AJB Class 6 Science Chapter 8 Answer প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য

প্ৰণীৰ দেহৰ গঠন আৰু কাৰ্য | Lesson 8 | Class 6 New Science Question And Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

পাঠ ৮

প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য

1. মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবােৰৰ নাম লিখা আৰু সেইবােৰৰ কাম উল্লেখ কৰা।

উত্তৰঃ মানুহৰ দেহৰ ভিতৰত থকা মূখ্য তন্ত্ৰবোৰৰ নাম হ’ল- শ্বাসতন্ত্ৰ,ৰেচন তন্ত্ৰ,পাচন তন্ত্ৰ,কংকাল তন্ত্ৰ আদি।

2. প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবােৰ উল্লেখ কৰা। 

উত্তৰঃ প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধাণ কাৰণবোৰ হ’ল-খাদ্য বিচাৰি যোৱা, বিপদমুক্ত হ’বলৈ পলায়ন কৰা অথবা শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা আৰু বসবাসৰ বাবে নিৰাপদ আৰু উপযুক্ত স্থান বিচাৰি উলিওৱা।

3. তলত দিয়া প্রাণীবােৰৰ বাসস্থান আৰু গমনাংগবােৰৰ নাম লিখি এখন তালিকা প্রস্তুত কৰা। শামুক, কেঁচু, পঁইতাচোৰা, মকৰা, পখিলা, মাছ, বেং, জেঠি, উট চৰাই, বাদুলি, নেউল।

উত্তৰঃ 

প্ৰাণীৰ নামবাসস্থানৰ নামগমনাংগবোৰৰ নাম
শামুকমাটি, পানীমাংসপেশীৰ সম্প্ৰসাৰণ আৰু সংকোচন
কেঁচুমাটি তলতমাংসপেশীৰ সম্প্ৰসাৰণ আৰু সংকোচন
পইতাচোৰাঘৰৰ চোক, টেবুল বাকচতিনিযোৰ ঠেং
মকৰাঘৰৰ মুধচ বা ভিতৰতচাৰিযোৰ ঠেং
পখিলাগছঠেং আৰু পাখি
মাছপানীকাণ আৰু ফিছা
বেংপানীভৰি আৰু ভৰিৰ পতা
জেঠিঘৰৰ ভিতৰ বা বাহিৰঠেং
উট-চৰাইহাবিঠেং
বাদুলিগছতডেউকা আৰু ঠেং
নেউলগাততঠেং

4. মানুহৰ কংকালতন্ত্রৰ প্ৰধান ভাগ দুটা কি কি? ইয়াৰ অন্তৰ্গত হাড়বােৰৰ নাম উল্লেখ কৰা। 

উত্তৰঃ কংকালতন্ত্ৰৰ দুটা ভাগ হৈছে – অক্ষীয় কংকাল আৰু উপাংগীয় কংকাল।    হাড়সমূহৰ নাম হৈছে – ৰাজহাড়, কামিহাড়, উৰ্বাস্থি, ষ্টেপিছ আদি।

5. সন্ধি বা গাঠি কি? এইবােৰে মানুহৰ চলনত কিদৰে সহায় কৰে লিখা।

 উত্তৰঃ যি অংগই এডাল হাড়ক আন এডালৰ লগত সংযুগ কৰি ৰাখে লগতে হাড়বোৰ ভাজ লগোৱাত সহায় কৰে তাকে সন্ধি বা গাঠি বোলে। সন্ধিয়ে মানুহৰ চলনত তলত দিয়াৰ দৰে সহায় কৰে-    ১) লাওখোলাৰ চেপেটা হাড়বোৰক লৰচৰ কৰিব নোৱাৰাকৈ সংযোগ কৰে।    ২) মেৰুদণ্ড কশেৰুকাৰ হাড়ৰ মাজত থকা গাঠিত বা সন্ধিত সামান্য় পৰিমাণে লৰচৰ কৰিব পৰাকৈ সংযোগ কৰে।    ৩) হাত-ভৰি আৰু আঙুলিৰ হাড়ৰ মাজত থকা সন্ধিৰ বা এবিধ ৰস থাকে এই ৰসৰ বাবে গাঠিবোৰ ভাঁজ খোৱাব পৰাে।

6. চমুকৈ উত্তৰ দিয়া।

a) চলন আৰু গমনৰ মাজৰ মূল প্রভেদ কি? 

উত্তৰঃ চলন আৰু গমনৰ মাজত পাৰ্থক্য় হৈছে- ছলন গমনৰ এটা অংশ আনহাতে গমন চলনৰ অংশ নহয়।

b) কোনবােৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্লেজেলাৰ গমন কৰে? 

উত্তৰঃ মানুহে চিলিয়া আৰু ফ্লেলেজাৰ গমন কৰে।

c) তিমিৰ গমনাংগ কি? 

উত্তৰঃ তিমিৰ গমনাংগ হৈছে – ফান আৰু ফিছা।

d) আমাৰ দেহত থকা পেশী তিনিবিধ কি কি? 

উত্তৰঃ আমাৰ দেহত থকা পেশী তিনিবিধ হ’ল- ১) ইচ্ছানুযায়ী হাড়ৰ লগত লাগি থকা পেশী ২)ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হাড় লগত লাগি নথকা কোমল পেশী। আৰু ৩) ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হৃদপিণ্ডটো গঠন কৰা পেশী।

e) আটাইতকৈ ক্ষুদ্র আৰু আটাইতকৈ দীঘল হাড় দুডালৰ নাম লিখা।

উত্তৰঃ আটাইততকৈ ক্ষুদ্ৰ হাড় ডাল হ’ল- ষ্টেপিছ আৰু আটাইতকৈ দীঘল হাড় ডাল হ’ল উৰ্বস্থি।

f) জঁকাটোত হাড়ৰ বাহিৰে আৰু কি কি অংশ থাকে? 

উত্তৰঃ জকাটোত হাড়ৰ বাহিৰে আৰু বহুতো অংশ থাকে যেনে-সন্ধি বা কোমলাস্থি থাকে।

7. খালী ঠাই পূৰণ কৰা। 

a) একাধিক অংগ লগ হৈ একোটা তন্ত্ৰ গঠন কৰে।

b) এক্সৰে-ফলিত দেখা পােৱা বগা ৰঙৰ চাপবােৰেই হাড়ৰ ফটো।

c) মানুহৰ দেহত ২০৬ টুকুৰা হাড় থাকে।

d) কামিহাড়-বাকচটো ১২ যোৰ টুকুৰা হাড়েৰে গঠিত।

8. তলৰ কোনটো প্রাণীৰ ছয়খন ঠেং থাকে? a) শামুক b) ভেকুলী c) পইতাচোৰা d) মকৰা 

উত্তৰঃ পইতাচোৰা 

9. জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ?

a) উদ্ভিদৰ চলন আছে কিন্তু গমন নাই।

b) চলন ক্রিয়াত ৰেচন তন্ত্রই সহায় কৰে।

c) প্রাণীৰ চলনত হাড় আৰু পেশীতন্ত্র ব্যৱহাৰ হয়।

d) হাড়ৰ সন্ধিবােৰৰ বাবে অংগবােৰ ভাঁজ লগাব পাৰি।

উত্তৰঃ চলন ক্রিয়াত ৰেচন তন্ত্রই সহায় কৰে।

10. মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্র হাড়টুকুৰা থাকে— a) আঙুলিত b) নাকত c) কাণত d) ভৰিত

উত্তৰঃকাণত 

11. অমিল শব্দযােৰ বাছি উলিওৱা। a) পৰুৱা – ঠেংb) শামুক – পেশীc) মাছ – বাকলি d) বাদুলি – ডেউকা

উত্তৰঃ শামুক – পেশী

12. মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ টুকুৰাৰ সংখ্যা হল— a ) 30 b ) 31 c ) 32 d ) 33

উত্তৰঃ 31

← Previous ChapterNEXT Chapter →– Hiru Moni BoraCheck by – Mukesh Borah Post ID :DABP005971

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top