Might Learn Logo Might Learn

SCERT Class 3 Assamese Chapter 5 Part II Answer 2026 | জাপাৰকুছিৰ জাপি | Lesson 5 Part II | Class 3 Assamese Book Question Answer SCERT| জাপাৰকুছিৰ জাপি Lesson 10 Question Answer Solution For Assam |

Chapter 5 Part II – 

জাপাৰকুছিৰ জাপি

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা (পাঠভিত্তিক)

(ক) জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত?

উত্তৰ: জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত।

(খ) জাপাৰকুছি কিয় বিখ্যাত?

উত্তৰ: জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত।

(গ) জাপাৰকুছিৰ লোকসকল কি কি কামত পাৰ্গত?

উত্তৰ: জাপাৰকুছিৰ লোকসকল বাঁহ-বেতৰ সঁজুলি, মাছ ধৰাৰ সঁজুলি, বাদ্যযন্ত্র আদিৰ লগতে জাপি তৈয়াৰ কৰাত পাৰ্গত।

(ঘ) জাপি কিহেৰে সাজে?

উত্তৰ: জাপি বাঁহ-বেত আৰু টকৌ গছৰ পাতেৰে সাজে।

(ঙ) অর্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে?

উত্তৰ: অর্পিতাৰ ককায়েকে বাঁহৰ সঁজুলিবোৰ বজাৰলৈ লৈ যায় আৰু বিক্ৰী কৰে।

(চ) অর্পিতাই অধিক সামগ্রী তৈয়াৰ কৰাৰ বাবে কি কৰিলে?

উত্তৰ:  অর্পিতাই সামগ্রী বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্রপাতি কিনিলে আৰু কিছু পাৰ্গত বাড়ৈ নিয়োগ কৰিলে।

২। বহু-বিকল্প প্ৰশ্ন (MCQ)

নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে –

(ক) মাখিবাহা

(খ) গন্ধিয়া

(গ) জাপাৰকুছি

(ঘ) জাগ্রা

উত্তৰ: (গ) জাপাৰকুছি

Additional Question Answers (অতিৰিক্ত প্ৰশ্নোত্তৰ)

(ক) অর্পিতাই কোনজনৰ সৈতে সঁজুলি সাজিবলৈ শিকিলে?

উত্তৰ: অর্পিতাই তেওঁৰ ককায়েকৰ সৈতে সঁজুলি সাজিবলৈ শিকিলে।

(খ) অর্পিতাই কিদৰে নিজৰ সামগ্রী বিক্ৰী কৰিছিল?

উত্তৰ: অর্পিতাই পূজাৰ সময়ত অনুষ্ঠিত এখন বাণিজ্য-মেলাত নিজৰ সামগ্রী বিক্ৰী কৰিছিল।

(গ) বেপাৰীয়ে অৰ্পিতাক কি পৰামর্শ দিলে?

উত্তৰ: বেপাৰীয়ে অৰ্পিতাক অধিক সামগ্রী তৈয়াৰ কৰিবলৈ পৰামর্শ দিলে।

(ঘ) অর্পিতাই কি ধৰণৰ সামগ্রী সাজে?

উত্তৰ: অর্পিতাই গহনা, বাচন-বর্তন আৰু গৃহসজ্জাৰ বিভিন্ন বয়-বস্তু সাজে।

(ঙ) অর্পিতাই আধুনিক যন্ত্রপাতি কিয় কিনিলে?

উত্তৰ: অধিক সামগ্রী সাজিবলৈ সুবিধা হ’ব বুলি অর্পিতাই আধুনিক যন্ত্রপাতি কিনিলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects