Might Learn Logo Might Learn

SCERT Class 3 Assamese Chapter 7 Part I Answer 2026 | মৰমৰ আই | Lesson 7 Part I | Class 3 Assamese Book Question Answer SCERT | মৰমৰ আই | Lesson 7 Part I Question Answer Solution For Assam |

Chapter 7 Part I – 

মৰমৰ আই

    ১) ‘মৰমৰ আই’ পদ্য়টিৰ কবিগৰাকীৰ নাম কি?

    উত্তৰঃ মৰমৰ আই পদ্য়টিৰ কবিগৰাকীৰ নাম আনন্দচন্দ্ৰ আগৰৱালা।

    ২) কোনে আমাক তুলি তালি ডাঙৰ দীঘল কৰে?

    উত্তৰঃ আমাক মৰমৰ পূজনীয় আই য়ে তুলি তালি ডাঙৰ দীঘল কৰে।

    ৩) আইৰ মাতটো কেনেকুৱা?

    উত্তৰঃ আইৰ মাতটো মউসনা মিঠা মাত।

    ৪) ” মোৰ প্ৰতি এনে যাৰ মৰম অসীম” 一 ‘যাৰ’ বুলি কাক কোৱা হৈছে।

    উত্তৰঃ যাৰ বুলি আমাৰ আইক কোৱা হৈছে।

খ) ১) কি কি কাৰণত আইৰ আমাৰ অতি পূজনীয়া?

উত্তৰঃআয়ে আমাক অতি কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰে। মৰম, স্নেহ,আদি কৰাটো আই আমাৰ পূজনীয়া। প্ৰথম খোজ ল’লে অত তত ধৰি পৰিবলৈ ধৰিলে আই আমাৰ ততালিকে ধৰে।  টোপনি নিয়াবলৈ আই আমাক নাম, গুণ গাই শুৱাইছিল। এইবোৰ    কাৰণতে আই আমাৰ  অতি পূজনীয়।

    ২) আয়ে কেনেদৰে আমাক নিচুকাইছিল?

    উত্তৰঃ আয়ে আমাক নাম,গুণ গাই নিচুকাইছিল।

   ৩) নৰিয়া হ’লে আয়ে কি কি কৰে?

    উত্তৰঃ নৰিয়া হ’লে একেথিৰে মুখলৈ চাই, হুমুনিয়াহ কাঢ়ি, উজাগৰে ৰাতি কটায়               আৰোগ্যৰ বাবে সকলো চেষ্টা কৰে। 

বাক্য় সাজা।

মৰম一  সকলো মাকে নিজৰ সন্তানক মৰম কৰে।

তুলি-তালি  আয়ে আমাক তুলি-তালি ডাঙৰ দীঘল কৰে।

পূজনীয়া 一   সকলো সন্তানৰ বাবে আই পূজনীয়া।

চেনেহ一   আয়ে আমাক চেনেহ কৰে।

শব্দবোৰ পঢ়া। অমিল থকা যুক্তাক্ষৰ শব্দটো বাছি কাষৰ ঘৰত লিখা।

                                                      অমিল থকা শব্দ

◼ গ্ৰহ, উগ্ৰ, ভদ্ৰ, গ্ৰাম                            ভদ্ৰ

◼ সত্য়, খাদ্য়, অমাত্য়, নৃত্য়                   খাদ্য়

◼ কষ্ট, নষ্ট, সস্তুা, দুষ্ট                              সস্তুা

◼ যুগ্ম, গুল্ম, অযুগ্ম, বাগ্মী                      গুল্ম

তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্য়টিত আছে। বিচাৰি উলিয়াই লিখা।

উদাহৰণ一 ডাঙৰ    一  সৰু

পলম 一  সোনকাল।

তিতা 一  মিঠা।

পিতা 一  মাঁ।

হঁহা 一  কন্দা।

সুখ 一  দুখ।

শব্দৰ খেল 一 দলত আলোচনা কৰি প্ৰথম আখৰটোৰে আৰম্ভ হোৱা শব্দ লিখা।

উদাহৰণ  মৰম 一 মলম 一 মটৰ 一 মকৰা।

কলম 一 কল 一 কদম 一 কণি 一 কুকুৰ।

পদুম 一 পদ্ম 一 পখিলা 一 পঙ্কজ一 পুতলা।

গজালি 一 গজাল 一 গমাৰি 一 গকুল 一 গঙ্গা 

লতা 一  লাদু 一  লাৰু 一  লাতিম 一  লংকা

ভাবা আৰু কোৱা।

◼  নৰিয়া হ’লে মাকে আল্- পৈচান 

 ধৰে বুলি পদ্য়টোত পাইছা।

তোমাৰ নৰিয়া হ’লে 

কোনে কোনে তোমাৰ 

আল-পৈচান ধৰে?

উত্তৰঃ সকলোৰে মতামত বেলেগ বেলেগ হব সেই কাৰণে তোমালোকে নিজে লিখিবা।

◼ কোন কোন তোমাৰ মৰমৰ?

তেওঁলোকক তোমাৰ কিয় 

মৰম লাগে?

উত্তৰঃ এইটো তোমালোকে নিজে লিখিবা।

◼ মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে। তুমি তোমাৰ অভিভাৱক আৰু শিক্ষকৰ বাবে কি কি কৰিম বুলি ভাবিছা?

উত্তৰঃ মাকৰ সীমাহীন মৰমৰ বাবে কবিয়ে চেনেহ ভকতি বঢ়াৰ কথা কৈছে।মই মোৰ অভিভাৱক আৰু শিক্ষকৰ বাবে পঢ়ি শুনি নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিম।

◼  স্থান বিশেষে আমি আইক আই, মা, আম্মা, বৌটি, মাই আদিৰে সম্বোধন কৰি মাতোঁ। তোমালোকৰ ঠাইত আইক কোনো কি সম্বোধেনেৰে মাতে জানি লৈ লিখা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

◼  আই, মা, জনীক লৈ ৰচনা কৰা পদ্য়/কবিতা/গান সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

◼   কেঁচুৱাক উমলিবলৈ দিয়া সামগ্ৰীবোৰৰ তালিকা কৰা।

উত্তৰঃএইটো তোমালোকে নিজে কৰিবা। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects