।উত্তৰঃ মোগলসকলক চাৰিটা ভাগত বিভক্ত কৰা হৈছিল ।
৩। মোগলসকলে নিজকে কোন জাতিৰ বংশধৰ বুলি কৈছিল ।উত্তৰঃ মোগলসকলে নিজকে মংগোল জাতিৰ বংশধৰ বুলি কৈছিল ।
৪। মোগলসকলক কেইটা উপভাগত বিভক্ত কৰা হৈছিল ।উত্তৰঃ মোগলসকলক দুটা উপভাগত বিভক্ত কৰা হৈছিল ।
৫। মোগল যুগৰ নাৰীসকলে বাহিৰলৈ ওলাই গলে কিহেৰে মুৰ ঢাকি গৈছিল ।উত্তৰঃ মোগল যুগৰ নাৰীসকলে বাহিৰলৈ ওলাই গলে চুৰ্ণী বা সুতা কাপোৰেৰে মুৰ ঢাকি গৈছিল ।
৬। অতীতত ভাৰতবৰ্ষক কি পৰ্দা প্ৰথাৰ ব্যৱস্থা আছিল ।উত্তৰঃ অতীতত ভাৰতবৰ্ষত ঘুণঘাট নামৰ এক বিশেষ ধৰণৰ পৰ্দা প্ৰথাৰ ব্যৱস্থা আছিল ।
৭। কোন শ্ৰেণীৰ লোকে ছোৱালী সন্তান হত্যা কৰিছিল ।উত্তৰঃ ৰাজপুত শ্ৰেণীৰ লোকে ছোৱালী সন্তান হত্যা কৰিছিল ।
৮। আগৰ দিনৰ ছোৱালীবোৰক কেই বছৰত বিয়া দি ঘৰৰ পৰা উলিয়াই দিছিল ।উত্তৰঃ আগৰ দিনৰ ছোৱালীবোৰক সাধাৰণতে ৭ ৰ পৰা ৮ বছৰত বিয়া দিয়া হৈছিল ।
৯। হিন্দু সমাজত কি বিবাহ প্ৰচলিত আছিল ।উত্তৰঃ হিন্দু সমাজত একবিবাহ প্ৰচলিত আছিল ।
১০। ৰাজপুতসকলৰ এবিধ জনপ্ৰিয় কু-প্ৰথাৰ নাম লিখা ।উত্তৰঃ ৰাজপুতসকলৰ এবিধ জনপ্ৰিয় কু- প্ৰথাৰ নাম হল জহৰ ।
চমু প্ৰশ্ন ঃ
১। মোগলসকলক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।উত্তৰঃ মোগলসকলক চাৰিটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হল ক) ছৈয়দ, খ) চেখ, ঘ) মোগল আৰু ঘ) পাঠান ।
২। সয়ম্বৰ প্ৰথা মানে কি ।উত্তৰঃ বহুতো লৰাৰ মাজৰ পৰা ছোৱালীয়ে নিজৰ পৰিক বাছি বা বাছনি কৰা প্ৰথাটোকে সয়ম্বৰ প্ৰথা বোলে ।
৩। আগৰ যুগৰ মহিলাসকলে পৰিধান কৰা দুই প্ৰকাৰৰ পোছাকৰ নাম কি আছিল ।উত্তৰঃ আগৰ যুগৰ মহিলাসকলে পৰিধান কৰা দুই প্ৰকাৰৰ পোছাকৰ নাম হল ক) এখন দীঘল চাদৰ ।খ) এটা চোলা
৩। দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য কি ।উত্তৰঃ দক্ষিণ বাৰতৰ মানুহৰ প্ৰধান খাদ্য হল ভাত ।
৪। মোগল যুগত ভাৰতৰ সমাজ ব্যৱস্থাই ভূগি থকা দুটা কু-সংস্কাৰৰ নাম লিখা ।উত্তৰঃ মোগল যুগত বাৰতৰ সমাজ ব্যৱস্থাই ভূগি থকা দুটা কু-সংস্কাৰ হল ক) অস্পৃশ্যতা খ) দাসত্ব ।
৫। মুছলমানসকলে প্ৰৱৰ্তন কৰা এবিধ জনপ্ৰিয় খেলৰ নাম লিখা ।উত্তৰঃ মুছলমানসকলে প্ৰৱৰ্তন কৰা এবিধ জনপ্ৰিয় খেলৰ নাম হল নৰ্দ ।
৬। ভাৰতত কোনে তাচ খেলৰ প্ৰৰ্বতন কৰিছিল ।উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰে ভাৰতত তাচ খেলৰ প্ৰৱৰ্তন কৰিছিল ।
৭। হিন্দু সমাজত পালন কৰা কেইটামান গুৰুত্বপূৰ্ণ উ ৎসৱৰ নাম লিখা ।উত্তৰঃ ভাৰতত প্ৰৱৰ্তন কৰা কেইটামান গুৰুত্বপূৰ্ণ উ ৎসৱৰ নাম হল বসন্ত পঞ্চমী, হোলী, দেৱালী, শিৱৰাত্ৰী, জন্মাষ্টমী ।
৮। মুছলমানসকলে পালন কৰা কেইটামানউ ৎসৱৰ নাম লিখা ।উত্তৰঃ মুছলমানসকলে পালন কৰা কেইটামান উ ৎসৱৰ নাম হল মহৰম, ইদ-উল-ফিটৰ, ইদ-উল-জোহা ।
৯। দহশলা পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল ।উত্তৰঃ দহশলা পদ্ধতি টোডৰ মলে প্ৰৱৰ্তন কৰিছিল ।
১০। মোগলৰ যুগত কাগজ উদ্যোগৰ প্ৰধান কেন্দ্ৰসমূহ কি কি আছিল ।উত্তৰঃ মোগলৰ যুগত কাগজ উদ্যোগৰ প্ৰধান কেন্দ্ৰসমূহ হল শিয়ালকোট, কাশ্মীৰ, গয়া ।
চমুটোকা লিখা ।
১। নাৰীৰ স্থান উত্তৰঃ আগৰ দিনত ভাৰতৰ হিন্দু সমাজ ব্যৱস্থাত নাৰীৰ স্থান সকলোতকৈ নিম্ন আছিল । ভাৰতৰ সমাজৰ দৰে মোগল যুগতো নাৰীৰ স্থান নিম্ন আছিল । নাৰীৰ মান -মৰ্যাদা পতন হৈছিল ভাৰতবৰ্ষলৈ মুছলমান সকলৰ আগমনৰ পাছৰ পৰাই । ভাৰতবৰ্ষত মুছলমানসকলৰ এটা প্ৰধান কাৰণ হল পৰ্দা প্ৰথাৰ প্ৰৱৰ্তন । হিন্দু সমাজৰ নাৰীয়ে নাৰীৰ সন্মান ৰক্ষাৰ বাবে প্ৰতিৰক্ষামূলক ব্যৱস্থা হিচাপে পৰ্দা ব্যৱস্থা নামৰ এক প্ৰথা গ্ৰহণ কৰিছিল । পৰ্দা প্ৰথা দুয়োটা সম্প্ৰদায়ৰ নিম্ন শ্ৰেণীৰ লোকসকলতকৈ উচ্চ শ্ৰেণীৰ লোকসকলৰ মাজত অধিক প্ৰচলন আছিল । তাৰোপৰি উচ্চ শ্ৰেণীৰ নাৰীসকল কেতিয়াবাহে বাহিৰলৈ ওলাই গৈছিল । যেতিয়াই তেওঁলোক বাহিৰলৈ ওলাই গৈছিল তেতিয়াই তেওঁলোকে পৰ্দা প্ৰথাৰ প্ৰতীকৰূপে পাল্কী বা কাপোৰেৰে মুৰত মেৰিয়াই গৈছিল । কিছুমান লেখকৰ মতে মুছলমানসকল অহাৰ আগতে ভাৰতবৰ্ষত পৰ্দা প্ৰথাৰ ব্যৱস্থা আছিল । তেওঁলোকৰ মতে অতীত ভাৰতৰ ঘুণঘাট প্ৰথা নামৰ এক প্ৰথাৰ ব্যৱস্থা আছিল । হিন্দুলোকসকলে পৰ্দা প্ৰথা গ্ৰহণ কৰাৰ এটা কাৰণ হল চৰিত্ৰহীন লোকসকলৰ পৰা ধুনীয়া গাভৰু আৰু মহিলাসকলক ৰক্ষা কৰা । সাধাৰণতে মোগলৰ ৰাজত্বকালত পুৰুষতকৈ নাৰীৰ স্থান নিম্ন আছিল । মহিলাৰ কাৰ্য আৰু স্থান স্পষ্টভাৱে পৰাধীন আছিল আৰু শেষত পুৰুষৰ সেৱাতে মগ্ন হব লগা হৈছিল । নাৰীসকলে জীৱনৰ সকলো সময়তে পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছিল । ছোৱালীয়ে পিতৃৰ অধীন, নাৰী হিচাপে ছোৱালীৰ অধীন, বিধবা মহিলা তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ তলত পৰিচালিত হব লগা হৈছিল । আগৰ দিনত ছোৱালীবোৰক পৰিয়ালৰ বোজা হিচাপে গণ্য কৰা হৈছিল । ৰাজপুত শ্ৰেণীৰ লোকে কন্যাসন্তান জন্ম হলে সৰুটো হত্যা কৰাতো তেওঁলোকৰ অভ্যাস হিচাপে পৰিগণিত হৈছিল । সেই সময়ত ছোৱালীবোৰক কোনো ধৰণৰে শিক্ষা দিয়া হোৱা নাছিল । আগৰ দিনৰ ছোৱালীবোৰক ঘৰতে শিক্ষা দিয়া হৈছিল । কিন্তু উচ্চ বংশ পৰিয়ালৰ ছোৱালীয়ে গৃহ শিক্ষকৰ জৰিয়তে শিক্ষা লাভ কৰাৰ সুবিধা পাইছিল । ছোৱালীবোৰে লৰাৰ তুলনাত পৰিয়ালৰ পৰা বেয়া ব্যৱহাৰ লাভ কৰিছিল ।এগৰাকী মাতৃ হিচাপে মহিলাসকলে পৰিয়ালত আদৰ আৰু সন্মান লাভ কৰিছিল । হিন্দু সমাজৰ সকলো শ্ৰেণীয়ে মাতৃ আৰু জ্যেষ্ঠ মহিলাসকলক সন্মান কৰিছিল । ঘৰৰ বয়োজ্যেষ্ঠ মগিলাগৰাকী অতি সন্মান আৰু আদৰ কৰা হৈছিল । ৰাজপুত শ্ৰেণীৰ লোকসকলে মাতৃক অতি উচ্চ স্থান দিছিল । তেওঁলোকে যিকোনো কাম কৰিব ওলাওতে মাকৰ আৰ্শীবাদ নোলোৱাকৈ স্বাভাৱিক কামত হাত দিয়া নাছিল । মেৱাৰৰ দ্বিতীয় ৰাণা সংগ্ৰাম সিংহই মাকক সেৱা নকৰাকৈ আহাৰ গ্ৰহণ কৰা নাছিল ।মুছলমানলোকসকলে মাতৃক অধিক সন্মান প্ৰদৰ্শন কৰিছিল । বহুতো মুছলমান নাৰীয়ে গুৰুত্বপূৰ্ণ বিবাদসমূহ মীমাংসা কৰোতে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল । মোগলৰ যুগত বিধবা বিবাহৰ প্ৰচলন নাছিল । সতী নোযোৱা মহিলাক সমাজৰ লোকে বহুত বেয়াৰ চকুৱে চাইছিল ।
২। বিবাহ উত্তৰঃ আগৰ দিনত মহিলাসকলৰ মাজত একবিবাহ প্ৰথাৰ প্ৰচলন আছিল । শক্তিশালী লোকসকলে এদৰাকীতকৈ বেছি বিয়া কৰাইছিল । কিছুমান লোকে কিবা কাৰণত প্ৰথম পত্নীৰ মৃত্যু হলে বা সন্তান জন্ম দিয়াত কিছু অক্ষম হলেহে দ্বিতীয় বিবাহ কৰাইছিল । দ্বিতীয় বিবাহ কৰোৱাৰ বাবে ব্ৰাহ্মণৰ অনুমোদন আৰু সন্মতি লৈহে দ্বিতীয় বিবাহৰ বাবে আগবাঢ়িব পাৰিছিল । মুছলমান লোকসকলৰ মাজত বহু বিবাহ পদ্ধতিৰ প্ৰচলন আছিল । সেই সময়ত সমাজৰ নিয়মমতে সকলো সম্প্ৰদায়ৰ ছোৱালীকে কম বয়সত বিয়া দিয়া হৈছিল । সেইখিনি সময়ত নিম্ন আৰু মধ্যবিত্ত ছোৱালীসকলক বেছি শিক্ষা দিয়া হোৱা নাছিল । সেইখনি সময়ৰ ছোৱালীবোৰক ৭ ৰ পৰা ৮ বছৰৰ ভিতৰত বিয়া দিয়া হৈছিল । আগৰ দিনত মাক-দেউতাৰ পছন্দ অনুসৰিহে বিয়া হৈছিল । হিন্দু সমাজখনত নাৰীৰ ক্ষেত্ৰত প্ৰচলিত হৈ থকা তিনিটা প্ৰথা বা কু-সংস্কাৰ হল বিবাহ বিচ্ছেদ, সতী দাহ প্ৰথা, আৰু জহৰ । বিবাহ বিচ্ছেদ হিন্দু সমাজত প্ৰচলন নাছিল । বিবাহ বিচ্ছেদ কৰাৰ ক্ষমতা নাৰীৰ নাছিল । কিন্তু বিচ্ছেদৰ পাছতো স্বামী-স্ত্ৰীৰ মাজত পুনৰ মিলন হোৱাৰ ব্যৱস্থা আছিল । মোগলৰ ৰাজত্বকালত সতীদাহ প্ৰথাৰ প্ৰচলন আছিল । সতীদাহ প্ৰথাৰ বিৰুদ্ধে যাবলৈ অস্বীকাৰ কৰা নাৰীক সমাজে ঘৃণা কৰিছিল । সতী যাবলৈ বাধ্য নোহোৱা নাৰীক জোৰ-জবৰদস্তি কৰি বাধ্য কৰোৱা হৈছিল ।মোগলৰ শাসনকালত এনেবোৰ কু-সংস্কাৰ বন্ধ কৰিবলৈ কোৱা হৈছিল । মোগল সম্ৰাট হুমায়ুনে সন্তান-সম্ভৱা নাৰীক সতী দাহ কৰোতে বাধা প্ৰদান কৰিছিল । হিন্দু সমাজত বিশেষকৈ ৰাজপুতসকলৰ মাজত জনপ্ৰিয় আন এটা কু-সংস্কাৰ হল জহৰ । যেতিয়া বিদেশী ৰাষ্ট্ৰবোৰে ৰাজপুত আক্ৰমণ কৰে । তেওঁলোক জয় হোৱাৰ কোনো আশা নাথাকে তেতিয়া ৰাজপুত মহিলাসকলে জহৰ ব্ৰত পালন কৰে । এই নিয়ম অনুযায়ী যেতিয়া শত্ৰুৰ বিপক্ষে ৰাজপুতসকলে তেওঁলোকৰ স্বামীৰ কপালত তিলক আকি দিয়ে আৰু তাৰ পিছত নিজে জলাই দিয়ে । পৰাজয় হোৱাৰ পাছত শত্ৰুৰ হাতৰ পৰা নিজৰ সন্মান ৰক্ষা কৰিবৰ বাবে মহিলাসকলে এই ব্ৰতটো পালন কৰিছিল । তেওঁলোকে শত্ৰুৰ হাতত নিজৰ পৱিত্ৰতা হেৰুৱাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ বুলি মানি লৈছিল ।
৩। অস্পৃশ্যতা আৰু দাসত্ব উত্তৰঃ মোগল ৰাজত্বৰ সময়ৰে পৰা সমাজ ব্যৱস্থাউ ভূগি থকা দুটা কু-সংস্কাৰ হল অস্পৃশ্যতা আৰু দাসত্ব । অস্পৃশ্যতা হল হিন্দু সমাজত আবদ্ধ আছিল । মুছলমান সমাজত দাস ব্যৱস্থাৰ প্ৰচলন আছিল । হিন্দু সমাজত অস্পৃশ্যতা আছিল চণ্ডালসকলৰ মাজত । আগৰ দিনত চণ্ডালসকল বাহিৰলৈ ওলাই গলে কাহ-বাতি আদি বজাই যাব লাগিছিল । বেলেগ জাতিৰ লোকক চণ্ডালে স্পৰ্শ কৰিলে স্পৰ্শ কৰোতাজনে গা-ধুৱাই ব্ৰাহ্মণৰ নিৰ্দেশ অনুসৰি বিশুদ্ধ পানী চটিৱাই লৈছিল । সমাজত চলি থকা এটা ৰোগৰ নাম হল দাস ব্যৱস্থা । দাস ব্যৱস্থা মুছলমান সমাজত বৰ জনপ্ৰিয় আছিল । আগৰ দিনত দাসসকলক বেচা-কিনা কৰা হৈছিল । ৰজা আৰু তেওঁৰ আত্মীয় স্বজনৰ মাজত দাসসকলক বিতৰণ কৰা হৈছিল । বিজয় নগৰৰৰ হিন্দু ৰাজ্যতো দাস প্ৰথা অত্যাধিক জনপ্ৰিয় আছিল ।
৪। পোছাক আৰু অলংকাৰ উত্তৰঃ মোগলসকলৰ ৰাজত্বকালত মানুহৰ সাজ-পোছাক ঠাই অনুসৰি আৰু শ্ৰেণীভেদে বেলেগ বেলেগ ধৰণৰ হোৱা দেখা যায় । হিন্দুসকলে দুখন কপাহী কাপোৰ ব্যৱহাৰ কৰিছিল । এখন কাপোৰ ককালত মেৰিয়াই লোৱা হৈছিল আৰু আনখন কাপোৰ কান্ধৰ ওপৰেৰে লৈছিল । মুৰ পাগুৰীৰে ঢাক খোৱা আছিল । নিম্ন শ্ৰেণীৰ হিন্দুসকলে চিলাই কৰা কাপোৰ ব্যৱহাৰ কৰা হোৱা নাছিল । উচ্চ শ্ৰেণীৰ হিন্দুসকলে মুছলমান ডা-ডাঙৰীয়াৰ দৰে পোছাক পিন্ধিছিল । ব্ৰাহ্মণসকলে ককালৰ ওুপ ভাগ সাধাৰণতে উদং কৰি ৰাখিছিল । গাত এডাল পৱিত্ৰ সূতা পৰিধান কৰিছিল । মহিলাসকলে সাধাৰণ তে দুই প্ৰকাৰৰ পোছাক ব্যৱহাৰ কৰিছিল । .এখন দীঘল চাদৰ আৰু এটৈ চোলা । ছোৱালী আৰু বোৱাৰীসকলে কলা ৰঙৰ অঙ্গিয়া নামৰ এখন অতিৰিক্ত সাজ ব্যৱহাৰ কৰিছিল । মহিলাসকলে পৰিধান কৰা আন ধৰণৰ সাজ-পোছাকবোৰ হল লহঙা বা এবিধ দীঘল আকু ঢিলা চোলা । মুৰ ঢাকি ৰাখিবৰ কাৰণে মহিলাসকলে এখন দীঘল মাৰ্ফলাৰ ব্যৱহাৰ কৰিছিল । পুৰুষ মহিলা সকলোৱে আ-অলংকাৰ ব্যৱহাৰ কৰিছিল । আৰামদায়ক জীৱন-যাপন কৰা ধনী শ্ৰেণীটোৱে দৈহিক সাজোন-কাছোনৰ ওপৰত গুৰুত্ব দিছিল । হিন্দু মহিলাসকলৰ আ-অলংকাৰৰ প্ৰতি দুৰ্বলতা আছিল । বিবাহিত মহিলাসকলে বিবাহৰ চিন অনুসৰি দেহৰ বিভিন্ন অংশত অলংকাৰ পিন্ধিছিল । আবুল ফজলৰ লিখনীত এগৰাকী ভাৰতীয় মহিলাই ব্যৱহাৰ কৰা ৩৭ প্ৰকাৰৰ বিভিন্ন ধৰণৰ অলংকাৰৰ বিষয়ে বৰ্ণনা কৰিছিল ।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰ
১। মোগলসকলৰ বৈদেশীক বাণিজ্যৰ বিষয়ে লিখা ।উত্তৰঃ মোগল সম্ৰাটসকলে ভাৰতৰ বৈদেশীক বাণিজ্যত অধিক গুৰুত্ব দিয়া দেখা গৈছিল । ভাৰতৰ প্ৰধান বাণিজ্যসমূহ হল আফ্ৰিকা, মালয়, চীন, মধ্য এছিয়া, আফগানিস্থান, আৰু পাৰ্চী দেশৰ সৈতে বেপাৰ-বাণিজ্য চলিছিল । সম্ৰাট আকবৰে বিদেশৰ বেপাৰ-বাণিজ্যৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা গৈছিল । ভাৰতলৈ প্ৰথমে বেপাৰ কৰিবলৈ অহা বণিক গোষ্ঠীটো হল পৰ্টুগীজসকল । আকবৰৰ শাসনকালছোৱাৰ কিছুমান গুৰুত্বপূৰ্ণ বাণিজ্যক কেন্দ্ৰ আছিল গোৱা, কালিকট, বেচিন, কোচিন, হুগলী আৰু চুৰাট । ভাৰতৰ পৰা এইবোৰ বৈদেশীক দেশলৈ ৰপ্তানি কৰা প্ৰধান সামগ্ৰীবোৰ হল নীল, কপাহী সূতা, মূল্যৱান ৰত্ন, আৰু মছলা আদি । ভাৰতে বিশেশৰ পৰা আমদানি কৰা মূল্যৱান সামগ্ৰীবোৰ হল সোণ, ৰূপ, তাম, ঘোঁৰা, সীহ, সুগন্ধি দ্ৰব্য । সম্ৰাট জাহাংগীৰে তেওঁৰ পূৰ্বপুৰুষৰ নীতিৰে ভাৰতৰ বৈদেশীক বাণিজ্য সম্প্ৰসাৰণৰ বাবে যথেষ্ট চেষ্টা কৰিছিল । আকবৰৰ ৰাজত্বকালত গঢ়ি উঠা বাণিজ্যিক কেন্দ্ৰবোৰ জাহাংগীৰৰ ৰাজত্বকালত উন্নতি কৰা হৈছিল । জাহাংগীৰৰ অধীনত লাহোৰৰ এটা বাণিজ্যিক কেন্দ্ৰ হিচাপে বিখ্যাত হৈ পৰিছিল । ইয়াৰ বিকাশ সাধনৰ বাবে তেওঁ ৰাজ্যবোৰৰ নীতিৰ কিছুমান পৰিৱৰ্তন সাধন কৰিছিল । আমদানি কৰা সামগ্ৰীৰ ওপৰত বিশেষ কৰ ধাৰ্য কৰিছিল । সম্ৰাট ছাহজাহানৰ অধীনত বাণিজ্যৰ যথেষ্ট সাধন হৈছিল । কিন্তু ঐৰংজেৱে শাসনৰ দায়িত্ব লোৱাৰ পৰা বৈদেশীক বাণিজ্যত অলপো মনোযোগ দিয়া নাছিল । সম্ৰাট ঔৰংজেৱৰ দিনত ভাৰতৰ অৰ্থনীতিৰ ব্যৱস্থা অতিশয় বেয়া হৈ গৈছিল ।পৰিবহণৰ ক্ষেত্ৰত অতি কম খৰচত হোৱা পথটো হল নদী পথ বেঙ্গলত , সিন্ধু আৰু কাশ্মীৰত সামগ্ৰী নাওৱে কঢ়িওৱা হৈছিল । আগ্ৰাৰ পৰা ৩০০ ৰ পৰা ৫০০ টনৰ ডাঙৰ নাও যমুনা আৰু গংগা নদী হৈ পাটনা আৰু বোঙ্গললৈ যাত্ৰা আৰম্ভ কৰিছিল । লাহোৰ আৰু মূলটান নদী বন্দৰ আছিল যৰ পৰা সৰু জাহাজ বা নাও নামনি হৈ হট্টলৈ গৈছিল । বেপাৰ-বাণিজ্য বেছিকৈ নদী পথেৰে হৈছিল । সেই সময়ৰ পৰিৱেশ অনুযায়ী বাণিজ্যিক নাওৰ ক্ষমতা আশ্চৰ্যজনক আছিল । বাণিজ্যৰ ওপৰত এই কাৰকবোৰৰ প্ৰভাৱ অনুসন্ধান কৰাটো বৰ সহজ নহয় । সম্ভৱত খাদ্য-শস্য বস্তুৰ পৰিবহণত প্ৰশাসনে মাজে মাজে সাহস দিছিল । পথ পৰিবহণ হল অতি খৰচ কৰা নেতা বিদ্ৰোহীসকলৰ বাবে জোৰ-জবৰদস্তি ধন আহৰণ অতি সহজ আছিল । কৃষিজাত সামগ্ৰী উৎপন্ন মূল্য বহুত বেছি নাছিল । যাতায়ত আৰু বেপাৰ বাণিজ্যৰ অৱস্থাটোৰ কাৰণে অঞ্চলবোৰৰ মাজত মূল্যৰ পাৰ্থক্য পৰিমাণ সহনশীল আছিল । ৰপ্তানিৰ বাবে প্ৰচুৰ সঞ্চয় আৰু নিম্নমূল্যৰ এখন স্থান আছিল । চেনি আৰু মাখনৰ বাবে এখন নিয়মিত উপকুলৰ বাণিজ্যৰ ওচৰত কাৰবাৰ চলিছিল । এই সামগ্ৰীবোৰ কৰমণ্ডল, কেপ আৰু কমোৰিপ আৰু কেৰেলালৈ কঢ়িয়াই নিয়া হৈছিল । চেনি জাহাজেৰে গুজৰাট আৰু পাৰ্চীয়ালৈ নিয়া হৈছিল । মাজে-সময়ে ঘেহুও ইয়াৰ বন্দৰবোৰৰ পৰা দক্ষিণ ভাৰতলৈ আৰু পৰ্টুগীজসকলৰ ঘাটিলৈ প্ৰেৰণ কৰা হৈছিল । আফিং, জলকীয়া, আদা আৰু ধপাত ভাৰতৰ জাহাজেৰে ৰপ্তানি কৰা হৈছিল । উৰিষ্যাই প্ৰকৃত অৰ্থত সাগৰেৰে ৪০,০০০ টন খাদ্য শস্য, মাখন আদি কৰমণ্ডল বন্দৰলৈ ৰপ্তানি কৰা হৈছিল । কৰমণ্ডল বন্দৰৰ পৰা বেঙ্গললৈ কপাহ আৰু ধপাত আমদানি কৰিব লগা হৈছিল ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post