প্ৰকৃতিলভ্য় আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য়
অনুশীলনী
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা আৰু ই নীলা হৈ গ’ল। তলৰ কোনটো দ্ৰৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব?
(a) বেকিং ছ’ডা।
(b) ভিনেগাৰ।
(c) চূণ পানী।
(d) চাবোন পানী।
উত্তৰঃ (b) ভিনেগাৰ।
(ii) বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3 বিধ দ্ৰৱৰ পৰীক্ষা কৰা হ’ল। ‘A’-য়ে ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, ‘B’-য়ে হালধিৰ দ্ৰৱক ৰঙচুৱা-মুগা ৰঙলৈ পৰিৱৰ্তন কৰিলে আৰু ‘C’-য়ে ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰিলে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে?
(a) A — আম্লিক, B — আম্লিক, C — আম্লিক।
(b) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — আম্লিক।
(c) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়।
(d) A — প্ৰশম, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়।
উত্তৰঃ (c) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়।
(iii) তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ’ব?
(a) ৰঙা গোলাপৰ আৰক।
(b) হালধি।
(c) বেঙুনীয়া বন্ধাকবি।
(d) লিটমাছ পেপাৰ।
উত্তৰঃ (a) ৰঙা গোলাপৰ আৰক।
(iv) এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আম্লিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব?
(a) ভিনেগাৰ।
(b) চূণ।
(c) সাধাৰণ নিমখ।
(d) নেমুটেঙাৰ ৰস।
উত্তৰঃ (b) চূণ।
2. ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং ছ’ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ ৰঙা পৰুৱাই কামুৰিলে ছালত ফৰ্মিক এছিড নামৰ এবিধ অম্ল এৰি দিয়ে, যাৰ ফলত বিষ আৰু জ্বলা-পোৰা অনুভৱ হয়। বেকিং ছ’ডা এবিধ মৃদু ক্ষাৰকীয় পদাৰ্থ। সেয়ে পানী মিহলোৱা বেকিং ছ’ডা লগালে ই অম্লখিনি প্ৰশমিত কৰি বিষ আৰু জ্বলা-পোৰা কমোৱাত সহায় কৰে।
3. সূচক আৰু ইয়াৰ ৰং মিলোৱা।
| সূচক | অম্লত | ক্ষাৰকত |
|---|---|---|
| ৰঙা লিটমাছ পেপাৰ | ||
| হালধিৰ দ্ৰৱ | ||
| ৰঙা গোলাপৰ আৰক |
উত্তৰঃ
| সূচক | অম্লত | ক্ষাৰকত |
|---|---|---|
| ৰঙা লিটমাছ পেপাৰ | ৰঙা | নীলা |
| হালধিৰ দ্ৰৱ | হালধীয়া | ৰঙচুৱা-মুগা |
| ৰঙা গোলাপৰ আৰক | ৰঙা | সেউজীয়া |
4. ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে— চাবোন পানী দিয়া হ’ল। দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পৰ্যৱেক্ষণ কৰিব লাগিব?
উত্তৰঃ চাবোন পানী এবিধ ক্ষাৰকীয় দ্ৰৱ। সেয়ে ৰবিয়ে হালধিৰ কাগজ টুকুৰাত চাবোন পানী দিলে কাগজখনৰ হালধীয়া ৰং ৰঙচুৱা-মুগা ৰঙলৈ পৰিৱৰ্তিত হোৱা পৰ্যৱেক্ষণ কৰিব।
5. তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰৱ্য ছটিয়াই দিলেহে দেখা পোৱা যায়। কোনবিধ প্ৰাকৃতিক দ্ৰৱ বাৰ্তাটো লিখোঁতে ব্যৱহাৰ কৰিবা? কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা? এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা।
উত্তৰঃ গোপন বাৰ্তাটো লিখিবলৈ চাবোন পানী ব্যৱহাৰ কৰিব পাৰি আৰু বাৰ্তাটো প্ৰকাশ কৰিবলৈ হালধিৰ দ্ৰৱ ব্যৱহাৰ কৰিব পাৰি।
পৰীক্ষাৰ চানেকিঃ এখন বগা কাগজত চাবোন পানীৰে গোপন বাৰ্তাটো লিখি শুকুৱাই ল’ব লাগে। লিখাটো শুকাই গ’লে বাৰ্তাটো সহজে দেখা নাযাব। তাৰ পিছত কাগজখনৰ ওপৰত হালধিৰ দ্ৰৱ ছটিয়াই দিলে চাবোন পানীৰে লিখা আখৰবোৰ ৰঙচুৱা-মুগা ৰঙৰ হৈ উঠিব আৰু গোপন বাৰ্তাটো স্পষ্টকৈ দেখা যাব।
6. এবিধ দ্ৰৱই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা? ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ’ব?
উত্তৰঃ দ্ৰৱটোৰ প্ৰকৃতি ক্ষাৰকীয়, কাৰণ ক্ষাৰকীয় দ্ৰৱত নীলা অপৰাজিতা আৰক সেউজীয়া হয়। ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰৰ দৰে আম্লিক দ্ৰৱ যোগ কৰিলে ক্ষাৰকীয়তা কমি যাব। পৰিমাণ অনুসৰি আৰকটোৰ ৰং সেউজীয়াৰ পৰা পুনৰ নীলা আৰু অধিক অম্লীয় হ’লে বেঙুনীয়া বা গুলপীয়া ৰঙলৈ পৰিৱৰ্তিত হ’ব পাৰে।
7. তলৰ তালিকাখন পূৰ্ণ কৰা।
| লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য | ছটিয়াই দিয়া দ্ৰব্য | দেখিবলৈ পোৱা ৰং |
|---|---|---|
| চাবোন পানী | হালধিৰ দ্ৰৱ | |
| ভিনেগাৰ | ৰঙা বন্ধাকবিৰ আৰক | |
| বেকিং ছ’ডা | ৰঙা গোলাপৰ আৰক |
উত্তৰঃ
| লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য | ছটিয়াই দিয়া দ্ৰব্য | দেখিবলৈ পোৱা ৰং |
|---|---|---|
| চাবোন পানী | হালধিৰ দ্ৰৱ | ৰঙচুৱা-মুগা |
| ভিনেগাৰ | ৰঙা বন্ধাকবিৰ আৰক | ৰঙা |
| বেকিং ছ’ডা | ৰঙা গোলাপৰ আৰক | সেউজীয়া |
8. ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং ৰঙচুৱা হয়। এই দ্ৰৱত যদি বেকিং ছ’ডা মিহলোৱা হয় তেন্তে কি হ’ব? কাৰণ দৰ্শোৱা।
উত্তৰঃ দ্ৰৱটোত বেকিং ছ’ডা মিহলালে প্ৰথমে আঙুৰৰ ৰসত থকা অম্ল প্ৰশমিত হ’ব। যথেষ্ট পৰিমাণে বেকিং ছ’ডা যোগ কৰিলে দ্ৰৱটো ক্ষাৰকীয় হৈ পৰিব আৰু ৰঙা গোলাপৰ আৰকৰ ৰং সেউজীয়া হ’ব। ইয়াৰ কাৰণ হ’ল বেকিং ছ’ডা ক্ষাৰকীয় প্ৰকৃতিৰ আৰু ৰঙা গোলাপৰ আৰক এবিধ প্ৰাকৃতিক সূচক।
9. তলৰ কোনটো দ্ৰৱ হালধিসনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা।
(a) নেমুটেঙাৰ ৰস।
(b) চাবোন পানী।
(c) গাখীৰ।
(d) ভিনেগাৰ।
উত্তৰঃ (b) চাবোন পানী। চাবোন পানীৰ প্ৰকৃতি ক্ষাৰকীয়। হালধিয়ে ক্ষাৰকৰ সংস্পৰ্শত আহিলে ইয়াৰ হালধীয়া ৰং ৰঙচুৱা-মুগা ৰঙলৈ পৰিৱৰ্তিত হয়। সেয়ে হালধিসনা কাগজত বাৰ্তা প্ৰকাশ কৰিবলৈ চাবোন পানী ব্যৱহাৰ কৰিব পাৰি।
10. তোমাৰ হাতত হালধিসনা কাগজ আৰু তিনিবিধ দ্ৰৱ আছে। কোনকেইটা দ্ৰৱই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।
(a) চেনিৰ পানী।
(b) নেমুটেঙাৰ ৰস।
(c) বেকিং ছ’ডা।
উত্তৰঃ (a) চেনিৰ পানী আৰু (b) নেমুটেঙাৰ ৰসে হালধিসনা কাগজৰ ৰং সলনি নকৰে। কাৰণ চেনিৰ পানী প্ৰশম আৰু নেমুটেঙাৰ ৰস আম্লিক প্ৰকৃতিৰ। হালধিয়ে ক্ষাৰকীয় দ্ৰৱৰ সংস্পৰ্শত আহিলেহে হালধীয়াৰ পৰা ৰঙচুৱা-মুগা ৰঙলৈ পৰিৱৰ্তিত হয়।
11. তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা। তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মচলাৰ নাম লিখা। সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা।
উত্তৰঃ ঘৰতে প্ৰস্তুত কৰিব পৰা এটা প্ৰাকৃতিক সূচক হ’ল ৰঙা গোলাপৰ পাহিৰ আৰক। প্ৰথমে কেইটামান ৰঙা গোলাপৰ পাহি সংগ্ৰহ কৰি ভালদৰে পানীৰে ধুব লাগে। তাৰ পিছত অলপ পানীৰ সৈতে পাহিবোৰ পিহি বা খুন্দি তাৰ ৰঙীন আৰক উলিয়াব লাগে। এই আৰক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
ৰঙা গোলাপৰ আৰকে আম্লিক দ্ৰৱত ৰঙা বা গুলপীয়া ৰং আৰু ক্ষাৰকীয় দ্ৰৱত সেউজীয়া ৰং ধাৰণ কৰে।
12. ৰিয়াই হালধিৰ কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গ’ল। তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধিৰ কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ’ল। প্ৰক্ৰিয়াটো কি?
উত্তৰঃ প্ৰক্ৰিয়াটো হ’ল প্ৰশমন।
13. তলত দিয়া পৰিস্থিতিবোৰ পৰ্যৱেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা।
ৰাহুলে মেলাত গৈ মচলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল।
(a) তেওঁৰ পেটত অত্যধিক __________ উৎপন্ন হোৱাৰ বাবে এনে হৈছিল।
উত্তৰঃ হাইড্ৰ’ক্লৰিক এছিড।
(b) পেটত অত্যধিক অম্ল উৎপন্ন হ’লে __________ অৱস্থাৰ সৃষ্টি হয়।
উত্তৰঃ এছিডিটি।
(c) সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে __________ নামৰ ঔষধ তাক খাবলৈ দিলে।
উত্তৰঃ মিল্ক অৱ মেগনেছিয়া।
(d) এই ঔষধ এবিধ __________ (অম্ল/ক্ষাৰক)।
উত্তৰঃ ক্ষাৰক।
(e) ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে। এই প্ৰক্ৰিয়াটো হ’ল __________।
উত্তৰঃ প্ৰশমন।
(f) ই __________ আৰু __________ প্ৰস্তুত কৰি সকাহ আনে।
উত্তৰঃ লৱণ আৰু পানী।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post