পাঠ ১১
চৌপাশৰ পৰিবৰ্তনবোৰ
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা-
i) সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হ’ল-
a) সংপৃক্ত দ্ৰৱ
b) গাঢ় দ্ৰৱ
c) লঘু দ্ৰৱ
d) প্ৰলম্বন
উত্তৰঃ সংপৃক্ত দ্ৰৱ।
ii) উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰাৱ্যতা-
a) বাঢ়ে
b) কমে
c) নাৱাঢ়েও, নকমেও
d) বাঢ়িবও পাৰে, কমিবও পাৰে
উত্তৰঃ বাঢ়িবও পাৰে, কমিবও পাৰে।
iii) এটা বস্তু দহন কৰাৰ পাছত ৰোৱা অৱশেষখিনিৰ ভৰ বস্তুটোৰ ভৰতকৈ-
a) কম
b) বেছি
c) কমিবও পাৰে, বাঢ়িবও পাৰে
d) বেছিও নহয়, কমো নহয়- একে থাকে
উত্তৰঃ কমিবও পাৰে, বাঢ়িবও পাৰে।
2. নিম্নোক্তবোৰৰ পৰা ওলোটা দিশত হ’ব পৰা প্ৰক্ৰিয়া চিনাক্ত কৰা-
a) চাউলৰপৰা ভাত ৰন্ধা
b) কাগজ এখিলা ৰকেটৰ আকৃতিত কটা
c) কাগজ এখিলা জ্বলোৱা
d) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা
e) মম গলোৱা
উত্তৰঃ কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা।
3. এটা কাঁচৰ বটলৰ মুখখন পানীত বুৰাই ৰখা হৈছে। তাৰ পাছত বটলটোৰ পিছফালটো গৰম কৰা হৈছে। অলপ পাছতে পানীত বুৰবুৰণি ওলাইছে। বুৰবুৰণি কিয় ওলাইছে লিখা ।
উত্তৰঃ এটা কাঁচৰ বটলৰ মুখখন গামলাত থকা পানীত বুৰাই ৰখা হ’ল। এতিয়া বটলটোৰ পিছফালে জ্বলি থকা মম এডালেৰে তাপ প্ৰয়োগ কৰা হ’ল। এতিয়া পানীত বুৰবুৰণিৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণটো হ’ল যে জুইৰ তাপ পাই বটলৰ ভিতৰত থকা বায়ুখিনি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছে। এই বায়ুৰ চলাচলৰ বাবে পানীত বুৰবুৰণি হৈছে।
4. গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে-এই কথা প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ এটা বেলুন লোৱা হ’ল । বেলুনটোৰ ভিতৰৰ বায়ুখিনিগৰম কৰা হ’ল । বায়ু গৰম হ’লে পাতল হয় আৰু ওপৰলৈ উৰি যায় । আচলতে ঠাণ্ডা বায়ুতকৈ গৰম বায়ুৱে বেছি ঠাই আগুৰে । অৰ্থাৎ বায়ু গৰম হ’লৈ বায়ুৰ আয়তন বাঢ়ে ।
5. এলপিজি বায়ুতকৈ গধুৰ। ধৰা, ৰান্ধনিঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে। বতাহ যেনিবা বলা নাই। গেছবিধ ওপৰলৈ উৰি যাব নে তলত জমা হৈ থাকিব?
উত্তৰঃ এল পি জি বায়ুতকৈ গধুৰ । ধৰা হ’ল ৰান্ধনি ঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে । বতাহ যেনিবা বলা নাই । এল পি জি গেছবিধ ওপৰলৈ উৰি যাব ইয়াৰ কাৰণ ই অক্সিজেনৰ সংস্পৰ্শত অহাৰ লগে লগে পাতল হৈ পৰে আৰু ই অত্যন্ত জ্বলনশীল ।
6. জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায়। কিয় নাইকিয়া হয় লিখা।
উত্তৰঃ মমবাতি এডাল জ্বলালে বস্তুটোৱে অক্সিজেনৰ লগত লগ হৈ জলীয় ভাপ আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন কৰে। ফলত মমবাতিডাল নোহোৱা হৈ যায়।
7. দ্ৰাৱ, দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা লিখা। দ্ৰাৱ আৰু দ্ৰাৱকৰ উদাহৰণ দিয়া।
উত্তৰঃ
দ্ৰাৱঃ দ্ৰৱত যিটোৰ পৰিমাণ কম, তাক দ্ৰাৱ বোলে। উদাহৰণ – চেনি-পানী দ্ৰৱৰ চেনি।
দ্ৰাৱকঃ দ্ৰৱত যিটোৰ পৰিমাণ বেছি, তাক দ্ৰাৱক বোলা হয়। উদাহৰণ – চেনি-পানী দ্ৰৱৰ পানী।
সংপৃক্ত দ্ৰৱঃ সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটোৱে হৈছে সংপৃক্ত দ্ৰৱ।
8. বস্তু এটা জ্বলালে আচলতে কি ঘটে লিখা। উদাহৰণ দিবা।
উত্তৰঃ কাগজ এখিলা জ্বলালে অক্সিজেনৰ লগত লগ হয়। ফলত জলীয় ভাপ আৰু কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।এই দুয়োটাই বায়ুৰ লগত মিলি যায়।
← Previous Chapter NEXT Chapter →
– Hiru Moni Bora
Check by – Mukesh Borah
Post ID :DABP006014
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post