Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 6 Science Chapter 13 Question Answer Assamese Medium | মহাকাশৰ বিচিত্ৰ কথা Chapter 13 Question Answer 2026 | SCERT Class 6 Science Chapter 13 Question Answer, MCQs Answer, Text Book PDF

মহাকাশৰ বিচিত্ৰ কথা


অনুশীলনী

(1-5) লৈ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।


1. তলৰ কোনটো তাৰকাপুঞ্জৰ উদাহৰণ?

(a) উল্কা
(b) ধূমকেতু
(c) সপ্তর্ষিমণ্ডল
(d) গ্ৰহাণুপুঞ্জ

উত্তৰঃ (c) সপ্তর্ষিমণ্ডল।


2. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়?

(a) উপগ্ৰহ
(b) তাৰকাপুঞ্জ
(c) ধূমকেতু
(d) গ্ৰহাণু

উত্তৰঃ (b) তাৰকাপুঞ্জ।


3. তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য?

(a) লুব্ধক
(b) কালপুৰুষ
(c) কেনিছ মেজৰ
(d) গ্ৰহাণুপুঞ্জ

উত্তৰঃ (d) গ্ৰহাণুপুঞ্জ।


4. তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়?

(a) নেপচুন
(b) প্লুটো
(c) শনি
(d) বুধ

উত্তৰঃ (b) প্লুটো।


5. তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ?

(a) সপ্তর্ষিমণ্ডল
(b) সূৰ্য
(c) প্ৰক্সিমা ছেন্টাউৰি
(d) ধ্ৰুৱতৰা

উত্তৰঃ (c) প্ৰক্সিমা ছেন্টাউৰি।


6. I স্তম্ভৰ পদসমূহৰ সৈতে II স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা।

I স্তম্ভ II স্তম্ভ
(i) ৰঙাগ্ৰহ (a) শুক্ৰ
(ii) আঙঠি থকা গ্ৰহ (b) মঙ্গল
(iii) তাৰকাপুঞ্জ (c) শনি
(iv) গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয় (d) কালপুৰুষ

উত্তৰঃ (i) ৰঙাগ্ৰহ — (b) মঙ্গল; (ii) আঙঠি থকা গ্ৰহ — (c) শনি; (iii) তাৰকাপুঞ্জ — (d) কালপুৰুষ; (iv) সন্ধ্যা তৰা বুলি কোৱা গ্ৰহ — (a) শুক্ৰ।


7. খালী ঠাই পূৰ কৰা।


(i) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক __________ বোলে।

উত্তৰঃ গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক উপগ্ৰহ বোলে।


(ii) মঙ্গল আৰু __________ৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়।

উত্তৰঃ মঙ্গল আৰু বৃহস্পতিৰ কক্ষপথৰ মাজত গ্ৰহাণুপুঞ্জসমূহ পোৱা যায়।


(iii) লুব্ধক নামৰ তৰাটো __________ তাৰকাপুঞ্জত থাকে।

উত্তৰঃ লুব্ধক নামৰ তৰাটো কেনিছ মেজৰ তাৰকাপুঞ্জত থাকে।


(iv) সূৰ্যৰ পৰা দূৰত্বৰ উৰ্ধক্ৰমত আঠোটা গ্ৰহ হৈছেঃ __________, শুক্ৰ, পৃথিৱী, মঙ্গল, __________, শনি, ইউৰেনাছ আৰু নেপচুন।

উত্তৰঃ সূৰ্যৰ পৰা দূৰত্বৰ উৰ্ধক্ৰমত আঠোটা গ্ৰহ হৈছেঃ বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।


8. তলৰ বাক্যসমূহ সত্য (স) বা অসত্য (অ) হিচাপে চিহ্নিত কৰা।


(i) প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্ৰহ।

উত্তৰঃ অসত্য।


(ii) ধ্ৰুৱতৰা সৌৰজগতৰ সদস্য।

উত্তৰঃ অসত্য।


(iii) ধূমকেতুৰ নেজ নাথাকে।

উত্তৰঃ অসত্য।


(iv) বিশ্বব্ৰহ্মাণ্ডত নিযুত নিযুত তৰা থাকে।

উত্তৰঃ সত্য।


(v) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ।

উত্তৰঃ অসত্য। সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ হৈছে নেপচুন।


(vi) কালপুৰুষ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা।

উত্তৰঃ অসত্য। কালপুৰুষ এটা তাৰকাপুঞ্জ, তৰা নহয়।


9. চিত্ৰ 13.16ত তৰাৰে সৈতে ৰাতিৰ আকাশৰ এটা অংশ দেখুওৱা হৈছে। ভালদৰে চাই সপ্তর্ষিমণ্ডল আৰু লঘু সপ্তর্ষিমণ্ডলৰ চানেকি গঠন কৰা তৰাৰ থুপসমূহ চিনাক্ত কৰা। এই চানেকিবোৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লেবেল লগোৱা। ধ্ৰুৱতৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা।

উত্তৰঃ চিত্ৰত সপ্তর্ষিমণ্ডল আৰু লঘু সপ্তর্ষিমণ্ডলৰ তৰাসমূহ ৰেখাৰে সংযোগ কৰি যথাস্থানত নাম লিখিব লাগে। লঘু সপ্তর্ষিমণ্ডলৰ হাতলৰ শেষত থকা উজ্জ্বল তৰাটোৱেই ধ্ৰুৱতৰা।


10. চিত্ৰ 13.17ত ৰাতিৰ আকাশৰ এক অংশ দেখুওৱা হৈছে। কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুব্ধক নামৰ তৰাটো লেবেল লগোৱা।

উত্তৰঃ চিত্ৰত কালপুৰুষ তাৰকাপুঞ্জৰ তৰাসমূহ ৰেখাৰে সংযোগ কৰিব লাগে। কালপুৰুষৰ কঁকালৰ তিনিটা তৰাৰ ৰেখা আগবঢ়াই দক্ষিণ-পূব দিশত পোৱা অতি উজ্জ্বল তৰাটোৱেই লুব্ধক।


11. এটা পৰিষ্কাৰ নিশা, 2 ৰ পৰা 3 ঘণ্টাৰ মূৰে মূৰে 3-4 বাৰমান সপ্তর্ষিমণ্ডলটো নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰা। প্ৰত্যেকবাৰতে ধ্ৰুৱতৰাটোৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰা। সপ্তর্ষিমণ্ডলক গতি কৰি থকা যেন লাগিছেনে? সময় উল্লেখ কৰি প্ৰতিবাৰৰে এটা অমসৃণ নক্সা অংকন কৰা।

উত্তৰঃ ৰাতিৰ বিভিন্ন সময়ত সপ্তর্ষিমণ্ডলৰ অৱস্থান সলনি হোৱা যেন দেখা যায়। ই ধ্ৰুৱতৰাৰ চাৰিওফালে ঘূৰি থকা যেন লাগে, কিন্তু ধ্ৰুৱতৰাটো প্ৰায় একে স্থানতে থকা দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে পৃথিৱীৰ নিজ অক্ষৰ ওপৰত ঘূৰ্ণন।


12. ৰাতিৰ আকাশৰ কথা ভাবি এটা কবিতা আৰু এটা গল্প লিখা।

উত্তৰঃ

কবিতা — “ৰাতিৰ আকাশ”

নীলা আকাশ ক’লা হয়,
জিলিকি উঠে তৰা,
চন্দ্ৰ মামাই হাঁহি মাৰে,
পোহৰ বিলাই ধৰা।

সপ্তর্ষিৰ সাতটি তৰা,
ধ্ৰুৱতৰা থিৰ,
আকাশখন চালে মনে
জাগে সপোনৰ নীৰ।

গল্প — “তৰাভৰা ৰাতি”

এদিন ৰাতি ৰাহুলে ঘৰৰ চোতালত বহি আকাশ চাই আছিল। আকাশখন অসংখ্য তৰাৰে ভৰি আছিল। তাৰ দেউতাকে তাক সপ্তর্ষিমণ্ডল আৰু ধ্ৰুৱতৰা চিনাই দিলে। কিছু সময়ৰ পিছত ৰাহুলে লক্ষ্য কৰিলে যে সপ্তর্ষিমণ্ডলৰ অৱস্থান যেন সলনি হৈছে, কিন্তু ধ্ৰুৱতৰা প্ৰায় একে ঠাইতে আছে। দেউতাকে বুজাই দিলে যে পৃথিৱী নিজ অক্ষৰ ওপৰত ঘূৰি থকাৰ বাবেই তৰাবোৰ গতি কৰা যেন লাগে। সেইদিনাৰ পৰা ৰাহুলৰ আকাশ আৰু মহাকাশৰ বিষয়ে জানিবলৈ বিশেষ আগ্ৰহ জন্মিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership