SCERT Class 6 Social Science Chapter 10 Answer 2026 | প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ | Lesson 10 | Class 6 Social Science | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

Chapter 10 – 

প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ 

অনুশীলনী-১

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) মৌর্য বংশৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰ: মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌর্য আছিল।

(খ) অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক কোন?

উত্তৰ: অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক চাণক্য বা কৌটিল্য।

(গ) বর্তমান ভাৰতৰ কোন অঞ্চলত মৌর্যসকলৰ ৰাজ্য অৱস্থিত আছিল?

উত্তৰ: মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ বিহাৰ, অন্ধ্ৰ, উৰিষ্যা আৰু পশ্চিমবঙ্গৰ অঞ্চলত বিস্তত আছিল।

(ঘ) মৌর্য ৰজাসকলৰ ভিতৰত কাক শ্রেষ্ঠ ৰজা বুলি জনা যায়?

উত্তৰ: মৌর্য ৰজাসকলৰ ভিতৰত অশোকক শ্রেষ্ঠ ৰজা বুলি জনা যায়।

(ঙ) শৃংগ বংশৰ প্রতিষ্ঠাপক কোন?

উত্তৰ: শৃংগ বংশৰ প্রতিষ্ঠাপক আছিল পূষ্যমিত্র শৃংগ।

(চ) পূষ্যমিত্র শুং কোনটো বর্ণৰ লোক আছিল?

উত্তৰ: পূষ্যমিত্র শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল।

(ছ) গুপ্ত বংশৰ প্রতিষ্ঠাপক কোন?

উত্তৰ: গুপ্ত বংশৰ প্রতিষ্ঠাপক আছিল শ্রীগুপ্ত।

(জ) মৌর্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?

উত্তৰ: মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।

(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?

উত্তৰ: অশোকৰ সময়ত তেনে বিষয়াসকলক ধম্মমাহামাত্ৰ”  বুলি কোৱা হৈছিল।

(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?

উত্তৰ: অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা।

(ট) মৌর্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা কি আছিল?

উত্তৰ: মৌৰ্যসকলৰ সময়ত চাৰিটা প্রধান বৰ্ণ আছিল — ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ।

(১) গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন কোন?

উত্তৰ: গুপ্ত বংশৰ শ্রেষ্ঠ ৰজা আছিল চন্দ্রগুপ্ত দ্বিতীয়।

অনুশীলনী-২

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।

উত্তৰ: চোলা, চেৰা আৰু পাণ্ড্য।

(খ) পাণ্ড্য বংশৰ ৰাজধানী কি আছিল?

উত্তৰ: পাণ্ড্য বংশৰ ৰাজধানী আছিল মধুৰা।

(গ) উৰাইয়ুৰ কোনখন ৰজাৰ শাসনকেন্দ্ৰ আছিল?

উত্তৰ: চোলা বংশৰ শাসনকেন্দ্ৰ আছিল উৰাইয়ুৰ।

(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?

উত্তৰ: চেৰা বংশৰ অঞ্চলটোক কেৱল বুলি জনা গৈছিল।

(৫) কাক অন্ধ বুলি জনা গৈছিল?

উত্তৰ: আন্ধ্ৰ বংশক অন্ধ বুলি জনা গৈছিল।

(চ) চালুক্য বংশৰ প্রতিষ্ঠাপক কোন?

উত্তৰ: চালুক্য বংশৰ প্রতিষ্ঠাপক আছিল পুলকেশিন প্ৰথম।

(ছ) পল্লব বংশৰ প্ৰথম ৰজা কোন আছিল?

উত্তৰ: পল্লব বংশৰ প্ৰথম ৰজা আছিল সিমাভিষ্ণু।

(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?

উত্তৰ: কাঞ্চীপুৰম আছিল পল্লবসকলৰ ৰাজধানী।

(ক) দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি কি আছিল?

উত্তৰ: দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি আছিল কৃষিকাৰ্য আৰু সাগৰ বাণিজ্য।

অনুশীলনী-৩

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) প্রাচীন কামৰূপৰ প্রথমটো ঐতিহাসিক বংশৰ নাম কি?

উত্তৰ: প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ বর্মন বংশ।

(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্রৱর্তন কৰিছিল?

উত্তৰ: কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱর্তন কৰিছিল।

(গ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা কোন আছিল?

উত্তৰ: বর্মন বংশৰ শ্রেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন।

(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?

উত্তৰ: হিউয়েন চাং ৬৪৩ খ্ৰীষ্টাব্দত কামৰূপলৈ আহিছিল।

(৫) বিষয় বুলিলে কি বুজা?

উত্তৰ: বিষয় বুলিলে বুজা যায় — ৰজাৰ দ্বাৰা নিযুক্ত প্ৰশাসনিক কৰ্মচাৰী।

(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।

উত্তৰ: কামৰূপ ৰাজ্যৰ উল্লেখযোগ্য বৃত্তিসমূহ — কৃষিকাৰ্য, তাঁত বুনা, কামচৰাই, ধাতু শিল্প।

অনুশীলনী-৪

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—

(ক) গুপ্তযুগক কিয় সোনালী যুগ বুলি কোৱা হৈছিল?

উত্তৰ: শিক্ষা, সাহিত্য, কলা আৰু বিজ্ঞানৰ উন্নতিৰ বাবে গুপ্তযুগক সোনালী যুগ বুলি কোৱা হৈছিল।

(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।

উত্তৰ: কালিদাসে লিখা তিনিখন প্ৰসিদ্ধ নাটকৰ নাম হ’ল —

  1. অভিজ্ঞান শকুন্তলম (Abhijnana Shakuntalam)
  2. মালবিকাগ্নিমিত্রম (Malavikagnimitram)
  3. বিক্ৰমোৰ্বশীয়ম (Vikramorvasiyam)

(গ) বর্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?

উত্তৰ: বর্তমানৰ নাম আল্লাহাবাদ স্তম্ভলিপিৰ লেখক আছিল হৰিসেন।

(ঘ) দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?

উত্তৰ: অমৰ কোশ।

(ঙ) দক্ষিণ ভাৰতত কি কি ভাষ্যত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?

উত্তৰ: তামিল, তেলুগু, কন্নড় আৰু মালয়ালম ভাষাত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top