SCERT Class 6 Science Chapter 9 Answer 2026 | Class 6 General Science Chapter 9 Answer Measurement of Length and Motion (দৈৰ্ঘ্যৰ জোখ আৰু গতি) Question Answer |

 Chapter 9 –

Measurement of Length and Motion

(দৈৰ্ঘ্যৰ জোখ আৰু গতি)

অনুশীলনী

1. স্তম্ভ 1 ৰ প্রতিটো বস্তু স্তম্ভ II ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা।

স্তম্ভ I                                                    স্তম্ভ II

a) অট্টালিকাৰ উচ্চতা                        (i) cm

b) দুখন চহৰৰ মাজৰ দূৰত্ব               (ii) m

c) পেঞ্চিলৰ দৈর্ঘ্য                               (iii) mm

d) বহীৰ বেধ                                       (iv) km

উত্তৰঃ- স্তম্ভ I                                                    স্তম্ভ II
            a) অট্টালিকাৰ উচ্চতা                         (ii) m
            b) দুখন চহৰৰ মাজৰ দূৰত্ব                (iv) km
            c) পেঞ্চিলৰ দৈর্ঘ্য                                 (i) cm
            d) বহীৰ বেধ                                         (iii) mm

2. তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্রী (স্কেল অথবা ফিটা) ব্যৱহাৰ কৰি নির্ধাৰণ কৰা হয়?

a. এটা অট্টালিকাৰ উচ্চতা

b. পেঞ্চিলৰ দৈর্ঘ্য

c. পেপাৰ ক্লিপৰ দৈর্ঘ্য

d. গছৰ গা-গছৰ ঘেৰ

উত্তৰঃ- a. এটা অট্টালিকাৰ উচ্চতা → স্কেল/ফিটা (মাপিবলৈ মিটাৰ স্কেল ব্যৱহাৰ কৰা হয়)

b. পেঞ্চিলৰ দৈর্ঘ্য → স্কেল (সাধাৰণত চেণ্টিমিটাৰ স্কেল)

c. পেপাৰ ক্লিপৰ দৈর্ঘ্য → স্কেল (মিলিমিটাৰ স্কেল)

d. গছৰ গা-গছৰ ঘেৰ → ফিটা (মিটাৰ/ফিটা ব্যৱহাৰ)

e. এডাল ৰবৰৰ প্ৰস্থ → স্কেল (মিলিমিটাৰ বা চেণ্টিমিটাৰ স্কেল)

f. ফুটবল খেলপথাৰৰ দৈর্ঘ্য → ফিটা/মিটাৰ স্কেল

3. সঁচা নে মিছা?

a. 1m = 100cm

b. 5000m = 5cm

C. 2000m = 2cm

d. ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ

c. সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়।

উত্তৰঃ-  

a. 1m = 100cm → সঁচা

b. 5000m = 5cm → মিছা

c. 2000m = 2cm → মিছা

d. ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ → মিছা

e. সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয় → মিছা

4. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কথা।

(i) তলৰ কোনটো পর্যাবৃত্ত গতিৰ উদাহৰণ।

(a) পথেৰে গতি কৰা এখন বাছ

(b) এটা ঘড়ীৰ দোলকৰ দোলন

(c) এটা সৰি পৰা বল

(d) এজন খোজকাঢ়ি যোৱা মানুহ

উত্তৰঃ- (b) এটা ঘড়ীৰ দোলকৰ দোলন

( ii) তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ?

(a) গতিশীল অবস্থাত থকা দোলনা এখন

(b) এখন চলন্ত ৰেল

(c) চলি থকা চিলিং ফেনৰ ব্লেড

(d) গতিশীল চাইকেল এখন

উত্তৰঃ- (c) চলি থকা চিলিং ফেনৰ ব্লেড

5. তলত দিয়াবোৰ পৰিবর্তন কৰা।

(a) 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ

উত্তৰঃ– 1 মিটাৰত 1000 মিলিমিটাৰ থাকে।

মিটাৰত পৰিৱৰ্তন কৰিবলৈ মিলিমিটাৰটো 1000 ৰে ভাগ কৰিব লাগে।

250 ÷ 1000 = 0.25 মিটাৰ

এতেকে, 250 মিলিমিটাৰ = 0.25 মিটাৰ

(b) 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ

উত্তৰঃ- 1 কিলোমিটাৰত 1000 মিটাৰ থাকে।

মিটাৰত পৰিৱৰ্তন কৰিবলৈ কিলোমিটাৰটো 1000 ৰে পূৰণ কৰিব লাগে।

7.5 × 1000 = 7500 মিটাৰ

এতেকে, 7.5 কিলোমিটাৰ = 7500 মিটাৰ

(c) 3 মিটাৰৰ পৰা চেন্টিমিটাৰলৈ

উত্তৰঃ– 1 মিটাৰত 100 চেন্টিমিটাৰ থাকে।

3 × 100 = 300 চেন্টিমিটাৰ

এতেকে, 3 মিটাৰ = 300 চেন্টিমিটাৰ

(d) 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ

উত্তৰঃ-  1 মিটাৰত 1000 মিলিমিটাৰ থাকে।1.25 × 1000 = 1250 মিলিমিটাৰ

এতেকে

, 1.25 মিটাৰ = 1250 মিলিমিটাৰ

6. তোমাৰ ঘৰ আৰু ভুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিল মিটাবলৈ ৰূপান্তৰ কৰা।

উত্তৰঃ– 1 কিলোমিটাৰত 1000 মিটাৰ থাকে।

2000 ÷ 1000 = 2

তেতিয়া, 2000 মিটাৰ = 2 কিলোমিটাৰ

7. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে-পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্রতিটো দৈর্ঘ্য মিলিমিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা।

উত্তৰঃ- 

         বস্তু                        দৈৰ্ঘ্য (মিলিমিটাৰ)   দৈৰ্ঘ্য (চেন্টিমিটাৰ)
        পেঞ্চিল১৭৫   ১৭.৫
         কলম১৪০   ১৪
        জ্যামিতি বাকচ২০০    ২০
        ৰবৰ৫০                                            ৫
        খাতা২৮০                                     ২৮

৪. তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পর্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈর্ঘ্যৰ ওপৰত ভিত্তি কবি শ্রেণীভুক্ত কৰা। 10 চেন্টিমিটাৰতকৈ কম, 10 চেন্টিমিটাৰৰ পৰা । মিটাৰৰ ভিতৰত আৰু। মিটাৰতকৈ অধিক। তোমাৰ পর্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা।

উত্তৰঃ ১০ চেন্টিমিটাৰতকৈ কম:

  • ৰবাৰ (৫ চেমি)
  • পেপাৰ ক্লিপ (৩ চেমি)

১০ চেন্টিমিটাৰৰ পৰা ১ মিটাৰৰ ভিতৰত:

  • পেঞ্চিল (১৭.৫ চেমি)
  • কলম (১৪ চেমি)
  • জ্যামিতি বাকচ (২০ চেমি)
  • খাতা (২৮ চেমি)

১ মিটাৰৰ পৰা অধিক:

  • টেবুল (১.২ মি)
  • খাট (২ মি)

9. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ’বলৈ কোৱা। বেষত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্রতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেন্টিমিটাৰত প্রকাশ কৰা।

উত্তৰঃ 

বন্ধুউচ্চতা (মিটাৰ)উচ্চতা (চেন্টিমিটাৰ)
বন্ধু১১.৬       ১৬০
বন্ধু২ ১.৫       ১৫০
বন্ধু৩১.৭       ১৭০

10. তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।

উত্তৰঃ- 

ৰৈখিক গতি:

  • চলন্ত ৰেলগাড়ী
  • খেলাধুলাৰ বল

বৃত্তাকাৰ গতি:

  • চলি থকা চিলিং ফেনৰ ব্লেড
  • দোলনা (ঘূৰণীয়া)

দোলন গতি:

  • ঘড়ীৰ দোলক
  • দোলনা (মানুহে দোল দিছে)
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top