কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন
অনুশীলনী
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা-ভঙা ধৰণৰ হ’বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি?
(a) অনুপ স্বাস্থ্যৱান নহয়।
(b) ইকবালে কেতিয়াও এই পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে।
(c) কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।
(d) কৈশোৰত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল’ৰাৰ ক্ষেত্ৰতহে ঘটে।
উত্তৰঃ (c) কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।
(ii) তলৰ কোনটো ল’ৰাৰ গৌণ যৌন চৰিত্ৰ?
(a) বহল নিতম্ব।
(b) ঋতুস্ৰাৱৰ আৰম্ভণি।
(c) মুখমণ্ডলত নোমৰ বিকাশ।
(d) স্তনৰ বিকাশ।
উত্তৰঃ (c) মুখমণ্ডলত নোমৰ বিকাশ।
(iii) ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্ৰান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত?
(a) অকলশৰে থকা উচিত।
(b) অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত।
(c) সংগীত বা ক্ৰীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।
(d) সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত।
উত্তৰঃ (c) সংগীত বা ক্ৰীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।
(iv) কৈশোৰকালত ডিজিটেল সঁজুলিৰ অত্যধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ’ব পাৰে?
(a) টোপনি ভাল হ’ব পাৰে।
(b) স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।
(c) কিশোৰ-কিশোৰীসকলক অধিক সামাজিক কৰি তুলিব পাৰে।
(d) পঢ়া-শুনাত মনোযোগ বৃদ্ধি হ’ব পাৰে।
উত্তৰঃ (b) স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।
2. খালী ঠাই পূৰ কৰা।
(i) __________ হৈছে জীৱনৰ সেই পৰ্যায় য’ত এজন কিশোৰ বা কিশোৰীৰ শৰীৰত আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তন ঘটি প্ৰজননক্ষম প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হয়।
উত্তৰঃ যৌৱনাৰম্ভ (Puberty) হৈছে জীৱনৰ সেই পৰ্যায় য’ত এজন কিশোৰ বা কিশোৰীৰ শৰীৰত আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তন ঘটি প্ৰজননক্ষম প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হয়।
(ii) __________ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়।
উত্তৰঃ গৌণ যৌন চৰিত্ৰ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়।
3. নিম্নলিখিত বিবৃতিসমূহ সত্য [স] নে অসত্য [অ] উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা।
(i) শৰীৰত কেশ বা নোম বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ বাবে বেলেগ বেলেগ হয়।
উত্তৰঃ সত্য।
কাৰণঃ নোমৰ বৃদ্ধি হৰম’ন আৰু শৰীৰৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে। এই বিকাশ ব্যক্তিভেদে বেলেগ বেলেগ হোৱা বাবে নোম বৃদ্ধিৰ সময় আৰু ধৰণো ভিন্ন হয়।
(ii) ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম-কাজবোৰ কৰিব পাৰে।
উত্তৰঃ সত্য।
কাৰণঃ ঋতুস্ৰাৱ এটা স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। উপযুক্ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যত্ন বজাই ৰাখিলে ছোৱালীয়ে দৈনন্দিন কাম-কাজ স্বাভাৱিকভাৱে কৰিব পাৰে।
(iii) মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি চলি থাকে।
উত্তৰঃ অসত্য।
কাৰণঃ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি নচলে। সাধাৰণতে 45ৰ পৰা 55 বছৰ বয়সৰ ভিতৰত ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হয়। এই অৱস্থাক ৰজোনিবৃত্তি বোলা হয়।
4. তলৰ শব্দ শৃংখলটো সমাধান কৰা।
থিয়কৈ
1. চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ।
উত্তৰঃ ধঁপাত।
3. ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য।
উত্তৰঃ চাইবাৰ বুলিং।
4. কৈশোৰকালত ছালত তৈলাক্ত পদাৰ্থ অধিক নিঃসৰণ হৈ ৰন্ধ্ৰ বন্ধ হোৱাৰ ফলত হোৱা সাধাৰণ ছালৰ সমস্যা।
উত্তৰঃ ব্ৰণ।
5. ঋতুস্ৰাৱক সাধাৰণ ভাষাত __________ বুলি জনা যায়।
উত্তৰঃ মাহেকীয়া।
6. ঋতুচক্ৰৰ যি দশাত কিশোৰীৰ দেহৰ পৰা তেজ নিৰ্গত হয়।
উত্তৰঃ ঋতুস্ৰাৱ।
8. শৰীৰত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰকালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে।
উত্তৰঃ হৰম’ন।
পথালিকৈ
2. খাদ্যত থকা এবিধ খনিজ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে।
উত্তৰঃ আইৰন বা লৌহ।
7. মহিলাৰ জীৱনৰ সেই পৰ্যায় য’ত ঋতুস্ৰাৱ স্বাভাৱিকভাৱে বন্ধ হৈ পৰে।
উত্তৰঃ ৰজোনিবৃত্তি।
9. বাল্যকাল আৰু প্ৰাপ্তবয়স্ককালৰ মাজৰ জীৱনৰ বিশেষ পৰ্যায় __________।
উত্তৰঃ কৈশোৰকাল।
10. শৰীৰ প্ৰজননক্ষম প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱাৰ পৰ্যায়।
উত্তৰঃ যৌৱনাৰম্ভ।
5. স্তম্ভ A-ৰ সৈতে স্তম্ভ B মিলোৱা।
| স্তম্ভ A | স্তম্ভ B |
|---|---|
| (a) ডিঙিৰ ঘটিকা | (i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন |
| (b) ঋতুচক্ৰ | (ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী |
| (c) মেজাজৰ পৰিৱৰ্তন | (iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে |
| (d) ছেনিটেৰী পেড | (iv) কিশোৰীৰ দেহত সাধাৰণতে প্ৰায় 28-30 দিনৰ ব্যৱধানত পুনৰাবৃত্তি হোৱা প্ৰক্ৰিয়া, যিয়ে শৰীৰক সম্ভাৱ্য গৰ্ভধাৰণৰ বাবে প্ৰস্তুত কৰে |
| (e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ | (v) কিশোৰ ল’ৰাৰ স্বৰযন্ত্ৰৰ বৃদ্ধি |
উত্তৰঃ
(a) — (v)
(b) — (iv)
(c) — (i)
(d) — (ii)
(e) — (iii)
6. কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ’ব পাৰে?
উত্তৰঃ কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰৰ ভিতৰত সৃষ্টিশীল আৰু ক্ৰীড়ামূলক কাৰ্যত আগ্ৰহ বৃদ্ধি, অনুভৱ প্ৰকাশৰ ধৰণত পৰিৱৰ্তন, সহজে বিৰক্ত হোৱা, কেতিয়াবা অকলশৰীয়াকৈ থাকিবলৈ ভাল পোৱা আৰু আনৰ সৈতে কথা পাতিবলৈ অনিচ্ছা প্ৰকাশ কৰা আদি অন্তৰ্ভুক্ত।
7. কৈশোৰকালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
উত্তৰঃ কৈশোৰকালত সুষম আহাৰ অতি গুৰুত্বপূৰ্ণ, কাৰণ এই সময়ত শৰীৰৰ দ্ৰুত বৃদ্ধি আৰু বিকাশ ঘটে। উপযুক্ত পুষ্টিয়ে স্বাস্থ্যকৰ শাৰীৰিক বৃদ্ধি, মানসিক বিকাশ আৰু সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।
8. কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ দেখুওৱাটো কিয় গুৰুত্বপূৰ্ণ?
উত্তৰঃ কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ দেখুওৱাটো গুৰুত্বপূৰ্ণ, কাৰণ এইবোৰে মানসিক চাপ কমায়, মন সতেজ ৰাখে, সৃষ্টিশীলতা বৃদ্ধি কৰে আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে।
9. চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি?
উত্তৰঃ চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণ হ’ল—
(i) অনুমতি নোলোৱাকৈ আনৰ ব্যক্তিগত তথ্য, ফটো বা ভিডিঅ’ শ্বেয়াৰ কৰা।
(ii) ভয় দেখুওৱা, অপমানজনক বা হাৰাশাস্তিমূলক বাৰ্তা পঠিওৱা।
(iii) আনৰ বিষয়ে মিছা গুজৱ বা ভুল তথ্য অনলাইনত বিয়পোৱা।
(iv) সামাজিক মাধ্যম বা আন অনলাইন প্লেটফৰ্মত অপমানজনক বা অশোভন মন্তব্য পোষ্ট কৰা।
11. ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক’লে যে তেওঁ দৈনন্দিন কাম-কাজত অংশগ্ৰহণ বা পাকঘৰত প্ৰৱেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসহে; কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ এই বিশ্বাস এটা অন্ধবিশ্বাস, কাৰণ ঋতুস্ৰাৱ ছোৱালীৰ শৰীৰত হোৱা এটা স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। ঋতুস্ৰাৱ হোৱাৰ বাবে ছোৱালী এগৰাকী অপবিত্ৰ বা দৈনন্দিন কাম-কাজৰ বাবে অনুপযুক্ত নহয়। উপযুক্ত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যত্ন বজাই ৰাখিলে ঋতুস্ৰাৱৰ সময়তো স্বাভাৱিক কাম-কাজ কৰিব পাৰি।
ৰীমাই শান্তভাৱে আইতাকক ঋতুস্ৰাৱৰ বৈজ্ঞানিক সত্যবোৰ বুজাই কোৱা উচিত আৰু সন্মানজনকভাৱে এই বিষয়ে আলোচনা কৰা উচিত। লগতে তেওঁ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি, উপযুক্ত ঋতুস্ৰাৱজনিত স্বাস্থ্যসামগ্ৰী ব্যৱহাৰ কৰি আত্মবিশ্বাসেৰে দৈনন্দিন কাম-কাজ চলাই যোৱা উচিত।
12. ৰীমাই মাহেকীয়াৰ সময়ত ছেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত ছেনিটেৰী পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।
(i) ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা।
উত্তৰঃ ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ অভ্যাস হ’ল তেওঁ ঋতুস্ৰাৱৰ সময়ত ছেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সলনি কৰে। এটা অস্বাস্থ্যকৰ অভ্যাস হ’ল তেওঁ ব্যৱহৃত ছেনিটেৰী পেড কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।
(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা।
উত্তৰঃ ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ, কাৰণ ই সংক্ৰমণৰ আশংকা কমায়, শৰীৰ পৰিষ্কাৰ আৰু আৰামদায়ক ৰাখে আৰু কিশোৰীসকলক সুস্থ আৰু আত্মবিশ্বাসী হৈ থাকিবলৈ সহায় কৰে।
(iii) ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসম্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া।
উত্তৰঃ ৰীমাই পালন কৰিবলগীয়া কেইটামান নিৰাপদ আৰু স্বাস্থ্যসম্মত পদ্ধতি হ’ল—
(a) পৰিষ্কাৰ ছেনিটেৰী পেড বা সঠিকভাৱে ধুই-শুকুৱাই ৰখা পুনৰ ব্যৱহাৰযোগ্য কাপোৰ ব্যৱহাৰ কৰা উচিত।
(b) ছেনিটেৰী পেড নিয়মিতভাৱে সলনি কৰা উচিত।
(c) ব্যৱহৃত পেড কাগজ বা উপযুক্ত মোড়কেৰে মেৰিয়াই ডাষ্টবিনত পেলোৱা উচিত।
(d) ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা উচিত।
13. ধৰি লোৱা, তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল’বা?
উত্তৰঃ তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মই তলৰ পদক্ষেপবোৰ হাতত ল’ম—
(i) মই মোৰ বন্ধুক সাহস দিম আৰু তেওঁক অকলশৰীয়া বা অসহায় অনুভৱ নকৰিবলৈ সহায় কৰিম।
(ii) উৎপীড়ন কৰা ব্যক্তিজনক ব্লক কৰিবলৈ আৰু বাৰ্তা, ফটো বা স্ক্ৰীণশ্বটৰ দৰে প্ৰমাণ সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিম।
(iii) অভিভাৱক, শিক্ষক বা কোনো বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিক বিষয়টো জনাই সহায় বিচাৰিম।
(iv) ক্ষতিকাৰক বা হাৰাশাস্তিমূলক বাৰ্তাৰ উত্তৰ নিদিবলৈ পৰামৰ্শ দিম।
14. কিৰি সপ্তম শ্ৰেণীত পঢ়ি থকা এজন বুধিয়ক ল’ৰা। তেওঁক প্ৰায়ে সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত?
উত্তৰঃ কিৰিয়ে আত্মবিশ্বাসেৰে দৃঢ়ভাৱে গুটকা ব্যৱহাৰ কৰিবলৈ “না” কোৱা উচিত। তেওঁ গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা দিয়া সংগ এৰাই চলা, স্বাস্থ্যকৰ অভ্যাস বজাই ৰখা আৰু হেঁচা অব্যাহত থাকিলে অভিভাৱক, শিক্ষক বা কোনো বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সহায় লোৱা উচিত।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post