AJB Class 8 Social Science Chapter 14 Answer ভূ- আন্দোলন

পাঠ ১৪

ভূ- আন্দোলন

1. উত্তৰ লিখা।

a. আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক বুলিলে কি বুজা?

উত্তৰঃ আভ্য়ন্তৰীণ কাৰকবোৰ হ’ল পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা সৃষ্টি হোৱা কাৰক। আৰু বাহ্য়িক কাৰকবোৰ হৈছে পৃথিৱীৰ উপৰিভাগত সৃষ্টি হোৱা কাৰক।

b. সংবহন সোঁত বুলিলে কি বুজা? ই ক’ত আৰু কিয় সংঘটিত হয়?

উত্তৰঃ ভূ-ত্বকৰ তলত থকা লপথপীয়া পদাৰ্থবোৰ বাহিৰলৈ উলাই আহিব নোৱাৰি দুই মূৰৰ ফালে গতি কৰাকে সংবহন সোঁত বোলা হয়।

    ই ভূ-পৃষ্ঠৰ তলত পৃথিৱীৰ গতি বা চাপৰ ফলত অন্তৰ্ভাগৰ উত্তপ্ত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিও আহিব নোৱাৰি সংবহন সোঁতৰ সৃষ্টি কৰে।

c. ভূ-আন্দোলন বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত পদাৰ্থবোৰ পৃথিৱীৰ উপৰিভাগৰ চাপৰফলত বাহিৰলৈ ওলাবলৈ কৰি থকা প্ৰচেষ্টাক ভূ-আন্দোলন বুলি কোৱা হয়।

d. ফলক বুলিলে কি বুজা? ফলককেইখন ক’ত ভাহি আছে?

উত্তৰঃ পৃথিৱীৰ খোলাটো কিছুমান টুকুৰাৰ দ্বাৰা গঠিত। এই টুকুৰাবোৰক ফলক বুলি কোৱা হয়।

    ফলককেইখন মেগমাৰ ওপৰত উপঙি আছে।

2. পৃথিৱীৰ মুখ্য ফলককেইখনৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ মুখ্য ফলককেইখনৰ নাম হৈছে 一

(i) প্ৰশান্ত মহাসাগৰীয় ফলক,।

(ii) ইউৰেছীয় ফলক,।

(iii) ইন্দো-অষ্ট্ৰেলীয় ফলক,।

(iv) আফ্ৰিকীয় ফলক,।

(v) উত্তৰ আমেৰিকীয় ফলক,।

(vi) দক্ষিণ আমেৰিকীয় ফলক আৰু,।

(vii) এণ্টাৰ্কটিকা ফলক।

3. পৃথিৱীৰ ভূমিকম্প আৰু আগ্নেয়বলয়কেইটাৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ ভূমিকম্প আৰু আগ্নেয়বলয়কেইটাৰ নাম হৈছে 一

(i) প্ৰশান্ত মহাসাগৰীয় বলয়ঃ ইয়াৰ অন্তৰ্ভুক্ত অঞ্চলবোৰ হ’ল কেলিফৰ্নিয়া, চিলি, আলাস্কা, জাপান ফিলিপাইনছ, নিউজিলেণ্ড। এই অঞ্চলবোৰত ভূকম্পনৰ হাৰ 68% অনুভূত হয়।

(ii) আল্পছ-হিমালয় বলয়ঃ হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল, ভূমধ্য়সাগৰীয় অঞ্চল, আল্পছ, ককেছাছ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য় আমেৰিকা। এই অঞ্চলবোৰত ভূকম্পনৰ হাৰ 21% অনুভূত হয়।

4. ভূ-আন্দোলনৰ ফলাফলবোৰ লিখা।

উত্তৰঃ ভূ-আন্দোলনৰ ফলত ভূমিকম্প, আগ্নেয়গিৰিৰ উদগিৰণ, চ্য়ুতি আদিৰ সৃষ্টি হ’ব পাৰে।

    ভূমিকম্প আৰু আগ্নেয়গিৰিয়ে পৃথিৱীৰ উপৰিভাগত হঠাতে পৰিবৰ্তন ঘটায়। ভূমিকম্পৰ ফলত পৃথিৱীপৃষ্ঠত বিভিন্ন পৰিবৰ্তন হয়। কেতিয়াবা কোনো অংশ হঠাতে ফাট মেলি চ্য়ুতিৰ সৃষ্টি হয়। কেতিয়াবা পাহাৰ বা পৰ্বতত নদীৰ গতিপথ বন্ধ হ’ব পাৰে বা নদীৰ গতি সলনি হ’ব পাৰে। নদীৰ পানীৰ সোঁতৰ হেঁচাত বান্ধ ভাঙি নামনিত বানপানীৰ সৃষ্টি কৰি জীৱন বিপন্ন কৰিব পাৰে। ভূমিকম্পৰ ফলত কেতিয়াবা দ ঠাই বাম হয় আৰু বাম ঠাই দ হয়।

    আগ্নেয়গিৰিয়ে কোনো এটা অঞ্চল তৎক্ষণাৎ লাভাৰে পোত খুৱাই পেলাব পাৰে। আগ্নেয়গিৰিৰ উদগিৰণত ওলোৱা লাভা, ধোৱাঁ, ছাই আদিয়ে বায়ুমণ্ডল দূষিত কৰাৰ উপৰিও পৰ্বত-পাহাৰৰ সৃষ্টি কৰে।

5. ফলকে কেনেদৰে গতি কৰিব পাৰে বুজাই লিখা।

উত্তৰঃ ফলকবোৰ মেগমাৰ ওপৰত উপঙি আছে। সংবহন সোঁতৰ জৰিয়তে ফলকবোৰে গতি কৰে। ফলকবোৰৰ গতি ধীৰ হোৱাৰ বাবে পৃথিৱীবাসীয়ে ধৰিব নোৱাৰে। ইহঁতৰ গতিৰ হাৰ বছৰি 2 ছেমি. ৰ পৰা 18 ছেমি. লৈকে হ’ব পাৰে। ফলকবোৰে গতি কৰোঁতে একে দিশত গতি নকৰে। ফলকবোৰে গতি কৰিলে কেতিয়াবা এখন ফলক আন এখন ফলকৰ ওচৰলৈ চাপ খাই থাকে। ফলক দুখন চাপ খাই কৰা গতিক অভিসৰণ বোলে। আৰু ফলককেইখন গতি কৰোঁতে এখন ফলক আনখনৰ পৰা আঁতৰিও যাব পাৰে। ফলকৰ এনেধৰণৰ গতিক অপসৰণ বা বিস্তাৰণ বোলা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top