পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূ-পৃষ্ঠৰ পৰিৰ্ৱতন
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি?
উত্তৰঃ ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে পৃথিৱীৰ উপৰিভাগৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনক বুজায়।
(খ) ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি?
উত্তৰঃ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক প্ৰধানকৈ দুটা—
১। আভ্যন্তৰীণ কাৰক আৰু
২। বাহ্যিক কাৰক।
ৰ’দ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি বাহ্যিক কাৰকৰ উদাহৰণ।
(গ) পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান?
উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০° চেলচিয়াছতকৈ বেছি।
(ঘ) ছিমা (SiMa) শব্দটো ক’ৰপৰা আহিছে?
উত্তৰঃ ‘SiMa’ শব্দটো ‘Si’ আৰু ‘Ma’ শব্দাংশৰ পৰা আহিছে। ইয়াত ‘Si’-এ ছিলিকন আৰু ‘Ma’-এ মেগনেছিয়ামক বুজায়।
২। পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ প্ৰধানকৈ তিনিটা স্তৰ আছে—
১। ভূত্বক
২। গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ
৩। কেন্দ্ৰমণ্ডল
(i) ভূত্বকঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ-মহাসাগৰ আদি অৱয়ব ইয়াতেই অৱস্থিত। ভূত্বক গড়ে প্ৰায় ২০ কিলোমিটাৰ ডাঠ আৰু ই কঠিন শিলাৰে গঠিত। ভূত্বক প্ৰধানকৈ ছিলিকন আৰু এলুমিনিয়ামেৰে গঠিত।
(ii) গুৰুমণ্ডল বা প্ৰবাৰ স্তৰঃ ভূত্বকৰ নিম্নভাগৰপৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতালৈ বিস্তৃত স্তৰটোৱেই গুৰুমণ্ডল বা প্ৰবাৰ স্তৰ। ভূত্বকতকৈ এই স্তৰৰ উত্তাপ বেছি। ইয়াৰ ভিতৰত থকা উত্তপ্ত পদাৰ্থৰ চলাচলৰ ফলত উৰ্ধমুখী সোঁতৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত পৃথিৱীৰ ভূত্বকত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটে।
(iii) কেন্দ্ৰমণ্ডলঃ গুৰুমণ্ডলৰ নিম্নাংশৰপৰা পৃথিৱীৰ কেন্দ্ৰ পৰ্যন্ত বিস্তৃত অংশটোক কেন্দ্ৰমণ্ডল বোলা হয়। এই স্তৰটোৰ গভীৰতা প্ৰায় ৩,৪৮৬ কিলোমিটাৰ। ই মূলতঃ লো আৰু নিকেলেৰে গঠিত বাবে ইয়াক নিফ (NiFe) স্তৰ বুলিও কোৱা হয়। কেন্দ্ৰমণ্ডলক বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল—এই দুই ভাগত ভাগ কৰা হয়। বহিঃকেন্দ্ৰমণ্ডল তৰল অৱস্থাত থাকে আৰু অন্তঃকেন্দ্ৰমণ্ডল পৃথিৱীৰ একেবাৰে কেন্দ্ৰভাগত অৱস্থিত।
৩। পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ কাৰকে পৃথিৱীৰ ভিতৰভাগত ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে, সেইবোৰক পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বোলা হয়। ভূ-আন্দোলনৰ ফলত ভূপৃষ্ঠৰ কোনো অংশ ওপৰলৈ উঠিব পাৰে আৰু কোনো অংশ তললৈ বহি যাব পাৰে। ফলত বিভিন্ন ধৰণৰ ভূ-অৱয়বৰ সৃষ্টি হয়।
৪। ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে?
উত্তৰঃ ভূমিকম্প হৈছে পৃথিৱীৰ ভূত্বক হঠাতে কঁপি উঠা এক প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগ।
ভূমিকম্পৰ কেন্দ্ৰঃ ভূ-পৃষ্ঠৰ তলত যি ঠাইৰপৰা ভূমিকম্পৰ উৎপত্তি হয়, সেই ঠাইক ভূমিকম্পৰ কেন্দ্ৰ বোলা হয়।
উপকেন্দ্ৰঃ ভূমিকম্পৰ কেন্দ্ৰৰ ঠিক ওপৰত ভূপৃষ্ঠত থকা ঠাইক ভূমিকম্পৰ উপকেন্দ্ৰ বোলা হয়।
৫। আগ্নেয়গিৰি উদ্গিৰণ বুলিলে কি বুজা?
উত্তৰঃ আগ্নেয়গিৰিৰ উদ্গিৰণ আভ্যন্তৰীণ শক্তিৰদ্বাৰা সৃষ্টি হোৱা এক প্ৰকাৰৰ পৰিঘটনা। ভূ-আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকৰ ফাঁকেদি ভূগৰ্ভৰপৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাঁই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰলৈ ওলাই আহি চাৰিওফালে বিয়পি পৰে। এই ঘটনাক আগ্নেয়গিৰিৰ উদ্গিৰণ বোলা হয়।
অনুশীলনী – ২
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বাহ্যিক শক্তিৰ দুটা উদাহৰণ হ’ল—ৰ’দ আৰু বতাহ।
(খ) ক্ষয়কাৰ্য কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ ক্ষয়কাৰ্য দুই প্ৰকাৰৰ—
১। বিচূৰ্ণীভৱন
২। ক্ষয়ীভৱন
(গ) অৱক্ষেপণ বুলিলে কি বুজা?
উত্তৰঃ ক্ষয় হোৱা পদাৰ্থবোৰ পৰিবহণ প্ৰক্ৰিয়াৰ দ্বাৰা কঢ়িয়াই নি দ ঠাইত জমা কৰা কাৰ্যক অৱক্ষেপণ বোলা হয়।
(ঘ) বালিয়ৰি কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বালিয়ৰি প্ৰধানকৈ তিনিপ্ৰকাৰৰ—
১। অনুদৈৰ্ঘ্য বালিয়ৰি
২। অনুপ্ৰস্থ বালিয়ৰি
৩। বাৰখান বালিয়ৰি
২। সৌৰশক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে?
উত্তৰঃ সূৰ্যৰ তাপৰ ফলত পৰ্বতৰ ঢালত থকা শিলবোৰ দিনে গৰম হৈ প্ৰসাৰিত হয় আৰু ৰাতি ঠাণ্ডা হৈ সংকুচিত হয়। এই প্ৰক্ৰিয়া বছৰ বছৰ ধৰি চলি থাকিলে শিলাস্তৰত ফাঁট মেলে আৰু শিলবোৰ ভাঙি-চিঙি যায়। এনেদৰে দীৰ্ঘদিন ধৰি ক্ষয় হোৱাৰ ফলত কালক্ৰমত ক্ষয়জাত পৰ্বতৰ সৃষ্টি হয়।
৩। হিমবাহৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ দুই মেৰু আৰু উচ্চ পাৰ্বত্য অঞ্চলত বৰফ জমা হৈ থাকে। জমা হোৱা বৰফৰ ওপৰৰ স্তৰৰ হেঁচা আৰু পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ ফলত এই বৰফৰ স্তৰ লাহে লাহে তললৈ নামিবলৈ আৰম্ভ কৰে। এনেদৰে নদীৰ দৰে তললৈ বৈ অহা বৰফৰ বৃহৎ স্তৰক হিমবাহ বোলা হয়।
৪। সাগৰৰ ঢৌৱে কেনেকৈ উপকূলভূমিৰ পৰিৱৰ্তন সাধন কৰে?
উত্তৰঃ উপকূল আৰু ইয়াৰ ওচৰৰ অঞ্চলত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত খনন, পৰিবহণ আৰু অৱক্ষেপণ কাৰ্য সংঘটিত হয়। সাগৰৰ ঢৌৱে উপকূলৰ শিল-মাটি ক্ষয় কৰি এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে আৰু কিছুমান ঠাইত সেই পদাৰ্থবোৰ জমা কৰে। এনেদৰে সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ ফলত উপকূলভূমিৰ আকৃতি আৰু অৱয়বৰ পৰিৱৰ্তন ঘটে।
তলৰ প্ৰশ্নবোৰৰ (১ নংৰ পৰা ৫ নংলৈ) শুদ্ধ উত্তৰটো বাছি উলিওৱা—
১। পৃথিৱীৰ ভূত্বক ঘাইকৈ কেইখন ডাঙৰ ফলকত বিভক্ত হৈ আছে?
(ক) ২
(খ) ৩
(গ) ৫
(ঘ) ৭
উত্তৰঃ (ঘ) ৭
২। উপকূল কি?
(ক) সাগৰৰ পাৰ
(খ) নদীৰ পাৰ
(গ) হ্ৰদৰ পাৰ
(ঘ) বিলৰ পাৰ
উত্তৰঃ (ক) সাগৰৰ পাৰ
৩। কোনটো কাৰকৰ বাবে মৰুভূমিত বাৰখানৰ সৃষ্টি হয়?
(ক) হিমবাহ
(খ) বতাহ
(গ) সাগৰৰ ঢৌ
(ঘ) সৌৰশক্তি
উত্তৰঃ (খ) বতাহ
৪। কোনটো শক্তিক পৃথিৱীৰ আভ্যন্তৰীণ শক্তি হিচাপে গণ্য কৰা হয়?
(ক) জলপ্ৰবাহ
(খ) ভূমিকম্প
(গ) বতাহ
(ঘ) সৌৰশক্তি
উত্তৰঃ (খ) ভূমিকম্প
৫। চুনামী ক’ত সৃষ্টি হয়?
(ক) নদীত
(খ) সাগৰত
(গ) মৰুভূমিত
(ঘ) পৰ্বতত
উত্তৰঃ (খ) সাগৰত
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post