Might Learn Logo Might Learn

SCERT Class 3 Assamese Chapter 4 Part II Answer 2026 | খবৰৰ টোপোলা | Lesson 4 Part II | Class 3 Assamese Book Question Answer SCERT | All Question Answer Solutions | Class 3 Assamese Book Question Answer Solution For Assam |

Chapter 4 Part II – 

খবৰৰ টোপোলা

পাঠভিত্তিক প্রশ্ন-উত্তৰ:

১। কওঁ আৰু লিখোঁ আহা—

(ক) ছবি আঁকাত উদগনি বঁটা কোনে পাইছিল?

উত্তৰ: ছবি আঁকাত উদগনি বঁটা প্রদীপ যাদবে পাইছিল।

(খ) বাতৰি কাকতখন কোন তাৰিখে প্রকাশ পাইছে?

উত্তৰ: বাতৰি কাকতখন ১৯ জুলাই তাৰিখে প্রকাশ পাইছে।

(গ) কুইজ উৎসৱ ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ: কুইজ উৎসৱ নলবাৰী প্রাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল।

(ঘ) বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে?

উত্তৰ: বাতৰি কাকতখনত তেজপুৰ, নলবাৰী, মৰিয়নি আৰু লামডিং (জাতিংগা)ৰ বাতৰি প্ৰকাশ পাইছে।

(ঙ) বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি কি?

উত্তৰ: বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম হৈছে—

তেজপুৰত ছবি আঁকা প্রতিযোগিতা

নলবাৰীত কুইজ উৎসৱৰ আয়োজন

মৰিয়নিত এনকেফেলাইটিছ

ৰে’ল যাতায়াত ব্যাহত: জাতিংগাত ভূমিস্খলন

Additional Question-Answer:

(১) ৰত্নাৰ নাম কাকতত কিয় আহিছিল?

উত্তৰ: ৰত্নাই ছবি আঁকাৰ প্ৰতিযোগিতাত যুটীয়াভাৱে ৩য় স্থান লাভ কৰিছিল, সেই বাবে তাইৰ নাম বাতৰি কাকতত আহিছিল।

(২) তেজপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখন কোন প্ৰতিষ্ঠানে আয়োজন কৰিছিল?

উত্তৰ: ‘মইনা পাৰিজাত’ প্ৰতিষ্ঠানে তেজপুৰত ছবি আঁকাৰ প্ৰতিযোগিতাখন আয়োজন কৰিছিল।

(৩) কুইজ উৎসৱ কেতিয়া অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল?

উত্তৰ: কুইজ উৎসৱ ২১ জুলাইৰপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল।

(৪) মৰিয়নিত বিয়পি পৰা ৰোগখনৰ নাম কি?

উত্তৰ: মৰিয়নিত বিয়পি পৰা ৰোগখনৰ নাম হৈছে জাপানিছ এনকেফেলাইটিছ।

(৫) ভূমিস্খলনৰ বাবে ৰে’ল যাতায়াত ক’ত ব্যাহত হৈছিল?

উত্তৰ: ভূমিস্খলনৰ বাবে ৰে’ল যাতায়াত জাতিংগাত ব্যাহত হৈছিল।

(৬) তেজপুৰত ছবি আঁকাৰ প্ৰতিযোগিতাত ১ম স্থান লাভ কৰিছিল কোনে?

উত্তৰ: ১ম স্থান চবিন ৰাভাই লাভ কৰিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects