Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 6 Science Chapter 9 Question Answer Assamese Medium | দৈৰ্ঘ্যৰ জোখ আৰু গতি Chapter 9 Question Answer 2026 | SCERT Class 6 Science Chapter 9 Question Answer, MCQs Answer, Text Book PDF

দৈৰ্ঘ্যৰ জোখ আৰু গতি


অনুশীলনী


১. স্তম্ভ I-ৰ প্ৰতিটো বস্তু স্তম্ভ II-ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা।

স্তম্ভ I স্তম্ভ II
(a) অট্টালিকাৰ উচ্চতা (i) cm
(b) দুখন চহৰৰ মাজৰ দূৰত্ব (ii) m
(c) পেঞ্চিলৰ দৈৰ্ঘ্য (iii) mm
(d) বহীৰ বেধ (iv) km


উত্তৰঃ

স্তম্ভ I স্তম্ভ II
(a) অট্টালিকাৰ উচ্চতা (ii) m
(b) দুখন চহৰৰ মাজৰ দূৰত্ব (iv) km
(c) পেঞ্চিলৰ দৈৰ্ঘ্য (i) cm
(d) বহীৰ বেধ (iii) mm


২. তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী (স্কেল অথবা ফিটা) ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয়?


(a) এটা অট্টালিকাৰ উচ্চতা।

উত্তৰঃ ফিটা।


(b) পেঞ্চিলৰ দৈৰ্ঘ্য।

উত্তৰঃ স্কেল।


(c) পেপাৰ ক্লিপৰ দৈৰ্ঘ্য।

উত্তৰঃ স্কেল।


(d) গছৰ গা-গছৰ ঘেৰ।

উত্তৰঃ ফিটা।


(e) এডাল ৰবৰৰ প্ৰস্থ।

উত্তৰঃ স্কেল।


(f) ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য।

উত্তৰঃ ফিটা।


৩. সঁচা নে মিছা?


(a) 1 m = 100 cm।

উত্তৰঃ সঁচা।


(b) 5000 m = 5 cm।

উত্তৰঃ মিছা।


(c) 2000 m = 2 cm।

উত্তৰঃ মিছা।


(d) ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ।

উত্তৰঃ মিছা।


(e) সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়।

উত্তৰঃ মিছা।


৪. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ?

(a) পথেৰে গতি কৰা এখন বাছ
(b) এটা ঘড়ীৰ দোলকৰ দোলন
(c) এটা সৰি পৰা বল
(d) এজন খোজকাঢ়ি যোৱা মানুহ

উত্তৰঃ (b) এটা ঘড়ীৰ দোলকৰ দোলন।


(ii) তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ?

(a) গতিশীল অৱস্থাত থকা দোলনা এখন
(b) এখন চলন্ত ৰেল
(c) চলি থকা চিলিং ফেনৰ ব্লেড
(d) গতিশীল চাইকেল এখন

উত্তৰঃ (c) চলি থকা চিলিং ফেনৰ ব্লেড।


৫. তলত দিয়াবোৰ পৰিৱৰ্তন কৰা।


(a) 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ।

উত্তৰঃ 1 মিটাৰ = 1000 মিলিমিটাৰ।

250 ÷ 1000 = 0.25 মিটাৰ

এতেকে, 250 মিলিমিটাৰ = 0.25 মিটাৰ।


(b) 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ।

উত্তৰঃ 1 কিলোমিটাৰ = 1000 মিটাৰ।

7.5 × 1000 = 7500 মিটাৰ

এতেকে, 7.5 কিলোমিটাৰ = 7500 মিটাৰ।


(c) 3 মিটাৰৰ পৰা চেন্টিমিটাৰলৈ।

উত্তৰঃ 1 মিটাৰ = 100 চেন্টিমিটাৰ।

3 × 100 = 300 চেন্টিমিটাৰ

এতেকে, 3 মিটাৰ = 300 চেন্টিমিটাৰ।


(d) 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ।

উত্তৰঃ 1 মিটাৰ = 1000 মিলিমিটাৰ।

1.25 × 1000 = 1250 মিলিমিটাৰ

এতেকে, 1.25 মিটাৰ = 1250 মিলিমিটাৰ।


৬. তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা।

উত্তৰঃ 1 কিলোমিটাৰ = 1000 মিটাৰ।

2000 ÷ 1000 = 2 কিলোমিটাৰ

এতেকে, 2000 মিটাৰ = 2 কিলোমিটাৰ।


৭. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে—পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্ৰতিটো দৈৰ্ঘ্য মিলিমিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা।

উত্তৰঃ

বস্তু দৈৰ্ঘ্য (মিলিমিটাৰ) দৈৰ্ঘ্য (চেন্টিমিটাৰ)
পেঞ্চিল 150 15
কলম 140 14
জ্যামিতি বাকচ 200 20
স্কেল 300 30
ৰবৰ 50 5


৮. তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা—10 চেন্টিমিটাৰতকৈ কম, 10 চেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক। তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা।

উত্তৰঃ

10 চেন্টিমিটাৰতকৈ কম 10 চেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত 1 মিটাৰতকৈ অধিক
ৰবৰ পেঞ্চিল বেঞ্চ
পেপাৰ ক্লিপ কলম টেবুল
চক জ্যামিতি বাকচ ব্লেকব’ৰ্ড
খাতা শ্ৰেণীকোঠাৰ দৈৰ্ঘ্য


৯. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ’বলৈ কোৱা। বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা।

উত্তৰঃ

বন্ধুৰ নাম উচ্চতা (মিটাৰ) উচ্চতা (চেন্টিমিটাৰ)
অংকুৰ 1.60 160
জবা 1.55 155
চন্দন 1.62 162


১০. তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।

উত্তৰঃ

ৰৈখিক গতিৰ উদাহৰণ—

(i) পোন ৰাস্তাৰে গতি কৰা গাড়ী।
(ii) সৰল ৰেখাৰে গতি কৰা ৰেলগাড়ী।

বৃত্তাকাৰ গতিৰ উদাহৰণ—

(i) ঘূৰি থকা চিলিং ফেনৰ ব্লেড।
(ii) ঘড়ীৰ কাঁটাৰ গতি।

দোলন গতিৰ উদাহৰণ—

(i) দোলনাত দুলি থকা ল’ৰা-ছোৱালী।
(ii) ঘড়ীৰ দোলকৰ গতি।


১১. তলৰ ছবিখন চাই খালী ঠাই পূৰণ কৰা।

(a) উত্তৰঃ

প্ৰসংগ বিন্দু ব্যক্তি দূৰত্ব
প্ৰীতম বিকাশ 3 m
প্ৰীতম অনিমা 3 m
অংকুৰ গাৰ্গী 3 m
অংকুৰ প্ৰীতম 6 m
অনিমা প্ৰীতম 3 m
অনিমা বিকাশ 6 m
গাৰ্গী বিকাশ 6 m
গাৰ্গী অংকুৰ 3 m


১১. (b)

প্ৰসংগ বিন্দু গুৱাহাটীলৈ দূৰত্ব ৰহালৈ দূৰত্ব
A 20 km 80 km
B 40 km 60 km
C 60 km 40 km
D 80 km 20 km
গুৱাহাটী 0 km 100 km

উত্তৰঃ গুৱাহাটীৰ পৰা ৰহালৈ মুঠ দূৰত্ব 100 km।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership