SCERT Class 6 Social Science Chapter 12 Answer 2026 | সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ | Lesson 12 | Class 6 Social Science | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

Chapter 12 – 

সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ 

অনুশীলনী – ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:

(ক) পৰিয়াল বুলিলে কি বুজা?

উত্তৰ: পৰিয়াল হৈছে সমাজৰ সৰু unit বা একক। এটি পৰিয়ালত একেটা ঘৰতে বাস কৰা অভিভাৱক, সন্তান আৰু আন কিছুমান আত্মীয়-স্বজন থাকে।

(খ) পৰিয়াল এটাত সদস্য কি কি প্রকাৰে যোগ হয়।

উত্তৰ: পৰিয়ালত সদস্য জন্ম, বিবাহ আৰু দত্তকৰ জৰিয়তে যোগ হয়।

(গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে।

উত্তৰ: পৰিয়াল এটাৰ সদস্যসকলে একে-অন্যক সহায় সহযোগিতা, আদৰ-স্নেহ আৰু মৰম প্ৰদান কৰিব লাগে।

(ঘ) ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?

উত্তৰ: ভাৰতীয় পৰম্পৰাত পৰিয়ালক ‘ঘৰ’ বুলি কোৱা হয়, যি আমাৰ জীৱনৰ আটাইতকৈ বিশেষ স্থান।

২. পৰিয়ালৰ পৰা আমি কি কি পাওঁ।

উত্তৰ: পৰিয়ালৰ পৰা আমি আদৰ-স্নেহ, মৰম, শিক্ষা, সহানুভূতি, সহায়-সহযোগিতা, দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ লাভ কৰোঁ।

অনুশীলনী – ২

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) প্রতিবেশী মানে কি?

উত্তৰ: আমি যিসকল মানুহৰ ওচৰত বাস কৰোঁ, তেওঁলোকেই আমাৰ প্রতিবেশী।

(খ) ৰাইজ বুলিলে কি বুজা।

উত্তৰ: এখন গাঁৱৰ বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে, এই সমাজত থকা সকলো মানুহক ৰাইজ বোলা হয়।

(গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসব উল্লেখ কৰা।

উত্তৰ:  (i) বিহু

(ii) ঈদ

(ঘ) সামুহিক গোটৰ এটা উদাহৰণ দিয়া।

উত্তৰ: নামঘৰ, মন্দিৰ, ভোজ, উৎসৱ, পুৰণি ঘৰৰ মাক-পিতালৈ সহায়—এইবোৰ সামুহিক গোটৰ উদাহৰণ।

৩. সমাজ এখন সুচাৰুৰূপে চলাত প্রতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।

উত্তৰ: সমাজৰ মানুহে একেলগে মিলি উৎসৱ উদযাপন কৰে, বিপদত সহায় কৰে আৰু দৈনন্দিন জীৱনত একে-অন্যক সহায়-সহযোগিতা কৰে। সেয়েহে সমাজ চলাবলৈ প্রতিবেশীৰ ভূমিকা গুৰুত্বপূর্ণ।

৪. অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰ: অসমত ৰাইজে নামঘৰ, ভোগালী ভোজ, উৎসৱ পালন, পুৰণি মানুহৰ যত্ন আদিৰ ক্ষেত্ৰত একেলগে মিলি কাম কৰে। ইয়ে সমাজত সৌহাৰ্দ্য আৰু সহযোগিতাৰ পৰিৱেশ সৃষ্টি কৰে।

Additional Question-Answer (অতিৰিক্ত প্ৰশ্ন-উত্তৰ)

(১) পৰিয়ালক সমাজৰ একক কিয় বোলা হয়?

উত্তৰ: পৰিয়ালত ল’ৰা-ছোৱালীয়ে প্ৰথম শিকি উঠে; সমাজৰ বাবে উপযুক্ত নাগৰিক হোৱাৰ পৰা আৰম্ভ হয় পৰিয়ালৰ পৰা। সেয়ে পৰিয়ালক সমাজৰ একক বোলা হয়।

(২) পৰিয়ালত সদ্ভাৱ কিদৰে গঢ়ি তুলিব পাৰি?

উত্তৰ: সদস্যসকলৰ মাজত সহানুভূতি, মৰম, সহায়-সহযোগিতা আৰু দায়িত্ববোধৰ জৰিয়তে সদ্ভাৱ গঢ়ি তোলা যায়।

(৩) ৰাইজে সমাজ গঠনত কেনেদৰে সহায় কৰে?

উত্তৰ: ৰাইজে পৰিস্কাৰ পৰিৱেশ, সুস্থ চিন্তাভাবনা আৰু সহযোগিতামূলক কাৰ্যৰ জৰিয়তে সমাজ গঠনত সহায় কৰে।

(৪) কিয় আমাক পৰিয়াল আৰু প্রতিবেশীৰ সৈতে সদায় ভাল সম্পৰ্ক ৰাখিব লাগে?

উত্তৰ: কাৰণ জীৱনত সহানুভূতি, সহায়-সহযোগিতা আৰু সুৰক্ষাৰ বাবে পৰিয়াল আৰু প্রতিবেশীয়ে বিশেষ ভূমিকা পালন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top