Chapter 1 –
The Wonderful World of Science (বিজ্ঞানৰ বিচিত্ৰ জগতখন)
প্রশ্ন ১: খালী ঠাই পূৰ কৰা (প্ৰশ্ন + উত্তৰ)
(ক) বিজ্ঞান হল __________ আৰু __________ৰ যোগসূত্রে লাভ কৰা জ্ঞান।
উত্তৰ: বিজ্ঞান হল জ্ঞান আৰু প্ৰযুক্তিৰ যোগসূত্রে লাভ কৰা জ্ঞান।
(খ) পৰ্যবেক্ষণ, _____,_____,আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।
উত্তৰ: পৰ্যবেক্ষণ, অনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।
(গ) __________ ৰ বাবে আমি খাদ্য খাওঁ।
উত্তৰ: বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ।
(ঘ) পঞ্জাৱত মানুহে প্ৰধানকৈ খায়________।
উত্তৰ: পঞ্জাবত মানুহে প্ৰধানকৈ খায় ৰুটী।
(ঙ) কম্পাছত _________ থাকে।
উত্তৰ: কম্পাছত চুম্বক থাকে।
প্রশ্ন ২: শুদ্ধ উক্তিটোত( ✔) চিন দিয়া
(ক) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। ✔
(খ) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো। ✘
(গ) বৰষুণ হিচাপে পানী আকাশ পৰা মাটিত পৰে। ✔
(ঘ) ওলোমাই ৰখা চুম্বক এডাল সদায় পূৱা-পশ্চিমা হৈ থাকে। ✘
(ঙ) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। ✔
প্রশ্ন ৩: চমু উত্তৰ দিয়া
(ক) মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?
উত্তৰ: মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে।
(খ) কম্পাছৰ মূলবস্তু কি?
উত্তৰ: কম্পাছৰ মূলবস্তু হল চুম্বক।
(গ) ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?
উত্তৰ: ওলোমাই ৰখা চুম্বক এডাল সদায় উত্তৰ-দক্ষিণ দিশত
মুখ কৰি থাকে।
(ঘ) নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নির্ণয় কৰে?
উত্তৰ: নাৱিকসকলে সাগৰত কম্পাছৰ সহায়ত
জাহাজৰ দিশ নিৰ্ণয় কৰে। কম্পাছত থকা চুম্বকীয় সূঁচ
সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে, যাৰ সহায়ত নাৱিকে ঠিক কৰে ক’লৈ যাব লাগিব।
(ঙ) বিজ্ঞানসম্মত পদ্ধতিৰ পর্যায়কেইটা কি কি?
উত্তৰ: পর্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ল বিজ্ঞানসম্মত পদ্ধতি।
প্রশ্ন ৪: শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
(i) উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল।?
(a) উৰাজাহাজ
(b) ছাবমেচিন
(c) ৰেল’গাড়ী
(d) মটৰগাড়ী
উত্তৰঃ(a) উৰাজাহাজ
(ii) তলৰ কোনটো কামত কম্পাছ যন্ত্র ব্যৱহাৰ কৰা হয়।
(a) দিশ নির্ণয়ৰ কামত
(b) গধুৰ বস্তু দাঙোতে
(c) বস্তুৰ ওজন জুখিবৰ বাবে
(d) বতাহৰ গতি জুখিবৰ বাবে
উত্তৰঃ (a) দিশ নির্ণয়ৰ কামত
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post