হৰিশ্চন্দ্ৰ উপাখ্যান ৰ | Chapter 3 | Gauhati University BA 5th Semester Assamese Major Model Question & Answer Assam | GU BA 5th Semester Assamese Major Model Question & Answer Assam |

 Lesson-3

হৰিশ্চন্দ্ৰ উপাখ্যান ৰ

আৰ্হি-প্রশ্ন 

১। অতি চমু প্রশ্ন : 

(ক) শংকৰদেৱৰ ৰচিত সাহিত্যসমূহৰ আধাৰ গ্ৰন্থ কি? 

উত্তৰ : ভাগৱত, পুৰাণ আৰু ৰামায়ণ।

(খ) শংকৰদেৱৰ ৰচিত প্রথম গ্ৰন্থখনৰ নাম কি?

উত্তৰ : কীৰ্তন-ঘোষা।

(গ) ‘ভকতিৰ চাৰি খুঁটি’ শংকৰদেৱে পোনতে ক’ত মাৰিছিল?

উত্তৰ : হৰিচন্দ্ৰ উপাখ্যানত শংকৰদেৱে পোনতে ‘ভকতিৰ চাৰি খুঁটি’  মাৰিছিল। 

(ঘ) ৰজা হৰিশ্চন্দ্ৰৰ পুত্ৰৰ নাম কি?

উত্তৰ :  ৰজা হৰিশ্চন্দ্ৰৰ পাত্ৰৰ নাম ৰোহিতাস্য। 

(ঙ) কোন ঋষিয়ে ৰজা হৰিশ্চন্দ্ৰৰ ৰাজ্য , ধন সর্বস্ব কাঢ়ি লৈছিল?

উত্তৰ : বিশ্বামিত্ৰ ঋষিয়ে ৰজা হৰিশ্চন্দ্ৰৰ ৰাজ্য, ধন, সৰ্বস্ব কাঢ়ি লৈছিল।

 (চ) যজ্ঞৰ ভিতৰত কি যজ্ঞ শ্রেষ্ঠ?

উত্তৰ :   যজ্ঞৰ ভিতৰত ৰাজসূয় যজ্ঞ শ্ৰেষ্ঠ।

 (ছ) ৰজা হৰিশ্চন্দ্ৰ কি ৰোগত আক্ৰান্ত হৈছিল? 

উত্তৰ :  ৰজা হৰিশ্চন্দ্ৰপেট ফুলা ৰোগত আক্ৰান্ত হৈছিল।

2। চমু প্রশ্ন:                                                             

(ক) বশিষ্ঠ মুনিয়ে ৰজাক কাক পূজা কৰিবলৈ কৈছিল আৰু ৰজাই কাক পূজা কৰিছিল ? 

উত্তৰ : বশিষ্ঠ মুনিয়ে ৰজাক গণেশ পূজা কৰিবলৈ কৈছিল আৰু ৰজাই বিষ্ণুক পূজা কৰিছিল।

(খ) ৰোহিতাস্যই পিতৃৰ ওচৰলৈ কাক আৰু কিয় লৈ গৈছিল?

উত্তৰ :ৰোহিতাস্যই পিতৃৰ ওচৰলৈ ব্ৰাহ্মণ পুত্ৰ শুনঃশেফক লৈ গৈছিল। বৰুণ যজ্ঞ পাতি পিতৃক ৰোগৰ পৰা মুক্ত কৰিবলৈ।

 (গ) অযোধ্যা ৰাজ্যখন কেনেকুৱা আছিল?

উত্তৰ :  অযোধ্যা ৰাজ্যখনত মাৰি-মৰক, দুৰ্ভিক্ষ আৰু অকাল মৰণ আছিল। অৰ্থাৎ ৰাজ্যখনত অকাল, দুৰ্ভিক্ষ আৰু একোৰে অভাৱ নাছিল। ধন, সোণ-ৰূপ, ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল।  

 (ঘ) কাব্যখনত ৰজা হৰিশ্চন্দ্ৰৰ মাজেৰে প্ৰধানকৈ কি দেখুৱাব বিচাৰিছে? 

উত্তৰ : কাব্যখনত ৰজা হৰিচন্দ্ৰৰ মাজেৰে প্ৰধানকৈ দেখুওৱাব বিচাৰিছে যে- যিমানে বিপদ নহওক কিয়, নিজৰ ধৰ্ম ত্যাগ কৰিব নালাগে। 

(ঙ) নির্জন বনত কোন ঋষিয়ে তপস্যা কৰি আছিল? তেওঁৰ বিদ্যাই তপস্যাৰ প্ৰভাৱত কেনেদৰে কান্দিছিল? 

উত্তৰ : নিৰ্জন বনত বিশ্বামিত্ৰ ঋষিয়ে তপস্যা কৰি আছিল। 

৩৷ উত্তৰ দিয়াঃ

 (ক) ‘হৰিশ্চন্দ্ৰ উপাখ্যান’ৰ এটি বিশ্লেষণাত্মক আলোচনা কৰা। 

উত্তৰ :ৰজা হৰিচন্দ্ৰ আছিল এগৰাকী ধৰ্মপৰায়ণ ৰজা। তেখেতে ৰাজসূয় যজ্ঞ কৰোতে ঋষি বিশ্বামিত্ৰক গুৰু দক্ষিণা আৰু দিবৰ বাবে হাতত একো নথকাত পত্নী, পুত্ৰ আৰু নিজকে বিক্ৰী কৰি গুৰুদক্ষিণা দিছিল। তেনে অৱস্থাত পুত্ৰ ৰোহিত্যাসক সাপে কামোৰাৰ ফলত মৃত্যু হয়। কিন্তু তেখেতৰ ভক্তিৰ বাবে নিজ পুত্ৰক আকৌ ঘূৰাই পালে।

(খ) কাব্যখনত সৈব্যাৰ পতি ভক্তিৰ নিদৰ্শন কেনেদৰে বৰ্ণিত হৈছে।

উত্তৰ : কাব্যখনত সৈব্যাৰ পতি ভক্তিৰ নিদৰ্শন এনেদৰে বৰ্ণিত হৈছে- যেতিয়া বশিষ্ট মুনিক ৰাজ্য দান কৰি যাব লগা হৈছিল। আৰু ঋষি বিশ্বামিত্ৰক দক্ষিণা দিব লগা হৈছিল। তেতিয়া ৰজাৰ হাতত একো নাছিল। তেতিয়া সৈব্যাই কৈছিল-মোক বেছি যিখিনি পইচা পাব তাকে দক্ষিণা দিব।

 (গ) ৰোহিতাস্যই নিজকে বিশ্বামিত্ৰৰ পৰা লুকুৱাই ৰাখি পিতৃক কেনেদৰে সহায় কৰিছিল? 

উত্তৰ:      

(ঘ) ৰজা হৰিশ্চন্দ্ৰৰ মাজেৰে সত্যবাদিতা আৰু ত্যাগৰ মহিমা তথা বিষ্ণুভক্তি কেনেদৰে প্ৰকাশ পাইছে? 

উত্তৰ : ৰজা হৰিচন্দ্ৰই নিজৰ পত্নী,পুত্ৰ আৰু নিজকে বিক্ৰী কৰিও দক্ষিণা দিছিল। তেখেতে নিজৰ ৰাজ্য ধন-সম্পত্তি আদি ত্যাগ কৰিছিল।  তেখেত বিষ্ণু ভক্ত আছিল। তেখেতৰ ভক্তিৰ বাবে পুত্ৰ ৰোহিতাস্যত মৃত্যুৰ মুখৰ পৰা উভতাই পাইছিল। 

(ঙ) কাব্যখনৰ সাহিত্যিক সৌন্দৰ্যৰ বিষয়ে আলোচনা কৰা ৷ 

উত্তৰ :মহাপুৰুষজনাই কাব্যখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে পদ,ছবি,দুলড়ী,ঝুমুৰি আদি ছন্দৰ লগতে অনুগ্ৰাস,উপমা আঐদি অলংকাৰো যথাযথভাৱে ব্যৱহাৰ কৰিছে। ইয়াৰ লগতে ৰস নহলে যিহেতু কাব্য উপাদেয় নহয় সেই বাবে তেৰাই বীৰ,ৰৌদ্ৰ,কৰুণ,হাস্য আদি বিবিধ ৰসৰ সংযোগ ঘটাই কাব্যখন মনোমোহা কৰি তুলিছে। কাব্যখন কৰুণ ৰসেৰে সিক্ত হৈ আছে যদিও লোকসমাজত যিহেতু কৰুণ ৰসৰ লগতে বীৰ আৰু হাস্যৰসৰ  অধিক জনপ্ৰিয় সেয়েহে মহাপুৰুষজনাই লোক বিনোদনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়বোৰ ৰসেৰে সংযোজন কৰিছে।

(চ) কাব্যখনত হাস্য , বীৰ আৰু কৰুণ ৰসৰ কেনেদৰে সমাহাৰ ঘটিছে আলোচনা কৰা। 

উত্তৰ : হৰিশ্চন্দ্ৰ বৰ বীৰ আছিল। তেখেতে বৰুণ দেৱতাক বাৰে বাৰে কিবা নহয় কিবা অসুবিধা দেখুওৱাই ৰোহিতাস্যক ৰক্ষা কৰিছিল। এদিন পুতেক ৰোহিতাস্য ৰাজপ্ৰাসাদৰ পৰা নোহোৱা হোৱাত ৰজা দুখত ভাঙি পৰিল। বৰুণ দেৱতাই ৰোহিতাস্যক খোজাত ৰোহিতাস্য নাই বুলি কলে কিন্তু বৰুণ দেৱক বাৰে বাৰে মুৰ্খ বনোৱাৰ দৰে এইবাৰো মুৰ্খ বনোৱা বুলি বৰুণ দেৱে ৰজাক পেট ফুলা ৰোগ হবলৈ অভিশাপ দিলে। এনেদৰে নাট্যখনত হাস্য, বীৰ, আৰু কৰুণ ৰসৰ সমাহাৰ ঘটিছে।

(ছ) শংকৰদেৱৰ সাহিত্য কৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰ : শংকৰদেৱৰ ৰচিত সাহিত্যৰাজিৰ আধাৰ গ্ৰন্থ হ’ল ভাগৱত পুৰাণ আৰু ৰামায়ণ। ইয়াৰ বিষয়বস্তুক মূল হিচাপে গ্ৰহণ কৰি কাব্য, নাট, অমুবাদ, গীত, তত্ত্বমূলক ৰচনা আদি সৃষ্টি কৰিছে।

৪।  ব্যাখ্যা কৰাঃ

 (ক) জগতৰ নাম সংসাৰৰ আদি মূল। 

      বিষ্ণুক পূজিবো প্ৰথমতে দিয়া ফুল ৷৷

উত্তৰ : উক্ত পদফাকি আমাৰ পাঠ্যপুথিত থকা হৰিশ্চন্দ্ৰ উপাখ্যান নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

এই পদফাকিৰ জৰিয়তে লিখকে কব বিচাৰিছে যে- শ্ৰীকৃষ্ণ জগতৰ পতি, আৰু এই সংসাৰৰ মূল। বিষ্ণুক পূজা কৰিব লগা হলে বহুত কষ্ট কৰিব লগীয়া হয়। যেনে তুমি বিষ্ণুক প্ৰসন্ন কৰিবলৈ কঠোৰ তপস্যা কৰিব লাগিব। তেতিয়াহে তাৰ ফল পাবা। তেখেতৰ চৰণত প্ৰথমতে ফুল থব লাগিব। 

 (খ) পুণ্যৰ প্ৰভাৱে বহ্নি ভৈলা সুশীতল। 

উত্তৰ : উক্ত পদফাকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত হৰিশ্চন্দ্ৰ উপাখ্যান নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

এই পদফাকিৰ জৰিয়তে লখকে কব বিচাৰিছে যে-পুন্যৰ প্ৰভাৱত অসম্ভৱ কামো সম্ভৱ হয়। যেনে ৰজা হৰিশ্চন্দ্ৰই পুন্য কৰাৰ বাবে নিজৰ মৃত পুত্ৰকো উভতাই  পাইছিল। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি সদায় পুন্য কৰিব লাগে।  

(গ) স্বর্গে যদি যাওঁ মই পাইবে উপতাপ। 

    ভকতক পৰিত্যাগ হোৱা মহাপাপ ৷৷

উত্তৰ :উক্ত পদফাকি আমাৰ পাঠ্যপুথিত অন্তৰ্গত হৰিশ্চন্দ্ৰ উপাখ্যান নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। 

এই পদফাকিৰ জৰিয়তে লিখকে কব বিচাৰিছে যে-যদি স্বৰ্গ লাভ কৰা হয়, মানে তুমি জীৱনত ভাল কাম কৰিছিলা। মানে তুমি পুন্য কৰিছিলা। কিন্তু যদি তুমি ভকত সকলৰ সংগ এৰি তেতিয়া তুমি মহাপাপ কৰিলা। মানে যদি তুমি কাৰোবাক সহায় কৰা তোমাৰ পুন্য হব। আৰু যদি সেই বিপদত পৰা মানুহজনক তেনেকেই এৰি দিয়া তোমাৰ পাপ হব। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top