Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 Social Science Chapter 9 Answer সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

১। একোটিকৈ বাক্যত উত্তৰ লিখা:

(ক) সংবিধান কাক বোলে?

উত্তৰঃ এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা পৰিচালনা, চৰকাৰৰ ক্ষমতা আৰু নাগৰিকৰ অধিকাৰ তথা কৰ্তব্য নিৰ্ধাৰণ কৰা মৌলিক বিধি-বিধানসমূহৰ সমষ্টিক সংবিধান বোলে।


(খ) ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয়?

উত্তৰঃ ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়।


(গ) ভাৰতীয় সংবিধান অনুযায়ী ৰাষ্ট্ৰপ্ৰধানগৰাকী কোন?

উত্তৰঃ ভাৰতীয় সংবিধান অনুযায়ী ৰাষ্ট্ৰপ্ৰধানগৰাকী হ’ল ৰাষ্ট্ৰপতি।


(ঘ) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি?

উত্তৰঃ জাতি, ধৰ্ম, বৰ্ণ, লিংগ, ভাষা আৰু সম্পত্তি নিৰ্বিশেষে ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো যোগ্য ভাৰতীয় নাগৰিকে লাভ কৰা ভোটদানৰ অধিকাৰক সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলে।


(ঙ) অধিকাৰ কাক বোলে?

উত্তৰঃ মানুহৰ প্ৰতিভা বিকাশ, ব্যক্তিত্ব প্ৰকাশ আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে সমাজ আৰু ৰাষ্ট্ৰই স্বীকৃতি দিয়া সুযোগ-সুবিধাসমূহক অধিকাৰ বোলে।


(চ) গ্ৰাহক বা উপভোক্তা কাক বোলে?

উত্তৰঃ মূল্যৰ বিনিময়ত নিজৰ প্ৰয়োজন পূৰণৰ বাবে কোনো সামগ্ৰী ক্ৰয় কৰা বা সেৱা গ্ৰহণ কৰা ব্যক্তিক গ্ৰাহক বা উপভোক্তা বোলে।


(ছ) বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰূপে পালন কৰা তাৰিখটো কি?

উত্তৰঃ প্ৰতি বছৰে ১৫ মাৰ্চ তাৰিখটো বিশ্ব গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।


২। সংবিধানৰ ভাগকেইটা উল্লেখ কৰা।

উত্তৰঃ সংবিধানক প্ৰধানকৈ দুটা ভিত্তিত শ্ৰেণীবিভক্ত কৰিব পাৰি—

(ক) গঠনৰ ভিত্তিতঃ

(১) লিখিত সংবিধান।

(২) অলিখিত সংবিধান।

(খ) সংশোধন পদ্ধতিৰ ভিত্তিতঃ

(১) নমনীয় সংবিধান।

(২) অনমনীয় সংবিধান।

লিখিত সংবিধানৰ বিধি-বিধানসমূহ লিখিত ৰূপত সংকলিত হৈ থাকে। আনহাতে, অলিখিত সংবিধানৰ বহুতো বিধি-বিধান প্ৰথা, পৰম্পৰা আৰু বিভিন্ন আইনৰ ওপৰত প্ৰতিষ্ঠিত।

নমনীয় সংবিধান সহজ পদ্ধতিৰে সংশোধন কৰিব পাৰি, কিন্তু অনমনীয় সংবিধান সংশোধনৰ বাবে বিশেষ পদ্ধতি অনুসৰণ কৰিব লাগে।


৩। নিৰ্দেশাত্মক নীতি কাক বোলে? ইয়াৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ ভাৰতীয় সংবিধানে ৰাষ্ট্ৰক আইন প্ৰণয়ন আৰু শাসনকাৰ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত অনুসৰণ কৰিবলৈ দিয়া কিছুমান মৌলিক নীতিক ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বোলে।

ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগৰ ৩৬ৰ পৰা ৫১ নং অনুচ্ছেদলৈ নিৰ্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে।

নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য হ’ল জনসাধাৰণৰ মাজত সামাজিক আৰু অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা কৰা, দৰিদ্ৰতা আৰু বৈষম্য দূৰ কৰা, সকলো নাগৰিকৰ জীৱনধাৰণৰ মান উন্নত কৰা আৰু এখন জনকল্যাণকামী ৰাষ্ট্ৰ গঢ়ি তোলা।


৪। সংবিধানৰ প্ৰস্তাৱনাটোৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ প্ৰস্তাৱনা হৈছে এখন লিখিত সংবিধানৰ ভূমিকা বা পাতনি। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংবিধানখনৰ মূল আদৰ্শ, উদ্দেশ্য আৰু লক্ষ্যসমূহ উল্লেখ কৰা হৈছে। সেইবাবে প্ৰস্তাৱনাক সংবিধানৰ চাবিকাঠি বুলি কোৱা হয়।

প্ৰস্তাৱনা অনুসৰি ভাৰত এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য।

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা প্ৰধান আদৰ্শসমূহ হ’ল—

(ক) ন্যায়ঃ সকলো নাগৰিকক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰা।

(খ) স্বাধীনতাঃ সকলো নাগৰিকক চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰদান কৰা।

(গ) সমতাঃ সকলো নাগৰিকৰ মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰা।

(ঘ) ভাতৃত্ববোধঃ ব্যক্তিৰ মৰ্যাদা আৰু ৰাষ্ট্ৰৰ ঐক্য তথা সংহতি নিশ্চিত কৰি সকলো নাগৰিকৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা।

১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় গণপৰিষদে সংবিধানখন গ্ৰহণ কৰিছিল। ১৯৭৬ চনৰ ৪২তম সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সংহতি’ শব্দকেইটা সংযোজন কৰা হৈছিল।

প্ৰস্তাৱনা ভাৰতীয় সংবিধানৰ এক অবিচ্ছেদ্য অংশ। ই সংবিধানৰ মূল ভাবধাৰা আৰু উদ্দেশ্যসমূহ বুজিবলৈ সহায় কৰে।


৫। ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰবোৰ কি কি?

উত্তৰঃ ভাৰতীয় সংবিধানৰ তৃতীয় ভাগত ছয় প্ৰকাৰৰ মৌলিক অধিকাৰৰ ব্যৱস্থা কৰা হৈছে। সেইবোৰ হ’ল—

(১) সমতাৰ অধিকাৰ (Right to Equality): আইনৰ দৃষ্টিত সকলো সমান আৰু সকলোকে সমান আইনী সুৰক্ষা প্ৰদান কৰা।

(২) স্বাধীনতাৰ অধিকাৰ (Right to Freedom): মত প্ৰকাশ, শান্তিপূৰ্ণ সমাৱেশ, সংগঠন গঠন, চলা-ফুৰা, বসবাস আৰু জীৱিকা নিৰ্বাচন আদি স্বাধীনতা প্ৰদান কৰা।

(৩) শোষণৰ বিৰুদ্ধে অধিকাৰ (Right against Exploitation): মানৱ সৰবৰাহ, বলপূৰ্বক শ্ৰম আৰু নিষিদ্ধ শিশুশ্ৰমৰ পৰা সুৰক্ষা প্ৰদান কৰা।

(৪) ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ (Right to Freedom of Religion): নিজৰ পছন্দ অনুসৰি ধৰ্ম গ্ৰহণ, পালন আৰু প্ৰচাৰ কৰাৰ স্বাধীনতা প্ৰদান কৰা।

(৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (Cultural and Educational Rights): নিজৰ ভাষা, লিপি আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ লগতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা আৰু পৰিচালনাৰ অধিকাৰ প্ৰদান কৰা।

(৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (Right to Constitutional Remedies): মৌলিক অধিকাৰ উলংঘন হ’লে ন্যায়ালয়ৰ সহায় লোৱাৰ অধিকাৰ প্ৰদান কৰা।


৬। গ্ৰাহক হিচাপে নাগৰিকৰ থকা অধিকাৰবোৰ কি কি?

উত্তৰঃ গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে গ্ৰাহক সুৰক্ষা আইনৰ অধীনত বিভিন্ন অধিকাৰৰ ব্যৱস্থা কৰা হৈছে।

গ্ৰাহকৰ ছয়টা প্ৰধান অধিকাৰ হ’ল—

(১) সুৰক্ষাৰ অধিকাৰ (Right to Safety): জীৱন আৰু সম্পত্তিৰ বাবে ক্ষতিকাৰক সামগ্ৰী আৰু সেৱাৰ পৰা সুৰক্ষা লাভ কৰাৰ অধিকাৰ।

(২) তথ্য লাভৰ অধিকাৰ (Right to be Informed): সামগ্ৰীৰ গুণগত মান, পৰিমাণ, বিশুদ্ধতা, মূল্য আৰু ব্যৱহাৰৰ সময়সীমা সম্পৰ্কে সঠিক তথ্য লাভ কৰাৰ অধিকাৰ।

(৩) পছন্দৰ অধিকাৰ (Right to Choose): প্ৰতিযোগিতামূলক মূল্যত নিজৰ পছন্দ অনুসৰি সামগ্ৰী আৰু সেৱা নিৰ্বাচন কৰাৰ অধিকাৰ।

(৪) অভিযোগ শুনানিৰ অধিকাৰ (Right to be Heard): গ্ৰাহকৰ অভিযোগ আৰু সমস্যাসমূহ উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত উত্থাপন কৰাৰ অধিকাৰ।

(৫) প্ৰতিকাৰ লাভৰ অধিকাৰ (Right to Seek Redressal): প্ৰৱঞ্চনা, নিম্নমানৰ সামগ্ৰী বা ত্ৰুটিপূৰ্ণ সেৱাৰ বাবে উপযুক্ত প্ৰতিকাৰ আৰু ক্ষতিপূৰণ লাভ কৰাৰ অধিকাৰ।

(৬) গ্ৰাহক সজাগতাৰ অধিকাৰ (Right to Consumer Awareness): গ্ৰাহকৰ অধিকাৰ, কৰ্তব্য আৰু সুৰক্ষা সম্পৰ্কে জ্ঞান লাভ কৰাৰ অধিকাৰ।

গ্ৰাহকসকলে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে গ্ৰাহক সংগঠন গঠন কৰাৰ লগতে প্ৰয়োজন অনুসৰি গ্ৰাহক সুৰক্ষা আইনৰ সহায় ল’ব পাৰে।


৭। গান্ধীবাদী নীতিৰ অন্তৰ্গত যিকোনো চাৰিটা নীতি উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিসমূহৰ অন্তৰ্গত চাৰিটা উল্লেখযোগ্য গান্ধীবাদী নীতি হ’ল—

(১) গাঁও পঞ্চায়ত গঠন কৰি গাঁওসমূহক স্বায়ত্তশাসনৰ ক্ষমতা প্ৰদান কৰা আৰু গ্ৰাম্য উন্নয়ন সাধন কৰা।

(২) অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ উন্নতি সাধন কৰা।

(৩) গ্ৰামাঞ্চলত কুটিৰ শিল্প আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশ ঘটোৱা।

(৪) কৃষি আৰু পশুপালন ব্যৱস্থাৰ উন্নতি সাধন কৰাৰ লগতে গৰু, পোৱালি আৰু অন্যান্য দুগ্ধদায়ক তথা কৃষিকাৰ্যত ব্যৱহৃত পশুৰ বধ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা।


৮। নিৰ্দেশাত্মক নীতিৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল—

(১) নিৰ্দেশাত্মক নীতিসমূহ ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগত সন্নিৱিষ্ট কৰা হৈছে।

(২) এই নীতিসমূহ আদালতৰ জৰিয়তে বলবৎ কৰাব নোৱাৰি।

(৩) আদালতৰ জৰিয়তে বলবৎ কৰিব নোৱাৰিলেও দেশৰ শাসনকাৰ্য পৰিচালনাৰ ক্ষেত্ৰত এই নীতিসমূহ মৌলিক আৰু আইন প্ৰণয়নৰ সময়ত এইবোৰ প্ৰয়োগ কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য।

(৪) সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলে আইন প্ৰণয়ন কৰি নিৰ্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰিব পাৰে।

(৫) এই নীতিসমূহ সামাজিক, অৰ্থনৈতিক, প্ৰশাসনিক আৰু আন্তঃৰাষ্ট্ৰীয় আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।

(৬) নিৰ্দেশাত্মক নীতিসমূহৰ মূল লক্ষ্য হৈছে সামাজিক ন্যায়, অৰ্থনৈতিক সমতা আৰু জনসাধাৰণৰ কল্যাণ নিশ্চিত কৰা।

(৭) এই নীতিসমূহে ভাৰতক এখন জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰে।


৯। নাগৰিকে পালন কৰিবলগীয়া যিকোনো পাঁচটা কৰ্তব্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৫১(ক) অনুচ্ছেদত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা হৈছে। ইয়াৰে পাঁচটা উল্লেখযোগ্য কৰ্তব্য হ’ল—

(১) সংবিধান মানি চলা আৰু ইয়াৰ আদৰ্শ, প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

(২) ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা।

(৩) দেশক ৰক্ষা কৰা আৰু আহ্বান জনোৱা হ’লে ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা।

(৪) ভাৰতৰ সমন্বিত সংস্কৃতিৰ মূল্যৱান ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু তাক সংৰক্ষণ কৰা।

(৫) ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰা আৰু হিংসাৰ মনোভাৱ পৰিহাৰ কৰা।


১০। গ্ৰাহকসকলে মানি চলিবলগীয়া পাঁচটা কৰ্তব্য উল্লেখ কৰা।

উত্তৰঃ এজন সচেতন গ্ৰাহকে পালন কৰিবলগীয়া পাঁচটা উল্লেখযোগ্য কৰ্তব্য হ’ল—

(১) সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰিব লাগে আৰু প্ৰযোজ্য ক্ষেত্ৰত এগমাৰ্ক, আই এছ আই আদি মান নিৰ্ধাৰক চিহ্ন আছেনে নাই চাব লাগে।

(২) সামগ্ৰীৰ ওজন আৰু পৰিমাণ সঠিকভাৱে নিৰ্ণয় কৰিবলৈ অনুমোদিত দগা-পাল্লা আৰু মাপনী ব্যৱহাৰ কৰা হৈছেনে নাই পৰীক্ষা কৰিব লাগে।

(৩) প্ৰতিবিধ সামগ্ৰী ক্ৰয় কৰাৰ পিছত মূল্য উল্লেখ থকা ৰচিদ বা বিল সংগ্ৰহ কৰিব লাগে।

(৪) পেকেটত উল্লেখ থকা প্ৰস্তুতকাৰীৰ নাম, সৰ্বোচ্চ খুচুৰা মূল্য, প্ৰস্তুতকৰণৰ তাৰিখ আৰু ব্যৱহাৰৰ শেষ সময়সীমা পৰীক্ষা কৰিব লাগে।

(৫) বৈদ্যুতিক বিল, টেলিফোনৰ বিল আৰু অন্যান্য সেৱাৰ বিলত উল্লেখ থকা হিচাপসমূহ সঠিক হয়নে নহয় পৰীক্ষা কৰিব লাগে। পৰিবহণ সেৱা গ্ৰহণ কৰাৰ সময়তো উপযুক্ত টিকট সংগ্ৰহ কৰিব লাগে।


১১। ভাৰতীয় সংবিধানৰ যিকোনো ছয়টা বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধান পৃথিৱীৰ এখন উল্লেখযোগ্য সংবিধান। ভাৰতৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সংবিধানখন প্ৰস্তুত কৰা হৈছে।

ভাৰতীয় সংবিধানৰ ছয়টা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—

(ক) প্ৰস্তাৱনাঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ মূল আদৰ্শ, উদ্দেশ্য আৰু লক্ষ্যসমূহ উল্লেখ কৰা হৈছে। ইয়াত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

(খ) লিখিত সংবিধানঃ ভাৰতীয় সংবিধান এখন লিখিত সংবিধান। ৰাষ্ট্ৰ পৰিচালনাৰ প্ৰয়োজনীয় বিধি-বিধান, চৰকাৰৰ ক্ষমতা আৰু নাগৰিকৰ অধিকাৰ তথা কৰ্তব্যসমূহ ইয়াত লিখিত ৰূপত সন্নিৱিষ্ট কৰা হৈছে।

(গ) দীঘলীয়া সংবিধানঃ ভাৰতীয় সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলীয়া লিখিত ৰাষ্ট্ৰীয় সংবিধান হিচাপে পৰিচিত। মূল সংবিধানখনত ৩৯৫টা অনুচ্ছেদ, ২২টা ভাগ আৰু ৮খন অনুসূচী আছিল।

(ঘ) নমনীয় আৰু অনমনীয় পদ্ধতিৰ সংমিশ্ৰণঃ ভাৰতীয় সংবিধানৰ কিছুমান বিধি-বিধান সহজ পদ্ধতিৰে আৰু আন কিছুমান বিশেষ তথা কঠিন পদ্ধতিৰে সংশোধন কৰিব পাৰি। সেয়েহে ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ।

(ঙ) একক নাগৰিকত্ব ব্যৱস্থাঃ ভাৰতত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা থকা সত্ত্বেও একক নাগৰিকত্বৰ ব্যৱস্থা আছে। ভাৰতৰ সকলো নাগৰিকেই ভাৰতীয় নাগৰিক হিচাপে পৰিচিত।

(চ) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰঃ জাতি, ধৰ্ম, বৰ্ণ, লিংগ আৰু সম্পত্তি নিৰ্বিশেষে ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো যোগ্য ভাৰতীয় নাগৰিকে নিৰ্বাচনত ভোটদান কৰাৰ অধিকাৰ লাভ কৰে।

ইয়াৰ উপৰি সংসদীয় শাসন ব্যৱস্থা, মৌলিক অধিকাৰ, স্বাধীন ন্যায়পালিকা, ধৰ্মনিৰপেক্ষতা আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাও ভাৰতীয় সংবিধানৰ উল্লেখযোগ্য বৈশিষ্ট্য।


১২। চমুটোকা লিখা:


(ক) আন্তঃৰাষ্ট্ৰীয় নীতি।

উত্তৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি, শিক্ষাৰ প্ৰসাৰ, ব্যৱসায়-বাণিজ্য আৰু যোগাযোগ ব্যৱস্থাৰ বিকাশৰ ফলত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি পাইছে।

আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ভাৰতীয় সংবিধানৰ ৫১ নং অনুচ্ছেদত ৰাষ্ট্ৰক কিছুমান নিৰ্দেশ প্ৰদান কৰা হৈছে।

সেইবোৰ হ’ল—

(১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা।

(২) বিভিন্ন ৰাষ্ট্ৰৰ মাজত ন্যায়সংগত আৰু সন্মানজনক সম্পৰ্ক স্থাপন কৰা।

(৩) আন্তঃৰাষ্ট্ৰীয় আইন আৰু সন্ধিসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

(৪) মধ্যস্থতা আৰু শান্তিপূৰ্ণ উপায়েৰে আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাত উৎসাহ প্ৰদান কৰা।

এই নীতিসমূহৰ মূল উদ্দেশ্য হ’ল বিশ্বৰ সকলো ৰাষ্ট্ৰৰ মাজত শান্তি, মৈত্ৰী আৰু সহযোগিতাৰ সম্পৰ্ক গঢ়ি তোলা।


(খ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ।

উত্তৰঃ ভাৰত এখন বহু ভাষা, ধৰ্ম, জাতি আৰু সংস্কৃতিৰ দেশ। ভাৰতীয় সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে।

এই অধিকাৰ অনুসৰি নিজস্ব ভাষা, লিপি আৰু সংস্কৃতি থকা নাগৰিকৰ যিকোনো অংশই সেইবোৰ সংৰক্ষণ কৰাৰ অধিকাৰ লাভ কৰে।

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়সমূহে নিজৰ পছন্দ অনুসৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা আৰু পৰিচালনা কৰাৰ অধিকাৰ লাভ কৰে। চৰকাৰে শিক্ষানুষ্ঠানক আৰ্থিক অনুদান দিয়াৰ ক্ষেত্ৰত সংখ্যালঘুসকলে পৰিচালনা কৰা শিক্ষানুষ্ঠানৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে।

চৰকাৰী বা চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত কেৱল ধৰ্ম, বৰ্ণ, জাতি বা ভাষাৰ ভিত্তিত কোনো নাগৰিকক নামভৰ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰি।

ইয়াৰ উপৰি ২০০২ চনৰ ৮৬তম সংবিধান সংশোধনীৰ জৰিয়তে ২১(ক) অনুচ্ছেদ সংযোজন কৰি ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰা হৈছে।


(গ) নাগৰিকৰ অধিকাৰ হিচাপে সামাজিক অধিকাৰ।

উত্তৰঃ সমাজত এজন ব্যক্তিয়ে সন্মান আৰু মৰ্যাদাৰে জীৱন যাপন কৰিবলৈ প্ৰয়োজন হোৱা অধিকাৰ আৰু সুযোগ-সুবিধাসমূহক সামাজিক অধিকাৰ বোলে।

নাগৰিকৰ উল্লেখযোগ্য সামাজিক অধিকাৰসমূহ হ’ল—

(১) শিক্ষা গ্ৰহণ আৰু নিজৰ ভাষা-সংস্কৃতি সংৰক্ষণৰ অধিকাৰ।

(২) সামাজিক সমতা আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ অধিকাৰ।

(৩) শোষণ, অত্যাচাৰ আৰু বৈষম্যৰ পৰা মুক্তিৰ অধিকাৰ।

(৪) উপযুক্ত বাসস্থান আৰু স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ অধিকাৰ।

(৫) কৰ্মসংস্থাপন আৰু প্ৰয়োজন অনুসৰি চৰকাৰী সাহায্য লাভৰ সুযোগ।

(৬) নিজৰ পছন্দ অনুসৰি ধৰ্ম পালন কৰাৰ স্বাধীনতা।

এই অধিকাৰ আৰু কল্যাণমূলক ব্যৱস্থাসমূহে নাগৰিকৰ ব্যক্তিত্ব বিকাশ, সামাজিক নিৰাপত্তা আৰু জীৱনধাৰণৰ মান উন্নত কৰাত সহায় কৰে। অৱশ্যে এই সকলো সুবিধা পৃথক পৃথক মৌলিক অধিকাৰ হিচাপে সংবিধানত উল্লেখ কৰা হোৱা নাই।


(ঘ) গ্ৰাহক সুৰক্ষা আইন।

উত্তৰঃ গ্ৰাহকসকলক ব্যৱসায়ী বা সেৱা প্ৰদানকাৰীৰ অন্যায় আচৰণ, প্ৰৱঞ্চনা, নিম্নমানৰ সামগ্ৰী, অত্যধিক মূল্য আৰু ত্ৰুটিপূৰ্ণ সেৱাৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ১৯৮৬ চনত গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰিছিল।

১৯৮৬ চনৰ ২৪ ডিচেম্বৰত এই আইনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল। সেয়েহে প্ৰতি বছৰে ২৪ ডিচেম্বৰ তাৰিখটো ভাৰতত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে পালন কৰা হয়।

পৰৱৰ্তী সময়ত গ্ৰাহকৰ স্বাৰ্থ অধিক শক্তিশালীভাৱে সুৰক্ষিত কৰাৰ উদ্দেশ্যে ২০১৯ চনৰ গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰা হয়। এই আইনে পুৰণি ১৯৮৬ চনৰ আইনখনৰ স্থান গ্ৰহণ কৰে।

এই আইনৰ অধীনত গ্ৰাহকসকলে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগৰ জৰিয়তে অভিযোগ দাখিল কৰি উপযুক্ত প্ৰতিকাৰ বা ক্ষতিপূৰণ লাভ কৰিব পাৰে।


(ঙ) এগমাৰ্ক (AGMARK)।

উত্তৰঃ এগমাৰ্ক হৈছে ভাৰতৰ কৃষিজাত সামগ্ৰীৰ গুণগত মান আৰু শ্ৰেণী নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা এটা চৰকাৰী প্ৰমাণীকৰণ চিহ্ন।

১৯৩৭ চনৰ কৃষিজাত উৎপাদন (শ্ৰেণীবিভাজন আৰু চিহ্নিতকৰণ) আইন অনুসৰি এগমাৰ্কৰ ব্যৱস্থা কৰা হৈছে।

খাদ্যতেল, ঘিউ, মৌ, মছলা, দালি, আটা আদি বিভিন্ন কৃষিজাত সামগ্ৰীত এই চিহ্ন ব্যৱহাৰ কৰা হয়। এগমাৰ্ক চিহ্নই সংশ্লিষ্ট সামগ্ৰীবিধ নিৰ্ধাৰিত মানদণ্ড অনুসৰি পৰীক্ষা আৰু প্ৰমাণিত কৰা হৈছে বুলি সূচায়।

ই গ্ৰাহকসকলক উপযুক্ত মানৰ কৃষিজাত সামগ্ৰী নিৰ্বাচন কৰাত সহায় কৰে।


(চ) আই. এছ. আই. (ISI)।

উত্তৰঃ ISI-ৰ সম্পূৰ্ণ ৰূপ হ’ল Indian Standards Institution। ভাৰতীয় মান নিৰ্ধাৰণৰ পুৰণি প্ৰতিষ্ঠানটোৰ নামেৰে এই চিহ্নটো পৰিচিত।

বৰ্তমান ভাৰতীয় মানক ব্যুৰো (Bureau of Indian Standards বা BIS) নামৰ সংস্থাটোৱে বিভিন্ন সামগ্ৰীৰ মান নিৰ্ধাৰণ আৰু প্ৰমাণীকৰণৰ কাম কৰে।

বৈদ্যুতিক সামগ্ৰী, চিমেণ্ট, প্ৰেছাৰ কুকাৰ, হেলমেট আদি বিভিন্ন সামগ্ৰীত আই. এছ. আই. চিহ্ন ব্যৱহাৰ কৰা হয়।

এই চিহ্নই সংশ্লিষ্ট সামগ্ৰীবিধ প্ৰযোজ্য ভাৰতীয় মানদণ্ড অনুসৰি প্ৰমাণিত হোৱা বুলি সূচায়। গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰা আৰু নিম্নমানৰ সামগ্ৰীৰ পৰা গ্ৰাহকক ৰক্ষা কৰাত এই চিহ্নৰ বিশেষ গুৰুত্ব আছে।


অতিৰিক্ত প্ৰশ্নোত্তৰ


প্ৰশ্ন ১। ভাৰতীয় সংবিধান ৰচনা কৰা গণপৰিষদৰ সভাপতি কোন আছিল?

উত্তৰঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয় গণপৰিষদৰ সভাপতি আছিল।


প্ৰশ্ন ২। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ ড° ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ আছিল।


প্ৰশ্ন ৩। অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰই পালন কৰিবলগীয়া যিকোনো চাৰিটা কৰ্তব্য উল্লেখ কৰা।

উত্তৰঃ অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰই পালন কৰিবলগীয়া চাৰিটা কৰ্তব্য হ’ল—

(১) নাগৰিকৰ মাজত থকা আয় আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ ব্যৱস্থা কৰা।

(২) ৰাষ্ট্ৰৰ আৰ্থিক সামৰ্থ্য আৰু উন্নয়নৰ সীমাৰ ভিতৰত নাগৰিকৰ বাবে কৰ্মসংস্থাপন আৰু শিক্ষাৰ সুবিধা প্ৰদান কৰা।

(৩) নিবনুৱা অৱস্থা, বাৰ্ধক্য, অসুস্থতা আৰু অক্ষমতাৰ সময়ত নাগৰিকক সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা।

(৪) পুৰুষ আৰু মহিলা উভয়কে সমান কামৰ বাবে সমান মজুৰী প্ৰদানৰ ব্যৱস্থা কৰা।


প্ৰশ্ন ৪। ৰাজনৈতিক অধিকাৰৰ অন্তৰ্গত অধিকাৰবোৰ কি কি?

উত্তৰঃ ৰাজনৈতিক অধিকাৰৰ অন্তৰ্গত উল্লেখযোগ্য অধিকাৰসমূহ হ’ল—

(১) ভোটদানৰ অধিকাৰ।

(২) নিৰ্ধাৰিত যোগ্যতা অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ।

(৩) চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমান সুযোগ লাভৰ অধিকাৰ।

(৪) চৰকাৰৰ ওচৰত আবেদন জনোৱাৰ অধিকাৰ।

(৫) আইনসংগতভাৱে চৰকাৰৰ নীতি আৰু কাৰ্যকলাপৰ সমালোচনা কৰাৰ অধিকাৰ।

(৬) ৰাজনৈতিক দল আৰু সংগঠন গঠন কৰাৰ অধিকাৰ।


প্ৰশ্ন ৫। ভাৰতীয় সংবিধান প্ৰণয়ন ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ উদ্দেশ্যে ১৯৪৬ চনত ভাৰতীয় গণপৰিষদ গঠন কৰা হৈছিল। ১৯৪৬ চনৰ ৯ ডিচেম্বৰত গণপৰিষদৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। ড° সচ্চিদানন্দ সিনহাই প্ৰথম অধিৱেশনত অস্থায়ী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তী সময়ত ১৯৪৬ চনৰ ১১ ডিচেম্বৰত ড° ৰাজেন্দ্ৰ প্ৰসাদক গণপৰিষদৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল।

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল। ১৯৪৭ চনৰ ২৯ আগষ্টত ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ উদ্দেশ্যে খচৰা প্ৰস্তুত সমিতি গঠন কৰা হৈছিল। ড° বি. আৰ. আম্বেদকাৰ এই সমিতিৰ অধ্যক্ষ আছিল।

গণপৰিষদে বিভিন্ন দেশৰ সংবিধান পৰীক্ষা-নিৰীক্ষা কৰি ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে সংগতি ৰাখি ভাৰতীয় সংবিধান প্ৰস্তুত কৰিছিল।

সংবিধান প্ৰণয়নৰ বাবে মুঠ ২ বছৰ, ১১ মাহ আৰু ১৮ দিন সময় লাগিছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদে সংবিধানখন গ্ৰহণ কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল।

তেতিয়াৰ পৰাই ভাৰত এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছিল।


প্ৰশ্ন ৬। মৌলিক অধিকাৰ কাক বোলে?

উত্তৰঃ ব্যক্তিৰ স্বাধীনতা, সমতা, মৰ্যাদা আৰু ব্যক্তিত্ব বিকাশৰ বাবে সংবিধানে স্বীকৃতি আৰু আইনী সুৰক্ষা প্ৰদান কৰা বিশেষ অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। এই অধিকাৰসমূহ উলংঘন হ’লে নাগৰিকে ন্যায়ালয়ৰ সহায় ল’ব পাৰে।


প্ৰশ্ন ৭। আমাৰ মৌলিক অধিকাৰ কেইটা আৰু কি কি?

উত্তৰঃ ভাৰতীয় সংবিধানত বৰ্তমান ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ আছে। সেইবোৰ হ’ল—

(১) সমতাৰ অধিকাৰ।

(২) স্বাধীনতাৰ অধিকাৰ।

(৩) শোষণৰ বিৰুদ্ধে অধিকাৰ।

(৪) ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ।

(৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ।

(৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।


প্ৰশ্ন ৮। ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল।


প্ৰশ্ন ৯। ভাৰতত সংবিধান দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ প্ৰতি বছৰে ২৬ নৱেম্বৰত ভাৰতত সংবিধান দিৱস পালন কৰা হয়।


প্ৰশ্ন ১০। ভাৰতীয় সংবিধানৰ প্ৰণেতা বা স্থপতি বুলি কাক কোৱা হয়?

উত্তৰঃ ড° বি. আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ মুখ্য স্থপতি বুলি কোৱা হয়।


প্ৰশ্ন ১১। মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো ভাগত উল্লেখ আছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ তৃতীয় ভাগত মৌলিক অধিকাৰসমূহ উল্লেখ আছে।


প্ৰশ্ন ১২। মৌলিক কৰ্তব্যসমূহ সংবিধানৰ কোনটো ভাগত উল্লেখ আছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ চতুৰ্থ (ক) ভাগৰ ৫১(ক) অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ উল্লেখ আছে।


প্ৰশ্ন ১৩। ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য কেইটা?

উত্তৰঃ বৰ্তমান ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্য মুঠ ১১টা।


প্ৰশ্ন ১৪। কোনটো সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল?

উত্তৰঃ ১৯৭৬ চনৰ ৪২তম সংবিধান সংশোধনীৰ জৰিয়তে ১০টা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল।


প্ৰশ্ন ১৫। একাদশ মৌলিক কৰ্তব্যটো কোনটো সংবিধান সংশোধনীৰ জৰিয়তে সংযোজন কৰা হৈছিল?

উত্তৰঃ ২০০২ চনৰ ৮৬তম সংবিধান সংশোধনীৰ জৰিয়তে একাদশ মৌলিক কৰ্তব্যটো সংযোজন কৰা হৈছিল।


প্ৰশ্ন ১৬। ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ প্ৰতি বছৰে ২৪ ডিচেম্বৰত ভাৰতত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয়।


প্ৰশ্ন ১৭। ভাৰতত প্ৰথম গ্ৰাহক সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ ১৯৮৬ চনত ভাৰতত প্ৰথম ব্যাপক গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল।


প্ৰশ্ন ১৮। বৰ্তমান ভাৰতত কোনখন গ্ৰাহক সুৰক্ষা আইন প্ৰচলিত আছে?

উত্তৰঃ বৰ্তমান ভাৰতত ২০১৯ চনৰ গ্ৰাহক সুৰক্ষা আইন প্ৰচলিত আছে।


প্ৰশ্ন ১৯। কোনটো সংবিধান সংশোধনীৰ জৰিয়তে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছিল?

উত্তৰঃ ১৯৮৮ চনৰ ৬১তম সংবিধান সংশোধনী আইনৰ জৰিয়তে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছিল।


প্ৰশ্ন ২০। সম্পত্তিৰ অধিকাৰ বৰ্তমান মৌলিক অধিকাৰ হয়নে?

উত্তৰঃ নহয়। ১৯৭৮ চনৰ ৪৪তম সংবিধান সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা আঁতৰোৱা হৈছিল। বৰ্তমান ই ৩০০(ক) অনুচ্ছেদৰ অধীনত এক সাংবিধানিক অধিকাৰ।


প্ৰশ্ন ২১। ভাৰতীয় সংবিধানৰ দুটা অতিৰিক্ত বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

(ক) সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্যঃ ভাৰত এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ। ভাৰতত সকলো ধৰ্মৰ প্ৰতি সমান সন্মান প্ৰদৰ্শন কৰা হয় আৰু গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰ গঠন কৰা হয়।

(খ) সংসদীয় শাসন ব্যৱস্থাঃ ভাৰতত সংসদীয় শাসন ব্যৱস্থা প্ৰচলিত। ৰাষ্ট্ৰপতি সাংবিধানিক ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰধানমন্ত্ৰী চৰকাৰৰ মুৰব্বী। মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত সামূহিকভাৱে দায়বদ্ধ।


মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ অনুচ্ছেদসমূহ

অনুচ্ছেদ

বিষয়

১৪–১৮

সমতাৰ অধিকাৰ

১৯–২২

স্বাধীনতাৰ অধিকাৰ

২১(ক)

শিক্ষাৰ অধিকাৰ

২৩–২৪

শোষণৰ বিৰুদ্ধে অধিকাৰ

২৫–২৮

ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ

২৯–৩০

সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ

৩২

সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ

৩৬–৫১

ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি

৫১(ক)

মৌলিক কৰ্তব্য

৩০০(ক)

সম্পত্তিৰ অধিকাৰ

৩২৬

প্ৰাপ্তবয়স্ক ভোটাধিকাৰ

৩৬৮

সংবিধান সংশোধন পদ্ধতি

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ তাৰিখ আৰু চনসমূহ

তাৰিখ বা চন

বিষয়

৯ ডিচেম্বৰ, ১৯৪৬

গণপৰিষদৰ প্ৰথম অধিৱেশন

২৯ আগষ্ট, ১৯৪৭

খচৰা প্ৰস্তুত সমিতি গঠন

২৬ নৱেম্বৰ, ১৯৪৯

সংবিধান গ্ৰহণ

২৬ জানুৱাৰী, ১৯৫০

সংবিধান কাৰ্যকৰী

১৯৭৬

৪২তম সংবিধান সংশোধনী

১৯৭৮

৪৪তম সংবিধান সংশোধনী

১৯৮৬

পুৰণি গ্ৰাহক সুৰক্ষা আইন

১৯৮৮

৬১তম সংবিধান সংশোধনী

২০০২

৮৬তম সংবিধান সংশোধনী

২০১৯

নতুন গ্ৰাহক সুৰক্ষা আইন

১৫ মাৰ্চ

বিশ্ব গ্ৰাহক অধিকাৰ দিৱস

২৪ ডিচেম্বৰ

ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership