SEBA Class 8 Science Chapter 4 Answer Bengali Medium 2026 – 2027 (SCERT Assam Board) | পদার্থ: ধাতু ও অধাতু অধ্যায়ের উত্তর

 Chapter 4 –

পদার্থ: ধাতু ও অধাতু

১) তলৰ কোনবোৰক  পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি ? 

](ক) জিংক       (খ) ফছফৰাছ              (গ) গন্ধক           (ঘ) অক্সিজেন

উত্তৰ ঃ (ক) জিংক        

২) তলত  দিয়া কোনটো উক্তি শুদ্ধ? 

(ক) সকলো ধাতু নমনীয়।           

(খ) সকলো অধাতু নমণীয়।

(গ) সাধৰণতে ধাতুসমূহ নমনীয়।

(ঘ) কিছুমান  অধাতু নমনীয়।

 উত্তৰ ঃ (গ)  সাধাৰণতে ধাতুসমূহ নমনীয়।

৩) খালী ঠাই পূৰ কৰা-

উত্তৰঃ 

(ক) ফৰফৰাছ এবিধ অতি  সক্ৰিয় ধাতু।

(খ) ধাতুসমূহ তাপ আৰু বিদ্য়ুতৰ সু-পৰিবাহী।

(গ) তামতকৈ লো অধিক সক্ৰিয়।

(ঘ) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন  গেছ উৎপন্ন কৰে।

৪) উক্তিবোৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰাঃ

(ক) সাধাৰণতে , অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে ।

উত্তৰঃ অশুদ্ধ। 

(খ) ছ’ডিয়াম  এবিধ বৰ   সক্ৰিয় ধাতু ।

উত্তৰঃ শুদ্ধ। 

(গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।

উত্তৰঃ অশুদ্ধ।  

(ঘ) কয়লা টানি তাৰৰ ৰূপ দিব পাৰি।   

উত্তৰঃ অশুদ্ধ।             

৫) তলৰ ধৰ্মসমূহৰ ওপৰত  ভিত্তি কৰি  ধাতু  আৰু  অধাতুৰ পাৰ্থক্য় লিখা। 

উঃ 

ধৰ্মধাতুঅধাতু
১। বাহ্যিক ৰূপচিকমিকিয়াঅনুজ্বল
২। কঠিনতাকঠিনকোমল
৩। ঘাতসহনীয়তাধাতুক কোবাই পাতৰ আকাৰত গঢ় দিব পাৰিঅধাতুক কোবালে গুড়ি হৈ যায়।
৪। নমনীয়তাধাতুক টানি তাঁৰৰ আকাৰ দিব পাৰিঅধাতুক টানি তাঁৰৰ আকাৰ দিব নোৱাৰি
৫। তাপ পৰিবাহিতাসুপৰিবাহীকু-পৰিবাহী
৬। বিদ্যুত পৰিবাহিতাসুপৰিবাহীকু-পৰিবাহী

৬) কাৰণ দৰ্শোৱা ঃ

(ক) খাদ্য়- সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্য়ৱহাৰ কৰা হয়।

উত্তৰ ঃ খাদ্য-সামগ্ৰীত এলুমিনিয়ামৰ পাত মেৰিয়ালে  ই খাদ্যত অক্সিজেন আৰু অন্যান্য বস্তুৰ বিক্ৰিয়া ঘটাত বাধা দিয়ে, যাৰ ফলত খাদ্যবস্তুৰ সোৱাদ আৰু গুনাগুন অটুত থাকে। 

        ধাতুৰ ঘাতসহনীয়তা গুণৰ বাবেই আমি এলুমিনিয়ামৰ ধাতুৰ পাত তৈয়াৰ কৰিব পাৰিছো। 

(খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্য়ৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত।

উত্তৰ ঃ ধাতুবোৰ হৈছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। সেয়েহে, জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত।

(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।

উত্তৰ ঃ তাম হৈছে জিংকতকৈ কম সক্ৰিয় ধাতু । জিংকক ইয়াৰ লৱন দ্ৰৱৰ পৰা অপসাৰিত কৰিবলৈ তাতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন হ’ব । সেয়েহে , তামে জিংকক তাৰ  লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে । 

(ঘ) ছ’ডিয়াম আৰু পটেছিয়াম কেৰাচিন ডুবাই ৰখা হয়।

উত্তৰ ঃ ছ’ডিয়াম আৰু পটেছিয়াম হৈছে বৰ সক্ৰিয় ধাতু । ইহঁতে অক্সিজেন আৰু পানীৰ সৈতে প্ৰৱলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমানে তাপ উৎপন্ন কৰে। সেইকাৰণে , ইহঁতক কেৰাচিনত ডুবাই ৰখা হয়।

৭) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব  পাৰিবা? বাখ্য়া কৰা।

উত্তৰ ঃ নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰিব নোৱাৰি। কাৰণ, নেমু টেঙাত থকা এছিডে এলুমিনিয়াম (ধাতু) ৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰিব আৰু আচাৰখিনি নষ্ট হ’ব। 

৮) স্তম্ভ   A ত থকা পদাৰ্থসমূহক  স্তম্ভ    B  ত থকা সিহঁতৰ ব্য়ৱহাৰৰ লগত মিলোৱা – 

উত্তৰ ঃ 

         A                     B

(i) সোন ↔️ ঘ) আ-অলংকাৰ

(ii) লো ↔️ ঙ) যন্ত্ৰ-পাতি

(iii) এলুমিনিয়াম ↔️ গ) খাদ্য মেৰোৱা

(iv) কাৰ্বন ↔️ চ) ইন্ধন 

(v) তাম ↔️ খ) বৈদ্যুতিক তাঁৰ

(vi) পাৰা ↔️ ক) থাৰ্মমিটাৰ 

৯) কি ঘটিব যেতিয়া – ( শব্দ সমীকৰণ লিখা ) 

ক) তামৰ প্লেটৰ এপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়। 

উত্তৰ ঃ যেতিয়া তাম (কপাৰ ) ৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়, তেতিয়া তায়ে লঘু ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ছালফেট উৎপন্ন কৰে আৰু হাইড্ৰ’জেন গেছ মুক্ত হয়। 

খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়।

উত্তৰঃ  কপাৰ ছালফেট (CuSO4) দ্ৰৱত যেতিয়া লোৰ গজাল (Fe) ৰখা হয়, তেতিয়া লোৱে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে।

১০) শলনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে।

ক) তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব?

উত্তৰঃ পৰীক্ষানলীত সংগ্ৰহ কৰা গেছখিনিত অলপ পানী যোগ কৰিলে দেখা যাব যে পানীখিনিত গেছ দ্ৰৱীভূত হৈছে। এতিয়া, দ্ৰৱটো নীলা লিটমাছ কাগজেৰে পৰীক্ষা কৰিলে দেখা যাব যে নীলা লিটমাছ কাগজ খনৰ বৰণ ৰঙা হৈছে। ই গেছটোৰ আম্লিক প্ৰকৃতি সূচায়।

খ) এইক্ষেত্ৰত জ্বলন্ত এঙাৰ টুকুৰা পৰা ওলোৱা গেছখিনি হৈছে কাৰ্বন-ডাই-অক্সাইড গেছ (Co2)।

১১। এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোনাৰীজনক এডাল পুৰণি সোনৰ গহনা পালিচ কৰিব দিলে। পাছদিনা, তেওঁলোকে যেতিয়া গহনাদাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰসাৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাৰ পাৰিবানে?

উত্তৰঃ যেতিয়া গহনা পালিচ কৰিবলৈ দিয়া হয়, তেতিয়া সোণাৰীসকলে গ্ৰহনাবিধ একুৱাৰেজিয়া নামৰ এবিধ দ্ৰৱত ডুবাই ৰাখে। যাৰ ফলত সোনৰ গহনাবিধৰ বহিঃতৰপটো একুৱাৰেজিয়াত দ্ৰৱীভূত হয় আৰু গহনাবিধৰ ওজন সামান্য হ্ৰাস পায়।

*একুৱাৰেজিয়াঃ নাইট্ৰিক এছিড (HNO3) আৰু হাইড্ৰ’ক্ল’ৰিক এছিড (HCl) ক ১ঃ৩ অনুপাতত মিহলাই তৈয়াৰ কৰা দ্ৰৱবিধক একুৱাৰেজিয়া বোলা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top