SEBA Class 9 Science Chapter 6 Answer 2026 | Class 9 General Science Chapter 6 Question and Answer Solution By SEBA Teachers | কলা |

অধ্যায়ঃ ৬

কলা

1. “কলা”ৰ সংজ্ঞা দিয়া।

উত্তৰঃ– জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ জৈৱিক ক্ৰিয়া অনাবৰতে চলি থাকে। এনেকুৱা জৈৱিক ক্ৰিয়াবোৰ কৰিবলৈ একে গঠন আৰু আকৃতি বিশিষ্ট কোষবোৰ একগোট হৈ কলাৰ সৃষ্টি কৰে।

            আমি সংজ্ঞা হিচাপে এনেকৈ ক’ব পাৰো যে, একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে। উদাহৰণস্বৰূপে, পেশী কলা, স্নায়ু কলা ইত্যাদি।

2. কি কি উপাদানেৰে জাইলেম গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ জাইলেম কলা ট্ৰেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্ত্ৰৰ দ্বাৰা গঠন হয়। এই আটাইবোৰ কোষৰ কোষবেৰখন ডাঠ আৰু প্ৰায়বোৰ কোষেই মৃত।

3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?

উত্তৰঃ– সৰল স্থায়ী আৰু জটিল স্থায়ী কলা মাত্ৰ এইটো কাৰণেই পৃথক যে, সৰল কলাবোৰে একে আকৃতি আৰু গঠনৰ একেবিধ কোষেৰে গঠিত। ইয়াত প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই। যেনেー পেৰেণকাইমা, ক’লেণকাইমা ইত্যাদি। আনহাতে, জটিল স্থায়ী কলাবোৰে কেইবা প্ৰকাৰৰ কোষেৰে গঠিত। যেনেーজাইলেম স্থায়ী কলাবোৰ ট্ৰেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্ত্ৰৰে গঠিত।

4. কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক’লেইনকাইমা, স্ক্লেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা।

উত্তৰঃ 

পেৰেণকাইমাক’লেইনকাইমাস্ক্লেৰেণকাইমা
কোষবেৰ পাতল আৰু চেলুল’জেৰে গঠিত।কোষবোৰ ডাঠ হয় আৰু কোষৰ মধ্যৱৰ্তী স্থান একেবাৰে কম বা নাথাকেই।কোষবোৰ ডাঠ হয়। কাৰণ ইয়াত লিগনিন নামৰ এবিধ পদাৰ্থ পোৱা যায়।

5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?

উত্তৰঃ পত্ৰৰন্ধ্ৰই উদ্ভিদৰ বাষ্পমোচনত সহায় কৰে। উদ্ভিদৰ আভ্যন্তৰৰ পৰা বাষ্প আকাৰে পানী এৰি দিয়া প্ৰক্ৰিয়াক বাষ্পমোচন কোৱা হয়। পত্ৰৰন্ধ্ৰ বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদানৰ বাবে প্ৰয়োজন।

6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

উত্তৰঃ প্ৰাণীদেহৰ চলন কাৰ্যৰ লগত জড়িত থকা কলাসমূহ হ’ল一পেশীকলা। পেশীকলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত। এইবোৰক পেশী তন্ত্ৰ বুলি কোৱা হয়। পেশীকলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। এই ক’লাবোৰত বহুত সংকোচনশীল প্ৰ’টিন থাকে। যাৰ ফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন হয়।  

            কিছুমান পেশী আমি ইচ্ছামতে সঞ্চালন কৰিব পাৰো আৰু আনকিছুমান আমি নিজৰ ইচ্ছামতে সঞ্চালন কৰিব নোৱাৰো। যিবোৰ পেশীকলা আমি নিজৰ ইচ্ছামতে সঞ্চালন (সংকোচন আৰু প্ৰসাৰণ) কৰিব পাৰো, তাক ঐচ্ছিক পেশী বোলে। এই পেশীসমূহ অন্তঃকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে।

7. স্নায়ুকোষ (Neuron) দেখাত কেনেকুৱা হয়?

উত্তৰঃ নিউৰনক স্নায়ুকোষ বুলি কোৱা হয়। ইয়াক মস্তিষ্ক, স্নায়ুৰজ্জু আদিত পোৱা যায়।স্নায়ুকোষ বা নিউৰন এটা 1 মিটাৰ পৰ্যন্ত দীঘল হয়।

        নিউৰনত প্ৰধানতঃ দুটা গঠন পোৱা যায় 一

(i) কোষদেহ (cell Body)

(ii) স্নায়ু প্ৰৱৰ্ধ (Nerve Process)

          কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰটো কোষদেহৰ কোষপ্ৰৰসত উপঙি থাকে। কোষদেহৰ পৰা এডাল দীঘল নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্ৰৱৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহৰ কোষৰ পৰা কিছুমান চুটি আৰু শাখা-প্ৰশাখাযুক্ত স্নায়ুপ্ৰৱৰ্ধ ওলায়। এইবোৰক ডেনড্ৰাইট বোলে।

এটা আদৰ্শ স্নায়ুকোষ তলত দেখুওৱা হ’ল 一

8. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ– হৃদ্পেশীৰ তিনিটা বৈশিষ্ট্য হ’ল 一 

(i) হৃদপেশীৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হ’ব পৰা ক্ষমতা আছে।

(ii) ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট।

(iii) এইবোৰ পেশী চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰ যুক্ত।

9. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ এৰিওলাৰ কলাৰ কাৰ্যসমূহ হৈছে一আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰা আৰু কলাৰ ক্ষতি হোৱা অংশ মেৰামতি কৰা। এইবিধ কলা ছাল, উপস্থিৰ, পেশীৰ মাজত, ৰক্ত নলীৰ স্নায়ুৰ চাৰিওফালে পোৱা যায়।

10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্তসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ– 


চিত্ৰঃ 
বিভিন্ন প্ৰকাৰৰ পেশীতন্তু
 (a)  ৰেখিত পেশী বা ঐচ্ছিক পেশী
(b) অৰেখিত বা অনৈচ্ছিক পেশী 
(c) হৃদপেশী বা হৃদকলা 

11. হৃদপেশীসমূহৰ বিশেষ কাম কি?

উত্তৰঃ– হৃদপেশীসমূহ হৃদযন্ত্ৰত পোৱা যায়। ইয়াৰ তন্ত্ৰবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত। ই একপ্ৰকাৰৰ অনৈচ্ছিক পেশী। হৃদপেশীসমূহৰ কাৰণে হৃদযন্ত্ৰটো অনবৰতে সংকোচন আৰু সম্প্ৰসাৰণ হৈ থাকে। ফলত আমাৰ শৰীৰত ৰক্ত সঞ্চালন হয়।

12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

উত্তৰঃ– ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজৰ পাৰ্থক্য তলত আলোচনা কৰা হ’ল 一

ৰেখিত পেশীঅৰেখিত পেশীহৃদপেশী
1.কোষবোৰ দীঘলীয়া, চুঙাকৃতি আৰু শাখাহীন।1. কোষবোৰ দীঘল মাকো-সদৃশ।1. কোষ তন্ত্তবোৰ শাখাবিশিষ্ট চুঙাকৃতিৰ।
2.বহুকোষকেন্দ্ৰ যুক্ত2. এটা মাত্ৰ কোষকেন্দ্ৰ পোৱা যায়।2. এক কোষকেন্দ্ৰযুক্ত।
3. পেশীসমূহত কিছুমান অনুপ্ৰস্থ স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে।3. কোনো অনুপ্ৰস্থীয় ৰেখা পোৱা নায়ায়।3. অনুপ্ৰস্থীয় ৰেখা থাকে কিন্তু কম পৰিমাণে।
4. হাত, ভৰি, জিভা ডিঙি আদিত থাকে।4. চকুৰ আইবিছ, খাদ্যনলী, জৰায়ু, ব্ৰংকাই (Bronchi) আদিত পোৱা যায়।4. হৃদযন্ত্ৰত পোৱা যায়।

13. এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা।

উত্তৰঃ


চিত্ৰঃ 
এটা আদৰ্শ স্নায়ুকোষ।

14. তলত দিয়া কলাসমূহৰ নাম লিখাঃ

(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰঃ সৰল ছুটীয়া আচ্ছাদক কলা (Simple Squamous epithelium).

(b) পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে?

উত্তৰঃ টেগুন (Tendon) সংযোজক কলাই পেশী আৰু অস্থিক সংযোগ কৰে। 

(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?

উত্তৰঃ উদ্ভিদত ফ্ল’ৱেম কলাৰে খাদ্য পৰিবহন কৰে।

(d) আমাৰ দেহত চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি?

উত্তৰঃ– আমাৰ দেহত চৰ্বী থকা সংযোজক কলাবিধৰ নাম হৈছে মেদকলা।

(e) জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি?

উত্তৰঃ জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম তেজ।

(f) মস্তিষ্কত কি কলা থাকে?

উত্তৰঃ মস্তিষ্কত স্নায়ুকলা থাকে।

15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

উত্তৰঃ আমাৰ মুখৰ ভিতৰৰ বেৰখন সৰল ছটীয়া আচ্ছাদক কলাৰে গঠিত।

16. তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ

ছাল, অস্থি, বৃক্কৰ আৱৰণ।

উত্তৰঃ– ছাল 一 আচ্ছাদক কলা

অস্থি一অস্থিৰ কলা, এডাল অস্থিক আনডালৰ লগত সংযোগ কৰিবলৈ লিগামেণ্ট আৰু অস্থিক পেশীৰ লগত সংযোগ কৰিবলৈ।

বৃক্কৰ আৱৰণ 一 ঘনাকাৰ আচ্ছাদক কলা।

17. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰাঃ

উত্তৰঃ– 

অতিৰিক্ত প্ৰশ্নঃ-

1. কলা কি?

উত্তৰঃ– একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি বিশিষ্ট কোষৰ কলা সমষ্টিয়ে কলা গঠন কৰে। যেনেঃ সংযোজক কলা (তেজ), পেশীকলা ইত্যাদি।

2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

উত্তৰঃ যেতিয়া একোটা নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতিৰ কোষ একগোট হয় তেতিয়া তাকে কলা বোলে। 

        বহুকোষী জীৱৰ বিভিন্ন জৈৱিক কাৰ্যবোৰ বিভিন্ন ধৰণৰ কলাই সম্পন্ন কৰে। যেনে- মানৱ শৰীৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে। স্নায়ু কোষে প্ৰেৰণা স্নায়ু বহন কৰে। ৰক্ত কলাই অক্সিজেন, আহাৰ আৰু বৰ্জিত পদাৰ্থ সৰবৰাহৰ কাম সম্পন্ন কৰে। উদ্ভিদৰ ক্ষেত্ৰত আহাৰ আৰু পানী পৰিবহন সংবহন কলাই সম্পন্ন কৰে। 

3. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

উত্তৰঃ উদ্ভিদত পোৱা সৰল কলাসমূহক তিনি ভাগত ভাগ কৰিব পাৰি। এই তিনি প্ৰকাৰৰ কলা হ’ল 一

(i) পেৰেণকাইমা 

 = (পত্ৰহৰিৎ থাকিলে)

= ক্ল’ৰেণকাইমা (জলজ উদ্ভিদৰ ক্ষেত্ৰত) 

(ii) কলেণকাইমা।

(iii) স্কেৰেণকাইনা।

4. অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায়?

উত্তৰঃ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায়।

5. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

উত্তৰঃ– নাৰিকলৰ বাকলিখন গঠন কৰা কলাবিধ হ’ল 一  স্কেৰেণকাইনা।

6. ফ্লোৱেম কলা কিহেৰে গঠিত?

উত্তৰঃ– ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত। এই কোষ চাৰিবিধ হ’ল一চালনি নলীকা, সংগী কোষ, ফ্লোৱেম আৰু ফ্লোৱেম পেৰেণকাইমা।

7. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

উত্তৰঃ প্ৰাণী দেহৰ চলনৰ লগত জড়িত থকা কলাসমূহ হ’ল পেশীকলা। পেশীকলাসমূহ কিছুমান দীঘলীয়া কোষেৰে গঠিত। এইবোৰক পেশীতন্ত্ত বুলি কোৱা হয়। পেশীকলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে। এইকলাবোৰত বহুত সংকোচনশীল প্ৰ’টিন থাকে। যাৰফলত পেশীৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন হয়।

           কিছুমান পেশী আমি ইচ্ছামতে সঞ্চালন কৰিব পাৰো আৰু আনকিছুমান আমি নিজৰ ইচ্ছামতে সঞ্চালন কৰিব নোৱাৰো। যিবোৰ পেশী কলা আমি নিজৰ ইচ্ছামতে সঞ্চালন, সংকোচন আৰু প্ৰসাৰণ কৰিব পাৰো, তাক ঐচ্ছিক পেশী বোলে। এই পেশীসমূহ অন্তঃকংকালৰ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীটোৰ চলনত সহায় কৰে।  

8. নিউৰন (Neuron) দেখাত কেনেকুৱা হয়?

উত্তৰঃ– নিউৰনক স্নায়ুকোষ বুলি কোৱা হয়। ইয়াক মস্তিষ্ক, স্নায়ুৰজ্জু আদিত পোৱা যায়।স্নায়ুকোষ বা নিউৰন এটা 1 মিটাৰ পৰ্যন্ত দীঘল হয়।

নিউৰনত প্ৰধানত দুটা গঠন পোৱা যায় 一

(i) কোষদেহ (cell Body)

(ii) স্নায়ু প্ৰৱৰ্ধ (Nerve Process)

            কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰটো কোষদেহৰ কোষপ্ৰৰসত উপঙি থাকে। কোষদেহৰ পৰা এডাল দীঘল নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্ৰৱৰ্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহৰ কোষৰ পৰা কিছুমান চুটী আৰু শাখা প্ৰশাখাযুক্ত স্নায়ু প্ৰৱৰ্ধ ওলায়। এইবোৰক ডেনড্ৰাইট বোলে।

এটা আদৰ্শ স্নায়ুকোষ তলত দেখুওৱা হ’ল 一

9. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ– হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল 一 

(i) হৃদপেশী অনবৰতে সংকোচন আৰু প্ৰসাৰণ হ’ব পৰা ক্ষমতা আছে।

(ii) ইয়াৰ তন্ত্তবোৰ শাখাবিশিষ্ট।

(iii) এইবোৰ পোশী চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰ যুক্ত।

10. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?

উত্তৰঃ– এৰিওলাৰ কলাৰ কাম হৈছে আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰা আৰু কলাৰ ক্ষতি অংশ মেৰামতি কৰা। এইবিধ কলা ছাল, উপস্থিৰ, পেশীৰ মাজত, ৰক্তনলীৰ স্নায়ুৰ চাৰিওফালে পোৱা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top