অনুশীলনী ২১ | Chapter 21 | Shankardev School Class 4 Maths Book Question Answer Solution for Assam |

অনুশীলনী ২১

মন কৰিবাঃ- এই অনুশীলনীত থকা প্ৰশ্নবোৰৰ উত্তৰ সাৱধানে কৰিবা। প্ৰতিটো প্ৰশ্নত উত্তৰৰ বাবে বেলেগ বেলেগ কৌশলৰ আৱশ্য়ক হ’ব। এবাৰ উত্তৰ লিখাৰ পিচত পুনৰাই ৰবৰ ব্য়ৱহাৰ কৰি শুদ্ধ কৰাৰ চেষ্টা নকৰিবা। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবদ ২ সম্বৰ পাবা। প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে ২ সম্বৰকৈ মুঠ প্ৰাপ্ত নম্বৰৰ পৰা বিয়োগ কৰা হ’ব। অনুশীলনীৰ শেষত উত্তৰ লিখিবৰ বাবে ঠাই দিয়া আছে। এইচ বি পেঞ্চিলেৰে তোমাৰ উত্তৰটো ক’লা ৰং কৰিবা। প্ৰশ্নটোৰ লগতে চাৰিটা উত্তৰ আছে। ইয়াৰে এটা শুদ্ধ উত্তৰ। তুমি শুদ্ধ উত্তৰটো বাছি উলিযাবা। এই ব্য়ৱস্থাটোক Multiple Choice Question (MCQ) বোলে।

ক) ৪০       (খ) ৪৮        (গ) ৪৪         (ঘ) ৫০।

২। ৮, ৬, ৫ আৰু ‘০’ৰে লিখিব পৰা সৰু অযুগ্ম সংখ্য়াটো কি?

(ক)  ৫৬৮০    (খ)  ৫৬০৮     (গ)  ৬০৮৫      (ঘ)  ৬৮০৫। 

=কিমান?

(৩৮)

(ক) ৭           (খ) ৪২           (গ) ৪৯            (ঘ) ৯৪।

৪। মৌচুমীহঁতৰ ৩ গৰাকী ছোৱালী আৰু ২ জন ল’ৰা। তেওঁলোকৰ মাজত কিছুমান কমলা এনেদৰে ভাগ কৰিব লাগে যাতে প্ৰতি জনী ছোৱালীয়ে ৫টা আৰু প্ৰতিটো ল’ৰাই ৩ টা কমলা পায়। কিমান কমলা লাগিব?

(ক) ২১        (খ) ২৩         (গ) ২৫         (ঘ) ১৮।

৫। তলৰ কোনটো চিত্ৰ শুদ্ধ?

৬। ১০ টকাৰ সমান____

(ক) ১০০ পইচা      (খ) ১০ পইচা    (গ) ১০০০ পইচা     (ঘ) ১০০০০ পইচা।

৭। ১০ গ্ৰাম + ২৫ গ্ৰাম + ৫০ গ্ৰাম =?

(ক) ১০ গ্ৰাম + ৪০ গ্ৰাম, (খ) ২০ গ্ৰাম + ৬০ গ্ৰাম,

(গ) ৮০ গ্ৰাম + ৫ গ্ৰাম, (ঘ) ১০০ গ্ৰাম + ১০০ গ্ৰাম।

৮। ৪৬৮৯ এই সংখ্য়াটোত ৬ ৰ স্থানীয়মান কিমান?

(ক) ৬       (খ) ৬০০০       (গ) ৬০০      (ঘ) ৬০।

৯। এটা বৰ্গক্ষেত্ৰৰ চাৰিটা বাহু___

(ক) সমান        (খ) তিনিটা সমান       (গ) দুটা বাহু সমান       (ঘ) এটা বেকা।

(৩৯)

১০। এখন মেজিক গাড়ীৰ এটা যাত্ৰাত ৮ জন মানুহ যাব পাৰে। ৪০ জন মানুহ যাবলৈ কেইবাৰ যাত্ৰা কৰিব লাগিব?

(ক) ৩ বাৰ         (খ) ৬ বাৰ          (গ) ৪ বাৰ           (ঘ) ৫ বাৰ

১১। তোমালোকৰ নিকেতনৰ পূথিভঁৰালত ২০৮৯ খন কিতাপ আছিল। এই বছৰ নতুনকৈ ৭২২ খন কিতাপ আনিলে। পুথিভঁৰালত মুঠ কিমান কিতাপ হ’ব?

(ক) ২৮৩২        (খ) ২৮৩৬        (গ) ২৮১১       (ঘ) ২৭৮৯।

১২। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহটোত কিমান দিন হ’ব?

(ক) ২৮ দিন          (খ) ৩০ দিন          (গ) ৩১ দিন         (ঘ) ২৯ দিন।

১৩। দুডাল ৰেলৰ চিৰি একেলগ নহয়। কাৰণ চিৰি দুডাল___

(ক) বহুত দীঘল   (খ) ষ্টেচনত একেলগে থাকে   (গ) সমান্তৰাল   (ঘ) বেকাবেকি।

১৪। যদি ১২ টা বটল ৩ টা শাৰীত ৰাখিলে কেই শাৰী হ’ব?

(ক) ২              (খ) ৫             (গ) ৪              (ঘ) ৩।

১৫। কোনকেইটা আখৰ একেলগে সজালে ইংৰাজীত শঙ্কৰদেৱ শব্দটো গঠিত হ’ব?

(ক) SANVADKT

(খ) SENKRABVA

(গ) DEVARLARSAN

(ঘ) KARVEDNAS

১৬। এটা আমাৰ বাকচত প্ৰতি ১০ টাৰ ভিতৰত ৫ টা আম গেলা। বাকচটোত ১০০ টা আম আছে। মুঠতে গেলা আম কিমান?

(ক) ২০           (খ) ৪০            (গ) ৫০             (ঘ) ৬০।

(৪০)

১৭। কনকৰ হাতত ১০০ টকা আছে। তেওঁ ৮০ টকা দামৰ এটা পুতলা আৰু ৩০ টকা দামৰ এটা পেন কিনিব খুজিছে। দুয়োটা বস্তু কিনিবৰ বাবে অতিৰিক্ত কিমান টকা লাগিব?

(ক) ২০ টকা           (খ) ৮০ টকা          (গ) ৩০ টকা         (ঘ) ১০ টকা।

১৮। তলৰ চিত্ৰটোত কেইটা বৃত্ত আছে?

(ক) ৬             (খ) ৪             (গ) ৭             (ঘ) ৮।

১৯। কিমান গোলাকাৰ চিত্ৰৰ দ্ধাৰা চিত্ৰ ৪ৰ ছৰি আঁকিব পাৰিবা?

            চিত্ৰ-১                          চিত্ৰ-২                                 চিত্ৰ-৩                        চিত্ৰ-৪

(ক) ২০             (খ) ১৫             (গ) ১০            (ঘ) ১৩।

(৪১)

২০। তলৰ চিত্ৰত কোন অংশটো জোৰা লগালে চিত্ৰটো সম্পূৰ্ণ হ’ব?


উত্তৰৰ তালিকা

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top