Chapter 12 –
সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:
(ক) পৰিয়াল বুলিলে কি বুজা?
উত্তৰ: পৰিয়াল হৈছে সমাজৰ সৰু unit বা একক। এটি পৰিয়ালত একেটা ঘৰতে বাস কৰা অভিভাৱক, সন্তান আৰু আন কিছুমান আত্মীয়-স্বজন থাকে।
(খ) পৰিয়াল এটাত সদস্য কি কি প্রকাৰে যোগ হয়।
উত্তৰ: পৰিয়ালত সদস্য জন্ম, বিবাহ আৰু দত্তকৰ জৰিয়তে যোগ হয়।
(গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে।
উত্তৰ: পৰিয়াল এটাৰ সদস্যসকলে একে-অন্যক সহায় সহযোগিতা, আদৰ-স্নেহ আৰু মৰম প্ৰদান কৰিব লাগে।
(ঘ) ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?
উত্তৰ: ভাৰতীয় পৰম্পৰাত পৰিয়ালক ‘ঘৰ’ বুলি কোৱা হয়, যি আমাৰ জীৱনৰ আটাইতকৈ বিশেষ স্থান।
২. পৰিয়ালৰ পৰা আমি কি কি পাওঁ।
উত্তৰ: পৰিয়ালৰ পৰা আমি আদৰ-স্নেহ, মৰম, শিক্ষা, সহানুভূতি, সহায়-সহযোগিতা, দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ লাভ কৰোঁ।
অনুশীলনী – ২
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:
(ক) প্রতিবেশী মানে কি?
উত্তৰ: আমি যিসকল মানুহৰ ওচৰত বাস কৰোঁ, তেওঁলোকেই আমাৰ প্রতিবেশী।
(খ) ৰাইজ বুলিলে কি বুজা।
উত্তৰ: এখন গাঁৱৰ বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে, এই সমাজত থকা সকলো মানুহক ৰাইজ বোলা হয়।
(গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসব উল্লেখ কৰা।
উত্তৰ: (i) বিহু
(ii) ঈদ
(ঘ) সামুহিক গোটৰ এটা উদাহৰণ দিয়া।
উত্তৰ: নামঘৰ, মন্দিৰ, ভোজ, উৎসৱ, পুৰণি ঘৰৰ মাক-পিতালৈ সহায়—এইবোৰ সামুহিক গোটৰ উদাহৰণ।
৩. সমাজ এখন সুচাৰুৰূপে চলাত প্রতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।
উত্তৰ: সমাজৰ মানুহে একেলগে মিলি উৎসৱ উদযাপন কৰে, বিপদত সহায় কৰে আৰু দৈনন্দিন জীৱনত একে-অন্যক সহায়-সহযোগিতা কৰে। সেয়েহে সমাজ চলাবলৈ প্রতিবেশীৰ ভূমিকা গুৰুত্বপূর্ণ।
৪. অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰ: অসমত ৰাইজে নামঘৰ, ভোগালী ভোজ, উৎসৱ পালন, পুৰণি মানুহৰ যত্ন আদিৰ ক্ষেত্ৰত একেলগে মিলি কাম কৰে। ইয়ে সমাজত সৌহাৰ্দ্য আৰু সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰে।
Additional Question-Answer (অতিৰিক্ত প্ৰশ্ন-উত্তৰ)
(১) পৰিয়ালক সমাজৰ একক কিয় বোলা হয়?
উত্তৰ: পৰিয়ালত ল’ৰা-ছোৱালীয়ে প্ৰথম শিকি উঠে; সমাজৰ বাবে উপযুক্ত নাগৰিক হোৱাৰ পৰা আৰম্ভ হয় পৰিয়ালৰ পৰা। সেয়ে পৰিয়ালক সমাজৰ একক বোলা হয়।
(২) পৰিয়ালত সদ্ভাৱ কিদৰে গঢ়ি তুলিব পাৰি?
উত্তৰ: সদস্যসকলৰ মাজত সহানুভূতি, মৰম, সহায়-সহযোগিতা আৰু দায়িত্ববোধৰ জৰিয়তে সদ্ভাৱ গঢ়ি তোলা যায়।
(৩) ৰাইজে সমাজ গঠনত কেনেদৰে সহায় কৰে?
উত্তৰ: ৰাইজে পৰিস্কাৰ পৰিৱেশ, সুস্থ চিন্তাভাবনা আৰু সহযোগিতামূলক কাৰ্যৰ জৰিয়তে সমাজ গঠনত সহায় কৰে।
(৪) কিয় আমাক পৰিয়াল আৰু প্রতিবেশীৰ সৈতে সদায় ভাল সম্পৰ্ক ৰাখিব লাগে?
উত্তৰ: কাৰণ জীৱনত সহানুভূতি, সহায়-সহযোগিতা আৰু সুৰক্ষাৰ বাবে পৰিয়াল আৰু প্রতিবেশীয়ে বিশেষ ভূমিকা পালন কৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post