SCERT Class 3 Environment Chapter 1 Answer 2026 | আমাৰ পৰিয়াল | অধ্য়ায়-১ | Chapter-১ | Class 3 আমি আৰু আমাৰ পৰিৱেশ Chapter-1 Solution Assamese Medium In- 2025-2026 | Class 3 Environment Chapter 1 Question and Answer Assam In- 2025-2026 |

অধ্য়ায়-১

আমাৰ পৰিয়াল 

১। উত্তৰ দিয়া

(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে?

উত্তৰঃ পৰিয়াল এটা ঘৰ মূৰব্বীজনে পৰিচালনা কৰে।

(খ) একক পৰিয়ালত কোন কোন সদস্য থাকে?

উত্তৰঃ একক পৰিয়ালত মাক, দেউতা, ল’ৰা আৰু ছোৱালী থাকে।

(গ) যৌথ পৰিয়াল কাক বোলে?

উত্তৰঃযি পৰিয়ালত দুটা বা তিনিটা সৰু পৰিয়াল এক গোট হৈ এটা ডাঙৰ পৰিয়াল হৈ থাকে তাক যৌথ পৰিয়াল বোলে।  

(ঘ) বৃদ্ধ বয়সৰ ককা-আইতাক কোনে কোনে আলপৈচান ধৰে?

উত্তৰঃ বৃদ্ধ বয়সৰ ককা-আইতাক পুত্ৰ, বোৱাৰি, নাতি আৰু নাতিনীহঁতে আলপৈচান ধৰে।

২। খালী ঠাই পূৰ কৰা—

(ক) পৰিয়াল ______ প্রাথমিক গোট।

উত্তৰঃ সমাজৰ। 

(খ) প্ৰতিটো পৰিয়ালৰে নিজা নিজা ______ থাকে।

উত্তৰঃ নিয়ম ।

(গ) আইতাই নাতিহঁতক _______ শুনায়।

উত্তৰঃ নিচুকনি। 

(ঘ) ল’ৰা-ছোৱালীয়ে পৰিয়ালৰ জ্যেষ্ঠজনক _____ কৰিব লাগে।

উত্তৰঃ সন্মান।

৩। পৰিয়ালৰ জ্যেষ্ঠ /বৃদ্ধ বা বিশেষভাৱে সক্ষম লোকৰ বাবে আমি কিয় বিশেষ যতন ল’ব লাগে?

উত্তৰঃ বৃদ্ধ আৰু বিশেষভাৱে সক্ষম লোক পৰিয়ালত থাকিলে, তেনে সদস্য়ক ঘৰৰ আটায়ে বিশেষভাৱে সহায়- সহযোগ কৰে। 

 ৪। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা-প্ৰীতি নাথাকিলে কি কি অসুবিধা হ’ব পাৰে?

উত্তৰঃ তেওঁলোকৰ মাজত বহুত অসুবিধা হ’ব পাৰে। এজনে আনজনক দেখিব নোৱাৰিব। আৰু তেওঁলোকৰ ল’ৰা ছোৱালীৰ মাজতো কাজিয়া হ’ব পাৰে আৰু এনেদৰে পৰিয়ালৰ সদস্য়সকলৰ মাজত মিলা-প্ৰীতি নাথাকিলে এনে অসুবিধা হ’ব পাৰে। 

৫। সম্পৰ্কটো এটা শব্দত লিখা।

(ক) মাকৰ ভায়েক 

উত্তৰঃ মামা।

(খ) দেউতাকৰ দেউতাক

উত্তৰঃ ককা।

(গ) দেউতাৰ ককায়েক

উত্তৰঃ বৰদেউতা।

(ঘ) খুড়াৰ ককায়েকৰ ল’ৰা

উত্তৰঃ ভাইতি বা দাদা।

(ঙ) মাহীৰ বায়েকৰ ছোৱালী

উত্তৰঃ বাইদেউ বা ভণ্টি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top