পাঠ ১৫
মানচিত্ৰ
অনুশীলনী
1. উত্তৰ লিখাঁ।
a. মানচিত্ৰ কি?
উত্তৰঃ পৃথিৱীৰ উপৰি পৃষ্ঠাৰ যি কোনো নিৰ্দিষ্ট ঠাইৰ অবয়বৰ প্ৰতিচ্ছবি কাগজৰ ওপৰত জোখমাপ কৰি উলিওৱা চিত্ৰকে মান চিত্ৰ বোলে।
b. সাংকেতিক চিহ্ন কাক বোলে?
উত্তৰঃ ছবি বা প্ৰতীকৰ সহায়ত এটা নিদিৰ্ষ্ট বস্তু বা ঠাই বুজালে তাকে সাংকেতিক চিহ্ন বোলে। মানচিত্ৰত এনে সাংকেতিক চিহ্নৰ দ্বাৰা নদী, পৰ্বত, পাহাৰ, হ্ৰদ, মঠ-মন্দিৰ, ৰাস্তা, ৰেললাইন, ঘৰ গাঁও আদি নিদিৰ্ষ্ট ভাবে নিৰ্দেশ দিয়া হয়।
c. কাৰ্ট’গ্ৰাফি কি?
উত্তৰঃ কাৰ্ট’গ্রাফি মানে হ’ল বিজ্ঞান সন্মত ভাবে মানচিত্ৰ অঁকা পদ্ধতি। অর্থাৎ সম্পূৰ্ণ বৈজ্ঞানিক আধাৰত মানচিত্ৰ অঁকাকে কাৰ্ট’গ্রাফি বোলা হয়।
d. কাৰ্ট’গ্ৰফিৰ পিতৃস্বৰূপ কোন?
উত্তৰঃ প্ৰাচীন ইজিপ্তৰ টলেমী নামৰ ভূগোলবিধ গৰাকীকে কাৰ্ট’গ্রাফিৰ পিতৃ স্বৰূপ আছিল বুলি গণ্য কৰা হয়।
e.আৰ্হি চিত্ৰ কি ?
উত্তৰঃ কিছুমান নিৰ্দিষ্ট ঠাইৰ অৱস্থান দেখুৱাই স্কেলৰ সহায় নোলোৱাকৈ যি চিত্ৰ অঁকা হয় তাকে আৰ্হি চিত্ৰ বোলা হয়। উদাহৰণ স্বৰূপে এখন গাঁওৰ বা নগৰৰ আৰ্হি চিত্ৰ আঁকিব পাৰি। এনে আৰ্হি চিত্ৰত গাঁও খনৰ নামঘৰ, স্কুলঘৰ, মঠ মন্দিৰ, বজাৰ, নৈ , পুখুৰী, খেতিপথাৰ, মানুহৰ ঘৰ আদিৰ অৱস্থান দেখুৱাব পাৰি। এইবোৰ দেখুওৱাবলৈ কিছুমান চিত্ৰৰ সহায় লোৱা হয়।
2. মানচিত্ৰ কাক বোলে? মানচিত্ৰ কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ সম্পূৰ্ণ অথবা কোনো এটা অংশৰ অৱয়বৰ প্ৰতিচ্ছবি জোখমাখ কৰি স্কেলৰ সহায়ত কাগজ অঙ্কন কৰা চিত্ৰক মানচিত্ৰ বোলা হয়।মুঠতে তিনি ভাগত বিভক্ত কৰা হয়।
এই ভাগকেইটা হ’ল যথাক্ৰমে―
(১) প্ৰাকৃতিক মানচিত্ৰ য’ত নদী, পৰ্বত মালভূমি, সমভূমি আদি প্ৰাকৃতিক অৱস্থাৰ চিত্ৰ অংকন কৰা থাকে।
(২) ৰাজনৈতিক মানচিত্ৰ য’ত ৰাষ্ট্ৰবোৰৰ ৰাজনৈতিক গোটবোৰৰ সীমাৰেখা আৰু নগৰ,চহৰবোৰৰ অৱস্থান নিৰ্দেশ কৰা থাকে।
(৩) বিষয়ভিত্তিক মানচিত্ৰত বনাঞ্চল, খনিজ সম্পদৰ বিতৰণ শিল্প উদ্যোগ, কৃষিজাত সামগ্ৰী আদিৰ বিতৰণ আদিৰ বিষয়ে চিত্ৰ অংকন কৰা থাকে।
3. মানচিত্ৰ অংকন কৰিবলৈ কি কি পদ্ধতি আৰু কৌশল অৱলম্বন কৰা হয়?
উত্তৰঃ মানচিত্ৰ অংকন কৰাৰ কিছুমান বিশেষ পদ্ধতি আছে। পুৰণি কালত মানচিত্ৰ অকা সহজ কথা নাছিল। কিন্তু বৰ্তমান বিজ্ঞানৰ উন্নতিৰ যুগত আধুনিক কৌশল অৱলম্বন কৰি অতি সহজে আৰু শুদ্ধ ভাবে মানচিত্ৰ আঁকিব পৰা হৈছে।
(১) কিছুমান মানচিত্ৰ কেৱল স্কেচ্চ আৰু চিত্ৰ আঁকি প্ৰকাশ কৰিব পাৰি।
(২) আনকিছুমান মানচিত্ৰ অঙ্কণ কৰোঁতে জৰীপ আৰু সমীক্ষাৰ সহায় লোৱা হয়। এই কাৰ্য্যত কম্পাছ জোখমাপৰ ফিটা ব্যৱহাৰ কৰা হয়।
(৩) পোহৰ ছবিৰ সহায়তো মানচিত্ৰ আঁকিব পাৰি।
(৪) বৰ্তমান যুগত উপলব্ধ হোৱা ৰাডাৰ যন্ত্ৰ আৰু উপগ্ৰহৰ সহায়তো মানচিত্ৰ আঁকিব পাৰি।
(৫) এতিয়া কম্পিউটাৰ যন্ত্ৰ আৰু গ্ল’বেল পজিচনিং চিষ্টেমৰ সহায়তো ডিজিটেল মেপ বা মানচিত্ৰ আঁকিব পাৰি।
4. ক্ষেত্ৰ অধ্যয়ন বুলিলে কি বুজা? ভূগোল অধ্যয়নত ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ ক্ষেত্ৰ অধ্যায়ন বুলিলে বুজা যায় যে যি বিষয়ে বিশেষ জ্ঞানৰ আৱশ্যক হয় তাক উপলব্ধ কৰিবলৈ প্ৰকৃত স্থানলৈ নিজে গৈ চাক্ষুস অভিজ্ঞতাৰে প্ৰকৃত তথ্য পাতি আৰু সত্য উদ্ঘাটন কৰি আনি সেইবোৰ বিশেষ অধ্যয়নত ব্যৱহাৰ কৰা।
ক্ষেত্ৰ অধ্যয়নৰ লগত ভূগোল শিক্ষাৰ ওতঃপ্ৰোত সম্বন্ধ আছে। ভূগোল বিষয়ৰ বিষয়বস্তু বিলাকৰ অধ্যয়ন কৰোঁতে ক্ষেত্ৰ অধ্যয়নৰ সহায় ল’লে ভূগোল অধ্যয়নত অধিক ফলপ্ৰসু হ’ব পাৰে।
পৃথিৱীৰ ওপৰিভাগত বিভিন্ন কাৰণত সঘনে পৰিৱৰ্তন ঘটি থাকে যিটো সময়ে সময়ে নিৰীক্ষণ কৰিলে গম পোৱা নাযায়। ভূগোল যিহেতু পৃথিৱীৰ ওপৰিভাগৰ বিষয়ে সম্যক অধ্যয়ন কৰে গতিকে তেনে অধ্যয়নত ক্ষেত্ৰ অধ্যয়ন সুবিধা ভূগোল অধ্যয়নত যথেষ্ট সুবিধাজনক হ’ব পাৰে।
5. চমুটোকা লিখাঁ।
a. মানচিত্ৰ অংকনত স্কেল বা মাপনীৰ ভূমিকা
উত্তৰঃ স্কেল বা মাপনীৰ ব্যৱহাৰ অলেখ। বিশেষকৈ ভূগোল অধ্যয়ন কৰিব লগীয়া হ’লে স্কেলৰ ব্যৱহাৰ অতি অৱশ্যেকীয়। ভূগোলত মানচিত্ৰ অঁকাৰ সময়ত জোখমাপ কৰিহে অঙ্কণ কৰা হয়। স্কেলৰ সহায়ত এক নিৰ্দিষ্ট একক লৈ কাগজৰ ওপৰত বৃহৎ বৃহৎ মহাদেশ, দেশ, নদী, পৰ্বত আদি শুদ্ধ ভাবে অঙ্কণ কৰিব পাৰি। উদাহৰণ স্বৰূপে ১০০০ মাইল বুজাবলৈ স্কেলৰ এক ইঞ্চিৰ একক লৈ মানচিত্ৰ খন আঁকিব পৰা যায়। তেনেকৈ দহ হাজাৰ দৈৰ্ঘ্যৰ দূৰত্ব বুজাবলৈ কেৱল দহ ইঞ্চি ললেই হয়। যিবিলাক মানচিত্ৰ আকোঁতে স্কেল বা মাপনীৰ সহায় নোলোৱাকৈ আনুমানিক স্তৰত অঁকা হয়, সেইবোৰ মানচিত্ৰ শুদ্ধতা নাথাকে।
এনেবোৰ কাৰণত ভূগোল অধ্যয়ন কৰোঁতে আৰু বিশেষকৈ কাগজৰ ওপৰত মানচিত্ৰ আকোঁতে স্কেল বা মাপনীৰ সহায় নোলোৱাকৈ অকাতো সম্ভৱপৰ নহয়।
b. আৰ্হিচিত্ৰ
উত্তৰ: পৃথিৱীৰ ওপৰিভাগৰ যি কোনো অংশৰ অৱয়বৰ প্ৰতিচ্ছবি যেতিয়া এখন উকা কাগজত জোখমাপ কৰি অঁকা হয়। তেনেধৰণৰ প্ৰতিচ্ছবি থকা চিত্ৰকে মানচিত্ৰ বোলে।
এখন মানচিত্ৰ অঙ্কণ কৰোঁতে দিশৰ ধাৰণাটো অতি আৱশ্যেক অৰ্থাৎ ঠাইখনৰ উত্তৰ, পূৱ, দক্ষিণ, পশ্চিম ― এই চাৰিওটা দিশ নিৰ্ধাৰণ কৰিহে মানচিত্ৰখন অঁকা হয়।
মানচিত্ৰখন অঁকাৰ পিছত সোঁফালৰ ওপৰত এডাল কাড় চিহ্নযুক্ত লম্ব আঁকি ইংৰাজীফলাৰ N আখৰটো লিখি দিয়া হয়। N আখৰটোৱে উত্তৰ (North) দিশটো বুজায় আৰু তেনেদৰে বাকী থকা দিশ কেইটাও সেইদৰে উলিওৱা হয়।
এনেবোৰ কাৰণত ভূগোল অধ্যয়ন কৰোঁতে আৰু বিশেষকৈ কাগজৰ ওপৰত মানচিত্ৰ আকোঁতে স্কেল বা মাপনীৰ সহায় নোলোৱাকৈ অকাতো সম্ভৱপৰ নহয়।
c. মানচিত্ৰ আৰু দিশ।
উত্তৰঃ পৃথিৱীৰ ওপৰিভাগৰ যি কোনো অংশৰ অৱয়বৰ প্ৰতিচ্ছবি যেতিয়া এখন উকা কাগজত জোখমাপ কৰি অঁকা হয়। তেনেধৰণৰ প্ৰতিচ্ছবি থকা চিত্ৰকে মানচিত্ৰ বোলে।
এখন মানচিত্ৰ অঙ্কণ কৰোঁতে দিশৰ ধাৰণাটো অতি আৱশ্যেক অৰ্থাৎ ঠাইখনৰ উত্তৰ, পূৱ, দক্ষিণ, পশ্চিম ― এই চাৰিওটা দিশ নিৰ্ধাৰণ কৰিহে মানচিত্ৰখন অঁকা হয়।
মানচিত্ৰখন অঁকাৰ পিছত সোঁফালৰ ওপৰত এডাল কাড় চিহ্নযুক্ত লম্ব আঁকি ইংৰাজীফলাৰ N আখৰটো লিখি দিয়া হয়। N আখৰটোৱে উত্তৰ (North) দিশটো বুজায় আৰু তেনেদৰে বাকী থকা দিশ কেইটাও সেইদৰে উলিওৱা হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post