Chapter 2
সময়মণ্ডল আৰু মানচিত্ৰ
অনুশীলনী ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?
উত্তৰ: দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান ১ ঘণ্টা।
(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰ: পৃথিবীখনক ২৪ টা সময় মণ্ডলত ভাগ কৰা হৈছে।
(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?
উত্তৰ: ৮২° ৩০′ পূব দ্রাঘিমাৰেখাৰ সময়ক ভাৰতৰ মান সময় হিচাপে গ্ৰহণ কৰা হৈছে।
২. সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?
উত্তৰ: মুখ্য দ্রাঘিমাৰেখাৰ (o deg) সময়ৰ লগত প্রতি ১৫° দ্রাঘিমাংশৰ মূৰে মূৰে এক ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয়। মুখ্য দ্রাঘিমাৰেখাৰ
অনুশীলনী ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰ:মানচিত্র এখনৰ উপাদানকেইটা হ’ল- দিশ, দূৰত্ব, অবস্থান আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰ: প্ৰধান দিশ চাৰিটা হৈছে —
উত্তৰ (North)
দক্ষিণ (South)
পূব (East)
পশ্চিম (West)
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ: ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্রাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনী (Scale) বোলে।
২. কিছু ক্ষেত্রত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক?
উত্তৰ: গোলকৰ তুলনাত মানচিত্ৰ বেছি সুবিধাজনক, কাৰণ:
ই বহনযোগ্য আৰু সহজে ভাঁজিবলৈ পাৰি।
যিকোনো অংশ ডাঙৰকৈ দেখুওৱা যায়।
বিদ্যালয় বা দপ্তৰত সহজে টাঙি থ’ব পাৰি।
বিশদ তথ্য দেখুৱাবলৈ সুবিধা হয়।
৩. মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি?
উত্তৰ: মানচিত্ৰ নক্সা
এটা বৃহৎ অঞ্চল দেখুৱায় (দেশ, মহাদেশ)। এটা সৰু অঞ্চল দেখুৱায় (বন, ঘৰ, পথ)।
সাধাৰণভাৱে মাপনী সৰু হয়। মাপনী ডাঙৰ হয়।
বৃহৎ পৰিসৰৰ তথ্য থাকে। ক্ষুদ্ৰ পৰিসৰৰ বিস্তৃত তথ্য থাকে।
৪. মানচিত্ৰ অধ্যয়নৰ ক্ষেত্রত সাংকেতিক চিহ্নবোৰে কিদৰে সহয় কৰে?
উত্তৰ: সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিবীতে একে। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন কথা জানিব পাৰোঁ। কোনো এখন নতুন ঠাইলৈ গ’লে সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হ’ব পাৰে। তেতিয়া সেই ঠাইৰ মানচিত্র এখন উলিয়াই লৈ তাত থকা চিহ্নবোৰৰ সহায়ত প্রয়োজনীয় তথ্য জানিব পাৰি। গুৱাহাটী মহানগৰীৰ মানচিত্র এখন
উদাহৰণস্বৰূপে —
ৰেলপথ, জাতীয় পথ, বিদ্যালয়, নদী, পাহাৰ আদি সৰু সৰু চিহ্নৰ সহায়ত দেখুওৱা হয়।সেয়া মানচিত্ৰ পঢ়িবলৈ সহজ কৰি তোলে।