Might Learn Logo Might Learn Shop Might Learn

SCERT Class 7 Social Science Chapter 5 Solution Assamese Medium | Assam Borad Class VII Social Science Lesson 5 “আদি-মধ্য়যুগৰ ভাৰত” Answer | New Update 2026 | |

আদি-মধ্য়যুগৰ ভাৰত

অনুশীলনী – ১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—

(ক) ভাৰতৰ ইতিহাস অধ্যয়নত আদি-মধ্যযুগ বুলিলে কোনছোৱা সময়ক বুজা যায়?

উত্তৰঃ ভাৰতৰ ইতিহাসত সপ্তম শতিকাৰপৰা দ্বাদশ শতিকালৈ প্ৰায় ৫০০ বছৰৰ সময়ছোৱাক আদি-মধ্যযুগ বুলি অভিহিত কৰা হয়।

(খ) ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল?

উত্তৰঃ ৰজাই নিজৰ ইচ্ছামতে ব্ৰাহ্মণ-পুৰোহিত, ধৰ্মীয় প্ৰতিষ্ঠান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমি দান কৰিছিল। তদুপৰি কিছুমান ক্ষেত্ৰত কৃষিজীৱী কৈৱৰ্তসকলকো ভূমি দান কৰা হৈছিল।

(গ) পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ প্ৰভাকৰবৰ্ধনক পুষ্যভূতি বংশৰ অন্যতম প্ৰধান প্ৰতিষ্ঠাপক শাসক হিচাপে গণ্য কৰা হয়। তেওঁ থানেশ্বৰক কেন্দ্ৰ কৰি নিজৰ শাসন শক্তিশালী কৰিছিল।

(ঘ) হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন কোন আছিল?

উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজন আছিল হিউৱেনচাঙ।


২। সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদান উল্লেখযোগ্য আছিল।

সাহিত্যৰ ক্ষেত্ৰত

ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত, প্ৰাকৃত আৰু কানাড়া ভাষাৰ যথেষ্ট বিকাশ হৈছিল। ৰজা অমোঘবৰ্ষ সাহিত্যৰ এগৰাকী মহান পৃষ্ঠপোষক আছিল। তেওঁ কানাড়া ভাষাত ‘কবিৰাজমাৰ্গ’ নামৰ এখন উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰিছিল।

ধৰ্মীয় ক্ষেত্ৰত

ৰাষ্ট্ৰকূট শাসকসকল বিভিন্ন ধৰ্মৰ প্ৰতি সহনশীল আছিল। তেওঁলোকৰ শাসনকালত দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত বহু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্ৰথম কৃষ্ণৰ ৰাজত্বকালত নিৰ্মিত ইলোৰাৰ কৈলাসনাথ মন্দিৰ ৰাষ্ট্ৰকূট যুগৰ স্থাপত্যৰ এক উৎকৃষ্ট নিদৰ্শন।


৩। গুৰ্জৰ-প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি?

উত্তৰঃ গুৰ্জৰ-প্ৰতিহাৰসকলৰ পতনৰ প্ৰধান কাৰণসমূহ হ’ল—

১। পৰৱৰ্তী শাসকসকল দুৰ্বল হোৱাৰ ফলত কেন্দ্ৰীয় শাসন শক্তিহীন হৈ পৰিছিল।
২। সিংহাসনক লৈ অন্তৰ্দ্বন্দ্ব আৰু ক্ষমতাৰ সংঘাত বৃদ্ধি পাইছিল।
৩। সামন্ত আৰু প্ৰাদেশিক শাসকসকল শক্তিশালী হৈ স্বাধীনতা ঘোষণা কৰিবলৈ আৰম্ভ কৰিছিল।
৪। ৰাষ্ট্ৰকূটসকলৰ আক্ৰমণত গুৰ্জৰ-প্ৰতিহাৰসকলৰ শক্তি বহুলাংশে হ্ৰাস পাইছিল আৰু কনৌজ দুৰ্বল হৈ পৰিছিল।
৫। একেৰাহে যুদ্ধৰ বাবে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈছিল।
৬। বিশাল সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰাত অসুবিধা হৈছিল।
৭। একাদশ শতিকাত গজনীৰ চুলতান মামুদৰ আক্ৰমণৰ ফলত তেওঁলোকৰ ৰাজনৈতিক শক্তি অধিক দুৰ্বল হৈ পৰিছিল।


৪। পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পালসকলে প্ৰশাসনিক সুবিধাৰ বাবে নিজৰ ৰাজ্যখনক ভুক্তি, বিষয় আৰু মণ্ডল—এই তিনিটা প্ৰধান গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ দায়িত্বত এজন বা ততোধিক বিষয়া নিয়োজিত আছিল।

গাঁও পৰ্যায়ৰ প্ৰশাসন চলোৱাৰ বাবে গ্ৰামপতি আৰু দশগ্ৰামিকা নামৰ বিষয়াসকলক দায়িত্ব দিয়া হৈছিল। এনেদৰে কেন্দ্ৰৰপৰা গাঁও পৰ্যায়লৈকে শৃংখলাবদ্ধ প্ৰশাসনিক ব্যৱস্থা গঢ়ি তোলা হৈছিল।


৫। প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ-প্ৰতিহাৰসকলে নিজৰ নিজৰ ৰাজ্যবোৰক কি কি ভাগত ভাগ কৰিছিল? নামবোৰ উল্লেখ কৰা।

উত্তৰঃ

(ক) ৰাষ্ট্ৰকূটসকল

ৰাষ্ট্ৰকূটসকলে ৰাজ্যখনক প্ৰধানকৈ—

১। ৰাষ্ট্ৰ
২। বিষয়
৩। ভুক্তি

আদি প্ৰশাসনিক ভাগত বিভক্ত কৰিছিল।

(খ) গুৰ্জৰ-প্ৰতিহাৰসকল

গুৰ্জৰ-প্ৰতিহাৰসকলে নিজৰ ৰাজ্যখনক—

১। ৰাজ্য
২। প্ৰদেশ
৩। ভুক্তি
৪। মণ্ডল

আদি ভাগত ভাগ কৰিছিল। প্ৰতিটো মণ্ডলৰ অধীনত কেইবাখনো নগৰ আৰু গাঁও আছিল।


অনুশীলনী – ২

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—

(ক) ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি কোন আছিল?

উত্তৰঃ এই অধ্যায়ৰ প্ৰসংগত ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথম বিদেশী শক্তি আছিল আৰৱসকল।

(খ) আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা কোন আছিল?

উত্তৰঃ আৰৱসকলৰ আগমনৰ সময়ত সিন্ধু অঞ্চলৰ ৰজা আছিল দাহিৰ।

(গ) চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ চুলতান মামুদে ১০০০ খ্ৰীষ্টাব্দৰপৰা ১০২৭ খ্ৰীষ্টাব্দৰ ভিতৰত মুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।

(ঘ) ভাৰতত কেতিয়াৰপৰা চুলতানী আমোলৰ আৰম্ভণি হৈছিল?

উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দৰপৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতত চুলতানী আমোলৰ আৰম্ভণি হৈছিল।


২। আৰৱসকলে কোন কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল?

উত্তৰঃ আৰৱসকলে সিন্ধু অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰি দেৱাল, ব্ৰাহ্মণাবাদ, হায়দৰাবাদ আৰু মুলতান আদি অঞ্চল নিজৰ অধীনলৈ আনিছিল। এই অঞ্চলসমূহ বৰ্তমান পাকিস্তানৰ অন্তৰ্গত।


৩। তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত সংঘটিত হৈছিল?

উত্তৰঃ তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ যথাক্ৰমে ১১৯১ খ্ৰীষ্টাব্দ আৰু ১১৯২ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল।

এই দুয়োখন যুদ্ধ পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত হৈছিল।

প্ৰথম তৰাইনৰ যুদ্ধত পৃথ্বীৰাজ চৌহান বিজয়ী হৈছিল। কিন্তু দ্বিতীয় তৰাইনৰ যুদ্ধত মহম্মদ ঘোৰীয়ে পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল।


৪। তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল?

উত্তৰঃ আৰৱসকলৰ পাছত তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। আফগানিস্তানৰ গজনীক কেন্দ্ৰ কৰি তুৰ্কীসকলে শক্তিশালী ৰাজ্য গঢ়ি তুলিছিল। চুবুক্তগীনৰ পাছত তেওঁৰ পুত্ৰ চুলতান মামুদ গজনীৰ শাসক হয়।

তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ প্ৰধান কাৰণ আছিল ভাৰতৰ বিপুল ধন-সম্পদ লুণ্ঠন কৰা আৰু নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰা। চুলতান মামুদে ১০০০ খ্ৰীষ্টাব্দৰপৰা ১০২৭ খ্ৰীষ্টাব্দৰ ভিতৰত মুঠ ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল।


Part – 2

তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা—

১। ভূমিদান প্ৰধানত কেই প্ৰকাৰৰ আছিল?

(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫

উত্তৰঃ (ক) ২


২। উক্তি— আদি-মধ্যযুগত ৰজাৰ ক্ষমতা হ্ৰাস পাইছিল।

যুক্তি— এই সময়ছোৱাত ভূ-স্বামীসকল প্ৰভাৱশালী হৈ পৰিছিল।

(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, কিন্তু যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়।

উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তি উক্তিটোৰ শুদ্ধ ব্যাখ্যা।


৩। আদি-মধ্যযুগৰ ক্ষেত্ৰত কোনটো বাক্য শুদ্ধ?

(ক) ভূ-দান ব্যৱস্থাৰ উত্থান হৈছিল।
(খ) ব্যৱসায়-বাণিজ্যৰ উত্থান হৈছিল।
(গ) সৰু সৰু ৰাজবংশৰ পতন হৈছিল।
(ঘ) কৰতলীয়া ৰাজ্যৰ পতন হৈছিল।

উত্তৰঃ (ক) ভূ-দান ব্যৱস্থাৰ উত্থান হৈছিল।


৪। ‘কবিৰাজমাৰ্গ’ কি ভাষাত ৰচিত?

(ক) তামিল
(খ) পালি
(গ) কানাড়া
(ঘ) হিন্দী

উত্তৰঃ (গ) কানাড়া।


৫। ‘ত্ৰিকোণীয় কনৌজ’ নামৰ শাসনকেন্দ্ৰিক প্ৰতিযোগিতা কাৰ কাৰ মাজত হৈছিল?

(ক) ৰাষ্ট্ৰকূট-পাল-প্ৰতিহাৰসকলৰ মাজত।
(খ) ৰাষ্ট্ৰকূট-ৰাজপুত-প্ৰতিহাৰসকলৰ মাজত।
(গ) পাল-গুপ্ত-ৰাজপুতসকলৰ মাজত।
(ঘ) পাল-প্ৰতিহাৰ-আৰৱসকলৰ মাজত।

উত্তৰঃ (ক) ৰাষ্ট্ৰকূট-পাল-প্ৰতিহাৰসকলৰ মাজত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects