SEBA Class 9 Science Chapter 11 Answer 2026 | Class 9 General Science Chapter 11 Question and Answer Solutions By SEBA Teachers | কাৰ্য আৰু শক্তি |

অধ্যায়ঃ ১১

কাৰ্য আৰু শক্তি 

২) কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কওঁ?

উত্তৰঃ কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ’ব লাগিব।

(i) বস্তু এটাত বল নোহোৱা হ’ব লাগিব আৰু

(ii) বস্তুটোৰ সৰণ হ’ব লাগিব।

অৰ্থাৎ, সম্পাদিত কাৰ্য = বল × সৰণ

৬) বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা?উত্তৰঃ– গতিশীল বস্তু এটাত নিহিত থকা শক্তিক আমি বস্তুটোৰ গতিশক্তি বুলি কওঁ। অৰ্থাৎ, গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে। বস্তু এটাৰ গতিশক্তি ইয়াৰ দ্ৰুতিৰ সৈতে বৃদ্ধি হয়।

অনুশীলনীঃ

1. তলত দিয়া তালিকাৰ কাৰ্যকলাপ বোৰলৈ মন কৰা। কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ ব্যুপত্তিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা।

. সোমাই পুখুৰীত সাঁতুৰি আছে।উত্তৰঃ কাৰ্য সম্পাদন হোৱা বুজাইছে। কাৰণ বল প্ৰয়োগৰ ফলত স্থানৰ পৰিৱৰ্তন হৈছে।

∙ গাধ এটাই বোজা কঢ়িয়াই আছে।উত্তৰঃ– কাৰ্য সম্পাদন হৈছে। কাৰণ বল প্ৰয়োগৰ ফলত সৰণ হৈছে।

∙ বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে।উত্তৰঃ– ইয়াত বল প্ৰয়োগৰ ফলত স্থানৰ পৰিৱৰ্তন হৈছে। গতিকে কাৰ্য সম্পাদন হৈছে।

∙ সেউজীয়া গছ এডালে সালোক সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে।উত্তৰঃ– কাৰ্য সম্পাদন হোৱা নাই। কাৰণ ইয়াত সৰণ হোৱা নাই।                                          

∙ ইঞ্জিন এটাই ট্ৰেইন এখন টানি আছে।উত্তৰঃ– কাৰ্য সম্পাদন হৈছে। কাৰণ ইয়াত বল প্ৰয়োগৰ ফলত ট্ৰেইনখনৰ সৰণ হৈছে।

∙ সূৰ্য্যৰ তাপত শস্য শুকাই আছে।উত্তৰঃ– কাৰ্য সম্পাদন হোৱা নাই। কাৰণ ইয়াত কোনো ধৰণৰ সৰণ হোৱা নাই। 

. বায়ু শক্তিৰে পালনাও এখন গৈ আছে।উত্তৰঃ– কাৰ্য সম্পাদন হৈছে। কাৰণ ইয়াত সৰণ হৈছে।

3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বৰ্ণনা দিয়া।উত্তৰঃ– শক্তি সদায় এটা শক্তিৰ পৰা আন এটালৈ ৰূপান্তৰ হয়। ইয়াত যেতিয়া বেটেৰী এটা বাল্বৰ লগত সংযোগ কৰা হয় তেতিয়া আধানৰ গতিশক্তি প্ৰথমে বিদ্যুত শক্তিলৈ ৰূপান্তৰ হয়। আৰু পিছত তাপ শক্তিলৈ ৰূপান্তৰ হয় আৰু বাল্বটো জ্বলি উঠে।

6. মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্ৰমান্বয়ে হ্ৰাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভঙ্গ কৰেনে? কিয়?উত্তৰঃ– শক্তি সংৰক্ষণ সূত্ৰ ভঙ্গ নকৰে। কাৰণ বস্তুটোৰ মুক্ত অধোগমনৰ কালত পথৰ যিকোনো বিন্দুত বস্তুৰ স্থিতিশক্তি যি পৰিমাণে কমে সেই একে পৰিমাণে তাৰ গতিশক্তি বাঢ়ে।এইদৰে এই প্ৰক্ৰিয়াত মাধ্যাকৰ্ষিক স্থিতিশক্তি অবিৰতভাৱে গতিশক্তিলৈ পৰিৱৰ্তিত হৈছে।

8. তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হ’লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে? তুমি ব্যয় কৰা শক্তিখিনি ক’লৈ গ’ল?উত্তৰঃ কাৰ্য কৰিব পৰা সামৰ্থক শক্তি বোলা হয়। যিহেতু বল প্ৰয়োগৰ ফলতো প্ৰকাণ্ড শিলটোৰ কোনো ধৰণৰ লৰচৰ হোৱা নাই, গতিকে ইয়াত কাৰ্য সম্পাদন হোৱা নাই। কাৰ্য সম্পাদন হোৱা নাই কাৰণে ইয়াত শক্তিৰ ৰূপান্তৰো হোৱা নাই।

11. পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহ এটাত মাধ্যাকৰ্ষণিক বলে কিমান কাৰ্য সম্পন্ন কৰে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।উত্তৰঃ– আমি জানো যে, কাৰ্য সম্পাদন শূন্য হয় যেতিয়া বল প্ৰয়োগৰ দিশ সৰণৰ ওপৰত লম্বভাৱে হয়। যেতিয়া উপগ্ৰহ এটা পৃথিৱীৰ চাৰিওফালে ঘূৰে তেতিয়া মাধ্যাকৰ্ষণিক বলৰ দিশ লম্বভাৱে উপগ্ৰহৰ সৰণত পৰে। গতিকে মাধ্যাকৰ্ষণিক বলে সম্পন্ন কৰা কাৰ্যৰ মান শূন্য়ৰ সমান হয়।

12. বস্তুৰ ওপৰত বল প্ৰয়োগ নোহোৱাকৈ তাৰ সৰণ হ’ব পাৰেনে? চিন্তা কৰা।তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধৱ আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।উত্তৰঃ– সৰণ হ’ব পাৰে। যেতিয়া বস্তু এটা সুষম গতিত গতি কৰি থাকে তেতিয়া।                    ধৰা হ’ল, বস্তু এটা অবিৰত হাৰত গতি কৰি আছে। যেনেঃ পেণ্ডুলামৰ গতি। ইয়াত কোনো বাহ্যিক বল প্ৰয়োগ হোৱা নাই। কিন্তু নিৰ্দিষ্ট সময়ৰ লগে লগে দোলন বা পেণ্ডুলামটোৱে নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব।

13. মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধাঘন্টা সময় ৰৈ থাকি ভাগৰ অনুভৱ কৰিলে। তেওঁ কিবা কাৰ্য কৰিলেনে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।উত্তৰঃ– কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ’ব লাগিব।(i) বস্তু এটাত বল প্ৰয়োগ হ’ব লাগিব।(ii) বস্তুটোৰ সৰণ হ’ব লাগিব।
            ওপৰৰ প্ৰশ্নটোত (i) চৰ্তটো পূৰ্ণ হৈছে। কাৰণ মাধ্যাকৰ্ষণিক বলৰ প্ৰয়োগ হৈ আছে। কিন্তু, (ii) চৰ্ত পূৰ্ণ হোৱা নাই। কাৰণ মানুহজন স্থিৰ হৈ আছে। সৰণ হোৱা নাই। গতিকে ইয়াত কাৰ্য সম্পাদন হোৱা নাই।

15. দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনাৰ যোগেদি শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ ব্য়াখ্যা কৰা।পিণ্ডটো অৱশেষত স্থিতিশীল অৱস্থাপ্ৰাপ্ত কিয় হয়? অৱশেষত ইয়াৰ শক্তিখিনিৰ কি হয়? ই শক্তিৰ সংৰক্ষণ সূত্ৰ ভঙ্গ কৰে নেকি?উত্তৰঃ– যেতিয়া দোলকটো টানি অনা হয়, তেতিয়া তাত শক্তি স্থিতিশক্তি ৰূপে সঞ্চিত হয় আৰু যেতিয়া টানি আনি এৰি দিয়া হয় তেতিয়া সেই সঞ্চিত স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰ হয়। যেতিয়া গতিশক্তি ক্ৰমাত বাঢ়ি যায় তেতিয়া স্থিতিশক্তি কমি আহে। এই প্ৰক্ৰিয়াত শক্তি সংৰক্ষণৰ সূত্ৰ ভংঙ্গ নহয়। কাৰণ স্থিতিশক্তি গতিশক্তিলৈ ৰূপান্তৰ হয়। দোলকটো এটা সময়ত স্থিতিশীল হোৱাৰ কাৰণ হৈছে বায়ুৰ ঘৰ্ষণ। বায়ুৰ ঘৰ্ষণে দোলকৰ গতিত বাধা প্ৰদান কৰে আৰু ই এটা সময়ত স্থিৰ হৈ পৰে।

উত্তৰঃ– উক্ত প্ৰশ্নটোৰ 一A. ইয়াত প্ৰয়োগ হোৱা বল ঊৰ্ধমুখী। মানে উলম্বভাৱে বলে ক্ৰিয়া কৰিছে। কিন্তু সৰণ উলম্ব দিশত হোৱা নাই। গতিকে কাৰ্যৰ পৰিমাণ শূন্য (০)।
B. ইয়াত বল প্ৰয়োগৰ দিশত বস্তুটোৰ সৰণ হৈছে। গতিকে, বস্তুটোৰ ওপৰত কৰা কাৰ্য ধনাত্মক।
C. ইয়াত বল প্ৰয়োগৰ বিপৰীত দিশত বস্তুটোৰ সৰণ হৈছে। গতিকে বস্তুটোৰ ওপৰত কৰা কাৰ্য ঋণাত্মক হ’ব।

21. মুক্তভাৱে অধোগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়। ইহঁতৰ গতি শক্তিৰ কি দশা হ’ব?উত্তৰঃ মুক্তভাৱে অধোগামী বস্তুবোৰৰ গতিশক্তিবোৰ ভূমিত উপনীত হ’লে ই শব্দশক্তি, তাপশক্তি আৰু কিছু পৰিমাণে স্থিতি শক্তিলৈ ৰূপান্তৰ হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top