জৈৱ-বৈচিত্র্য:
‘জৈৱিক বৈচিত্র্য’ (biological diversity) ধাৰণাক সাধাৰণতে চমুকৈ জৈৱ-বৈচিত্র্য (biodiversity) হিচাপে উল্লেখ কৰা হয়। জীৱৰ সংখ্যা, পৃথিৱীৰ সকলো ৰূপৰ প্ৰাণীৰ বিভিন্নতা আৰু পৃথকতা বুজাবলৈ এই সংজ্ঞা ব্যৱহাৰ কৰা হয়। ইয়াত লক্ষ লক্ষ কোটি কোটি উদ্ভিদ, জীব-জন্তু তথা অণুজীৱসমূহ, এইবোৰত থকা জিনসমূহক সামৰি লোৱা হয়। জৈৱ-বৈচিত্র্যক সাধাৰণতে তিনিটা পর্যায়ত বর্ণনা কৰা হয়: জিনগত, প্রজাতি আৰু পৰিস্থিতিতন্ত্র জৈৱ-বৈচিত্র্য।
জিনগত জৈৱ-বৈচিত্র্য:
একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিনসমূহৰ বৈচিত্র্যই হৈছে জিনগত জৈব-বৈচিত্র্য। এই জিনবোৰ বংশানুক্রমিকভাবে উত্তৰ প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ গৈ থাকে। এয়া হৈছে এনে এক ধৰণৰ বৈচিত্র্য যিয়ে প্রজাতিসমূহৰ বিভিন্নতা সৃষ্টি কৰে। ইয়াৰ এটা উদাহৰণ, বাচমতী চাউল জহা চাউলতকৈ একেবাৰেই পৃথক। কিছু কিছু পার্থক্য সহজেই চকুৰে দেখা যায়; যেনে, আকাৰ আৰু ৰং, সোৱাদ আৰু গোন্ধ। অর্থাৎ, অনুভূতিৰ জৰিয়তেও অনুভৱ কৰিব পাৰি।
প্রজাতি জৈৱ-বৈচিত্র্য:
পৃথিৱীত থকা বিভিন্ন ধৰণৰ জীৱক শ্রেণীবদ্ধ কৰা প্রজাতিসমূহক একো একোটা গোট হিচাপে ধৰি লোৱা হয়। প্রতিটো প্রজাতি অন্যান্য প্রজাতিসমূহতকৈ সম্পূর্ণভাবে পৃথক। ঘোঁৰা আৰু গাধ সম্পূর্ণ বেলেগ ধৰণৰ প্ৰজাতি। একেদৰে সিংহ আৰু বাঘ সম্পূর্ণ বেলেগ বেলেগ প্রকাৰৰ প্রজাতি। একোটা প্ৰজাতিৰ সদস্যবোৰৰ জিনগতভাবে ইমানেই সাদৃশ্য আছে যে সিহঁতে বংশবৃদ্ধিৰ বাবে সন্তান প্রজননো কৰিব পাৰে। এই সাদৃশ্যই প্রজাতিবোৰক ঐক্যবদ্ধ কৰিছে।
প্রজাতি বৈচিত্র্যক সাধাৰণতে পৰিমাপ কৰা হয় একোটা নির্দিষ্ট এলেকাত বসবাস কৰা প্ৰজাতিসমূহৰ মুঠ সংখ্যাৰ ভিত্তিত।
পৰিস্থিতিতন্ত্র জৈৱ-বৈচিত্র্য (Ecosystem Biodiversity):
পৰিস্থিতিতন্ত্র হৈছে বিভিন্ন প্ৰকাৰৰ জীৱৰ (উদ্ভিদ, জীৱ-জন্তু, অণুজীর) পৰস্পৰে পৰস্পৰৰ সৈতে আৰু অজৈব উপাদানৰ (মাটি, বায়ু, পানী, খনিজ দ্রব্য আদি) সৈতে চলি থকা আন্তঃক্রিয়া। সেয়ে পৰিস্থিতিতন্ত্র হৈছে জীৱসমূহৰ
বসতিস্থানৰ বৈচিত্র্য, যিয়ে এই ব্যৱস্থাৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জীৱক সামৰি লৈছে। পৰিস্থিতিতন্ত্র বৈচিত্র্যৰ ধাৰণা যিকোনো জৈৱ ভৌগোলিক অথবা ৰাজনৈতিক সীমাৰ ভিতৰত থকা পৰিস্থিতিতন্ত্র বিচিত্ৰতাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়।
জৈৱ-বৈচিত্র্যৰ মূল্য (Value of Biodiversity):
জৈৱ-বৈচিত্র্য কথাষাৰ এক বিমূর্ত ধাৰণা যেন লাগে। কিন্তু বাস্তৱ ক্ষেত্রত ই আমাৰ জীৱনৰ প্রায় প্রতিটো দিশেই ছুই যায়। এই পৃথিবীত অসংখ্য প্ৰকাৰৰ উদ্ভিদ আৰু জীৱ-জন্তু (ঘৰচীয়া আৰু বনৰীয়া) আছে। এই বৈচিত্র্যই সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহৰ খাদ্য, ৰোগ নিৰাময় বস্তু বা ভেষজ, বস্ত্র, আশ্রয়, আধ্যাত্মিক আৰু বিনোদনমূলক প্রয়োজনবোৰ পূৰণ কৰে। এই বৈচিত্র্যই পৰিস্থিতিতন্ত্রত ক্রিয়া-প্রক্রিয়া, যেনে, পৰিষ্কাৰ-পৰিচ্ছন্ন পানী যোগান, পুষ্টি চক্র আৰু মাটি সংৰক্ষণ আদি অব্যাহত ৰখাটো সুনিশ্চিত কৰে। মুঠতে জৈৱ-বৈচিত্র্যৰ ক্ষতিৰ অর্থ হৈছে মানব জাতিৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি।
উপভোক্তামূলক ব্যৱহাৰ (Consumptive use):
মানুহে স্মৰণাতীত কালৰে পৰা জৈৱ-বৈচিত্ৰাৰ উৎপাদনসমূহ, যেনে- ইন্ধন, খাদ্য, ঔষধ, তন্তু আদি ব্যৱহাৰ কৰি আহিছে। বিশ্বৰ খাদ্যৰ ৯০ শতাংশই আহে উদ্ভিদ প্রজাতিসমূহৰ পৰা। শস্য আৰু পশুধন প্রজননৰ জিনগত বৈচিত্র্য অত্যন্ত গুৰুত্বপূর্ণ। শস্য উৎপাদক তথা পালনকাৰীসকলৰ বাবে কীট আৰু বেমাৰ প্ৰতিৰোধী নতুন প্ৰকাৰৰ শস্য প্রজাতিৰ জন্ম দিয়াৰ বাবে শস্য বৈচিত্র্য অত্যন্ত প্রয়োজন। শস্য প্রজাতিসমূহৰ বৈচিত্র্যৰ ক্ষতিয়ে বিশ্বজুৰি খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত মাৰাত্মক বেয়া প্রভাব পেলায়। মাথোঁ এটা প্রজাতিৰ কীটৰ ব্যাপক আক্রমণ বা এটা বেমাৰেই বর্তি থকা সকলো শস্য বা এক বিশেষ প্ৰকাৰৰ পশুধনক বিলুপ্ত কৰি দিব পাৰে।
উন্নয়নশীল দেশবোৰৰ প্রায় ৮০ শতাংশ মানুহেই প্রাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰ পৰম্পৰাগত ঔষধ ভেষজ উদ্ভিদ, কিছু জীৱ-জন্তু আৰু খনিজ উৎসৰ পৰা তৈয়াৰ কৰা হয়। এন্টিবায় টিক ঔষধ হিচাপে আমি যি পেনিচিলিন দৰব ব্যৱহাৰ কৰো সেই দৰব ‘পেনিচিলিয়াম’