Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 7 Science Chapter 1 Question Answer Assamese Medium 2026 | আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Chapter 1 Question Answer| SCERT Class 7 Science Chapter 1 Question Answer, MCQs Answer, Text Book PDF

আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ?

(a) কাঠ জ্বলোৱা।
(b) লোত মামৰে ধৰা।
(c) বৰফ গলি যোৱা।
(d) গাখীৰ টেঙা হৈ যোৱা।

উত্তৰঃ (c) বৰফ গলি যোৱা।

(ii) তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন?

(a) ৰবৰ বেণ্ড টনা।
(b) পানী উতলোৱা।
(c) মেগনেছিয়ামৰ ফিতা জ্বলোৱা।
(d) কাগজ টুকুৰা টুকুৰ কৰা।

উত্তৰঃ (c) মেগনেছিয়ামৰ ফিতা জ্বলোৱা।

(iii) তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি?

(a) পানী গোট মৰা।
(b) পানীত চেনি দ্ৰৱীভূত কৰা।
(c) পানী উতলোৱা।
(d) কাগজ জ্বলোৱা।

উত্তৰঃ (d) কাগজ জ্বলোৱা।

(iv) তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে?

(a) সেমেকা ঠাইত সংৰক্ষণ কৰা।
(b) পৃষ্ঠখনত ৰং বা তেল সনা।
(c) সঘনাই পানীৰে ধোৱা।
(d) বৰষুণৰ সংস্পৰ্শলৈ অনা।

উত্তৰঃ (b) পৃষ্ঠখনত ৰং বা তেল সনা।


2. তলৰ কোনবোৰ উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্য?

(i) নতুন পদাৰ্থৰ সৃষ্টি হয়।
(ii) কোনো নতুন পদাৰ্থ উৎপন্ন নহয়।
(iii) সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী।
(iv) কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয়।

(a) (i) আৰু (iii)
(b) (ii) আৰু (iv)
(c) (i) আৰু (ii)
(d) (iii) আৰু (iv)

উত্তৰঃ (a) (i) আৰু (iii)


3. তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি।

(a) বৰফৰ টুকুৰা গলি যোৱা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব পাৰি।

(b) কাগজ জ্বলোৱা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি।

(c) বেলুন ফুলোৱা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব পাৰি।

(d) খাদ্য হজম হোৱা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি।

(e) ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব পাৰি।

(f) লোহাত মামৰে ধৰা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি।

(g) ৰবৰ বেণ্ড টনা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব পাৰি।

(h) কেক বেক কৰা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি।

(i) পেঞ্চিল জোঙা কৰা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি।

(j) পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা।
উত্তৰঃ প্ৰত্যাৱৰ্তন কৰিব পাৰি।


4. তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয়, সেইটো শুদ্ধকৈ লিখা।

(a) পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

উত্তৰঃ অশুদ্ধ। পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন।

(b) কাঠ জ্বলালে ছাই, কাৰ্বন ডাইঅক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয়।

উত্তৰঃ শুদ্ধ।

(c) কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন।

উত্তৰঃ শুদ্ধ।

(d) পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

উত্তৰঃ অশুদ্ধ। পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন।


5. খালী ঠাই পূৰ কৰা।

(a) লোহাত মামৰে ধৰাটো এটা ______ পৰিৱৰ্তন আৰু ইয়াক ______ কৰিব নোৱাৰি।

উত্তৰঃ ৰাসায়নিক, প্ৰত্যাৱৰ্তন।

(b) পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ______ পৰিৱৰ্তন, কাৰণ কোনো ______ পদাৰ্থ গঠন নহয়।

উত্তৰঃ ভৌতিক, নতুন।

(c) ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ______ পৰিৱৰ্তন।

উত্তৰঃ ৰাসায়নিক।

(d) মাখন গলি যোৱাটো এটা ______ পৰিৱৰ্তন, কিন্তু মাখন জ্বলোৱাটো এটা ______ পৰিৱৰ্তন।

উত্তৰঃ ভৌতিক, ৰাসায়নিক।


6. কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দৰ্শোৱা।

উত্তৰঃ নহয়, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নহয়। কাগজ ফালি পেলোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কেৱল কাগজৰ আকৃতি আৰু আকাৰ সলনি হয় আৰু কোনো নতুন পদাৰ্থ সৃষ্টি নহয়। কিন্তু কাগজ জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ইয়াত ছাই, কাৰ্বন ডাইঅক্সাইড আৰু জলীয় বাষ্পৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয়।


7. মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে? মামৰে ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন? ব্যাখ্যা কৰা।

উত্তৰঃ নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, কাৰণ লোহাই বায়ুত থকা অক্সিজেন আৰু আৰ্দ্ৰতাৰ লগত বিক্ৰিয়া কৰি মামৰ বা আইৰণ অক্সাইড নামৰ নতুন পদাৰ্থ গঠন কৰে। নতুন পদাৰ্থ সৃষ্টি হোৱা বাবে মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু ইয়াক সহজে পুনৰ আগৰ অৱস্থালৈ আনিব নোৱাৰি।


8. মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন? কিয়?

উত্তৰঃ মম গলাটো এটা ভৌতিক পৰিৱৰ্তন, আনহাতে মম জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন। মম গলিলে কেৱল ইয়াৰ অৱস্থা কঠিনৰ পৰা তৰললৈ সলনি হয় আৰু কোনো নতুন পদাৰ্থ সৃষ্টি নহয়। কিন্তু মম জ্বলিলে কাৰ্বন ডাইঅক্সাইড আৰু জলীয় বাষ্পৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয়।


9. তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে (ভৌতিক পৰিৱৰ্তন/ৰাসায়নিক পৰিৱৰ্তন)। তেখেতে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰে (ভৌতিক পৰিৱৰ্তন/ৰাসায়নিক পৰিৱৰ্তন)। পাছলৈ গুড় খুন্দি গুড়ি কৰে (ভৌতিক পৰিৱৰ্তন/ৰাসায়নিক পৰিৱৰ্তন)। কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য’ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি তৈয়াৰ কৰে (ভৌতিক পৰিৱৰ্তন/ৰাসায়নিক পৰিৱৰ্তন)। কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বন্ধনীত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা।

উত্তৰঃ কাহিনীটোৰ নামঃ কুঁহিয়াৰৰ পৰা চিকিলৈ।

একাদিক্ৰমে শুদ্ধ বিকল্পবোৰ হ’ল—
ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন।


10. ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে। ভৌতিক পৰিৱৰ্তনবোৰ ‘A’, ৰাসায়নিক পৰিৱৰ্তনবোৰ ‘B’ আৰু ভৌতিক আৰু ৰাসায়নিক দুয়োবিধ পৰিৱৰ্তনক ‘C’ ৰে চিহ্নিত কৰা।

(i) গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিণত কৰা।
উত্তৰঃ A

(ii) উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া।
উত্তৰঃ B

(iii) সোণ গলি যোৱা।
উত্তৰঃ A

(iv) কাগজ জ্বলোৱা।
উত্তৰঃ B

(v) কাঁচৰ বটল ভাঙি যোৱা।
উত্তৰঃ A

(vi) জলীয় বাষ্প ঘনীভূত হোৱা।
উত্তৰঃ A

(vii) ভাত ৰন্ধা।
উত্তৰঃ B

(viii) জুইশলাৰ কাঠী জ্বলোৱা।
উত্তৰঃ B


11. ৰৱিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদাৰ্থ মিহলি কৰিলে কাৰ্বন ডাইঅক্সাইড গেছ নিৰ্গত হয়। তেওঁ তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছিল।

(a) বেকিং ছ’ডা + নেমুৰ ৰস
(b) চেনি + পানী
(c) ভিনেগাৰ + কাপোৰ ধোৱা ছ’ডা
(d) নিমখ + পানী

প্ৰতিটো ক্ষেত্ৰতে নিৰ্গত হোৱা গেছ তেওঁ চূণপানীৰ মাজেৰে প্ৰবাহিত কৰিছিল। কোনবোৰৰ ক্ষেত্ৰত চূণপানী গাখীৰৰ দৰে বগা হ’ব? এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰে কাৰণটো লিখা।

উত্তৰঃ (a) আৰু (c)-ৰ ক্ষেত্ৰত চূণপানী গাখীৰৰ দৰে বগা হ’ব। কাৰণ এই দুয়োটা ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ কাৰ্বন ডাইঅক্সাইড গেছ উৎপন্ন হয়।

কাৰ্বন ডাইঅক্সাইডে চূণপানীৰ লগত বিক্ৰিয়া কৰি কেলচিয়াম কাৰ্বনেট উৎপন্ন কৰে। কেলচিয়াম কাৰ্বনেটৰ বাবে চূণপানী গাখীৰৰ দৰে বগা হয়।

ৰাসায়নিক বিক্ৰিয়াঃ

Ca(OH)₂ + CO₂ → CaCO₃ + H₂O

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership