পাঠ ১৪
জোখ-মাখৰ প্ৰয়োগ 👉
Book PDF Download1. প্ৰীতমে দেওবাৰে পুৱা 9.30 ত ঘৰৰ পৰা ওলাই তলত দিয়া ধৰণেৰে বজাৰ কৰি দিনৰ 11.00 বজাত ঘৰ পালেহি 一 a) চেনি – 2 কি গ্ৰাb) মচুৰ দাইল – 500 গ্ৰামc) মিঠাতেল – 1 লিটাৰd) চাহপাত – 250 গ্ৰামe) ৰিফাইণ্ড তেল – 500 মি লিf) নিমখ – 1 কি গ্ৰাg) দৰ্জাৰ বাবে পৰ্দা কাপোৰ – 2 মি 50 চে মিh) খিৰিকীৰ বাবে পৰ্দাৰ কাপোৰ – 1 মি 50 চে মি
প্ৰীতমৰ বজাৰ কৰা তালিকাখন হৈছে 一
| বজাৰ কৰোঁতে লগা সময় | দৈৰ্ঘ্যৰ এককেৰে জোখা মুঠ বস্তু | ওজনৰ এককেৰে জোখা মুঠ বস্তু | আয়তনৰ এককেৰে জোখা মুঠ বস্তু |
| যোৱাৰ সময় পুৱা 9.30 বজাঘূৰি অহা সময় দিনৰ 11.00 বজা | দৰ্জাৰ বাবে পৰ্দা কাপোৰ = 2.5 মিখিৰিকীৰ পৰ্দা কাপোৰ = 1.5 মি | চেনি = 2 কিগ্ৰাচাহপাত = 250 গ্ৰামনিমখ = 1 কি গ্ৰামচুৰ দাইল = 500 গ্ৰাম | মিঠাতেল = 1 লিৰিফাইণ্ড তেল = 500 মি লি |
| মুঠ সময়ঃ 1 ঘণ্টা 30 মিনিট | মুঠঃ 4 মি | মুঠঃ 3.750 কি গ্ৰা | মুঠঃ 1.500 লি |
এতিয়া তালিকাখন ভালদৰে চোৱা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰা।a) বজাৰ কৰা কামটোত প্ৰীতমহঁতক মুঠতে কিমান সময় লাগিছিল?→ 1 ঘণ্টা আৰু 30 মিনিট।
b) পৰ্দাৰ কাপোৰৰ মুঠ দৈৰ্ঘ্য় কিমান আছিল?→ 4 মিটাৰ।
c) ওজনৰ এককেৰে জুখি অনা বস্তুৰ মুঠ ওজন কিমান আছিল?→ 3 কিলোগ্ৰাম আৰু 750 গ্ৰাম।
d) আয়তনৰ এককেৰে জোখা বস্তুৰ মুঠ আয়তন কিমান পালা?→ 1.5 লিটাৰ।
2. যোগ কৰাঃa) 6 মি 35 চে মি, 7 মি 45 চে মি→ 13 মি 80 চে মি
b) 3 কি মি 422 মি, 10 কি মি 891 মি, 525 মি→ 14 কি মি 838 মি
c) 18 কি মি 70 মি, 15 কি মি 23 কি মি 378 মি→ 56 কি মি 448মি
d) 8 কি গ্ৰা 732 গ্ৰাম, 35 কি গ্ৰা 690 গ্ৰাম→ 44 কি গ্ৰা 422 গ্ৰাম
e) 4 লি 500 মি লি, 12 লি 750 মি লি→ 17 লি 250 মি লি
f) 250 মি লি, 17 লি 350 মি লি, 8 লি 50 মি লি→ 25 লি 650 মি লি
3. বিয়োগ কৰাঃa) 10 মি 80 চে মিৰ পৰা 7 মি 50 চে মি→ 3 মি 30 চে মি
b) 14 মি 30 চে মিৰ পৰা 9 মি→ 5 মি 90 চে মি
c) 160 গ্ৰামৰ পৰা 110 গ্ৰাম→ 50 গ্ৰাম
d) 7 কিলোগ্ৰাম 250 গ্ৰামৰ পৰা 5 কিলোগ্ৰাম 105 গ্ৰাম।→ 2 কিলোগ্ৰাম 145 গ্ৰাম
e) 12.500 কিলোগ্ৰামৰ পৰা 6.250 কিলোগ্ৰাম→ 6.250 কিলোগ্ৰাম
f) 3 লি 900 মি লিৰ পৰা 2 লি 500 মি লি→ 1 লি 400 মি লি
4. দৈৰ্ঘ্য় আৰু দূৰত্ব সম্পৰ্কীয় কেইটামান বাস্তৱ সমস্য়া সমাধান কৰাঃa) মাধুৰ্যৰ ঘৰৰ পৰা মোমায়েকৰ ঘৰৰ দূৰত্ব 52 কি মি। মাধুৰ্যই ঘৰৰ পৰা 0.75 কি মি খোজকাঢ়ি, 5.25 কি মি ই-ৰিক্সাৰে আৰু বাকী অংশ বাছেৰে গৈ মোমায়েকৰ ঘৰ পালেগৈ। মাধুৰ্যই বাছেৰে কিমান দূৰ গ’ল?→ 52 কি মি – ( 0.75 কি মি + 5.25 কি মি)= 52 কি মি – 6 কি মি= 46 কি মি।
b) পুখুৰী এটাৰ মাজত পুতি থোৱা 4 মিটাৰ দৈৰ্ঘ্য়ৰ খুঁটি এটাৰ 0.5 মিটাক বোকাত, 2.25 মিটাৰ পানীত আছে। খুঁটিটোৰ পানীৰ ওপৰত থকা অংশৰ দৈৰ্য্য় কিমান?→ 4 মি – ( 0.5 মি + 2.25 মি)= 4 মি – 3 মি= 1 মি
c) হৰেণৰ দেউতাকে গোহালি ঘৰ এটা সাজিবলৈ 3 মিটাৰ দৈৰ্ঘ্যৰ 6 টা খুঁটা কাটিলে। খুঁটাকেইটাৰ মুঠ দৈৰ্ঘ্য় কিমান হ’ব?→ 3 মি x 6= 18 মি
d) চাইকেল এখনৰ চকাৰ বেৰ 250 চে মি। মানসে ঘৰৰ পৰা 1.5 কি মি দূৰৰ বিদ্য়ালয়লৈ আহোঁতে চাইকেলৰ চকাটো কিমান পাক ঘূৰিব?→ ∵1000 মি = 1 কি মিআৰু 100 চে মি = 1 মিমানসৰ ঘৰৰ পৰা বিদ্য়ালয়ৰ দূৰত্ব = 1.5 x 1000 x 100 = 1,50,000 চে মি∴ চকাটো ঘূৰিব = 150000 ÷ 250 পাক = 600 পাক
5. ৰীমাৰ জন্মদিনত খুৰাকে তলত দিয়া ধৰণে বস্তুবোৰ বজাৰৰ পৰা কিনি আনিলে 一
| ক্ৰমিক নং | বস্তুৰ বিৱৰণ | পৰিমাণ | মূল্যৰ হাৰ | মুঠ মূল্য |
| 01 | চাউল | 5 কি গ্ৰা | 30 | 150 |
| 02 | মচুৰ দাইল | 2 কি গ্ৰা | 70 | 140 |
| 03 | আলু | 3 কি গ্ৰা | 20 | 60 |
| 04 | পিঁয়াজ | 500 গ্ৰাম | 40 | 20 |
| 05 | বিলাহী | 1 কি গ্ৰা | 30 | 30 |
| 06 | মাছ | 3 কি গ্ৰা | 250 | 750 |
| 07 | কেক্ | 500 গ্ৰাম | 700 | 350 |
| 08 | নেমু | 10 টা | 3 | 30 |
| 09 | জলকীয়া | 250 গ্ৰাম | 100 | 25 |
| 10 | হালধি | 200 গ্ৰাম | 150 | 30 |
তালিকাখন ভালদৰে মন কৰা আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।a) তালিকাখনৰ ক্ৰমিক নং 1 ৰ পৰা 5 লৈকে বস্তুকেইপদৰ মুঠ ওজন কিমান?→ 11 কিলোগ্ৰাম 500 গ্ৰাম।
b) সেইকেইপদ বস্তুৰ মুঠ খৰচ কিমান পালা?→ 400 টকা।
c) তালিকাখন মতে 5 কেজি পিঁয়াজৰ দাম কিমান?→ 200 টকা।
d) ৰীমাৰ খুৰাকৰ মুঠতে কিমান টকা খৰচ হৈছিল?→ 1585 টকা।
e) তালিকাখনৰ সকলোতকৈ বেছি মূল্য়ৰ হাৰ থকা বস্তুটো কি?→ কেক।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post