বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সংযোগিতা
১। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা।
(ক) কোন চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল?
উত্তৰঃ ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল।
(খ) জাতিসংঘ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯২০ চনৰ ১০ জানুৱাৰী তাৰিখে জাতিসংঘ স্থাপন কৰা হৈছিল।
(গ) ‘ৰাষ্ট্ৰসংঘ দিৱস’ কোন তাৰিখে পালন কৰা হয়?
উত্তৰঃ প্ৰতি বছৰে ২৪ অক্টোবৰ তাৰিখে ‘ৰাষ্ট্ৰসংঘ দিৱস’ পালন কৰা হয়।
(ঘ) ৰাষ্ট্ৰসংঘৰ কোনটো অংগক ‘সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ’ বুলি কোৱা হয়?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক ‘সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ’ বুলি কোৱা হয়।
(ঙ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন কি কি?
উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ পাঁচখন হ’ল— যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ৰাছিয়া আৰু চীন।
(চ) ভেট’ কি?
উত্তৰঃ নিৰাপত্তা পৰিষদৰ যিকোনো এখন স্থায়ী সদস্য ৰাষ্ট্ৰই কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰস্তাৱ গৃহীত হোৱাত বাধা প্ৰদান কৰিব পাৰে। এই বিশেষ ক্ষমতাকে ভেট’ (Veto) বোলে।
(ছ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ কাৰ্যকাল ৯ বছৰ।
(জ) আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা কেতিয়া স্থাপন হৈছিল?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা (UNESCO) ১৯৪৫ চনত স্থাপন কৰা হৈছিল।
(ঝ) আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কাৰ্যালয় ক’ত?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঁজিৰ প্ৰধান কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত।
(ঞ) ‘বিশ্ব স্বাস্থ্য দিৱস’ কোন তাৰিখে পালন কৰা হয়?
উত্তৰঃ প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে ‘বিশ্ব স্বাস্থ্য দিৱস’ পালন কৰা হয়।
(ট) ছাৰ্কৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰঃ ছাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত।
২। খালী ঠাই পূৰ কৰা।
(ক) ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা ______।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৯৩।
(খ) ৰাষ্ট্ৰসংঘৰ ______ টা প্ৰধান অংগ আছে।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ৬ টা প্ৰধান অংগ আছে।
(গ) সাধাৰণ সভাত প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণ ______।
উত্তৰঃ সাধাৰণ সভাত প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ ভোটৰ পৰিমাণ ১টা।
(ঘ) মুঠ ______ খন সদস্য ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত।
উত্তৰঃ মুঠ ১৫ খন সদস্য ৰাষ্ট্ৰৰে নিৰাপত্তা পৰিষদ গঠিত।
(ঙ) নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ ______ সমিতি বুলি কোৱা হয়।
উত্তৰঃ নিৰাপত্তা পৰিষদক ৰাষ্ট্ৰসংঘৰ কাৰ্যনিৰ্বাহক সমিতি বুলি কোৱা হয়।
(চ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ______ চহৰত অৱস্থিত।
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডছৰ দ্য হেগ চহৰত অৱস্থিত।
(ছ) ______ ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰ।
উত্তৰঃ সচিবালয় ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰ।
(জ) বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ______ চহৰত অৱস্থিত।
উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় জেনেভা চহৰত অৱস্থিত।
(ঝ) সাধাৰণ সভাৰ অধিৱেশন বছৰত ______ বাৰ অনুষ্ঠিত হয়।
উত্তৰঃ সাধাৰণ সভাৰ নিয়মীয়া অধিৱেশন বছৰত এবাৰ অনুষ্ঠিত হয়।
(ঞ) ছাৰ্ক ______ চনত স্থাপিত হৈছিল।
উত্তৰঃ ছাৰ্ক ১৯৮৫ চনত স্থাপিত হৈছিল।
৩। যথাযথ উত্তৰ লিখা।
(ক) ৰাষ্ট্ৰসংঘৰ কেনেকৈ সৃষ্টি হৈছিল?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ ধ্বংসলীলাৰ পৰা শিক্ষা লৈ ভৱিষ্যতে পৃথিৱীক যুদ্ধৰ ক্ষয়-ক্ষতি আৰু ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ জাতিসংঘৰ লক্ষ্য আৰু উদ্দেশ্যৰ আধাৰত এটা নতুন আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠনৰ চেষ্টা চলোৱা হৈছিল। এই চেষ্টাৰ ফলস্বৰূপে ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সৃষ্টি হৈছিল।
(খ) সাধাৰণ সভাক কিয় ‘সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ’ বুলি কোৱা হয়?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই সাধাৰণ সভাৰ সদস্য। সাধাৰণ সভাত প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ সমান ভোটাধিকাৰ আছে আৰু সকলো সদস্য ৰাষ্ট্ৰই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে। সেয়েহে সাধাৰণ সভাক ‘সদস্য ৰাষ্ট্ৰসমূহৰ সংসদ’ বুলি কোৱা হয়।
(গ) ন্যাসৰক্ষী পৰিষদৰ দুটা কাৰ্য লিখা।
উত্তৰঃ ন্যাসৰক্ষী পৰিষদৰ দুটা প্ৰধান কাৰ্য হ’ল—
(i) ন্যাসৰক্ষী পৰিষদে ইয়াৰ অধীনত থকা অঞ্চলসমূহৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক উন্নতিৰ বাবে চেষ্টা কৰিছিল।
(ii) ন্যাস অঞ্চলত বসবাস কৰা লোকসকলৰ উন্নয়ন সাধন কৰাৰ লগতে তেওঁলোকক স্বায়ত্তশাসন বা স্বাধীনতা লাভৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিছিল।
(ঘ) আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বা নিৰ্ভৰশীলতা কাক বোলে?
উত্তৰঃ কোনো এখন দেশেই সকলো ক্ষেত্ৰতে সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয়। নিজৰ অভাৱ পূৰণৰ বাবে এখন দেশে আন এখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। দেশসমূহৰ মাজত থকা এনে পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু সহযোগিতাকে আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বা নিৰ্ভৰশীলতা বোলে।
(ঙ) ছাৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে গঠন কৰা আঞ্চলিক সংগঠনটোক দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা বা ছাৰ্ক (SAARC) বুলি কোৱা হয়।
১৯৮৫ চনৰ ৮ ডিচেম্বৰ তাৰিখে ছাৰ্ক স্থাপন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত।
ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ আঠখন হ’ল— ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান, শ্ৰীলংকা, মালদ্বীপ আৰু আফগানিস্তান।
সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ লগতে সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰাই এই সংগঠনটোৰ মূল লক্ষ্য।
৪। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল—
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা আৰু বিশ্বশান্তি ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।
(গ) অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানৱীয় সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা। জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলো মানুহৰ মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা সুৰক্ষিত কৰা।
(ঘ) ওপৰত উল্লেখ কৰা উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সমন্বয়ৰক্ষী কেন্দ্ৰ হিচাপে কাম কৰা।
৫। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰে পালন কৰিবলগীয়া যিকোনো চাৰিটা নীতি লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে পালন কৰিবলগীয়া চাৰিটা নীতি হ’ল—
(i) সকলো সাৰ্বভৌম সদস্য ৰাষ্ট্ৰকে সমান জ্ঞান কৰিব লাগিব।
(ii) ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব।
(iii) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায় যাতে বিপদাপন্ন নহয়, তাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহে শান্তিপূৰ্ণ উপায়েৰে নিজৰ বিবাদসমূহ মীমাংসা কৰিব লাগিব।
(iv) কোনো সদস্য ৰাষ্ট্ৰই আন কোনো ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে ভাবুকি প্ৰদান কৰিব নোৱাৰিব আৰু শক্তি প্ৰয়োগৰ পৰা বিৰত থাকিব লাগিব।
৬। অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।
উত্তৰঃ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ চাৰিটা প্ৰধান উদ্দেশ্য হ’ল—
(i) জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা।
(ii) নিবনুৱা সমস্যা দূৰ কৰি পূৰ্ণ কৰ্মসংস্থানৰ ব্যৱস্থা কৰাত সহায় কৰা।
(iii) সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পথ সুগম কৰা।
(iv) আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সামাজিক, অৰ্থনৈতিক, স্বাস্থ্য আৰু অন্যান্য আনুষংগিক সমস্যা সমাধানৰ বাবে সহযোগিতা বৃদ্ধি কৰা।
৭। ৰাষ্ট্ৰসংঘৰ সদস্যপদ কেনেকৈ পাব পাৰি আৰু কেতিয়া হেৰুৱাবলগীয়া হয় লিখা।
উত্তৰঃ পৃথিৱীৰ যিকোনো শান্তিকামী ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা চৰ্তসমূহ মানি ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰিব পাৰে।
সদস্যপদ লাভ কৰিব বিচৰা ৰাষ্ট্ৰৰ আবেদন প্ৰথমে নিৰাপত্তা পৰিষদত আলোচনা কৰা হয়। নিৰাপত্তা পৰিষদে আবেদনখন পৰীক্ষা কৰি অনুমোদনৰ বাবে সাধাৰণ সভালৈ প্ৰেৰণ কৰে। সাধাৰণ সভাত উপস্থিত আৰু ভোটদান কৰা সদস্য ৰাষ্ট্ৰসমূহৰ দুই-তৃতীয়াংশ ভোটত আবেদনখন গৃহীত হ’লে আবেদনকাৰী ৰাষ্ট্ৰখনক ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে গ্ৰহণ কৰা হয়।
আনহাতে, কোনো সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নীতিসমূহ বাৰে বাৰে উলংঘন কৰিলে সেই ৰাষ্ট্ৰখনক সদস্যপদৰ পৰা বহিষ্কাৰ কৰিব পাৰি। নিৰাপত্তা পৰিষদৰ পৰামৰ্শৰ ভিত্তিত সাধাৰণ সভাত উপস্থিত আৰু ভোটদান কৰা সদস্য ৰাষ্ট্ৰসমূহৰ দুই-তৃতীয়াংশ ভোটত বহিষ্কাৰৰ প্ৰস্তাৱ গৃহীত হ’লে ৰাষ্ট্ৰখনে সদস্যপদ হেৰুৱায়।
৮। সাধাৰণ সভাৰ ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰধান ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ’ল—
(i) সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি সদস্য ৰাষ্ট্ৰসমূহ আৰু নিৰাপত্তা পৰিষদলৈ পৰামৰ্শ আগবঢ়াব পাৰে।
(ii) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাৰ লগতে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে বিভিন্ন নীতি আৰু পৰামৰ্শ আগবঢ়ায়।
(iii) নিৰাপত্তা পৰিষদে কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে সাধাৰণ সভাই ‘শান্তিৰ বাবে ঐক্য’ প্ৰস্তাৱৰ জৰিয়তে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব পাৰে।
(iv) ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগৰ কাম-কাজৰ প্ৰতিবেদন পৰ্যালোচনা কৰে।
(v) ৰাষ্ট্ৰসংঘৰ বাজেট পৰীক্ষা আৰু অনুমোদন কৰাৰ দায়িত্ব সাধাৰণ সভাৰ ওপৰত ন্যস্ত থাকে।
(vi) নিৰাপত্তা পৰিষদৰ পৰামৰ্শ অনুসৰি সাধাৰণ সভাই সচিব প্ৰধানক নিযুক্তি দিয়ে।
(vii) সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিৰ্বাচন কৰে। ইয়াৰ উপৰি নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য আৰু অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক নিৰ্বাচন কৰে।
(viii) ৰাষ্ট্ৰসংঘৰ চনদ সংশোধনৰ ক্ষেত্ৰতো সাধাৰণ সভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চনদ সংশোধনৰ প্ৰস্তাৱ গৃহীত হ’বলৈ সাধাৰণ সভাৰ দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হয়। সংশোধনী কাৰ্যকৰী হ’বলৈ প্ৰয়োজনীয় ৰাষ্ট্ৰসমূহৰ অনুমোদনো লাগে।
৯। নিৰাপত্তা পৰিষদৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা।
উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাটো এই পৰিষদৰ প্ৰধান দায়িত্ব।
গঠনঃ নিৰাপত্তা পৰিষদ মুঠ ১৫ খন সদস্য ৰাষ্ট্ৰৰে গঠিত। ইয়াৰে ৫ খন স্থায়ী আৰু ১০ খন অস্থায়ী সদস্য ৰাষ্ট্ৰ।
স্থায়ী সদস্য ৰাষ্ট্ৰ পাঁচখন হ’ল— আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, ফ্ৰান্স, ৰাছিয়া আৰু চীন। অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহক সাধাৰণ সভাই দুবছৰৰ বাবে নিৰ্বাচিত কৰে।
ক্ষমতা আৰু কাৰ্যাৱলীঃ
(i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(ii) বিভিন্ন ৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা বিবাদ শান্তিপূৰ্ণ উপায়েৰে সমাধানৰ চেষ্টা কৰা।
(iii) আন্তঃৰাষ্ট্ৰীয় শান্তি ভংগ কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।
(iv) প্ৰয়োজন সাপেক্ষে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে সামৰিক ব্যৱস্থা গ্ৰহণৰ অনুমোদন দিয়া।
(v) ৰাষ্ট্ৰসংঘৰ নতুন সদস্যপদৰ বাবে আবেদন কৰা ৰাষ্ট্ৰসমূহৰ বিষয়ে সাধাৰণ সভালৈ পৰামৰ্শ আগবঢ়োৱা।
(vi) ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নিযুক্তিৰ বাবে সাধাৰণ সভালৈ পৰামৰ্শ আগবঢ়োৱা।
(vii) সাধাৰণ সভাৰ সৈতে যৌথভাৱে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিৰ্বাচন কৰা।
১০। সচিব প্ৰধানক কেনেকৈ নিয়োগ কৰা হয়? সচিব প্ৰধানৰ দায়িত্ব আৰু কৰ্তব্যবোৰ উল্লেখ কৰা।
উত্তৰঃ নিৰাপত্তা পৰিষদৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সচিব প্ৰধানক নিযুক্তি দিয়ে। সচিব প্ৰধান ৰাষ্ট্ৰসংঘৰ মুখ্য প্ৰশাসনিক বিষয়া।
সচিব প্ৰধানৰ দায়িত্ব আৰু কৰ্তব্যসমূহ হ’ল—
(i) ৰাষ্ট্ৰসংঘৰ বিভিন্ন পৰিষদৰ সভাত উপস্থিত থকা আৰু পৰিষদসমূহে অৰ্পণ কৰা দায়িত্ব পালন কৰা।
(ii) সাধাৰণ সভাৰ বাৰ্ষিক অধিৱেশনত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ প্ৰতিবেদন দাখিল কৰা।
(iii) বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যা সম্পৰ্কে নিজৰ মতামত আৰু পৰামৰ্শ আগবঢ়োৱা।
(iv) ৰাষ্ট্ৰসংঘৰ কৰ্মকৰ্তাসকলে যাতে নিৰপেক্ষভাৱে কাৰ্যনিৰ্বাহ কৰে, তাৰ প্ৰতি লক্ষ্য ৰখা।
(v) ৰাষ্ট্ৰসংঘৰ বাজেটৰ খচৰা প্ৰস্তুত কৰি সাধাৰণ সভাত দাখিল কৰা।
(vi) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা বিষয়সমূহ নিৰাপত্তা পৰিষদৰ দৃষ্টিগোচৰ কৰা।
১১। আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বৃদ্ধিত যোগাযোগ আৰু আঞ্চলিক সহযোগিতাই কেনেকৈ সহায় কৰে লিখা।
উত্তৰঃ উন্নত যোগাযোগ ব্যৱস্থাই পৃথিৱীৰ বিভিন্ন দেশৰ মাজত সহজ আদান-প্ৰদান আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিছে। সাগৰ, মহাসাগৰ, বায়ুমণ্ডল আৰু মহাকাশৰ উমৈহতীয়া ব্যৱহাৰৰ বাবে বিভিন্ন দেশৰ মাজত সহযোগিতাৰ প্ৰয়োজন হয়।
আৰ্থিক আৰু কাৰিকৰী উন্নয়নৰ বাবে বিভিন্ন দেশে নিজৰ সুবিধা আৰু প্ৰয়োজন অনুসৰি দ্বিপাক্ষিক আৰু আঞ্চলিক চুক্তি সম্পাদন কৰে। আঞ্চলিক সহযোগিতা বৃদ্ধিৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ দেশসমূহে বিভিন্ন সংগঠন গঢ়ি তুলিছে।
ইয়াৰ ভিতৰত কলম্বো পৰিকল্পনা, এছীয় উন্নয়ন বেংক, দক্ষিণ-পূব এছীয় ৰাষ্ট্ৰপুঞ্জ, ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায় আৰু দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা আদি উল্লেখযোগ্য।
এই আঞ্চলিক সহযোগিতাৰ ফলত দেশসমূহৰ মাজত শিক্ষা, সংস্কৃতি, বিজ্ঞান, প্ৰযুক্তি, ব্যৱসায়-বাণিজ্য আৰু অৰ্থনৈতিক সুবিধাৰ আদান-প্ৰদান বৃদ্ধি পায়। ইয়াৰ ফলত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে আৰু আন্তঃৰাষ্ট্ৰীয় বুজাপৰা বৃদ্ধি পায়।
১২। তলৰ সংক্ষিপ্ত ৰূপকেইটা সম্পূৰ্ণ ৰূপত লিখা।
(ক) UNO
উত্তৰঃ United Nations Organization.
(খ) UNESCO
উত্তৰঃ United Nations Educational, Scientific and Cultural Organization.
(গ) UNICEF
উত্তৰঃ United Nations International Children’s Emergency Fund.
(ঘ) WHO
উত্তৰঃ World Health Organization.
(ঙ) ILO
উত্তৰঃ International Labour Organization.
(চ) FAO
উত্তৰঃ Food and Agriculture Organization.
(ছ) IMF
উত্তৰঃ International Monetary Fund.
(জ) ASEAN
উত্তৰঃ Association of Southeast Asian Nations.
(ঝ) SAARC
উত্তৰঃ South Asian Association for Regional Cooperation.
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post