Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 7 Science Chapter 2 Question Answer Assamese Medium 2026 | বিদ্য়ুৎ, বৈদ্য়ুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশমূহ Chapter 2 Question Answer| SCERT Class 7 Science Chapter 2 Question Answer, MCQs Answer, Text Book PDF

বিদ্য়ুৎ, বৈদ্য়ুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশমূহ

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ পাৰ হ’বলৈ দিব?

(ক) দিয়াচলাই কাঠী।
(খ) প্লাষ্টিকৰ ফণি।
(গ) মোহৰা ৰবৰ।
(ঘ) লোৰ গজাল।

উত্তৰঃ (ঘ) লোৰ গজাল।

(ii) বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি?

(ক) পৰিবাহী।
(খ) ছুইচ।
(গ) প্ৰৱাহ।
(ঘ) মেৰু।

উত্তৰঃ (খ) ছুইচ।

(iii) তলৰ কোনটো অন্তৰক?

(ক) তাম।
(খ) পাৰা।
(গ) কাঁচ।
(ঘ) সোণ।

উত্তৰঃ (গ) কাঁচ।

(iv) বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়?

(ক) সীহ।
(খ) সোণ।
(গ) তাম।
(ঘ) টাংষ্টেন।

উত্তৰঃ (ঘ) টাংষ্টেন।

(v) বৈদ্যুতিক বৰ্তনীৰ ছুইচটো ‘অফ’ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি?

(ক) বন্ধ বৰ্তনী।
(খ) শ্বৰ্ট চাৰ্কিট।
(গ) মুক্ত বৰ্তনী।
(ঘ) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (গ) মুক্ত বৰ্তনী।

(vi) বৈদ্যুতিক বৰ্তনীৰ ছুইচটো ‘অন’ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি?

(ক) শ্বৰ্ট চাৰ্কিট।
(খ) বন্ধ বৰ্তনী।
(গ) মুক্ত বৰ্তনী।
(ঘ) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (খ) বন্ধ বৰ্তনী।


2. খালী ঠাই পূৰ কৰা।

(i) দুই বা ততোধিক কোষৰ সংমিশ্ৰণক __________ বুলি কোৱা হয়।

উত্তৰঃ দুই বা ততোধিক কোষৰ সংমিশ্ৰণক বেটাৰী বুলি কোৱা হয়।

(ii) আমাৰ শৰীৰটো বিদ্যুতৰ __________।

উত্তৰঃ আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী।

(iii) বৈদ্যুতিক কোষ এটাত __________ টা টাৰ্মিনেল থাকে।

উত্তৰঃ বৈদ্যুতিক কোষ এটাত দুটা টাৰ্মিনেল থাকে।

(iv) বিদ্যুৎ কেৱল __________ বৰ্তনী এটাতহে প্ৰৱাহিত হ’ব।

উত্তৰঃ বিদ্যুৎ কেৱল বন্ধ বৰ্তনী এটাতহে প্ৰৱাহিত হ’ব।

(v) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ দিয়ে সেইবোৰক __________ বোলা হয়।

উত্তৰঃ যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ দিয়ে সেইবোৰক পৰিবাহী বোলা হয়।

(vi) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ নিদিয়ে সেইবোৰক __________ বোলা হয়।

উত্তৰঃ যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ নিদিয়ে সেইবোৰক অন্তৰক বোলা হয়।

(vii) বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক __________ বুলি কোৱা হয়।

উত্তৰঃ বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ফিলামেণ্ট বুলি কোৱা হয়।

(viii) বৈদ্যুতিক __________ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।

উত্তৰঃ বৈদ্যুতিক বৰ্তনী হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।

(ix) __________ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।

উত্তৰঃ টেষ্টাৰ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।


3. তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা।

(i) বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপীটো হৈছে ধনাত্মক মেৰু।

উত্তৰঃ সঁচা।

(ii) এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয়।

উত্তৰঃ সঁচা।

(iii) বেটাৰিৰ এটা গোটক কোষ বুলি কোৱা হয়।

উত্তৰঃ মিছা।

(iv) অন্তৰকে বিদ্যুৎ প্ৰৱাহ তাৰ মাজেৰে পাৰ হ’বলৈ দিয়ে।

উত্তৰঃ মিছা।

(v) এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে।

উত্তৰঃ মিছা।

(vi) যি বৰ্তনীত বৈদ্যুতিক প্ৰৱাহৰ পথ বিচ্ছিন্ন হৈ থাকে, সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয়।

উত্তৰঃ সঁচা।

(vii) প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী।

উত্তৰঃ মিছা।


4. তলত দিয়া কথাবোৰ মিলোৱা।

স্তম্ভ-I

(i) বৈদ্যুতিক কোষ
(ii) বৈদ্যুতিক ছুইচ
(iii) বন্ধ বৰ্তনী
(iv) ফিলামেণ্ট

স্তম্ভ-II

(a) ই হৈছে এক সৰল আহিলা যিয়ে বৰ্তনীটো সম্পূৰ্ণ কৰে বা বিচ্ছিন্ন কৰে।
(b) এবিধ আহিলা যিয়ে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।
(c) পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাঁৰ।
(d) যি বৰ্তনীত বৈদ্যুতিক প্ৰৱাহৰ পথ সম্পূৰ্ণ হৈ থাকে।

উত্তৰঃ
(i) — (b)
(ii) — (a)
(iii) — (d)
(iv) — (c)


5. চিত্ৰ (a) আৰু (b)-ত—

(i) যদি S₁ ‘অন’ অৱস্থাত আৰু S₂ ‘অফ’ অৱস্থাত থাকে, কোনটো/কোনকেইটা বাল্ব জ্বলিব?

উত্তৰঃ
(a) এটাও বাল্ব নজ্বলিব।
(b) L₁ জ্বলিব।

(ii) যদি S₁ ‘অফ’ অৱস্থাত আৰু S₂ ‘অন’ অৱস্থাত থাকে, কোনটো/কোনকেইটা বাল্ব জ্বলিব?

উত্তৰঃ
(a) এটাও বাল্ব নজ্বলিব।
(b) এটাও বাল্ব নজ্বলিব।

(iii) যদি S₁ আৰু S₂ দুয়োটা ‘অন’ অৱস্থাত থাকে, কোনটো/কোনকেইটা বাল্ব জ্বলিব?

উত্তৰঃ
(a) দুয়োটা বাল্বেই জ্বলিব।
(b) দুয়োটা বাল্বেই জ্বলিব।

(iv) যদি S₁ আৰু S₂ দুয়োটা ‘অফ’ অৱস্থাত থাকে, কোনটো/কোনকেইটা বাল্ব জ্বলিব?

উত্তৰঃ
(a) এটাও বাল্ব নজ্বলিব।
(b) এটাও বাল্ব নজ্বলিব।


6. ডইথনে চিত্ৰত দেখুওৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। ছুইচটো ‘অন’ ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নুঠে। এই ত্ৰুটিপূৰ্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ’ব পাৰে?

উত্তৰঃ এই ত্ৰুটিপূৰ্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণবোৰ হ’ল—

(i) বৈদ্যুতিক চাকিটো ফিউজ হৈ থাকিব পাৰে।
(ii) বৰ্তনীত তাঁৰবোৰ ঢিলাকৈ সংযোগ হৈ থাকিব পাৰে।
(iii) কোষবোৰৰ কাৰ্যক্ষমতা শেষ হৈ থাকিব পাৰে।


7. চিত্ৰৰ কোনটো ক্ষেত্ৰত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব?

উত্তৰঃ (c)


8. ‘+’ আৰু ‘–’ চিহ্নৰে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া।

উত্তৰঃ বেটাৰিৰ দুটা মেৰু চিনাক্ত কৰিবলৈ বেটাৰিৰ দুয়োটা মেৰুৰ লগত পৃথকে পৃথকে দুডাল তাঁৰ সংযোগ কৰিব লাগে। তাৰ পিছত এডাল তাঁৰৰ মুক্ত মূৰটো এল.ই.ডি.-ৰ ধনাত্মক মেৰুৰ লগত আৰু আনডাল তাঁৰৰ মুক্ত মূৰটো এল.ই.ডি.-ৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিব লাগে। যদি এল.ই.ডি.টো জ্বলি উঠে, তেন্তে এল.ই.ডি.-ৰ ধনাত্মক মেৰুৰ লগত সংযুক্ত বেটাৰিৰ মেৰুটো ধনাত্মক আৰু আনটো মেৰু ঋণাত্মক।


9. এটা এল.ই.ডি. জ্বলিবলৈ শ্ৰেণীবদ্ধভাৱে সংযুক্ত দুটা কোষৰ প্ৰয়োজন। চিত্ৰলেখাই চিত্ৰত দেখুওৱাৰ দৰে বৰ্তনীটো সজাই উলিয়াইছিল। বাল্বটো জ্বলিবনে? যদি নজ্বলে, সঠিক সংযোগৰ বাবে বৰ্তনীটো আঁকা।

উত্তৰঃ বাল্বটো নজ্বলিব।

সঠিক সংযোগৰ বাবে কোষ দুটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব, অৰ্থাৎ এটা কোষৰ ধনাত্মক মেৰু আনটো কোষৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিব লাগিব। তাৰ পিছত এল.ই.ডি.-ৰ ধনাত্মক আৰু ঋণাত্মক মেৰু সঠিকভাৱে সংযোগ কৰিব লাগিব।


10. প্ৰদত্ত বৰ্তনীবোৰত কি ভুল আছে বিচাৰি উলিওৱা। প্ৰতিটো বৰ্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সৰল লেবেলযুক্ত নক্সা আঁকা।

উত্তৰঃ প্ৰথম বৰ্তনীটোত দুয়োটা কোষৰ ধনাত্মক মেৰু একেলগে সংযোগ কৰা হৈছে, যিটো ভুল। এটা কোষৰ ধনাত্মক মেৰু আনটো কোষৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰিব লাগে।

দ্বিতীয় বৰ্তনীটোত এল.ই.ডি.-ৰ মেৰুবোৰ ভুলকৈ সংযোগ কৰা হৈছে। এল.ই.ডি.-ৰ ধনাত্মক মেৰু বেটাৰিৰ ধনাত্মক ফালৰ লগত আৰু ঋণাত্মক মেৰু বেটাৰিৰ ঋণাত্মক ফালৰ লগত সঠিকভাৱে সংযোগ কৰিব লাগে।


11. তোমাৰ ঘৰত ছুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাতমোজা পিন্ধে?


উত্তৰঃ
ইলেক্ট্ৰিচিয়ানসকলে বৈদ্যুতিক ছুইচ মেৰামতি কৰোঁতে ৰবৰৰ হাতমোজা পিন্ধে, কাৰণ ৰবৰ বিদ্যুতৰ কু-পৰিবাহী বা অন্তৰক। ই বিদ্যুৎ প্ৰৱাহক শৰীৰৰ মাজেৰে পাৰ হ’বলৈ বাধা দিয়ে আৰু বিদ্যুৎ আঘাতৰ পৰা সুৰক্ষা দিয়ে।


12. বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও ই বিপজ্জনকো হ’ব পাৰে, কেনেকৈ? এই বিষয়ে দলত আলোচনা কৰা।

উত্তৰঃ বিদ্যুৎ আমাৰ দৈনন্দিন জীৱনত অতি উপযোগী, কিন্তু ই বিপজ্জনকো হ’ব পাৰে। মানুহৰ শৰীৰ বিদ্যুতৰ পৰিবাহী। সেয়ে কোনো ব্যক্তিয়ে জীৱন্ত বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰিলে বিদ্যুৎ প্ৰৱাহ শৰীৰৰ মাজেৰে পাৰ হ’ব পাৰে। ইয়াৰ ফলত গুৰুতৰ আঘাত, পোৰা, বিদ্যুৎ আঘাত আৰু কেতিয়াবা মৃত্যুও ঘটিব পাৰে। সেয়ে বিদ্যুৎ সদায় সাৱধানতাৰে ব্যৱহাৰ কৰিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership