Class 8 social Science Chapter 11 MCQs । অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি।

অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি

Chapter 11

(১) দখনা কোন জাতিৰ মহিলা সকলে পৰিধান কৰে ?

(ক) অসমীয়া মহিলা সকলে

(খ) বড়ো মহিলা সকলে

(গ) মিছিং মহিলা সকলে

উত্তৰঃ (খ) বড়ো মহিলা সকলে

(২) মধ্যযুগ বুলিলে আমি কিমান শতিকাৰ পৰা কিমান শতিকাৰ আগভাগৰ সময়ছোৱাক বুজো ?

(ক) ১২ শতিকাৰ আগভাগৰ পৰা ১৭ শতিকাৰ আগভাগলৈ

(খ) ১৩ শতিকাৰ আগভাগৰ পৰা ১৮ শতিকাৰ মাজভাগলৈ

(গ) ১৩ শতিকাৰ আগভাগৰ পৰা ১৯ শতিকাৰ আগভাগলৈ

উত্তৰঃ (গ) ১৩ শতিকাৰ আগভাগৰ পৰা ১৯ শতিকাৰ আগভাগলৈ

(৩) নগাবোৰক দান কৰা মাটিক কি বোলা হৈছিল ?

(ক) নগামাটি

(খ) নগাখাট

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নগাখাট

(৪) পাইক বুলি কাক কোৱা হৈছিল ?

(ক) ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক

(খ) ২০ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক

(গ) ১৫ বছৰৰ পৰা ৪০ বছৰলৈ সকলো সক্ষম পুৰুষক

উত্তৰঃ (ক) ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক

(৫) কিমানজন পাইক মিলি একোটা গোট হৈছিল ?

(ক) ৪ বা ৫ জন মিলি

(খ) ৩ বা ৪ জন মিলি

(গ) ৫ বা ৬ জন মিলি

উত্তৰঃ (খ) ৩ বা ৪ জন মিলি

(৬) প্ৰতি গোটৰ পৰা কিমান জন পাইকে ৰজা ঘৰত শ্ৰম দান কৰিব লাগিছিল ?

(ক) ৪ জন

(খ) ৩ জন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(৭) কুৰিগোট পাইকৰ ওপৰত কিমানজন বৰা ?

(ক) ৩ জন

(খ) ৪ জন

(গ) ১ জন

উত্তৰঃ (গ) ১ জন

(৮) এজন শইকীয়া কিমান গোটৰ ওপৰত ?

(ক) দহগোটৰ ওপৰত

(খ) এশগোটৰ ওপৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) এশগোটৰ ওপৰত

(৯) এজন হাজৰিকা কিমান গোটৰ ওপৰত ?

(ক) এশগোটৰ ওপৰত

(খ) দুইহাজাৰ গোটৰ ওপৰত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(১০) ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল আদি কীৰ্তিচিহ্ন বোৰ ৰজাৰ দিনত কিহেৰে নিৰ্মাণ কৰিছিল ?

(ক) ইটা, বালি, চিমেণ্ট আদিৰে

(খ) বাঁহ, কাঠ, মাটিৰ আদিৰে

(গ) হাঁহ কণি, মাটিমাহ, গুড়, তেল আদিৰে

উত্তৰঃ (গ) হাঁহ কণি, মাটিমাহ, গুড়, তেল আদিৰে

(১১) মধ্যযুগৰ শাসন কেনেধৰণৰ আছিল ?

(ক) গণতান্ত্ৰিক

(খ) ৰাজতান্ত্ৰিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৰাজতান্ত্ৰিক

(১২) টঙালি, হাঁচতি কোনসকলৰ অৱদান আছিল ?

(ক) বড়োসকলৰ

(খ) বাৰভূঞাসকলৰ

(গ) অসমীয়াসকলৰ

উত্তৰঃ (খ) বাৰভূঞাসকলৰ

(১৩) অসমীয়া মহিলাসকলে কি কাপোৰ পৰিধান কৰে ?

(ক) চুৰিদাৰ

(খ) পেনি-স্কাৰ্ট

(গ) মেখেলা-চাদৰ

উত্তৰঃ (গ) মেখেলা-চাদৰ

(১৪) পাইক প্ৰথাৰ প্ৰচলন কোনে কৰিছিল ?

(ক) আহোম সকলে

(খ) কোচ সকলে

(গ) কছাৰী সকলে

উত্তৰঃ (খ) কোচ সকলে

(১৫) কাৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে ?

(ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনৰ পৰা

(খ) স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা

(গ) মোগল, পাৰ্চী নিদৰ্শনৰ ছাঁ পৰাই নাছিল

উত্তৰঃ (ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনৰ পৰা

(১৬) আহোম যুগৰ সামন্তবাদী সমাজখন ঘাইকৈ কেইটা শ্ৰেণীত বিভক্ত আছিল ?  

(ক) ৩ টা শ্ৰেণীত

(খ) ২ টা শ্ৰেণীত

(গ) সকলো একেলগে আছিল, বিভক্ত হোৱা নাছিল

উত্তৰঃ (খ) ২ টা শ্ৰেণীত

(১৭) মধ্য যুগত মহিলাসকলক সন্মান চকুৰে চোৱা হৈছিল নে নাই ?

(ক) নাই

(খ) চোৱা হৈছিল কিন্তু কম

(গ) সম্পূৰ্ণ সন্মান চকুৰে চাইছিল

উত্তৰঃ (গ) সম্পূৰ্ণ সন্মান চকুৰে চাইছিল

(১৮) অগ্নিগড় ক’ত অৱস্থিত ?

(ক) শিৱসাগৰত

(খ) তেজপুৰত

(গ) ডিব্ৰুগড়ত

উত্তৰঃ (খ) তেজপুৰত

(১৯) আহোমসকলে ৰাজ্যখন কি মন্ত্ৰীৰ পৰামৰ্শ মতে পৰিচালনা কৰিছিল ?

(ক) বৰা, হাজৰিকা, বৰপাত্ৰ গোহাঁই

(খ) ৰাজখোৱা, শইকীয়া, বুঢ়াগোহাঁই

(গ) বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই

উত্তৰঃ (গ) বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই

(২০) ৰাজ্যৰ শাসন ব্যৱস্থাত কাৰ সহায় লোৱা হৈছিল ?

(ক) মন্ত্ৰী পৰিষদৰ

(খ) কৰ্মচাৰীসকলৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মন্ত্ৰী পৰিষদৰ