AJB Class 7 Science Chapter 10 Answer মাটি

অধ্যায়ঃ দশম

মাটি

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i ) মাটিৰ কণাৰ আকাৰৰ বর্ধমান ক্রমটো হ’ল—

a ) বালি কণা < পলস কণা < বােকা কণা

b ) বােকা কণা < পলস কণা < বালি কণা

c ) বালি কণা < বােকা কণা < পলস কণা

d ) বােকা কণা < বালি কণা < পলস কণা

উত্তৰঃ b ) বােকা কণা < পলস কণা < বালি কণা

ii ) অন্তঃস্ৰৱন আটাইতকৈ বেছি হয়—

a ) বালি মাটিত b ) বােকা মাটিত c ) লােম মাটিত d ) বালি মাটি আৰু বােকা মাটিত

উত্তৰঃ a ) বালি মাটিত

iii ) মৰুভূমিত দিনত যথেষ্ট গৰম ; আকৌ ৰাতি যথেষ্ট ঠাণ্ডা । ইয়াৰ কাৰণ হ’ল—

a ) মৰুভূমিত ৰ’দ বেছি

b ) মৰুভূমিত বৰষুণ হয়

c ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প কম

d ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প বেছি

উত্তৰঃ d ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প বেছি

iv ) আধাৰ শিল বুলি কোৱা স্তৰটো হ’ল—

a ) A- স্তৰ b ) B- স্তৰ c ) C- স্তৰ d ) R- স্তৰ

উত্তৰঃ d ) R- স্তৰ

  1. খালী ঠাই পূৰ কৰা :

a ) বােকা মাটিৰ কণাবােৰ আটাইতকৈ বোকা আৰু কণাবােৰ আঠালগা হিচাপে থাকে ।

b ) মাহজাতীয় শস্যৰ বাবে লোম মাটি উপযুক্ত ।

c ) মাটিৰ C- স্তৰৰ তলত থকা স্তৰটো হ’ল R স্তৰ আৰু এই স্তৰটোক আধাৰশিল বুলি কোৱা হয় ।

d ) শিলৰ বিচূৰ্ণীভৱন ঘটি মাটিৰ সৃষ্টি হৈছে ।

  1. মাটি কেই প্রকাৰৰ ? সেইকেইবিধৰ নাম লিখা । কিহৰ ওপৰত ভেটি কৰি এই শ্রেণীবিভাজন কৰা হৈছে ভিত্তি চমুকৈ লিখা ।

উত্তৰঃ মাটি তিনি প্ৰকাৰৰ। বোকা মাটি, লোম মাটি, আৰু বালি মাটি।

ইহতৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে।

  1. অন্তঃস্ৰৱন বুলিলে কি বুজা? কোনবিধ মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰবন বেছি আৰু কোনবিধত কম?

উত্তৰঃ মাটিৰ ভিতৰেৰে পানীৰ নিম্নমুখী গতিকেই অন্তঃস্ৰবন বোলা হয়। বালি মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰবন বেছি, আৰু বোকা মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰবন কম।

  1. পৰীক্ষাৰদ্বাৰা মাটিৰ আর্দ্রতা কেনেদৰে প্ৰমাণ কৰিব পাৰি লিখা ।

উত্তৰঃ অলপ বালি মাটি আৰু অলু আলতীয়া মাটি গোটাই লোৱা। দুয়োবিধ ভালদৰে শুকোৱাই আলতীয়া মাটিখিনি গুৰি কৰা। অলপ বালি মাটি হাতত লৈ আনখন হাতত আলতীয়া মাটি লোৱা। আলতীয়া মাটিৰ আদ্ৰতা বেছি কাৰণে ই গুৰি হৈছে।

  1. বালি মাটি খেতিৰ বাবে কিয় উপযুক্ত নহয় বর্ণনা কৰা ।

উত্তৰঃ বালি মাটি খেতি কৰিবৰ বাবে উপযুক্ত নহয় কাৰণ- খেতি কৰিবৰ বাবে মাটিত পানী থকাটো দৰকাৰ। যিহেতচু বালি মাটিত অন্তঃস্ৰবন বেছি তাত পানী পোৱাটো টান গতিকে বালি মাটিত খেতিৰ বাবে উপযুক্ত নহয়।

  1. কোনবিধ মাটিয়ে পানী আটাইতকৈ বেছি শােষণ কৰে ? পানী শােষণ কৰা দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।

উত্তৰঃ বালি মাটিত পানী শোষণ ক্ষমতা বেছি।

পৰীক্ষাঃ প্ৰথমতে তুমি বালি, বোকা আৰু লোমমাটি শুকাই গুৰি কৰি তিনিটা ফানেলত ফিল্টাৰ কাগজ লগায়, প্ৰথম ফানেলটোত বালি মাটি, দ্বিতীয় ফানেলটোত বোকা মাটি, আৰু তৃতীয় ফানেলটোত লোম মাটি লোৱা। প্ৰতিটো ফানেলৰ তলত বিকাৰ ৰাখি ফানেলকেইটাত 40 মিলিলিটাৰ পানী লাহে লাহে ঢালা। মন কৰিবা, আটাইখিনি মাটি ভিজিব লাগিব। শেষত তলত প্ৰতিটো বিকাৰত জমা হোৱা পানীৰ মান জোখা। বালি মাটিৰ তলত থকা বিকাৰত পানী কমিব কাৰণ- বালি মাটিত পানী শোষণ বেছি হয়।

  1. বাওফালৰ প্রতিটোৰ সৈতে সোঁফালৰ প্ৰতিটোক মিলােৱা ।

a ) O-স্তৰ i ) আটাইতকৈ টান স্তৰ

b ) A- স্তৰ ii ) আইন , এলুমিনিয়াম আদি থকা স্তৰ

c ) B- স্তৰ iii ) অকল জৈৱ পদাৰ্থৰ স্তৰ

d ) R – স্তৰ iv ) শিপা মণ্ডল নামেৰেও জনা যায়

উত্তৰঃ a ) O-স্তৰ= iii ) অকল জৈৱ পদাৰ্থৰ স্তৰ

       b ) A- স্তৰ =  iv ) শিপা মণ্ডল নামেৰেও জনা যায়   

        c ) B- স্তৰ =  ii ) আইন , এলুমিনিয়াম আদি থকা স্তৰ 

       d ) R - স্তৰ =  i ) আটাইতকৈ টান স্তৰ 
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top