অধ্যায়ঃ ১২
শব্দ
1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ?
উত্তৰঃ– স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণাবিলাকক কপিবলৈ বাধ্য কৰে।
কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পৰ্যন্ত ভ্ৰমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হ’ব। তাৰ পিছত ই নিকটৱৰ্তী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে। তাৰ ফলত নিকটৱৰ্তী কণাটোও তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হয়। নিকটৱৰ্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে। শব্দ আহি কাণত নপৰা পৰ্যন্ত মাধ্যমত এই প্ৰক্ৰিয়াটো চলি থাকে।
প্ৰশ্নাৱলীঃ
1. তোমাৰ স্কুলৰ ঘন্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা কৰা।
উত্তৰঃ– স্কুলৰ ঘণ্টাটো কোবোৱাৰ সময়ত ঘণ্টাটোৰ লগত লাগি থকা তাৰ চৌপাশৰ কণাবোৰক কপিবলৈ বাধ্য কৰে। তাৰ পিছত এই কণাবোৰে নিকটৱৰ্তী কণাবোৰৰ ওপৰত বল প্ৰয়োগ কৰে। তাৰ ফলত নিকটৱৰ্তী কণাবোৰো কপিবলৈ বাধ্য হয়। এনেদৰে গোটেই আন্দোলনটো মাধ্যমৰ কণাবোৰৰ মাজেদি সঞ্চালন হয়। সেই আন্দোলনটো আমাৰ কাণত নপৰা পৰ্যন্ত চলি থাকে বাবেই আমি ঘণ্টাৰ শব্দবোৰ শুনিব পাঁও।
2. শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয়?
উত্তৰঃ– শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে বাবে শব্দ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়।
3. ধৰা হওঁক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা। তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হ’বানে?
উত্তৰঃ– শব্দ সঞ্চালিত হ’বলৈ মাধ্যমৰ প্ৰয়োজন। যিহেতু চন্দ্ৰ পৃষ্ঠত কোনো ধৰণৰ বায়ুমণ্ডল নাই, গতিকে তাত শব্দ কৰিলেও শব্দৰ সঞ্চালন নহ’ব, ফলত শব্দ শুনা নাযাব।
প্ৰশ্নাৱলীঃ
1. তৰংগৰ কি ধৰ্মই (a) তীব্ৰতা আৰু (b) তীক্ষ্ণতা নিৰ্ণয় কৰে?
উত্তৰঃ– (a) শব্দৰ তীব্ৰতা তাৰ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়। কোমল শব্দৰ বিস্তাৰ কম আৰু তীব্ৰ শব্দৰ বিস্তাৰ বেছি।
(b) শব্দ তৰংগৰ কম্পনাংক ধৰ্মই তীক্ষ্ণতা নিৰ্ণয় কৰে। কম তীক্ষ্ণতাৰ শব্দৰ কম্পনাংক কম আৰু উচ্চ তীক্ষ্ণতাৰ শব্দৰ কম্পনাংক বেছি।
2. গাড়ীৰ হৰ্ন আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি?
উত্তৰঃ– গীটাৰৰ তীক্ষ্ণতা বেছি। কাৰণ তীক্ষ্ণতা কম্পনাংকৰ লগত প্ৰত্যক্ষভাৱে জড়িত।
প্ৰশ্নাৱলীঃ
1. শব্দ তৰংগৰ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায় কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা।
উত্তৰঃ– তৰংগ দৈৰ্ঘ্যঃ দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক অনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে।
কম্পনাংকঃ প্ৰতি একক সময়ত সংঘটিত সম্পূৰ্ণ কম্পনৰ সংখ্যাক কম্পনাংক বোলে।
পৰ্যায় কালঃ মাধ্যমৰ ঘনত্ব বা চাপৰ এটা কম্পন সম্পূৰ্ণ হওঁতে তৰংগক প্ৰয়োজন হোৱা সময়ক পৰ্যায় কাল বোলে।
বিস্তাৰঃ মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে।



প্ৰশ্নাৱলীঃ
1. শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি?
উত্তৰঃ– প্ৰতি চেকেণ্ডত একক কালিৰ মাজেৰে পাৰহৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্রাবল্য বোলে। আনহাতে তীব্ৰতা হ’ল শব্দলৈ কাণে দিয়া সহাঁৰিব জোখ। আমাৰ কাণে একে প্রাবল্যৰ দুটা শব্দৰ এটাক আনটোতকৈ উত্তমৰূপে ধৰা পেলালে তাক আনটোতকৈ ডাঙৰকৈ শুনিম।
প্ৰশ্নাৱলীঃ
1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি?
উত্তৰঃ– এক নিৰ্দিষ্ট উষ্ণতাত লোৰ মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি।
প্ৰশ্নাৱলীঃ

প্ৰশ্নাৱলীঃ
1. সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয়?
উত্তৰঃ– সংগীত সমলয়ৰ প্ৰক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ হয়। কাৰণ বক্ৰাকৃতিৰ হ’লে শব্দ প্ৰেক্ষাগৃহৰ প্ৰতিটো চুক কোণলৈ যাব পাৰে।
প্ৰশ্নাৱলীঃ
1. সাধাৰণতে মানুহৰ কাণৰ শ্ৰাৱ্য পৰিসৰ কি?
উত্তৰঃ– সাধাৰণতে মানুহৰ কাণৰ শ্ৰাৱ্য পৰিসৰ হ’ল 20 হাৰ্জৰ পৰা 20,000 হাৰ্জ।
2. (a) অৱশব্দ আৰু (b) অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ কি?
উত্তৰঃ– (a) অৱশব্দঃ 20 Hz তকৈ কম।
(b) অতিশব্দঃ 20000 Hz তকৈ বেছি।
প্ৰশ্নাৱলীঃ

অনুশীলনীঃ
1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয়?
উত্তৰঃ– শব্দ হৈছে এবিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায়।
বিভিন্ন বস্তুৰ কম্পনৰ দ্বাৰা শব্দৰ উৎপত্তি হয়।
2. শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু অনূভৱন কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ–

স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক ঠেলি সংকুচিত কৰে। ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়। এনে অঞ্চলক সংকোচন বা বায়ুৰ ঘনীভৱন বোলে। যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে, তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে যাক অনুভৱন বোলে।
3. শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা।
উত্তৰঃ– বায়ুৰুদ্ধ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘণ্টা এটা ওলমোৱা হ’ল। এতিয়া বেলজাৰটো বায়ু নিষ্কাশন পাম্প এটাৰ লগত সংযোগ কৰি থোৱা হ’ল। চুইচ দিলে ঘণ্টাটোৰ শব্দ শুনিবলৈ পোৱা যাব। এতিয়া পাম্পটো চলোৱাৰ লগে লগে বেলজাৰটোৰ ভিতৰৰ বায়ুখিনি লাহে লাহে নিষ্কাশিত হৈ থকা অৱস্থাত একে প্ৰবাহেই ঘণ্টাটোৰ মাজেৰে বৈ থকা স্বত্বেও ঘণ্টাৰ শব্দ ক্ৰমান্বয়ে সৰু হৈ আহিব আৰু কিছু সময় পিছত যেতিয়া বেলজাৰৰ ভিতৰত অতি কম পৰিমাণৰহে বায়ু অৱশিষ্ট থাকিব, তেতিয়া অতিশয় সৰু শব্দহে শুনা যাব।
গতিকে ইয়াৰ পৰা প্ৰমাণ হ’ল যে, শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন।

চিত্ৰঃ শূণ্যস্থানৰ মাজেৰে শব্দ সঞ্চালিত হ’ব নোৱাৰে বুলি দেখুওৱা বেলজাৰৰ পৰীক্ষা।
4. শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?উত্তৰঃ– শব্দ তৰংগৰ মাধ্যমৰ কণাবোৰ সাম্য অৱস্থাৰ পৰা অগা-পিচা কৰি দোলন কৰে। এনে তৰংগৰ মাধ্যমৰ কণাবোৰ আন্দোলন অগ্ৰসৰ হোৱা দিশত সমান্তৰালভাৱে গতিশীল হয়। সেইবাবে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বোলে।
5. অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব পাৰা?উত্তৰঃ– শব্দৰ তীক্ষ্ণতা চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে বন্ধুৰ মাত চিনাক্ত কৰিব পৰা যাব।
6. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায়, কিয়?উত্তৰঃ– বিজুলীৰ পোহৰ দৃশ্যমান হোৱাৰ কিছুসময়ৰ পিছতহে ঢেৰেকণিৰ শব্দ শুনা যায়। কাৰণ শব্দৰ দ্ৰুতি (বেগ) পোহৰৰ দ্ৰুতিতকৈ (বেগতকৈ) কম।



10. পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।উত্তৰঃ– প্ৰতিফলনৰ সূত্ৰ মানি চলে। শব্দৰ প্ৰতিফলনৰ সূত্ৰ অনুসৰি আপতিত আৰু প্ৰতিফলিত শব্দৰ দিশ দুটাই আপতন বিন্দুত প্ৰতিফলন পৃষ্ঠৰ সাপেক্ষে টনা অভিলম্বৰ লগত সমান সমান কোণ উৎপন্ন কৰে আৰু এই তিনিওটা একেখন সমতলত থাকে।

12. শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।
উত্তৰঃ– শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ হল 一
(i) ধ্বনিবৰ্দ্ধক বা মেগাফ’ল, হৰ্ন আদিৰ ব্যৱহাৰ। এই যন্ত্ৰসমূহত নলী এটাৰ মূৰত সংলগ্ন শংকু আকৃতিৰ মুখত তৰংগৰ পুনঃ পুনঃ প্ৰতিফলনে শব্দ তৰংগৰ অধিকাংশ উৎসৰ পৰা শ্ৰোতাৰ দিশত সঞ্চালিত কৰে।
(ii) ষ্টেথ’স্কপৰ ব্যৱহাৰ। চিকিৎসকে ষ্টেথ’স্কপৰ সহায়ত ৰোগী হৃদস্পন্দন পুনঃ পুনঃ প্ৰতিফলনৰ যোগেদি শুনে।


15. অনুৰণন কাক বোলে? ইয়াক কেনেকৈ কমাব পাৰি?উত্তৰঃ– ডাঙৰ হলঘৰ এটাত সৃষ্টি হোৱা শব্দ বেৰবোৰত পুনঃ পুনঃ প্রতিফলিত হৈ শ্ৰাব্য সীমাৰ তললৈ হ্ৰাস নোপোৱা পৰ্য্যন্ত কিছু সময়ৰ বাবে শ্ৰোতাৰ কাণত বাজি থাকে। এই নিবন্ধ প্ৰদান কৰা পুনঃ পুনঃ প্ৰতিফলনকে অনুৰণন বোলে। অনুৰণন কমাবৰ বাবে প্ৰেক্ষাগৃহৰ বেৰ আৰু মূধচত শব্দ শোষণকাৰী পদাৰ্থ, যেনেㅡ আহঁযুক্ত প্ৰচাপিত ব’ড, খহটা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আৱৰা হয়। তদুপৰি শব্দ শোষণ কৰিব পৰা পদাৰ্থহে বহা আসনবোৰত সজ্জিত কৰা হয়।
16. শব্দৰ তীব্ৰতা কাক বোলে? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল?উত্তৰঃ– শব্দৰ প্ৰাবল্যৰ প্ৰতি মানুহৰ কাণৰ জৈৱিক সঁহাৰিয়েই হ’ল শব্দৰ তীব্ৰতা। ই মূলতঃ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় হয়। ই কম্পিত বস্তুৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰশীল।
17. চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যৱহাৰ কি দৰে কৰে?উত্তৰঃ– বাদুলিয়ে অতিশাব্দিক তৰংগ প্ৰেৰণ কৰি আৰু তাৰ প্ৰতিফলন ধৰা পেলাই চিকাৰ বিচাৰে। বাদুলিৰ অতি তীক্ষ্ণ চেঁ-চেঁয়ানিবোৰ প্ৰতিবন্ধক বা চিকাৰৰ পৰা প্ৰতিফলিত হৈ বাদুলীৰ কাণলৈ উভতি আহে। প্ৰতিফলিত তৰংগৰ প্ৰকৃতিৰ পৰা বাদুলিয়ে প্ৰতিবন্ধকৰ অৱস্থান আৰু প্ৰকাৰৰ উমান পায়।
18. পৰিষ্কাৰ (Cleaning) কৰিবলৈ অতিশব্দৰ ব্যৱহাৰ কি দৰে হয়?উত্তৰঃ– এই ক্ষেত্ৰত পৰিষ্কাৰ কৰিবলগীয়া বস্তুবোৰ এটা পৰিষ্কাৰ পাত্ৰত ৰখা হয় আৰু তাৰ পিছত দ্ৰৱৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয়। উচ্চ কম্পনাংকৰ খুন্দাত ধূলি-মাকতি তেলেতীয়া পদাৰ্থ আৰু মলবোৰ এৰাই আহে আৰু দ্ৰৱৰ তলিত জমা হয়। এই প্ৰক্ৰিয়াত বস্তুবোৰ সম্পূৰ্ণ পৰিষ্কাৰ হয়।
19. চনাৰৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা।উত্তৰঃ– চনাৰ শব্দই শাব্দিক দিক নিৰ্ণয় আৰু জৰীপ বুজায়। এই যন্ত্ৰৰে পানীৰ তলৰ বস্তুৰ দূৰত্ব, দিশ আৰু দ্ৰুতি নিৰ্ণয় কৰা হয়। চনাৰত এটা প্ৰেৰক যন্ত্ৰ আৰু এটা গ্ৰাহক যন্ত্ৰ থাকে। এই দুটা নাঁও বা জাহাজৰ তলিত লগোৱা থাকে। প্ৰেৰক যন্ত্ৰই অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে। এই তৰংগবোৰ পানীৰ মাজেৰে সঞ্চালিত হয় আৰু সমুদ্ৰতলিত থকা বস্তুত প্ৰতিফলিত হৈ উভতি আহে আৰু গ্ৰাহক যন্ত্ৰত ধৰা পৰে। গ্ৰাহক যন্ত্ৰই উভতি অহা অতিশাব্দিক তৰংগবোৰ বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। তাৰ পৰৱৰ্তী পযায়ত এই সংকেটবোৰৰ যথোপযুক্ত বিশ্লেষণ সম্পন্ন হয়। চনাৰৰ ব্যৱহাৰেৰে সমুদ্ৰতলিত থকা বস্তুৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰি।


21. অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পোলোৱা হয় ব্যাখ্যা কৰা।
উত্তৰঃ– ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। ধাতুৰ কুণ্ডাৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয় আৰু সম্প্ৰসাৰিত তৰংগবোৰক সংসূচকত ধৰা পেলোৱা হয়। ধাতুৰ কুণ্ডাৰ অন্তৰ্ভাগৰ অতি ক্ষুদ্ৰ বিসংগতিয়েও অতিশব্দক প্ৰতিফলিত কৰি চ্যুতি বা বিসংগতিৰ উপস্থিতি নিৰ্ণয় কৰে।

22. মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰা।
উত্তৰঃ– কাণৰ বাহ্যিক অংশক কৰ্ণপালি বোলে। ই চৌপাশৰ শব্দবোৰ সংগ্ৰহ কৰে। সংগ্ৰহীত শব্দবোৰ শ্ৰৱন নলীৰে সঞ্চালিত হয়। শ্ৰৱন নলীৰ শেষ প্ৰান্তত পাতল পৰ্দা এখন থাকে। ইয়াকে কৰ্ণপটহীয় পৰ্দা বা কাণমাদল বোলে। মাধ্যমত ঘনীভৱন কাণমণ্ডলত উপনীত হ’লে পৰ্দাৰ বৰ্হিভাগত চাপৰ বৃদ্ধি হয় আৰু কাণমাদলক ভিতৰলৈ ঠেলে। এনেদৰে মাধ্যমৰ তনূভৱনে স্পৰ্শ কৰিলে কাণমাদল বাহিৰলৈ ওলাই আহে। এইদৰে কাণমাদলত কম্পনৰ সৃষ্টি হয়। এই কম্পনক মধ্যকৰ্ণত থকা তিনিডাল হাড়ে কেবাগুণে সহবৰ্দ্ধিত কৰে। শব্দৰ পৰা উদ্ভিত সংবৰ্দ্ধিত চাপৰ পৰিৱৰ্তনক মধ্যকৰ্ণই অন্তঃকৰ্ণলৈ প্ৰেৰণ কৰে। অন্তঃকৰ্ণত বায়ুচাপৰ পৰিৱৰ্তনক কৰ্ণাবৰ্তই বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰেয। শ্ৰৱণ স্নায়ুৰ দ্বাৰা বৈদ্যুতিক সংকেটবোৰ মগজু পায়গৈ আৰু মগজুৱে এইবোৰক শব্দ বুলি তাৎপৰ্যোদ্ধাৰ কৰে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post