পাঠ ১৬
অক্ষাংশ আৰু দ্ৰাঘিমাংশ
১। পৃথিৱীৰ উপৰিভাগত ৰেখা কিয় কল্পনা কৰা হয়?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত অৱস্থিত এখন ঠাইৰ ভৌগোলিক অৱস্থান জানিবলৈ পৃথিৱীখন আগুৰি কিছুমান কাল্পনিক ৰেখা কল্পনা কৰা হয়। এই ৰেখাবোৰে পৃথিৱীখনক সামৰি এখন জালৰ সৃষ্টি কৰিছে। ৰেখাবোৰৰ নিজস্ব অৱস্থান আৰু ক্ৰমাংক থাকে, যাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি।
২। অক্ষৰেখা বুলিলে কি বুজা? অক্ষৰেখা মুঠতে কেইডাল?
উত্তৰঃ বিষুৱ ৰেখাৰ সমান্তৰালকৈ পূব-পশ্চিমাকৈ উত্তৰ আৰু দক্ষিণ দিশত কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা বোলে।
অক্ষৰেখা মুঠতে ১৮১ ডাল বুলি গণ্য কৰা হয়। ইয়াৰে ৯০ ডাল উত্তৰ অক্ষৰেখা, ৯০ ডাল দক্ষিণ অক্ষৰেখা আৰু মাজত ০° মানৰ বিষুৱ ৰেখা থাকে। একোডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ কৌণিক ব্যৱধান ১° আৰু গড় দূৰত্ব প্ৰায় ১১১ কিলোমিটাৰ।
৩। বিষুৱ ৰেখা বুলিলে কি বুজা? ইয়াৰ মান কিমান?
উত্তৰঃ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমদূৰত্বত পূব-পশ্চিমাকৈ পৃথিৱীখনক আগুৰি থকা কাল্পনিক বৃত্তাকাৰ ৰেখাডালক বিষুৱ ৰেখা বোলে। ইয়াক নিৰক্ষ ৰেখাও কোৱা হয়। বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুটা ভাগত বিভক্ত কৰিছে। ইয়াৰ অক্ষাংশৰ মান ০°।
৪। বিষুৱ ৰেখাৰ মুখ্য কাম কি?
উত্তৰঃ বিষুৱ ৰেখাই পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক পৃথক কৰে। ইয়াক ০° অক্ষাংশ হিচাপে ধৰি ইয়াৰ উত্তৰে আৰু দক্ষিণে থকা অক্ষৰেখাবোৰৰ অৱস্থান আৰু অক্ষাংশ নিৰ্ণয় কৰা হয়।
৫। দ্ৰাঘিমাৰেখা বুলিলে কি বুজা? দ্ৰাঘিমাৰেখা মুঠতে কিমান?
উত্তৰঃ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে উত্তৰ-দক্ষিণাকৈ কল্পনা কৰা অৰ্ধবৃত্তাকাৰ ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলে। মুখ্য দ্ৰাঘিমাৰেখাৰ ০° মানৰ পৰা পূবলৈ ১৮০° আৰু পশ্চিমলৈ ১৮০° পৰ্যন্ত দ্ৰাঘিমা নিৰ্ধাৰণ কৰা হয়।
৬। মুখ্য দ্ৰাঘিমাৰেখা কাক বোলে? ইয়াৰ মান কিমান?
উত্তৰঃ ১৮৮৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলনত লণ্ডনৰ গ্ৰীণউইচ মান মন্দিৰৰ ওপৰেৰে যোৱা দ্ৰাঘিমাৰেখাডালক মুখ্য দ্ৰাঘিমাৰেখা হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ মান ০°। এই ৰেখাই পৃথিৱীখনক পূব গোলাৰ্ধ আৰু পশ্চিম গোলাৰ্ধত বিভক্ত কৰিছে।
৭। অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে? ইয়াক কেনেদৰে উলিওৱা হয় বুজাই লিখা।
উত্তৰঃ অক্ষাংশ হ’ল কোনো এখন ঠাইৰ পৃথিৱীৰ কেন্দ্ৰৰ সৈতে সংযোগ কৰা ৰেখাডাল আৰু বিষুৱ ৰেখাৰ সমতলৰ মাজত সৃষ্টি হোৱা কোণ। অৰ্থাৎ বিষুৱ ৰেখাৰ পৰা উত্তৰ বা দক্ষিণ দিশত কোনো ঠাইৰ কৌণিক দূৰত্বই হ’ল সেই ঠাইৰ অক্ষাংশ।
আনহাতে, দ্ৰাঘিমাংশ হ’ল কোনো এখন ঠাইৰ মাজেৰে যোৱা দ্ৰাঘিমাৰেখা আৰু মুখ্য দ্ৰাঘিমাৰেখাৰ মাজত সৃষ্টি হোৱা কোণ। মুখ্য দ্ৰাঘিমাৰেখাৰ পৰা পূব বা পশ্চিম দিশত কোনো ঠাইৰ কৌণিক দূৰত্বই হ’ল সেই ঠাইৰ দ্ৰাঘিমাংশ।
অক্ষাংশ বিষুৱ ৰেখাৰ পৰা আৰু দ্ৰাঘিমাংশ মুখ্য দ্ৰাঘিমাৰেখাৰ পৰা জুখি নিৰ্ণয় কৰা হয়। এই দুয়োটাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ ভৌগোলিক অৱস্থান নিৰ্ণয় কৰিব পাৰি।
৮। ক্ৰ’নমিটাৰ আৰু ছেক্সটেণ্ট মানে কি বুজা? ইহঁতক কোনে ব্যৱহাৰ কৰে?
উত্তৰঃ ক্ৰ’নমিটাৰ আৰু ছেক্সটেণ্ট হৈছে ভৌগোলিক অৱস্থান আৰু সময় নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰা দুবিধ বিশেষ যন্ত্ৰ। আগতে বিশাল মহাসাগৰত যাত্ৰা কৰা জাহাজৰ নাৱিক আৰু উৰাজাহাজৰ চালকসকলে এই যন্ত্ৰ দুবিধ ব্যৱহাৰ কৰিছিল।
ক্ৰ’নমিটাৰৰ সহায়ত গ্ৰীণউইচৰ সময় নিৰ্ণয় কৰিব পাৰি। আনহাতে, ছেক্সটেণ্টৰ সহায়ত সূৰ্য বা আন আকাশী বস্তুৰ উচ্চতাৰ কোণ জুখিব পাৰি। এই তথ্যৰ সহায়ত ভৌগোলিক অৱস্থান নিৰ্ণয় কৰা হয়।
৯। জি পি এছ (GPS) কি?
উত্তৰঃ GPS-ৰ সম্পূৰ্ণ নাম হ’ল Global Positioning System। ই হৈছে কৃত্ৰিম উপগ্ৰহৰ সহায়ত পৰিচালিত এক আধুনিক অৱস্থান নিৰ্ণয় ব্যৱস্থা। ইয়াৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ, দ্ৰাঘিমাংশ আৰু উচ্চতা নিৰ্ণয় কৰিব পাৰি।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post