ভাৰতৰ কৃষি আৰু উদ্য়োগ
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি?
উত্তৰঃ ভাৰতৰ কৃষি ঋতু প্ৰধানকৈ তিনিটা—
১। খাৰিফ ঋতু
২। ৰবি ঋতু
৩। জায়দ ঋতু
(খ) ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপন শস্যৰ খেতি কৰা হয়?
উত্তৰঃ ভাৰতত চাহ, ৰবৰ, কফি, কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল আদি ৰোপন শস্যৰ খেতি কৰা হয়। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যত এই ৰোপন শস্যবোৰৰ খেতি বিশেষভাৱে কৰা হয়।
অসম আৰু পশ্চিমবংগত চাহ, কেৰালা আৰু তামিলনাডুত ৰবৰ আৰু নাৰিকল, কৰ্ণাটকত কফি আদি ৰোপন শস্যৰ খেতি উল্লেখযোগ্য।
(গ) ঝুম খেতি কাক বোলে?
উত্তৰঃ পাহাৰীয়া অঞ্চলত হাবি-জংঘল কাটি, শুকুৱাই আৰু জুই লগাই মাটি মুকলি কৰি কিছু বছৰ খেতি কৰাৰ পাছত মাটিৰ উৰ্বৰতা কমিলে আন ঠাইলৈ স্থানান্তৰ হৈ কৰা কৃষিক ঝুম খেতি বা স্থানান্তৰিত কৃষি বোলা হয়।
(ঘ) মিশ্ৰ কৃষি বুলিলে কি বুজা?
উত্তৰঃ যি কৃষি ব্যৱস্থাত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়, তাক মিশ্ৰ কৃষি বোলা হয়। এই কৃষিত পশুৰ মল-মূত্ৰ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু কৃষিৰ পৰা পশুখাদ্যও উৎপাদন কৰা হয়।
(ঙ) ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়?
উত্তৰঃ নগৰ বা বজাৰৰ ওচৰত এনে ঠাইত কৰা উদ্যান কৃষিক ট্ৰাক ফাৰ্মিং বোলা হয়, য’ৰ পৰা উৎপাদিত সামগ্ৰী ট্ৰাকেৰে কম সময়ৰ ভিতৰতে বজাৰলৈ লৈ যাব পাৰি।
এই পদ্ধতিৰ কৃষিত সাধাৰণতে শাক-পাচলি, ফল-মূল, ফুল আৰু কিছুমান মছলাজাতীয় শস্যৰ খেতি কৰা হয়।
২। কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়?
উত্তৰঃ ভাৰত এখন কৃষিপ্ৰধান দেশ। দেশৰ বৃহৎ সংখ্যক লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ লগত জড়িত। ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ৫৪.৬ শতাংশ লোক কৃষি আৰু কৃষিসংলগ্ন কাৰ্যত নিয়োজিত আছিল।
কৃষিয়ে দেশবাসীক খাদ্য যোগান ধৰাৰ লগতে বহু উদ্যোগক কেঁচামাল যোগান ধৰে। কপাহ, মৰাপাট, কুঁহিয়াৰ, চাহ আদি কৃষিজাত সামগ্ৰীৰ ওপৰত বহু উদ্যোগ নিৰ্ভৰশীল। কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আৰু বজাৰ ব্যৱস্থাৰো বিকাশ ঘটে।
সেয়েহে, কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়।
৩। আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় উদাহৰণেৰে সৈতে লিখা।
উত্তৰঃ ভাৰতত প্ৰধানকৈ তিনিটা কৃষি ঋতু আছে—
(ক) খাৰিফ ঋতু
খাৰিফ শস্য সাধাৰণতে জুন মাহৰপৰা ছেপ্টেম্বৰ-অক্টোবৰলৈ কৰা হয়। এই ঋতুৰ প্ৰধান শস্যসমূহ হ’ল—ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি, জোৱাৰ আদি।
(খ) ৰবি ঋতু
ৰবি শস্য সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহত সিঁচা হয় আৰু বসন্তকালত চপোৱা হয়। এই ঋতুত ঘেঁহু, সৰিয়হ, মাহজাতীয় শস্য, বাদাম, লাইশাক, পালেংশাক, গাজৰ আদি খেতি কৰা হয়।
(গ) জায়দ ঋতু
ৰবি আৰু খাৰিফ ঋতুৰ মাজৰ গ্ৰীষ্মকালীন সময়ত জায়দ শস্যৰ খেতি কৰা হয়। তিয়ঁহ, তৰমুজ, জিকা, লেচেৰা, পশুখাদ্য আদি ইয়াৰ উদাহৰণ।
৪। ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ ভাৰতত বিভিন্ন ধৰণৰ কৃষি পদ্ধতি প্ৰচলিত। প্ৰধান পদ্ধতিসমূহ হ’ল—
(ক) স্থানান্তৰিত বা ঝুম কৃষি
পাহাৰীয়া এলেকাত হাবি-জংঘল কাটি আৰু জুই লগাই মাটি মুকলি কৰি দুই-তিনি বছৰ খেতি কৰা হয়। মাটিৰ উৰ্বৰতা কমি আহিলে কৃষকে আন ঠাইলৈ স্থানান্তৰ হৈ পুনৰ একে পদ্ধতিৰে খেতি কৰে। ইয়াক স্থানান্তৰিত বা ঝুম কৃষি বোলা হয়।
(খ) বেদিকা কৃষি
পৰ্বত-পাহাৰৰ কম ঢালযুক্ত ঠাইত বহল খটখটীৰ দৰে ঢাপ কাটি কৰা কৃষিক বেদিকা কৃষি বোলা হয়। এই পদ্ধতিয়ে পানীৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰে আৰু মাটিৰ ক্ষয় কমায়।
(গ) গহন বা নিবিড় কৃষি
জনসংখ্যা বেছি আৰু খেতিৰ মাটি কম থকা অঞ্চলত সীমিত মাটিৰ পৰা অধিক উৎপাদন লাভ কৰিবলৈ উন্নত বীজ, সাৰ, জলসিঞ্চন আদি ব্যৱহাৰ কৰি কৰা কৃষিক গহন বা নিবিড় কৃষি বোলা হয়।
(ঘ) মিশ্ৰ কৃষি
যি কৃষি ব্যৱস্থাত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়, তাক মিশ্ৰ কৃষি বোলা হয়।
(ঙ) ৰোপন কৃষি
বৃহৎ অঞ্চলত সাধাৰণতে একেধৰণৰ বাণিজ্যিক শস্যৰ খেতি কৰা কৃষিক ৰোপন কৃষি বোলা হয়। চাহ, ৰবৰ, কফি, নাৰিকল আদি ইয়াৰ উদাহৰণ।
(চ) উদ্যান কৃষি
ফল-মূল, শাক-পাচলি, ফুল আৰু মছলাজাতীয় শস্যৰ খেতিক উদ্যান কৃষি বোলা হয়। এই কৃষি সাধাৰণতে নগৰ-মহানগৰৰ ওচৰৰ অঞ্চলত অধিক দেখা যায়।
(ছ) ট্ৰাক ফাৰ্মিং
নগৰৰ ওচৰত কৰা এনে উদ্যান কৃষি, য’ৰ উৎপাদিত ফল-মূল আৰু শাক-পাচলি ট্ৰাকেৰে অতি কম সময়ৰ ভিতৰতে বজাৰলৈ সৰবৰাহ কৰিব পাৰি, তাক ট্ৰাক ফাৰ্মিং বোলা হয়।
অনুশীলনী – ২
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়?
উত্তৰঃ উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ উত্তৰ অংশত ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি বিশেষভাৱে কৰা হয়।
(খ) তেলগুটি শস্য দুবিধৰ নাম লিখা।
উত্তৰঃ তেলগুটি শস্য দুবিধ হ’ল—
১। বাদাম
২। সৰিয়হ
(গ) বৃষ্টিছায়া অঞ্চল কাক বোলে?
উত্তৰঃ পৰ্বতৰ অনুবাত দিশত থকা এনে অঞ্চল, য’ত আৰ্দ্ৰ বায়ুৱে বৰষুণ দি শেষ কৰাৰ পাছত শুকান বায়ু নামি অহাৰ বাবে বৰষুণ অতি কম হয়, তাক বৃষ্টিছায়া অঞ্চল বোলা হয়।
(ঘ) ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত?
উত্তৰঃ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম অংশ কপাহ খেতিৰ বাবে বিশেষভাৱে বিখ্যাত।
(ঙ) দুবিধ মছলাজাতীয় শস্যৰ নাম লিখা।
উত্তৰঃ দুবিধ মছলাজাতীয় শস্য হ’ল—
১। ইলাচি
২। জালুক
(চ) সেউজ বিপ্লৱ বুলিলে কি বুজা?
উত্তৰঃ উন্নত জাতৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক, জলসিঞ্চন আৰু আধুনিক কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰি কৃষি উৎপাদন বিশেষকৈ খাদ্যশস্যৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াক সেউজ বিপ্লৱ বোলা হয়।
২। কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা? ভাৰতত কেইটা কৃষি বলয় আছে, প্ৰতিটোৰে নাম লিখা।
উত্তৰঃ যিবোৰ অঞ্চলত প্ৰায় একেধৰণৰ জলবায়ু, মাটি আৰু কৃষি পদ্ধতিৰ বাবে কিছুমান বিশেষ শস্যৰ খেতিয়ে প্ৰাধান্য লাভ কৰে, সেই অঞ্চলবোৰক কৃষি বলয় বা কৃষি অঞ্চল বোলা হয়।
ভাৰতত প্ৰধানকৈ সাতটা কৃষি বলয় আছে—
১। ধান-মৰাপাট-চাহ বলয়
২। ঘেঁহু আৰু কুঁহিয়াৰ বলয়
৩। মিলেট আৰু তেলগুটি শস্য বলয়
৪। মাকৈ বলয়
৫। কপাহ বলয়
৬। মছলাজাতীয় আৰু ৰোপন শস্যৰ বলয়
৭। ফল-মূল আৰু শাক-পাচলি বলয়
৩। ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি?
উত্তৰঃ ধান খেতিৰ বাবে প্ৰধানকৈ তলৰ কাৰকসমূহৰ প্ৰয়োজন—
১। উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু
২। প্ৰচুৰ বৰষুণ বা জলসিঞ্চনৰ সুবিধা
৩। সমতল ভূমি
৪। পলসুৱা আৰু পানী ধৰি ৰাখিব পৰা উৰ্বৰ মাটি
৫। যথেষ্ট উষ্ণতা
সাধাৰণতে প্ৰচুৰ বৰষুণ আৰু উচ্চ উষ্ণতা থকা অঞ্চল ধান খেতিৰ বাবে উপযোগী।
৪। ভাৰতৰ ফল-মূল আৰু শাক-পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়?
উত্তৰঃ ভাৰতৰ ফল-মূল আৰু শাক-পাচলি বলয়ৰ প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ জলবায়ু। এই জলবায়ুৰ বাবে বিভিন্ন অঞ্চলত বছৰজুৰি বিভিন্ন ধৰণৰ ফল-মূল আৰু শাক-পাচলি উৎপাদন কৰা হয়।
উন্নত বীজ, জলসিঞ্চন, জৈৱিক সাৰ আৰু আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰি এই অঞ্চলত অধিক উৎপাদন লাভ কৰা হয়।
পূব হিমালয় অঞ্চলত প্ৰধানকৈ সুমথিৰা খেতি কৰা হয়।
৫। ভাৰতৰ কৃষিক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰঃ ভাৰতৰ কৃষিক্ষেত্ৰত বহুতো সমস্যা দেখা যায়। প্ৰধান সমস্যাবোৰ হ’ল—
১। জনসংখ্যা বৃদ্ধিৰ ফলত খেতিৰ মাটিৰ পৰিমাণ কমি অহা।
২। মাটিৰ উৰ্বৰতা আৰু গুণাগুণ হ্ৰাস পোৱা।
৩। বৰষুণৰ ওপৰত অধিক নিৰ্ভৰশীলতা।
৪। পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ।
৫। আধুনিক প্ৰযুক্তি আৰু উন্নত কৃষি যন্ত্ৰৰ সীমিত ব্যৱহাৰ।
৬। জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ।
৭। ক্ষুদ্ৰ আৰু খণ্ডিত কৃষিভূমি।
৮। কৃষিজাত সামগ্ৰীৰ সংৰক্ষণ আৰু বজাৰ ব্যৱস্থাৰ সমস্যা।
এই সমস্যাবোৰৰ সমাধানৰ বাবে উন্নত প্ৰযুক্তি, জলসিঞ্চন, উন্নত বীজ, কৃষি শিক্ষা আৰু বজাৰ ব্যৱস্থাৰ বিকাশৰ প্ৰয়োজন।
অনুশীলনী – ৩
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) তিনিটা হস্তশিল্পৰ নাম লিখা।
উত্তৰঃ তিনিটা হস্তশিল্প হ’ল—
১। সোণ-ৰূপৰ শিল্প
২। কাঠ-শিল্প
৩। বাঁহ-বেতৰ শিল্প
(খ) কোন চনত ভাৰতত প্ৰথমটো লো-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯০৭ খ্ৰীষ্টাব্দত ভাৰতত প্ৰথমটো লো-তীখা কেন্দ্ৰ স্থাপন কৰা হৈছিল।
(গ) ছোটনাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰূঢ় শিল্প অঞ্চল বুলি কোৱা হয়?
উত্তৰঃ ছোটনাগপুৰ মালভূমি কয়লা, লোহা, মেংগানিজ আদি খনিজ সম্পদত চহকী। এই খনিজ সম্পদৰ ভিত্তিত অঞ্চলটোত লো-তীখা, খনন, ধাতু, গধুৰ যন্ত্ৰ-পাতি আৰু অন্যান্য গধুৰ উদ্যোগ গঢ় লৈ উঠিছে।
জাৰ্মানীৰ ৰূঢ় শিল্প অঞ্চলৰ দৰে ইয়াতো খনিজ সম্পদৰ ভিত্তিত বহু গধুৰ উদ্যোগ কেন্দ্ৰীভূত হৈ থকা বাবে ছোটনাগপুৰ অঞ্চলটোক ভাৰতৰ ‘ৰূঢ়’ শিল্প অঞ্চল বুলি কোৱা হয়।
(ঘ) হুগলী শিল্প অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত?
উত্তৰঃ হুগলী শিল্প অঞ্চল মৰাপাটৰ সামগ্ৰী, বস্ত্ৰ উদ্যোগ, কাগজ, গধুৰ অভিযান্ত্ৰিক যন্ত্ৰ-পাতি, ৰাসায়নিক সামগ্ৰী, ঔষধ আৰু বৈদ্যুতিক সামগ্ৰীৰ উদ্যোগৰ বাবে বিখ্যাত।
(ঙ) মুম্বাই-পুনে শিল্প অঞ্চল ক’ৰপৰা ক’লৈকে বিস্তৃত হৈ আছে?
উত্তৰঃ মুম্বাই-পুনে শিল্প অঞ্চল মুম্বাই-থানেৰপৰা পুনে, নাছিক আৰু ছোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে।
(চ) ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি?
উত্তৰঃ ভাৰতত খনিজ সম্পদ, কেঁচামাল, শক্তিৰ উৎস, যাতায়ত আৰু অন্যান্য শিল্প-সুবিধাৰ বিতৰণ সকলো ঠাইতে সমান নহয়। বিশেষকৈ খনিজ পদাৰ্থৰ অসমান বিতৰণৰ বাবেই সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি উঠা নাই।
২। উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণীবিভাজন কৰা হৈছে? শ্ৰেণীকেইটা কি কি?
উত্তৰঃ উদ্যোগবোৰক আকাৰ, কেঁচামাল, উৎপাদনৰ প্ৰকৃতি আৰু মালিকীস্বত্ব আদি বিভিন্ন ভিত্তিত শ্ৰেণীবিভাজন কৰা হয়।
আকাৰৰ ভিত্তিত উদ্যোগক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰা হয়—
১। কুটীৰ শিল্প
২। ক্ষুদ্ৰ উদ্যোগ
৩। বৃহৎ উদ্যোগ
৩। দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়?
উত্তৰঃ দেশ এখনৰ উদ্যোগৰ বিকাশত বিভিন্ন কাৰকে প্ৰভাৱ পেলায়। প্ৰধান কাৰকসমূহ হ’ল—
১। কেঁচামালৰ সহজলভ্যতা
২। শক্তিৰ উৎসৰ সুবিধা
৩। যাতায়ত আৰু পৰিবহণৰ সুবিধা
৪। পৰ্যাপ্ত পানীৰ যোগান
৫। সুদক্ষ আৰু সস্তা শ্ৰমিক
৬। বজাৰৰ সুবিধা
৭। পুঁজিৰ সুবিধা
৮। অনুকূল ভৌগোলিক অৱস্থান আৰু জলবায়ু
৪। ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো? এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত?
উত্তৰঃ ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চলসমূহৰ ভিতৰত মাদুৰাই-কইম্বাটোৰ-বাংগালোৰ শিল্প অঞ্চল অন্যতম। এই অঞ্চলটো বিশেষকৈ বস্ত্ৰ উদ্যোগৰ বাবে জনাজাত।
Part – 2
তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা—
১। উক্তি — কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি।
যুক্তি — কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগ, পৰিবহণ, বাণিজ্য আদি আন আন খণ্ডৰ বিকাশ ঘটে।
(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, কিন্তু যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়।
উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
২। কিমান খ্ৰীষ্টাব্দত ভাৰতৰ প্ৰথমটো লো-তীখাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল?
(ক) ১৮৫০
(খ) ১৮৫৩
(গ) ১৯০৭
(ঘ) ১৯৬১
উত্তৰঃ (গ) ১৯০৭
৩। কোনটো খাৰিফ শস্য?
(ক) জিকা
(খ) পালেংশাক
(গ) বাদাম
(ঘ) ধান
উত্তৰঃ (ঘ) ধান।
৪। পৰ্বত-পাহাৰৰ কম ঢালযুক্ত ঠাইত ঢাপ কাটি কৰা কৃষিক কি বুলি কোৱা হয়?
(ক) মিশ্ৰ কৃষি
(খ) ৰোপন কৃষি
(গ) উদ্যান কৃষি
(ঘ) বেদিকা কৃষি
উত্তৰঃ (ঘ) বেদিকা কৃষি।
৫। কোনটো ভাৰতৰ ‘ৰূঢ়’ শিল্প অঞ্চল?
(ক) হুগলী
(খ) ছোটনাগপুৰ মালভূমি
(গ) মুম্বাই-পুনে
(ঘ) গুৰুগ্ৰাম-দিল্লী-মিৰাট
উত্তৰঃ (খ) ছোটনাগপুৰ মালভূমি।
৬। প্ৰতিটো ক্ৰমৰপৰা অমিলটো বাছি উলিয়াই লিখা—
(ক) কপাহ উদ্যোগ, চাহ উদ্যোগ, সাৰ উদ্যোগ, মৃৎ-শিল্প উদ্যোগ।
উত্তৰঃ সাৰ উদ্যোগ।
(খ) চাহ, জালুক, ইলাচি, তেজপাত।
উত্তৰঃ চাহ।
(গ) বজৰা, ৰাগি, বাদাম, জোৱাৰ।
উত্তৰঃ বাদাম।
(ঘ) চাহ, ৰবৰ, ঘেঁহু, কফি।
উত্তৰঃ ঘেঁহু।
(ঙ) খাৰিফ, ঝুম, ৰবি, জায়দ।
উত্তৰঃ ঝুম।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post