SEBA Class 8 Science Chapter 13 Answer Bengali Medium 2026 – 2027 (SCERT Assam Board) | শব্দ অধ্যায়ের উত্তর

 Chapter 13 –

শব্দ

১) শুদ্ধ উত্তৰ বাছি উলিওৱা

শব্দ সঞ্চাৰিত হ’ব পৰা মাধ্যম হৈছে-

উঃ ঘ) গোটা, জুলীয়া আৰু গেছীয় পৰ্দাথ।

২) কাৰ মাত কম কম্পনাংকৰ হ’ব ? 

উঃ গ) পুৰুষ।

৩) তলৰ উক্তিসমূহত শুদ্ধ/অশুদ্ধ চিহ্নিত কৰা 

ক) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ’ব নোৱাৰে । 

উঃ শুদ্ধ ।

খ) এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায়কাল বোলে। 

উঃ অশুদ্ধ।

গ) কম্পনৰ বিস্তাৰ বেছি হ’লে শব্দ দুৰ্বল হয় ।

উঃ অশুদ্ধ।

ঘ) মানুহৰ বাবে শ্ৰাব্যসীমা 20 Hz ৰ পৰা 20,000 Hz ।

উঃ শুদ্ধ।

ঙ) কম্পনৰ কম্পনাংক কম হ’লে ,তীক্ষ্ণতা বেছি হয় ।

উঃ অশুদ্ধ।

চ) অবাঞ্চিত বা অস্বস্তিকৰ শব্দকেই সংগীত বুলি কোৱা হয় ।

উঃ অশুদ্ধ।

ছ) শব্দ প্ৰদূষণে আংশিক শ্ৰৱন বিসংগতি সৃষ্টি কৰিব পাৰে । 

উঃ শুদ্ধ।

৪) উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা —

ক) এটা দোলন সম্পূৰ্ন কৰিবলৈ প্ৰয়োজন হোৱা সময়ত বস্তুটোৰ পৰ্যায়কাল বোলে ।

খ) কম্পনৰ বিস্তাৰৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় হয় ।

গ) কম্পনাংকৰ একক হৈছে হাৰ্টজ ।

ঘ) অবাঞ্ছিত শব্দক কোলাহল বোলে ।

ঙ) কম্পনৰ কম্পনাংকৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপন হয় ।

৫) এটা দোলকে ৪ ছেকেণ্ডত 80 টা দোলন সম্পূৰ্ন কৰে । ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্নয় কৰা ।

উত্তৰঃ 

কম্পনাংক ঃ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই কম্পনাংক বোলে ।

পৰ্যায়কাল ঃ পৰ্যায়কাল হৈছে দোলনৰ কম্পনাংকৰ প্ৰতিলোম ।

৬) মাহে প্ৰতি ছেকেণ্ডত গঢ়ে ৫০০ বাৰকৈ পাখি কঁপাই শব্দৰ সূষ্টি কৰে । এই কম্পনৰ পৰ্যায়কাল কিমান ? 

উঃ 

                              = ০.০০২ ছেকেণ্ড

৭) তলৰ বাদ্যযন্ত্ৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা-

ক) ঢোলক ঃ টানি ৰখা চামৰা ।

খ) চেতাৰ ঃ চেতাৰৰ তাঁৰ টানি দিলে কম্পনাংকৰ সৃষ্টি হয় আৰু ই কঁপিবলৈ ধৰে ।

গ) বাঁহী ঃ বায়ুস্তম্ভ ।

৮) কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি? সংগীত কেতিয়াবা কোলাহল হ’ব পাৰেনে ? 

উঃ কোলাহল হৈছে বিভিন্ন কম্পনাংকৰ ধ্বনিৰ দ্বাৰা সৃষ্টি হোৱা এক অস্বস্তিকৰ শব্দ ।

        আনহাতে , শুনিবলৈ শুৱলা তথা সুললিত শব্দ হৈছে সংগীত ।

        উচ্চ স্বৰত তথা লাউডস্পিকাৰত বজোৱা সংগীত কেতিয়াবা অস্বস্তিকৰ হয় । এনে ক্ষেত্ৰত সংগীতে কোলাহলৰ ৰূপ লয় ।

৯) তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসমূহৰ তালিকা এখন তালিকা এখন প্ৰস্তুত কৰা ।

উঃ 

ক) গাড়ী-মটৰৰ শব্দ 

খ) ফটকা-আওচবাজীৰ শব্দ

গ) উচ্চস্বৰত বজোৱা টেলিভিছন, ৰেডিঅ, লাউডস্পিকাৰৰ শব্দ

ঘ) পাকঘৰৰ কিছুমান সজুঁলিৰ শব্দ 

ঙ) কুলাৰ, শীত-তাপ নিয়ন্ত্ৰন যন্ত্ৰ আদিৰ দ্বাৰা সূষ্টি হোৱা শব্দ ।

১০) মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা ।

উঃ মানুহৰ জীৱনত শব্দ প্ৰদূষণে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে । শব্দ প্ৰদূষণৰ ফলত টোপাল নোহোৱা, উচ্চ ৰক্তচাপ ,উৎকন্ঠা আৰু বহুতো স্বাস্থ্য বিসংগতিয়ে দেখা দিয়ে । উচ্চ স্বৰৰ শব্দ অবিৰতভাৱে শুনি থাকিলে মানুহৰ স্থায়ী অথবা অস্থায়ী ৰূপত শ্ৰৱন বিসংগতি ঘটিব পাৰে ।

১১) তোমাৰ মাৰা-দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে । তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন পথৰ তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে । তুমি তোমাৰ মা-দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা ? কাৰণ ব্যাখ্যা কৰা ।

উঃ মই মা-দেউতাক তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াম ।

        কাৰণ , মূল পথতকৈ উপপথ কেইটাত গাড়ী-মটৰৰ সংখ্যা কম হ’ব । অত্যধিক যান-বাহনৰ ফলত পথৰ দাঁতিত থকা ঘৰটোত শব্দ প্ৰদূষণৰ সৃষ্টি হ’ব । তিনিটা উপপথ আঁতৰত থকা ঘৰটোত পথৰ দাঁতিৰ ঘৰটোৰ তুলনাত শব্দ প্ৰদূষণ কমিব ।

১২) স্বৰসন্ত্ৰৰ চিত্ৰ আৰু ইয়াৰ কাৰ্যসমূহ তোমাৰ নিজৰ ভাষাত বৰ্ননা কৰা ।

উঃ

মানুহৰ ক্ষেত্ৰত স্বৰকক্ষ বা স্বৰযন্ত্ৰ ( Larynx) ৰ দ্বাৰা শব্দৰ সৃষ্টি হয় । ই আমাৰ ডিঙিৰ এটা অংশ । ই বায়ুনলীৰ ওপৰৰ অংশত অৱস্থিত । স্বৰযন্ত্ৰৰ সৈতে দুডাল স্বৰতন্ত্ৰী সংলগ্ন হৈ থাকে যাতে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় । হাওঁফাওঁৰ পৰা অহা বায়ু ছিদ্ৰৰ মাজেৰে গ’লে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সূষ্টি কৰে ।

১৩) আকাশত বিজুলী আৰু ঢেৰেকনি একেসময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় । কিন্তু আকৌ বিজুলি দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে?

উঃ বায়ুমাধ্যমত শব্দৰ দ্ৰুতিতকৈ পোহৰৰ দ্ৰুতি বেছি । সেয়েহে ,সমান দূৰত্ব হোৱা স্বত্বেও বিজুলি আগে দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত আহি পৰে ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top