AJB Class 6 Mahapurush Sankardev Chapter 1 Answer

অনুশীলনী

১। বালিভাত খাবলৈ যোৱাৰ কথাটো প্ৰথমে কোনে উলিয়াইছিল ?

উত্তৰঃ- বালিভাত খাবলৈ যোৱাৰ কথাটো প্ৰথমে শংকৰে উলিয়াইছিল।
২। শংকৰহঁত বালিভাত খাবলৈ ক’লৈ গৈছিল ? বালিভাত খাবলৈ কোন কোন গৈছিল ?

উত্তৰঃ- শংকৰহঁত বালিভাত খাবলৈ হিদলগুৰিলৈ গৈছিল। বালিভাত খাবলৈকে বিতোপন, জয়ৰাম, সতানন্দ, তিতাৰাম, সনাতন গৈছিল।

৩। ভেকুৰিৰ ওপৰত কিহৰ দায়িত্ব পৰিছিল ?

উত্তৰঃ- ভেকুৰিৰ ওপৰত ঘৰে ঘৰে গৈ চাউল-পাত, লোণ, তেল গোটাই অনাৰ দায়িত্ব পৰিছিল।

৪। বালিভাত কোনে ৰান্ধিছিল আৰু কি কি ৰান্ধিছিল ?

উত্তৰঃ- বালিভাত শংকৰে ৰান্ধিছিল। সুগন্ধি চাউলৰ ভাত, বালিচুকাৰে শ’ল আৰু ভাঙোন মাছৰ টেঙা, বাবৰিৰ লগত বৰিয়লাৰ মাছ, ডেমডেউকাৰ লগত মাগুৰ মাছ এনেদৰে শংকৰে বিধে বিধে ৰান্ধিলে।

৫। ভাত খাই থাকোঁতে বিতোপনে শংকৰক কোৱা কথাখিনি তোমাৰ কথাৰে লিখা।

উত্তৰঃ- শংকৰে বৰ সোৱাদ লগাকৈ ৰন্ধা-বঢ়া কৰিছিল। শংকৰৰ লগতে সকলোৱে ৰন্ধাবোৰ বৰ সোৱাদ পাইছিল। সেয়েহে বিতোপনে শংকৰক কৈছিল যে সি বৰ সোৱাদ লগাকৈ ৰান্ধিছে, ঘৰতো খেৰসুতী আইক গৈ ক’ব যে ৰন্ধা-বঢ়াৰ ভাৰখন আজিৰ পৰা শংকৰক গতাই দিয়ক।Question Type Sumit Patar
Answer Type Himanku Bora

Post ID : DABP006616

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top