নাথযোগীসকল | Chapter 12 | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer Solution For Assam | সকলো ধৰণৰ প্ৰশ্ন আৰু উত্তৰ |

নাথযোগীসকল

প্ৰশ্নাৱলীঃ

১। অসমৰ নাথযোগীসকলৰ উৎপত্তি সম্পৰ্কে লিখা?

উত্তৰঃ নাথ বা যোগীসম্প্ৰদায়টো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্ৰাত্য ধৰ্ম। শৈৱধৰ্মৰ মূল দৰ্শন যোগসাধন মাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত। যোগৰ পৰাই যোগীসকল উৎপত্তি হৈছিল।

২। নাথযোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা?

উত্তৰঃ নাথসকলৰ অতি প্ৰাচীন নিজস্ব সাহিত্য আছে। তন্ত্ৰ-মন্ত্ৰ, যোগ, আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষ সকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ, বা চৰ্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্ৰভূত বৰঙণি আছে।

এওঁলোকে পালন কৰা ধৰ্ম হৈছে শৈৱ বা ব্ৰাত্য ধৰ্ম।এওঁলোকৰ গুৰুদুজন হৈছে মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাথ। নাথযোগী সম্প্ৰদায়টো গুৰু-শিষ্য পৰম্পৰাত বিশ্বাসী।নাথযোগীসকলক দুটা ভাগ আছে তাৰে এটা হল গৃহস্থ যোগী আৰু আনটো হল সন্যাসী যোগী। সন্যাসী যোগীসকলেই নাথ ধৰ্ম প্ৰচাৰ কৰে। নাথসকলৰ আদি গুৰু মৎস্যেন্দ্ৰনাথ কামৰূপৰ বাসিন্দা আছিল আৰু তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন আছিল। বৰ্তমান অসমৰ একে বুজন সংখ্যক নাথযোগী লোকে মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ এক শৰণ নাম ধৰ্মত দীক্ষিত হৈ মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতিত আঁকোৱালি লৈছে।

৩। নাথযোগীসকলৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ নাথ বা যোগী সম্প্ৰদায়টো অসমৰ  তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী। এওঁলোক মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্ৰাত্য ধৰ্ম। নাথ আৰু যোগীসকলক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে গৃহস্থ যোগী আৰু আনটো হৈছে সন্যাসী যোগী।

এওঁলোকৰ নিজস্ব সাহিত্য আছে। এওঁলোকৰ গুৰু গোৰক্ষনাথে প্ৰৱতন কৰা যোগসাদন মাৰ্গৰ ওপৰত ৰচিত স্বাম স্বাত্মাৰাম য়োগীৰ হঠযোগ প্ৰদীপিকা হৈছে যোগৰ এখন মূল্যৱান গ্ৰন্থ।

বৃটিছৰ আমোলত ১৮৯৪  চনত অবিভক্ত দৰং জিলাত সংঘটিত পথৰুৱা ঘাটৰ কৃষক ব্দ্ৰোহৰ সময়ত ১৮৯৪ চনৰ ২৮ জানুৱাৰী দিনা বৃটিছৰ বৰ্বৰ গুলীচালনাত নিহত হোৱা ১৪০ গৰাকী শ্বহীদ কৃষকৰ ভিতৰত সম্প্ৰদায়টো শ্বহীদ আছিল ২৮ গৰাকী। পৰৱৰ্তী ১৯৮০ ৰ দশকৰ সদৌ অসম ছাত্ৰ সংন্থাৰ নেতৃত্বত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনত ৮৫৫ গৰাকী শ্বহীদৰ ভিতৰত সম্প্ৰদায়টো আছিল ১৪০ গৰাকী।যোগী সম্প্ৰদায় লোকসকল স্বভাৱগতভাৱেই শান্তিপ্ৰিয় আৰু দেশপ্ৰেমিক।  অতীতৰ অসমৰ নাথযোগীসকলৰ পুৰুষ-মহিলা উভয়ে বোৱা-কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top