AJB Class 8 Social Science Chapter 9 Answer অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা 

পাঠ ৯

অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা 

1) তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা।

a) মানুহৰ দৈনন্দন কাম-কাজসমূহ কি কি ভাগত ভাগ কৰিব পাৰে?

উত্তৰঃ মানুহৰ দৈনন্দন কাম-কাজসমূহ আৰ্থিক আৰু অনা-আৰ্থিক বুলি দুটা ভাগত ভাগ কৰিব পাৰে।

b) মানুহৰ আৰ্থিক কাৰ্যৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ মানুহৰ আৰ্থিক কাৰ্যৰ প্ৰধান উদ্দেশ্য হৈছে অৰ্থ উপাৰ্জন।

c) অৰ্থবিজ্ঞানত ‘বস্তু’ কাক বোলে?

উত্তৰঃ অৰ্থবিজ্ঞানত বস্তু শব্দটোৱে মানুহৰ প্ৰয়োজন পূৰাব পৰা সকলো বস্তুক বুজায়।

d) ‘বস্তু’ৰ প্ৰাথমিক ভাগ দুটা কি কি?

উত্তৰঃ ‘বস্তু’ৰ প্ৰাথমিক ভাগ দুটা হৈছে ভৌতিক আৰু অভৌতিক।

e) ‘ভোগ’ কাক বোলে?

উত্তৰঃ বস্তু এটাৰ উপযোগিতা ব্য়ৱহাৰ কৰাকে ভোগ বোলা হয়।

f) ‘উপযোগিতা’ কাক বোলে?

উত্তৰঃ কোনো এটা বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলা হয়।

g) উৎপাদন বুলিলে কি বুজা?

উত্তৰঃ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সৃষ্টি কৰাকে উৎপাদন বোলা হয়।

h) বতাহ, বৰষুণ, সূৰ্যৰ তাপ আদিৰ বিনিময় মূল্য নথকাৰ কাৰণ কি?

উত্তৰঃ বতাহ, বৰষুণ, সূৰ্যৰ তাপ আদি হস্তান্তৰযোগ্য় নহয়। সেয়েহে ইয়াৰ বিনিময় মূল্য নাথাকে।

2. তলত দিয়া প্ৰশ্নসমূহৰ যথোচিত উত্তৰ লিখা।

a) অৰ্থবিজ্ঞানৰ বিষয়বস্তু কি লিখা।

উত্তৰঃ অৰ্থবিজ্ঞানৰ বিষয়বস্তু হৈছে মানুহ আৰু মানুহৰ দৈনন্দিন জীৱনত উদ্ভৱ হোৱা বিভিন্ন ধৰণৰ বস্তুৰ অভাৱ।

 b) আৰ্থিক বস্তুৰ বাবে কিয় বিনিময় মূল্য পৰিশোধ কৰিবলগা হয়?

উত্তৰঃ আৰ্থিক বস্তু এবিধ উৎপাদন কৰোঁতে অৰ্থৰ খৰচ হয় সেয়েহে সেই বস্তুবিধ বিনিময়ৰ বাবে মূল্য় পৰিশোধ কৰিবলগীয়া হয়।

c) বীজ হিচাবে ৰখা ধান কোন শ্ৰেণীৰ বস্তু一 ভোগ্য বস্তু নে মূলধনজাতীয় বস্তু? উত্তৰৰ সপেক্ষে কাৰণ দৰ্শোৱা।

উত্তৰঃ বীজ হিচাবে ৰখা ধান মূলধনজাতীয় বস্তু। বীজ হিচাপে ৰখা ধানক আমি ভোগ কৰিবলৈ নহয়, বৰং নতুন ধান উৎপাদন কৰিবলৈ হে ৰাখো। সেয়েহে ইয়াক মূলধনজাতীয় বস্তু বুলি কোৱাটো যুক্তিসংগত।

d) অৰ্থবিজ্ঞানত মূল্য বুলিলে কি বুজায়?

উত্তৰঃ অৰ্থবিজ্ঞানত মূল্য় বুলিলে বিনিময়ৰ মূল্য়ক বুজায়।

e) উপযোগিতা কি কি প্ৰকাৰে সৃষ্টি কৰিব পাৰে লিখা।

উত্তৰঃ সামগ্ৰীৰ আকাৰ-আকৃতি পৰিৱৰ্তন, স্থান পৰিৱৰ্তন, বহুদিনলৈ সাঁচি থোৱা আদি কৰি উপযোগিতা সৃষ্টি কৰিব পাৰে।

3. পাৰ্থক্য লিখাঁ।

a) আৰ্থিক কাৰ্য আৰু অনা-আৰ্থিক কাৰ্য।

উত্তৰঃ আৰ্থিক কাৰ্য আৰু অনা-আৰ্থিক কাৰ্যৰ মাজত পাৰ্থক্য় হৈছে一

আৰ্থিক কাৰ্যঅনা-আৰ্থিক কাৰ্য
ইয়াৰ মূল উদ্দেশ্য হৈছে অৰ্থৰ উপাৰ্জন।ইয়াৰ উদ্দেশ্য অৰ্থ উপাৰ্জন নহয়।
ইয়াৰ বিনিময়ত যিকোনো এটা মূল্য পোৱা যায়।ইয়াৰ বিনিময়ত কোনো মূল্য পোৱা নাযায়।

b) মুক্ত বস্তু আৰু আৰ্থিক বস্তু।

উত্তৰঃ মুক্ত বস্তু আৰু আৰ্থিক বস্তুৰ মাজত পাৰ্থক্য় হৈছে 一

মুক্ত বস্তুআৰ্থিক বস্তু
ইয়াৰ কোনো মূল্য নাথাকে।ইয়াৰ মূল্য থাকে।
ই হস্তান্তৰযোগ্য নহয়।ই হস্তান্তৰযোগ্য
ইয়াক প্ৰকৃতিত মুক্তভাৱে পোৱা যায়।ইয়াক উৎপাদন কৰিবলগীয়া হয়।

c) ভোগ্য বস্তু আৰু মূলধনজাতীয় বস্তু।

উত্তৰঃ ভোগ্য বস্তু আৰু মূলধনজাতীয় বস্তুৰ মাজত পাৰ্থক্য় হৈছে 一

ভোগ্য বস্তুমূলধনী বস্তু
ইয়াক প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰা হয়।ইয়াক পৰোক্ষভাৱে ব্যৱহাৰ কৰা হয়।
ইয়াৰ দ্বাৰা কোনো বস্তু উৎপাদন কৰা নহয়।ইয়াৰ দ্বাৰা ভোগ্য বস্তু উৎপাদন কৰা হয়।

d) মূল্য আৰু দাম।

উত্তৰঃ মূল্য় আৰু দামৰ মাজত পাৰ্থক্য় হৈছে 一

মূল্যদাম
মূল্য হৈছে কোনো এটা বস্তুৰ যোগ্যতা।দাম হৈছে কোনো এটা বস্তুৰ বিনিময়ৰ মূল্য

e) চাহিদা আৰু যোগান।

উত্তৰঃ চাহিদা আৰু যোগানৰ মাজত পাৰ্থক্য় হৈছে 一

চাহিদাযোগান
সামগ্ৰী এবিধৰ প্ৰয়োজনীয়তাসামগ্ৰী এবিধৰ উৎপাদন
মানুহৰ ৰুচি পৰিৱৰ্তনৰ লগে লগে চহিদায়ো পৰিৱৰ্তন হয়।উৎপাদনৰ পৰিৱৰ্তনৰ লগে লগে যোগানৰো পৰিৱৰ্তন হয়।

4. সকলো বস্তুৰ উপযোগিতা আছে কিন্তু উপকাৰিতা নাই। উদাহৰণসহ ব্যাখ্যা কৰাঁ।

উত্তৰঃ কোনো এটা বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে। সকলো বস্তুৰে উপযোগিতা থাকে। কিন্তু সকলো বস্তুৰে উপকাৰিতা নাথাকে। উদাহৰণস্বৰূপে মদ, ভাং, আদি নিচাযুক্ত দ্ৰব্য়বোৰৰ উপযোগিতা আছে কিন্তু উপকাৰিতা নাই। 

5. উৎপাদন কাক বোলে? উৎপাদন কেনেদৰে কৰিব পাৰি লিখা।

উত্তৰঃ কোনো বস্তুৰ নতুনকৈ উপযোগিতা অৰ্থাৎ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা সৃষ্টি কৰাকে উপযোগিতা বোলা হয়।

    সামগ্ৰীৰ আকাৰ-আকৃতি পৰিৱৰ্তন, স্থান পৰিৱৰ্তন, বহুদিনলৈ সাঁচি থোৱা আদি কৰি উপযোগিতা সৃষ্টি কৰিব পাৰি।

6. চাহিদা কাক বোলে? দাম আৰু সময়ৰ লগত চাহিদাৰ সম্পৰ্ক কি?

উত্তৰঃ কোনো এক নিৰ্দিষ্ট সময়ত এক বিশেষ দামত মানুহে বস্তু এবিধ যি পৰিমাণত কিনিবলৈ আগবাঢ়ি আহে তাকে বস্তুবিধৰ চাহিদা বোলা হয়।

    সাধাৰণতে বস্তুৰ দাম বাঢ়িলে সামগ্ৰীৰ চাহিদা হ্ৰাস পায় আৰু দাম কমিলে চাহিদা বাঢ়ে। আৰু সময়ৰ ওপৰতো চাহিদা নিৰ্ভৰ কৰে। শীতকালত গৰম কাপোৰৰ চাহিদা বৃদ্ধি পায় কিন্তু গৰমকালি এনে কাপোৰৰ চাহিদা একেবাৰে হ্ৰাস পায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top