AJB Class 7 Social Science Chapter 5 Answer ভাৰতলৈ ইউৰােপীয়ৰ আগমন

ভাৰতলৈ ইউৰােপীয়ৰ আগমন

অধ্যায় – ৫

১) উত্তৰ দিয়া।

(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোন চনত গঠন হৈছিল?

উত্তৰঃ ১৬০০ চনৰ  ৩১ ডিচেম্বৰ তাৰিখে।

(খ) ভাস্কৰ-ডা-গামা কোন আছিল?

উত্তৰঃ পতুৰ্গীজ নামৱিক।

(ঘ) জ্যাঁ কলবাট কোন আছিল?

উত্তৰঃ ফৰাচী সম্ৰাট চতুৰ্দশ লুইতৰ বিত্ত মন্ত্ৰী আছিল।

(ঙ) ওলেন্দজসকলে ভাৰতৰ কোন ঠাইত প্ৰথমে বাণিজ্যকুঠি পাতিছিল?

উত্তৰঃ নাগপট্টনম আৰু চুঁচুৰা নামৰ ঠাইত।

২) চমু উত্তৰ দিয়া।

(ক) বাৰ্থলমিউ কোন আছিল? তেওঁ কি আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ বাৰ্থলমিউ পতুৰ্গীজ নাৱিক আছিল।তেওঁ আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীণৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে।

(খ) কোনে, কেতিয়া প্ৰথমটো ডাচ্চ ফেক্টৰি ভাৰতত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ এডমমিৰেল ভন ডেৰ হেগেন, ১৬০৫ চনত মছলিপট্টমত প্ৰথমটো ডাচ্চ ফেক্টৰি ভাৰতত প্ৰতিষ্ঠা কৰিছিল।

(গ) ফৰাচীসকলে ভাৰতৰ ক’ত আৰু কাৰ নেতৃত্বত মূল ঘাটি প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ ফৰাচীসকলে ভাৰতৰ চুৰাতত আৰু ১৬৬৭ খ্ৰি.ত ফ্ৰাঁচ’ৱা কেৰণৰ নেতৃত্বত মূল ঘাটি প্ৰতিষ্ঠা কৰিছিল।

(ঘ) দোস্ত আলী কোন আছিল?

উত্তৰঃ দোস্ত আলী ১৭৪৯ খ্ৰি.ত কৰ্নাটকৰ আগৰ নবাব আছিল।

(ঙ) কৰ্ণাটকৰ সিংহাসনত অধিকাৰকলৈ কাৰ কাৰ মাজত টনা-আজোৰা লাগিছিল?

উত্তৰঃ কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ মৃত নিজামৰ জী-নাতি মুজাফৰ জং আৰু নিজামৰ পুত্ৰ নাছিৰ জঙৰ মাজত খকা-খুন্দা লাগিল।

৩.(ক) ভাৰতত পর্তুগীজসকল কিয় ব্যর্থ হৈছিল ? 

উত্তৰঃ  সপ্তদশ শতিকাৰ মাজভাগৰ পৰা পৰ্তুগীজৰ ভাৰতীয় খোপনিত গড়াখহনীয়া আৰম্ভ হয়। ওলান্দাজ আৰু ইংৰাজৰ লগত হোৱা বাণিজ্যিক আৰু সামৰিক প্রতিন্দন্দ্বিতাত পৰ্তুগীজসকল বিধ্বস্ত হ’ল। মোগল সম্রাট ছাহজাহানে হুগলীৰ পৰা পর্তুগীজ শক্তিক বিতাড়িত কবি পর্তুগীজক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰিছিল।

আলবুকার্কৰ পিছত পৰ্তুগীজসকলৰ দুৰ্নীতি পৰায়ণতা, অনুশাসনহীনতা, ধর্মান্ধতা, নৃশংসতা, প্রতিশোধপূর্ণ বাণিজ্যিক আচৰণ, সু-প্রশাসনৰ অভাৱ আদিৰ ফলত পৰ্তুগীজসকল ভাৰতৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল।

(খ) ওলণ্ডাজসকলে ভাৰতত কেনেকৈ বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল লিখা ।

উত্তৰঃ ১৬০২ খ্ৰীঃত ইউনাইটেড ডাচ্চ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰি ডাচ্চসকলে পর্তুগীজৰ একচেতীয়া বাণিজ্যিক প্ৰত্যাহ্বান জনাইছিল। ভাৰতবৰ্ষতো ডাচ্চ বাণিজ্যই প্রসাৰ লাভ কৰে। ১৬০৫ খ্রীঃত এডমিলে ভন ডেৰ হেগেনে ভাৰতৰ মছলিপট্টমত প্ৰথমটো ডাচ্চ ফেক্টৰী প্ৰতিষ্ঠা কৰিছিল। ৰেচমী সূতা, নীল জখাৰ, কপাহী কাপোৰ, চাউল, কানি ইত্যাদিৰ ব্যৱসায়েৰে ডাচ্চসকল প্ৰচুৰ লাভৱান হৈছিল। ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰণ্টানি সামগ্রীরূপে প্রতিষ্ঠা কৰিছিল ডাচ্চসকলে। নাগপট্টনম আৰু চুচুৰা আছিল ডাচ্চৰ প্ৰধান ঘাটি। সপ্তদশ শতিকাত গোটেই মচলাৰ বজাৰখন ডাচ্চসকলে নিয়ন্ত্রণ কৰি প্ৰচুৰ লাভৱান হৈছিল।

(গ)  বৃটিছ ইষ্ট ইণ্ডিয়া কম্পেনিয়ে কেনেদৰে মােগল সম্রাটৰপৰা সুবিধা আদায় 

কৰিছিল লিখা ।

উত্তৰ: ১৭১৭ চনত মোগল সম্ৰাট ফৰুখছিয়াৰে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বংগত শুল্ক নিদিয়াকৈ বাণিজ্য কৰাৰ সুবিধা প্ৰদান কৰিছিল। কোম্পানীয়ে সম্ৰাটক বিভিন্ন উপঢৌকন আৰু সেৱা আগবঢ়াই এই সুবিধা লাভ কৰিছিল। এই সুবিধাৰ অপব্যৱহাৰ কৰি কোম্পানীয়ে পিছলৈ নিজৰ বাণিজ্যিক শক্তি বৃদ্ধি কৰিছিল।

৪. ইউৰােপীয় বণিকসকল ভাৰতলৈ কিয় বেপাৰ কৰিবলৈ আহিছিল লিখা ।
উত্তৰ: ইউৰোপীয় বণিকসকল ভাৰতৰ মছলা, কপাহ, ৰেচম, নীল, মিহি কাপোৰ আদি মূল্যৱান সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতলৈ বেপাৰ কৰিবলৈ আহিছিল। ভাৰতীয় সামগ্ৰী ইউৰোপত অধিক মূল্যত বিক্ৰী কৰি বেছি লাভ অৰ্জন কৰাই তেওঁলোকৰ মূল উদ্দেশ্য আছিল।

৫. নবজাগৰণে ইউৰােপীয়সকলক কেনেদৰে সহায় কৰিছিল আলােচনা কৰাঁ ।

উত্তৰ: নৱজাগৰণে ইউৰোপীয়সকলৰ মাজত যুক্তিবাদ, বৈজ্ঞানিক চিন্তা আৰু অনুসন্ধিৎসা বৃদ্ধি কৰিছিল। ইয়াৰ ফলত তেওঁলোকে নতুন নতুন ভৌগোলিক অঞ্চল আৰু সাগৰীয় পথ আৱিষ্কাৰ কৰিবলৈ উৎসাহিত হৈছিল। নৱজাগৰণৰ ফলত বিজ্ঞান আৰু নৌ-চালনা বিদ্যাৰ উন্নতি হোৱাত ইউৰোপীয়সকলে দূৰ-দূৰণিলৈ সাগৰযাত্ৰা কৰি ভাৰত আৰু অন্যান্য দেশলৈ বাণিজ্য কৰিবলৈ সক্ষম হৈছিল।

৬. দ্বিতীয় কর্ণাটক যুদ্ধৰ ঘটনাৱলীৰ বিৱৰণ দিয়া ।

উত্তৰ: ১৭৪৯ চনত দ্বিতীয় কৰ্ণাটক যুদ্ধ আৰম্ভ হৈছিল। হায়দৰাবাদৰ সিংহাসনক লৈ হোৱা বিবাদত ফৰাচীসকলে মুজাফ্ফৰ জং আৰু চন্দা চাহেবক আৰু ইংৰাজসকলে নাছিৰ জং আৰু মহম্মদ আলীক সমৰ্থন কৰিছিল।

ফৰাচীসকলৰ সহায়ত চন্দা চাহেবে কৰ্ণাটকৰ শাসক আনোৱাৰুদ্দিনক পৰাস্ত কৰি হত্যা কৰে। পিছত ইংৰাজসকলে মহম্মদ আলীক সমৰ্থন কৰি আৰ্কট দখলৰ বাবে ৰবাৰ্ট ক্লাইভক পঠিয়ায়। ক্লাইভে আৰ্কট দখল কৰি ফৰাচীসকলক যথেষ্ট বিপদত পেলায়।

শেষত ১৭৫৪ চনত পণ্ডিচেৰীৰ সন্ধিৰ জৰিয়তে দ্বিতীয় কৰ্ণাটক যুদ্ধৰ অন্ত পৰে। এই যুদ্ধৰ ফলত ইংৰাজসকলৰ প্ৰভাৱ বৃদ্ধি পায় আৰু ফৰাচীসকলৰ প্ৰভাৱ হ্ৰাস পায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top