পাঠ ৬
কাৰ্বন আৰু ইয়াৰ যৌগবোৰ
প্রতিটো প্রশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে । তাৰে মাত্র এটাহে শুদ্ধ উত্তৰ । শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
( ক ) ফটফটীয়া চূণ পানীৰ মাজেদি CO2 , গেছ পঠিয়ালে দ্ৰৱৰ
( i ) বৰণ ঘােলা হয় ।
( ii ) বৰণৰ পৰিৱৰ্তন নঘটে
(iii) তাপ উৎপন্ন হয়
iv ) এইবােৰৰ এটাও নহয় ।
উত্তৰঃ (i) বৰণ ঘোলা হয়। উত্তৰঃ
( খ ) জল গেছত থকা উপাদান হ’ল ,
(i) CO আৰু H2
( ii ) CO ,Co2, CH4
( iii ) CO আৰু N2
(iv) CH4 আৰু ইথিন
উত্তৰঃ (i) Co আৰু H₂
( গ ) তলত দিয়াবােৰৰ বায়ুপ্রদূষক হ’ল ,
( i ) O2
(ii) CO2
( iii ) CO
( iv ) He 1
উত্তৰঃ CO
( ঘ ) প্রডিউছাৰ গেছৰ উপাদান হ’ল ,
(i) CO, N2
( ii ) CO,H2
iii ) N2, NH3
( iv ) Co, H2, N2
উত্তৰঃ (i) Co N₂
( ঙ ) এবিধ বৰণহীন গেছে নীলা শিখা উৎপন্ন কৰে । গেছটোৱে CO ক বিজাৰিত কৰি কার্বন উৎপন্ন কৰে । গেছটো হল ,
( i ) N2
(ii) Co
(iii) Co2 H2
উত্তৰঃ (iv) H₂
( চ ) শুকান বৰফৰ উপাদান হল ,
( i ) গােটা He
( ii ) গােটা CO2
( iii ) গােটা, SO2
( iv ) গােটা C6 H6
উত্তৰঃ ( ii ) গােটা CO2
2. খালী ঠাই পূৰণ কৰাঁ ।
( ক ) আয়তন হিচাপে বায়ুমণ্ডলত শতকৰা ———– ভাগ C2O
থাকে ।
উত্তৰঃ 0.03
( খ ) বাইকার্বনেট যৌগ তীব্রভাৱে উত্তপ্ত কৰি ———- গেছ পােৱা যায় ।
উত্তৰঃ CO₂
(গ) বায়ুৰ ———– অপসাৰণৰদ্বাৰা CO2 গেছ সংগ্রহ কৰা হয় ।
উত্তৰঃ উৰ্ধ
( ঘ ) চাপ বঢ়ালে CO2 পানীত ——– দ্ৰৱীভূত হয় ।
উত্তৰঃ বেছিকৈ
( ঙ ) CO2ৰ জলীয় দ্রৱ হ’ল ——– ।
উত্তৰঃ আম্লিক
( চ ) সূৰ্যৰ পােহৰত CO2 আৰু পানীৰ বিক্রিয়াদ্বাৰা গ্রুক’জ উৎপন্ন হােৱা প্ৰক্ৰিয়াটোক ——- বোলে ।
উত্তৰঃ সালোক সংশ্লেষণ
( ছ ) CO গেছে তেজ —— কৰে ।
উত্তৰঃ দূষিত
(3) কার্বনৰ দুটা অক্সাইডৰ নাম লিখা । ইয়াৰ কোনবিধ অক্সাইড বেছি বিষাক্ত ?
উত্তৰঃ এবিধ কাৰ্বন ডাই অক্সাইড (CO₂) আৰু আনবিধ হৈছে কাৰ্বন মন’ক্সাইড (CO)। ইয়াৰ কাৰ্বন মনক্সাইড (CO) হৈছে বেছি বিষাক্ত।
(4) কার্বন ডাই – অক্সাইডপূর্ণ গেছজাৰ এটাত মেগনেছিয়ামৰ জ্বলা ফিটা এডাল ভৰাই দিলে ফিটাভাল উজ্জ্বলভাৱে জ্বলি উঠে কিয় ?
উত্তৰঃ জ্বলি থকা মেগনেছিয়ামৰ ফিটাৰ উপস্থিতিত CO₂ গেছ C আৰু O₂ লৈ পৰিৱৰ্তন হয়। ফলত গেছজাৰৰ ভিতৰত O₂ ৰ পৰিমাণ যথেষ্ট বেছি হয়। সেয়েহে মেগনেছিয়াম অধিক উজ্জ্বলভাৱে জ্বলি উঠে।
CO₂ + 2Mg → 2MgO + C
(5) CO2 গেছৰ দুটা ভৌতিক ধর্ম লিখা ।
উত্তৰঃ CO2 গেছৰ দুটা ভৌতিক ধৰ্ম হৈছে-
(ক) ই বায়ুতকৈ গধুৰ
(খ) ইয়াৰ বৰণ নাই, ইয়াৰ গোন্ধ নাই
6. কার্বনে কিয় অসংখ্য যৌগ গঠন কৰে ?
উত্তৰঃ কাৰ্বনে অন্য় এটা কাৰ্বনৰ লগত লগ হৈ কাৰ্বন শৃংখল গঠন কৰে। এনেদৰে অগণন কাৰ্বন সংযোগ হৈ অসংখ্য় যৌগ পোৱা যায়।
7. ছডা পানী কি ? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় ?
উত্তৰঃ উচ্চ চাপত পানীত বেছি পৰিমাণে CO₂ দ্ৰৱীভূত হৈ আৰু কাৰ্বনিক এছিড উৎপন্ন হয়। এনে পানীক ছ’ডা পানী বোলে। উচ্চ চাপত বেছি পৰিমাণে CO₂ দ্ৰৱীভূত হৈ ছ’ডা পানী প্ৰস্তুত কৰা হয়।
৪. শুকান বৰফ কি ? ইয়াক কি কামত ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ গোটা অৱস্থাত CO₂ ক শুকান বৰফ বোলে। এনে শীতলকাৰক হিচাবে ব্যৱহাৰ কৰা হয়। আইছক্ৰিম প্ৰস্তুত কৰিবলৈ, মাছ-মাংস, ফল-মূল, শাক-পাচলি আদি সংৰক্ষণ কৰিবলৈ শুকান বৰফ ব্যৱহাৰহ কৰা হয়।
9. চাৰিবিধ কার্বন থকা যৌগৰ নাম লিখা ।
উত্তৰঃ চাৰিবিধ কাৰ্বন থকা যৌগৰ নাম হৈছেঃ কাৰ্বন ডাই অক্সাইড, গ্লুক’জ, মিথেন আৰু কাৰ্বলিক এচিড।
10. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
( ক ) কার্বন নথকা পদাৰ্থ হ’ল ।
( i ) প্রটিন
( ii ) শ্বেতসাৰ
( iii ) কাগজ
( iv ) নিমখ ।
উত্তৰঃ (iv) নিমখ।
( খ ) কার্বন থকা পদাৰ্থ হ’ল
( i ) কাঠ
( ii ) পানী
( iii ) নিমখ
( iv ) শুকান চুণ ।
উত্তৰ (i) কাঠ।
( গ ) কার্বন এবিধ
( i ) ধাতু
( ii ) অধাতু
( iii ) জুলীয়া দ্রব্য
( iv ) এইবােৰৰ এটাও নহয় ।
উত্তৰঃ (ii) অধাতু
( ঘ ) একেটা মৌলৰ ভিন ভিন ৰূপবােৰ হ’ল ।
( i ) অৰূপ
( ii ) সমযােগী
( iii ) সমাকৃতিক
( iv ) আইছ’টপ ।
উত্তৰঃ (i) অবৰূপ
( ঙ ) কার্বনৰ এটা দানাকাৰ অৰূপ হ’ল
( i ) এলান্ধু
( ii ) কক
( iii ) হীৰা
( iv ) প্রাণীজ – এঙাৰ ।
উত্তৰঃ (iii) হীৰা
( চ ) তলত দিয়া কোনবিধ পদার্থ পুৰিলে কেৱল কার্বন ডাই – অক্সাইড উৎপন্ন হয় ?
( i ) চেনি
( ii ) চুণশিল
( iii ) এলান্ধু
( iv ) ছালফাৰ ।
উত্তৰঃ (ii) চুণশিল
( ছ ) শিখা প্রস্তুত কৰিবলৈ হ’লে পদার্থটো কোন অৱস্থাত থাকিব লাগিব ?
( i ) কঠিন
( ii ) জুলীয়া
( iii ) গেছীয়
( iv ) এটাও নহয় ।
উত্তৰঃ (iii) গেছীয়।
( জ ) তলত দিয়াবােৰৰ কোনটো আটাইতকৈ কঠিন ?
( i ) ছডিয়াম
( ii ) আইৰণ
( iii ) হীৰা
( iv ) গ্রেফাইট ।
উত্তৰঃ (iii) হীৰা।
( ঝ ) গ্রেফাইট ব্যৱহাৰ কৰা হয়
( i ) কাচ কাটিবলৈ
( ii ) অলংকাৰত
( iii ) ক’লা চিয়াহী প্রস্তুত কৰিবলৈ
( iv ) বিদ্যুদ্বাৰ হিচাবে ।
উত্তৰঃ (iv) বিদ্যুদ্বাৰ হিচাবে ।
( ঞ ) আইৰণত মামৰে ধৰা প্রক্রিয়াটো হ’ল ।
( i ) দহন
( ii ) বিস্ফোৰণ
( iii ) প্রজ্জ্বলন
( iv ) এইবােৰৰ এটাও নহয় ।
উত্তৰঃ (iv) এইবোৰৰ এটাও নহয়।
11. তলত দিয়া উক্তিবােৰৰ কোনবােৰ শুদ্ধ ? অশুদ্ধ উক্তিবােৰ শুদ্ধকৈ লিখা ।
( ক ) হীৰাৰ গঠন চতুফলকীয় ।
উত্তৰঃ শুদ্ধ।
( খ ) কেৰাচিন তেলত কার্বন নাথাকে ।
উত্তৰঃ অশুদ্ধ।
( গ ) কার্বন অবৰূপসমূহৰ ৰাসায়নিক ধর্ম বেলেগ ।
উত্তৰঃ অশুদ্ধ।
( ঘ ) কার্বনৰ অবৰূপ গ্রেফাইট কোমল ।
উত্তৰঃ শুদ্ধ।
( ঙ ) এলান্ধু পুৰিলে কার্বন ডাই – অক্সাইড গেছ উৎপন্ন হয় ।
( চ ) চেনি পুৰি যি কার্বন পােৱা যায় , সেই কার্বন শুদ্ধ কার্বন নহয় ।
উত্তৰঃ অশুদ্ধ।
ছ ) বগা ফছফৰাছ মুকলি অৱস্থাত ৰাখিব পাৰি ।
উত্তৰঃ অশুদ্ধ।
12. কার্বন থকা দুটা
( i ) জৈৱ যৌগ ,
( ii ) দুটা খনিজ দ্রব্যৰ নাম লিখা ।
উত্তৰঃ (i) জৈৱ যৌগঃ
(১) চাউল
(২) চেনি
(ii) খনিজ দ্ৰৱ্য়ঃ
(১) চুণশিল
(খ) মাৰ্বল।
13. কার্বনৰ মূল অবৰূপ দুটাৰ নাম লিখা ।
উত্তৰঃ কাৰ্বনৰ মূল অবৰূপ দুটাৰ নাম হ’লঃ
(ক) দানাকাৰ বা নিয়তাকাৰ
(খ) অনিয়তাকাৰ
14. হীৰা , গ্রেফাইট আৰু এঙাৰৰ দুটাকৈ ব্যৱহাৰ লিখা ।
উত্তৰঃ হীৰা, গ্ৰেফাইট আৰু এঙাৰৰ
হীৰাৰ ব্যৱহাৰঃ কাচ কাটিবলৈ, খনন কাৰ্যত।
গ্ৰেফাইটৰ ব্যৱহাৰঃ নিউক্লীয় বিক্ৰিয়াৰ বেগ কমাবলৈ, আইৰণৰ ওপৰত প্ৰলেপ দিবলৈ।
এঙাৰৰ ব্যৱহাৰঃ (পানী শােধন কৰাত, খাৰ-বাৰুদ প্ৰস্তুত কৰাত।
15. গ্রেফাইট কিয় কোমল আৰু পিচ্ছিলকাৰক তাৰ গঠন চিত্ৰৰ সহায়ত বুজাই লিখা ।
উত্তৰঃ গ্ৰেফাইটত কাৰ্বন পৰমাণুসমূহ ষড়ভূজ আখৃতিত লগ লাগি থাকে। এটা কাৰ্বন ষড়ভূজৰ তৰপ আন এটা কাৰ্বন ষড়ভূজৰ ওপৰত লাগি থাকে। দুয়োটা তৰপ সহজতে লৰচৰ কৰিব পাৰে, সেয়েহে মাজত ইলেকট্ৰন মুক্ত অৱস্থাত থাকে। এই মুক্ত ইলেকট্ৰনবোৰে বিদ্য়ুৎ পৰিৱহণ কৰে। গ্ৰেফাইট বিদ্য়ুতৰ পৰিবাহী। সেইকাৰণে গ্ৰেফাইট কোমল।
16. দহন কাক বােলে ? দাহ্য পদার্থ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্রয়ােজন ?
উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত তাপ, আৰু বেছিভাগ ক্ষেত্ৰত পোহৰ উৎপন্ন হয় তাক দহন বোলে। কাঠ, বাঁহ, কাগজ, মমবাটি, মিথেন গছ, এলপিজি আদিৰ দাহ্য় পদাৰ্থ এটা দাহিত কৰিবলৈ প্ৰয়োজন।
17. জ্বলি থকা মমবাতি এডাল এটা কাচৰ গিলাচেৰে ঢাকি ধৰিলে কি ঘটে বুজাই লিখা ।
উত্তৰঃ জ্বলি থকা মমবাটি েডাল যদি কিছুসময় গিলাচেৰে ঢাকি ৰখা হয় তেনেহ’লে অক্সিজেন থকালৈকে মমবাটিডাল জ্বলিব আৰু কিছুসময়ৰ পিছত মমবাটিডাপল নুমাই যাব কাৰণ তাত অক্সিজেনৰ পৰিমাণ শেষ হ’ব।
18. প্রজ্জ্বলন উষ্ণতা কি ? এই উষ্ণতাৰ লগত দহনৰ সম্বন্ধ কি ?
উত্তৰঃ যি নিম্নতম উষ্ণতা লাভ কৰিলে দাহ্য় পদাৰ্থ এটাৰ দহন হয় সেই উষ্ণতাকে দাহ্য় পদাৰ্থটোৰ প্ৰজ্জ্বলন উষ্ণতা বোলে।দহনৰ সহায়কৰ উপস্থিতিত এই উষ্ণতাৰ সৃষ্টি হয়।
19. বিস্ফোৰণ মানে কি বুজা ? এটা উদাহৰণ দিয়া ।
উত্তৰঃ অতিশয় তীব্ৰ বেগত ঘটা দহন কাৰ্যক বিস্ফোৰণ বোলে। বিস্ফোৰণৰ ফলত শব্দ হয়, পোহৰ ওলায় আৰু তাপ উদ্ভৱ হয়। ফটকা ফুটোৱা, বন্দুকেৰে গুলিওৱা আদি বিস্ফোৰণৰ উদাহৰণ।
20. শিখা কি ? ই কেনেদৰে সৃষ্টি হয় ?
উত্তৰঃ কোনো দাহ্য় গেছ বা বাষ্প জ্বলাৰ ফলত যি অঞ্চলত তাপ আৰু পোহৰৰ সৃষ্টি হয় সেয়াই শিখা। গেছীয় অৱস্থাত থকা পদাৰ্থৰ দহনৰ ফলত শিখাৰ সৃষ্টি হয়। মমবাতিৰ দহনত উৎপন্ন হোৱা তাপে মমত থকা বিভিন্ন হাইড্ৰ’কাৰ্বন বাষ্পীভূত কৰে। এই বাষ্প বায়ুৰ পৰিৱেশত জ্বলি শিখা উৎপন্ন কৰে। তেলৰ চাকিৰ তেল বাষ্পীভূত হৈ আৰু বাষ্প দাহিত হৈ শিখা উৎপন্ন কৰে।
21. মমবাতিৰ শিখাৰপৰা আমি কিয় পােহৰ পাওঁ ?
উত্তৰঃ মমবাতিৰ শিখাত অদাহ্য অৱস্থাত কার্বন থাকে। এই কার্বন পৰমাণু শিখাৰ উত্তাপত জ্বলি উঠে কাৰণে পােহৰ পাওঁ।
22. এলপিজি জ্বলিলে কিয় পােহৰ নাপাওঁ ?
উত্তৰঃ যিহেতু এলপিজিত অদাহ্য় কাৰ্বনৰ পৰিমাণ বেছি নহয় সেইকাৰণে উজ্জ্বল শিখা পোৱা যায় কিন্তু পোহৰ পোৱা নাযায়।
23. তলত দিয়া ( ক ) স্তম্ভৰ লগত ( খ ) স্তম্ভ মিলােৱা ।
| ক | খ |
| চূণশিল, মাৰ্বল আদিত থকা উপাদানফুলাৰিনহীৰা আৰু গ্ৰেফাইটকঠিন পিচ্ছিলকাৰকচেনিৰপৰা পোৱা এঙাৰ | গ্ৰেফাইটঅবৰূপকাৰ্বনৰ অবৰূপকাৰ্বন আৰু অক্সিজেন ।বিশুদ্ধ কাৰ্বন । |
উত্তৰঃ
| (ক) | (খ) |
| ১। ফুলাৰিণ | (ঙ) বিশুদ্ধ কাৰ্বন। |
| ২। চুণশিল, মাৰ্বল আদিত থকা উপাদান | (ঘ) কাৰ্বন আৰু অক্সিজেন। |
| ৩। হীৰা আৰু গ্ৰেফাইট | (গ) অবৰূপ। |
| ৪। কঠিন পিচ্ছিলকাৰক | (ক) গ্ৰেফাইট। |
| ৫। চেনিৰ পৰা পোৱা এঙাৰ | (গ) কাৰ্বনৰ অৰূপ। |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post